“নতুন সপোন, নতুন সংকল্প আৰু অবিৰত সাফল্যৰ সময় সমাগত”
“‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ নীতিসমূহ এতিয়া বিশ্ব কল্যাণৰ পূৰ্বচৰ্ত হৈ পৰিছে”
“দ্রুত পৰিৱৰ্তিত বিশ্বত ভাৰতে ‘বিশ্ব মিত্ৰ’ৰ ভূমিকাৰে অগ্ৰসৰ হৈছে”
“ভাৰতৰ অৰ্থনৈতিক বিকাশক লৈ বিশ্ব সংস্থাসমূহ আশাবাদী”
“যোৱা ১০ বছৰত গাঁথনিগত সংস্কাৰে অৰ্থনীতিৰ ক্ষমতা, সামৰ্থ্য আৰু প্ৰতিযোগী মনোভাৱ বৃদ্ধি কৰিছে”

আজি গান্ধীনগৰৰ মহাত্মা মন্দিৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিট, ২০২৪ৰ ১০ম সংস্কৰণ উদ্বোধন কৰে। এইবাৰৰ সন্মিলনৰ বিষয়বস্তু হৈছে ‘ভৱিষ্যতৰ দুৱাৰমুখ’ (Gateway to the Future) আৰু ইয়াত ৩৪ খন অংশীদাৰ দেশ আৰু ১৬ টা অংশীদাৰ সংস্থাই অংশগ্ৰহণ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়েও এই সন্মিলনখনক মঞ্চ হিচাপে ব্যৱহাৰেৰে উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগৰ সুযোগ প্ৰদৰ্শন কৰিছে।

ইয়াত একাধিক উদ্যোগৰ মুৰব্বীয়ে ভাষণ প্ৰদান কৰে। আৰ্চেলৰ মিট্টালৰ অধ্যক্ষ শ্ৰী লক্ষ্মী মিট্টাল, জাপানৰ চুজুকি মটৰ কৰ্পৰেচনৰ অধ্যক্ষ শ্ৰী টোছিহিৰো চুজুকি, ৰিলায়েন্স গ্ৰুপৰ শ্ৰী মুকেশ আম্বানী, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাইক্ৰন টেকন’লজিছৰ চিইঅ’ শ্ৰী সঞ্জয় মেহৰোত্ৰা, আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী, দক্ষিণ কোৰিয়াৰ ছিমটেকৰ চিইঅ’ শ্ৰী জেফ্ৰি চুন, টাটা চন্স লিমিটেডৰ অধ্যক্ষ শ্ৰী এন চন্দ্ৰশেখৰন, ডিপি ৱৰ্ল্ডৰ অধ্যক্ষ শ্ৰী চুলতান আহমেদ বিন চুলায়েম, এনভিডিয়া জ্যেষ্ঠ উপাধ্যক্ষ শ্ৰী শংকৰ ত্ৰিবেদী আৰু জেৰোধাৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্য্যবাহী বিষয়া নিখিল কামাতে ভাষণ প্ৰদানেৰে নিজ-নিজ ব্যৱসায়িক পৰিকল্পনাৰ বিষয়ে অৱগত কৰে আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিভংগীক প্ৰশংসা কৰে।

 

জাপানৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা বিভাগৰ উপ-মন্ত্ৰী শ্ৰী শ্বিন হোছাকা, চৌদি আৰৱৰ বিনিয়োগ দপ্তৰৰ সহকাৰী মন্ত্ৰী ইব্ৰাহিম ইউছেফ আল মুবাৰক, আৰ্মেনিয়াৰ অৰ্থনীতি মন্ত্ৰী শ্ৰী ভাহান কেৰবিয়ান, অৰ্থনৈতিক পৰিক্ৰমা আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী শ্ৰী টিইট ৰিছালো, মৰক্কোৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী শ্ৰী ৰিয়াদ মেজ্জৌৰ, নেপালৰ বিত্তমন্ত্ৰী শ্ৰী প্ৰকাশ চৰণ মাহাট, ভিয়েটনামৰ উপ-প্ৰধানমন্ত্ৰী শ্ৰী ট্ৰান লুউ কোৱাং, চেক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী পেট্ৰ ফিয়ালা আৰু মোজাম্বিকৰ ৰাষ্ট্ৰপতি শ্ৰী ফিলিপে নিউছি, টিমৰ লেষ্টেৰ ৰাষ্ট্ৰপতি জোচে ৰামোছ-হৰ্টাইয়ো ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিটত ভাষণ প্ৰদান কৰে। সন্মিলনৰ আৰম্ভণিতে সংযুক্ত আৰব আমিৰাতৰ ৰাষ্ট্ৰপতি আৰু আবুধাবিৰ শাসক মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানেও ভাষণ প্ৰদান কৰে।

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৪ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে ২০৪৭ৰ ভিতৰত ভাৰতক ‘বিকশিত’ হিচাপে গঢ়ি তুলিবলৈ আগন্তুক ২৫ বছৰক দেশৰ ‘অমৃত কাল’ কৰি তোলাৰ অংগীকাৰৰ কথা পুনৰবাৰ উল্লেখ কৰে। নতুন সপোন, নতুন সংকল্প আৰু নিৰন্তৰ সাফল্যৰ সময় সমাগত বুলিও তেখেতে কয়। তেখেতে ‘অমৃত কাল’ৰ প্ৰথম ভাইব্ৰেন্ট গুজৰাট সন্মিলনৰ তাৎপৰ্য্য উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিটত সংযুক্ত আৰব আমিৰাতৰ ৰাষ্ট্ৰপতি আৰু আবুধাবিৰ শাসক মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণে ভাৰত আৰু ইউএইৰ মাজৰ গভীৰ সম্পৰ্কৰ ইংগিত বহন কৰিছে। ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিট অৰ্থনৈতিক উন্নয়ন আৰু বিনিয়োগ সম্পৰ্কীয় আলোচনাৰ এক বৈশ্বিক মঞ্চলৈ ৰূপান্তৰিত হোৱাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ প্ৰতি তেওঁৰ চিন্তা আৰু সমৰ্থন আগ্ৰহ আৰু আন্তৰিকতাৰে ভৰা। তেখেতে নবীকৰণযোগ্য শক্তি খণ্ড, উদ্ভাৱনীমূলক স্বাস্থ্যসেৱা আৰু ভাৰতৰ বন্দৰ আন্তঃগাঁথনিত কেইবা বিলিয়ন ডলাৰৰ বিনিয়োগৰ সমৰ্থন বৃদ্ধিৰ ক্ষেত্ৰত ভাৰত-ইউএইৰ অংশীদাৰিত্বৰ ওপৰত আলোকপাত কৰে। তেখেতে ইউএইৰ ছ’ভাৰেইন ৱেল্থ ফাণ্ডে জিফ্ট চিটিত কাৰ্য্যকলাপ আৰম্ভ কৰা আৰু ট্ৰেন্সৱৰ্ল্ড কোম্পানীসমূহে বিমান আৰু জাহাজ লিজিং কাৰ্য্যকলাপ আৰম্ভ কৰাৰ কথাও উল্লেখ কৰে। ভাৰত আৰু ইউএইৰ সম্পৰ্কৰ মাজত বৃদ্ধি পোৱা অংশীদাৰিত্বৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক কৃতিত্ব প্ৰদান কৰে।

আইআইএম, আহমেদাবাদৰ প্ৰাক্তন ছাত্ৰ তথা মোজাম্বিকৰ ৰাষ্ট্ৰপতি শ্ৰী ফিলিপে নিউছিৰ আগষ্টত আগমনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ অধ্যক্ষতাৰ সময়ছোৱাত জি-২০ৰ আফ্ৰিকান ইউনিয়নক স্থায়ী সদস্যপদ প্ৰদানৰ বাবে সন্তোষ প্ৰকাশ কৰে। তেখেতে কয় যে ৰাষ্ট্ৰপতি নিউছিৰ উপস্থিতিয়ে ভাৰত-মোজাম্বিকৰ লগতে ভাৰত-আফ্ৰিকাৰ সম্পৰ্কও গভীৰ কৰি তুলিছে।

 

চেক গণৰাজ্যৰ প্ৰধানমন্ত্ৰী, শ্ৰী পেট্ৰ ফিয়ালাৰ প্ৰথম ভ্ৰমণে ভাৰতৰ লগতে ভাইব্ৰেন্ট গুজৰাটৰ সৈতেও চেক গণৰাজ্যৰ পুৰণি সম্পৰ্কৰ ইংগিত দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে অট'ম'বাইল, প্ৰযুক্তি আৰু উৎপাদন খণ্ডত সহযোগিতাৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে নোবেল বঁটা বিজয়ী তথা টিমৰ লেষ্টেৰ ৰাষ্ট্ৰপতি জোচে ৰামোছ-হৰ্টাইকো আদৰণি জনোৱাৰ লগতে মহাত্মা গান্ধীৰ অহিংসা নীতিক নিজৰ দেশৰ স্বাধীনতা সংগ্ৰামত অনুসৰণ সন্দৰ্ভত আলোকপাত কৰে।

ভাইব্ৰেন্ট গুজৰাট সন্মিলনৰ ২০ বছৰীয়া জয়ন্তীৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে এই সন্মিলনে নতুন ধাৰণা প্ৰদৰ্শন কৰিছে আৰু বিনিয়োগ তথা লাভৰ বাবে নতুন দুৱাৰমুখৰ সৃষ্টি কৰিছে। এইবাৰৰ ‘ভৱিষ্যতৰ দুৱাৰমুখ’ শীৰ্ষক বিষয়বস্তু সন্দৰ্ভত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে একবিংশ শতিকাৰ ভৱিষ্যৎ সহভাজিত প্ৰচেষ্টাৰদ্বাৰা উজ্জ্বল হ’ব। ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ সময়ৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভৱিষ্যতৰ বাবে এক ৰোড মেপ যুগুত কৰা হৈছে আৰু ইয়াক ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিটৰ দৃষ্টিভংগীৰে আগবঢ়াই নিয়া হৈছে। তেখেতে আইটুইউ ২ আৰু আন-আন বহুপক্ষীয় সংস্থাসমূহৰ সৈতে ‘এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যৎ’ৰ নীতিৰ সৈতে অংশীদাৰিত্ব সুদৃঢ়কৰণৰ কথাও উল্লেখ কৰে, যি এতিয়া বিশ্ব কল্যাণৰ পূৰ্বচৰ্ত হৈ পৰিছে।

“দ্রুত পৰিবর্তিত বিশ্বত ভাৰতে ‘বিশ্ব মিত্র’ৰ ভূমিকাৰে অগ্ৰসৰ হৈছে। আজি ভাৰতে উমৈহতীয়া সামূহিক লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বিশ্বক আত্মবিশ্বাস প্ৰদান কৰিছে। বিশ্ব কল্যাণৰ বাবে ভাৰতৰ দায়বদ্ধতা, প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমে বিশ্বক অধিক সুৰক্ষিত আৰু সমৃদ্ধিশালী কৰি তুলিছে। বিশ্বই ভাৰতক স্থিতিশীলতাৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে চায়। বিশ্বাস কৰিব পৰা বন্ধু, জন-কেন্দ্ৰিক উন্নয়নত বিশ্বাস কৰা অংশীদাৰ, বিশ্বৰ কল্যাণত বিশ্বাস কৰা কণ্ঠ, বিশ্ব অৰ্থনীতিৰ বিকাশৰ ইঞ্জিন, সমাধান সূত্ৰ নিৰ্ণয়কাৰী প্ৰযুক্তি কেন্দ্ৰ, প্ৰতিভাৱান যুৱক-যুৱতীৰ বাসভূমি হিচাপে পৰিগণিত হৈছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

 

“ভাৰতৰ ১.৪ বিলিয়ন নাগৰিকৰ অগ্ৰাধিকাৰ আৰু আকাংক্ষা আৰু মানৱকেন্দ্ৰিক উন্নয়নৰ প্ৰতি বিশ্বাসৰ লগতে চৰকাৰৰ সৰ্বাংগীনতা আৰু সমতাৰ প্ৰতি দায়বদ্ধতা বিশ্বৰ সমৃদ্ধি আৰু উন্নয়নৰ এক প্ৰধান দিশ”, প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰত বিশ্বৰ ৫ম বৃহত্তম অৰ্থনীতি। তেখেতে লগতে আঙুলিয়াই দিয়ে যে অহা কেইবছৰমানৰ ভিতৰত ভাৰত বিশ্বৰ ভিন্ন ৰেটিং এজেন্সীয়ে ভৱিষ্যদ্বাণী কৰা মতে বিশ্বৰ শীৰ্ষ ৩ অৰ্থনীতিৰ অন্যতম হ’ব। “বিশেষজ্ঞসকলে ইয়াৰ বিশ্লেষণ কৰিব পাৰে, কিন্তু মই নিশ্চয়তা প্ৰদান কৰিছোঁ যে ভাৰত বিশ্বৰ ৩য় বৃহত্তম অৰ্থনীতি হ’ব”, প্ৰধানমন্ত্ৰী মোদীয়ে জোৰ দি কয়। তেখেতে আৰু কয় যে যি সময়ত বিশ্বই একাধিক ভূ-ৰাজনৈতিক অস্থিৰতাৰ সাক্ষী হৈ পৰিছে, সেই সময়ত ভাৰত বিশ্বৰ বাবে আশাৰ ৰেঙণি হৈ পৰিছে। ভাৰতৰ অগ্ৰাধিকাৰসমূহৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বহনক্ষম উদ্যোগ, উৎপাদন আৰু আন্তঃগাঁথনি, নতুন যুগৰ দক্ষতা, ভৱিষ্যতৰ প্ৰযুক্তি, এআই আৰু উদ্ভাৱন, সেউজ হাইড্ৰ’জেন, নবীকৰণযোগ্য শক্তি আৰু অৰ্ধপৰিবাহীৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সকলোকে গুজৰাটৰ ট্ৰেড শ্ব’, বিশেষকৈ স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীক দৰ্শন কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই ট্ৰেড শ্ব’ত ই-মবিলিটিৰ দৰে খণ্ডত বিশ্বমানৰ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে। ষ্টাৰ্ট-আপ, সেউজ শক্তি আৰু স্মাৰ্ট আন্তঃগাঁথনিৰ প্ৰদৰ্শন কৰা হৈছে। তেখেতে কয় যে এই সকলোবোৰ খণ্ডতে বিনিয়োগৰ বাবে অহৰহ নতুন সুযোগ সৃষ্টি হৈ আছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতীয় অৰ্থনীতিৰ স্থিতিস্থাপকতা আৰু গতিবেগৰ ভিত্তি হিচাপে গাঁথনিগত সংস্কাৰৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়াৰ বিষয়ে বিশদভাৱে কয় কাৰণ এই সংস্কাৰে অৰ্থনীতিৰ ক্ষমতা, সামৰ্থ্য, আৰু প্ৰতিযোগী মনোভাৱ বৃদ্ধি কৰিছে। লগতে তেখেতে সেউজ আৰু বিকল্প শক্তিৰ উৎসৰ অভূতপূৰ্ব অগ্ৰগতি, নবীকৰণযোগ্য শক্তিৰ ক্ষমতা ৩ গুণ বৃদ্ধি, সৌৰশক্তিৰ ক্ষমতাত ২০ গুণ বৃদ্ধি, সুলভ তথ্যৰ মূল্যই ডিজিটেল অন্তৰ্ভুক্তিৰ সূচনা কৰা, প্ৰতিখন গাঁৱলৈ অপটিকেল ফাইবাৰৰ কথাও উল্লেখ কৰে। তেখেতে ৰপ্তানিৰ সামগ্ৰিক অভিলেখ পৰিমাণৰ বৃদ্ধিৰ কথাও কয়।

 

প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰ কয় যে ভাৰতত ঘটি থকা পৰিৱৰ্তনে ইজ অৱ লিভিঙৰ উন্নতি সাধন কৰিছে। তেখেতে উল্লেখ কৰে যে বিগত ৫ বছৰত ১৩.৫ কোটিৰো অধিক লোক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা ওলাই অহাৰ বিপৰীতে মধ্যবিত্ত শ্ৰেণীৰ গড় আয় অহৰহ বৃদ্ধি পাই আহিছে। তেখেতে মহিলা কৰ্মশক্তিৰ অংশগ্ৰহণৰ অভিলেখ সংখ্যক বৃদ্ধিৰ কথাও স্পৰ্শ কৰে, যি ভাৰতৰ ভৱিষ্যতৰ বাবে এক গুৰুত্বপূৰ্ণ লক্ষণ। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “মই আপোনালোক সকলোকে ভাৰতৰ বিনিয়োগ যাত্ৰাৰ অংশ হ’বলৈ আহ্বান জনাইছোঁ।”

লজিষ্টিক আৰু পৰিবহণৰ দিশত আধুনিক নীতিগত উন্নতিৰ কথা স্পৰ্শ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এদশকৰ ভিতৰত বিমানবন্দৰৰ সংখ্যা ৭৪ ৰপৰা ১৪৯লৈ বৃদ্ধি, ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্ক দুগুণ কৰা, মেট্ৰ’ নেটৱৰ্ক তিনিগুণ বৃদ্ধি, নিৰ্দিষ্ট মালবাহী কৰিডৰ, ৰাষ্ট্ৰীয় জলপথ, জি-২০ৰ সময়ত ঘোষণা কৰা ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰৰ ওপৰত আলোকপাত কৰে। “এয়া আপোনালোক সকলোৰে বাবে বিনিয়োগৰ বিশাল সুযোগ”, তেখেতে লগতে কয়।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ প্ৰতিটো কোণত বিনিয়োগকাৰীৰ বাবে নতুন-নতুন সম্ভাৱনা আছে আৰু ভাইব্ৰেন্ট গুজৰাট সন্মিলন ইয়াৰ বাবে এক দুৱাৰৰ দৰে, ভৱিষ্যতৰ দুৱাৰমুখ। “আপোনাসৱে কেৱল ভাৰতত বিনিয়োগ কৰাই নহয়, নতুন প্ৰজন্মৰ যুৱ সৃষ্টিকৰ্তা আৰু গ্ৰাহককো গঢ় দিছে। ভাৰতৰ আকাংক্ষিত যুৱ-প্ৰজন্মৰ সৈতে আপোনালোকৰ অংশীদাৰিত্বই এনে ফলাফল আনিব পাৰে যি ফলাফল কল্পনাৰো অগোচৰ”, প্ৰধানমন্ত্ৰী মোদীয়ে এইবুলি কৈ ভাষণৰ সামৰণি মাৰে।

 

ইয়াত গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য্য দেৱব্ৰত, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

পটভূমি

গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহৰ সময়ত শ্ৰী নৰেন্দ্ৰ মোদীয়ে দূৰদৰ্শী নেতৃত্বৰে ২০০৩ৰপৰা ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিট ব্যৱসায়িক সহযোগিতা, অভিজ্ঞতাৰ বিনিময় আৰু কৌশলগত অংশীদাৰিত্বৰ অন্যতম বৈশ্বিক মঞ্চ হিচাপে পৰিগণিত হৈ আহিছে। ২০২৪ৰ ১০ জানুৱাৰীৰপৰা ১২ জানুৱাৰীলৈ গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত হ’বলগীয়া ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিটৰ দশম সংস্কৰণক ‘ভৱিষ্যতৰ দুৱাৰমুখ’ শীৰ্ষক বিষয়বস্তু হিচাপে উদযাপন কৰা হৈছে।

এইবাৰৰ সন্মিলনত ৩৪ খন অংশীদাৰ দেশ আৰু ১৬ টা অংশীদাৰ সংস্থাই অংশগ্ৰহণ কৰিছে। ইয়াৰ উপৰিও, উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগৰ সুযোগ প্ৰদৰ্শনৰ বাবে ভাইব্ৰেন্ট গুজৰাটৰ মঞ্চ ব্যৱহাৰ কৰিছে।

এই সন্মিলনত উদ্যোগ ৪.০, প্ৰযুক্তি আৰু উদ্ভাৱন, বহনক্ষম উৎপাদন, সেউজ হাইড্ৰ’জেন, বৈদ্যুতিক গতিশীলতা আৰু নবীকৰণযোগ্য শক্তি আৰু বহনক্ষমতাৰ দিশত পৰিৱৰ্তন আদি বৈশ্বিক প্ৰাসংগিক বিষয়সমূহত আলোচনা চক্ৰ আৰু সন্মিলনকে প্ৰমুখ্য কৰি ভিন্ন অনুষ্ঠান অনুষ্ঠিত হ’ব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM shares a Sanskrit Subhashitam highlighting that Nari Shakti is the cornerstone of nation-building and the true embodiment of power
June 12, 2026

Prime Minister Shri Narendra Modi today stated that over the last 12 years, the Government has worked to further women-led development, which is visible across sectors. He noted that from financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science, and governance, women are playing a prominent role across diverse fields.

Shri Modi emphasized that the efforts of the Government are rooted in dignity, opportunity, and empowerment, pointing out that they have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

The Prime Minister expressed particular happiness in seeing India’s Nari Shakti make a mark in sectors like science, space, and innovation. He highlighted that their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming the development landscape across the nation.

Shri Modi shared that the Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

Sharing a Sanskrit Subhashitam, the Prime Minister stated that India's Nari Shakti is the cornerstone of nation-building. He observed that today, our mothers, sisters, and daughters are increasing the pride of Maa Bharati with their amazing talent and skills in every field.

In a series of posts on X, the Prime Minister shared:

"Over the last 12 years, the NDA Government has worked to further women-led development. And, this is visible across sectors.
From financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science and governance, women are playing a prominent role across diverse sectors.

The efforts of the NDA Government are rooted in dignity, opportunity and empowerment. They have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

#12YearsOfNariShakti “

“ I am particularly happy to see India’s Nari Shakti make a mark in sectors like science, space and innovation. Their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming development landscape across the nation. Our Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

#12YearsOfNariShakti “ 

“ भारत की नारीशक्ति राष्ट्र निर्माण की आधारशिला है। हमारी माताएं, बहनें और बेटियां आज हर क्षेत्र में अपनी अद्भुत प्रतिभा और कौशल से मां भारती का गौरव बढ़ा रही हैं।

नारी त्रैलोक्यजननी
नारी त्रैलोक्यरूपिणी।
नारी त्रिभुवनाधारा
नारी शक्तिस्वरूपिणी॥

#12YearsOfNariShakti"

Woman is the mother of the three worlds. She is the very expression of all the three realms. She is the foundation of the entire universe, and she is the true embodiment of power.