মধ্যপ্ৰদেশত অনুষ্ঠিত বিশ্ব বিনিয়োগকাৰী সন্মিলন এক প্ৰশংসনীয় পদক্ষেপ; যি উদ্যোগ, উদ্ভাৱন আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত ৰাজ্যখনৰ অপৰিসীম সম্ভাৱনা প্ৰদৰ্শনৰ এখনি গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে পৰিগণিত হৈছেঃ প্ৰধানমন্ত্ৰী
এই সন্মিলনে বিশ্বৰ বিনিয়োগকাৰীসকলক আকৰ্ষণেৰে অৰ্থনৈতিক বিকাশ আৰু নিয়োগ সৃষ্টিৰ পথ প্ৰশস্ত কৰিছে, মধ্যপ্ৰদেশে ব্যৱসায় আৰু উদ্যমিতাৰ এক মূল কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাত সুখী হৈছোঁঃ প্ৰধানমন্ত্ৰী
বিশ্বৰ ভৱিষ্যৎ ভাৰতৰ ওপৰত নিৰ্ভৰশীল! আমাৰ ৰাষ্ট্ৰৰ বিকাশৰ সুযোগসমূহ অন্বেষণ কৰোঁ আহকঃ প্ৰধানমন্ত্ৰী
এনডিএ চৰকাৰৰ আন্তঃগাঁথনিমূলক প্ৰচেষ্টাৰাজিয়ে মধ্যপ্ৰদেশক যথেষ্ট লাভান্বিত কৰিবঃ প্ৰধানমন্ত্ৰী
কেন্দ্ৰ আৰু মধ্য প্ৰদেশত আমাৰ চৰকাৰে জল সুৰক্ষাত গুৰুত্ব আৰোপ কৰিছে, যি বিকাশৰ বাবে অতিশয় প্ৰয়োজনীয়ঃ প্ৰধানমন্ত্ৰী
২০২৫ৰ প্ৰথম ৫০ দিনত দ্ৰুত বিকাশ প্ৰত্যক্ষ হৈছেঃ প্ৰধানমন্ত্ৰী
বিগত দশকটো ভাৰতৰ শক্তি খণ্ডৰ বাবে অভূতপূৰ্ব বিকাশৰ সময় আছিলঃ প্ৰধানমন্ত্ৰী
তেখেতে এই সন্মিলনৰ সুন্দৰ আয়োজনৰ বাবে মধ্যপ্ৰদেশ চৰকাৰক অভিনন্দন জ্ঞাপন কৰে
এই আত্মবিশ্বাস মধ্যপ্ৰদেশত অনুষ্ঠিত বিশ্ব সন্মিলনত স্পষ্ট হৈ পৰিছে বুলিও তেখেতে কয়।
এই কাৰ্য্যই প্ৰমাণিত কৰে যে মধ্য প্ৰদেশ নতুন উৎপাদন খণ্ডৰ বাবে এক উৎকৃষ্ট গন্তব্যস্থানত পৰিণত হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ভূপালত বিশ্ব বিনিয়োগকাৰী সন্মিলন (GIS), ২০২৫ উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে এই কাৰ্য্যসূচীলৈ অহাত পলম হোৱাৰ বাবে ক্ষমা বিচাৰে। দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ ব’ৰ্ড পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ নিৰাপত্তা ব্যৱস্থাই যাতে ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধা নকৰে, সেই কথা অনুধাৱন কৰা হৈছে বুলি তেখেতে কয়। শ্ৰী মোদীয়ে কয় যে ৰজা ভূজৰ ভূমিত বিনিয়োগকাৰী আৰু ব্যৱসায়িক নেতাসকলক আদৰণি জনাবলৈ পোৱাটো অসীম গৌৰৱৰ কথা। তেখেতে লগতে কয় যে আজিৰ এই অনুষ্ঠান গুৰুত্বপূৰ্ণ, কিয়নো এখনি বিকশিত মধ্যপ্ৰদেশ বা উন্নত মধ্যপ্ৰদেশ এখনি বিকশিত ভাৰতৰ অভিমুখে যাত্ৰাত অতিশয় প্ৰয়োজনীয়। তেখেতে এই সন্মিলনৰ সুন্দৰ আয়োজনৰ বাবে মধ্যপ্ৰদেশ চৰকাৰক অভিনন্দন জ্ঞাপন কৰে।

“সমগ্ৰ বিশ্ব ভাৰতক লৈ আশাবাদী” বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ভাৰতৰ ইতিহাসত পোন-প্ৰথমবাৰৰ বাবে এনে সুযোগৰ উন্মেষ ঘটিছে। তেখেতে লগতে কয় যে সাধাৰণ নাগৰিকেই হওঁক বা নীতি বিশেষজ্ঞই হওঁক বা প্ৰতিষ্ঠান বা বিশ্বৰ দেশসমূহেই হওঁক, ভাৰতৰপৰা সকলোৰে বহু আশা আছে। তেখেতে কয় যে বিগত কেইসপ্তাহত ভাৰত সন্দৰ্ভত লাভ কৰা মন্তব্যই বিনিয়োগকাৰীসকলৰ উৎসাহ বৃদ্ধি কৰিব। শেহতীয়াকৈ বিশ্ব বেংকে ভাৰত দ্ৰুত-বৰ্ধমান অৰ্থনীতি হৈ থাকিব বুলি কৰা মন্তব্যৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অ’ইচিডিৰ এগৰাকী প্ৰতিনিধিয়ে কৈছে, “বিশ্বৰ ভৱিষ্যৎ ভাৰতৰ ওপৰত নিৰ্ভৰশীল।” তেখেতে লগতে কয় যে শেহতীয়াকৈ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ এটা সংস্থাই ভাৰতক সৌৰশক্তিৰ মহাশক্তি হিচাপে ঘোষণা কৰিছে। সংস্থাটোৱে লগতে কৈছে যে একাধিক দেশে কেৱল প্ৰতিশ্ৰুতিৰ বিপৰীতে ভাৰতে ফলাফল প্ৰদান কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এখনি নতুন প্ৰতিবেদন অনুসৰি, ভাৰতে বিশ্বৰ মহাকাশ প্ৰতিষ্ঠানসমূহৰ বাবে এক উৎকৃষ্ট যোগান শৃংখল হিচাপে আত্মপ্ৰকাশ কৰিছে। এই প্ৰতিষ্ঠানসমূহে ভাৰতক বিশ্বৰ যোগান শৃংখলৰ প্ৰত্যাহ্বানসমূহৰ সমাধান হিচাপে গণ্য কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰতি বিশ্বৰ আস্থা প্ৰদৰ্শনকাৰী ভিন্ন উদাহৰণ দাঙি ধৰি প্ৰতিখন ভাৰতীয় ৰাজ্যৰ প্ৰতিও আস্থা বৃদ্ধি পাইছে বুলি কয়। এই আত্মবিশ্বাস মধ্যপ্ৰদেশত অনুষ্ঠিত বিশ্ব সন্মিলনত স্পষ্ট হৈ পৰিছে বুলিও তেখেতে কয়।

 

জনসংখ্যাৰ হিচাপত মধ্যপ্ৰদেশ ভাৰতৰ পঞ্চম সৰ্ববৃহৎ ৰাজ্য বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয়, “কৃষি আৰু খনিজ সম্পদৰ ক্ষেত্ৰত মধ্য প্ৰদেশ ভাৰতৰ অন্যতম শীৰ্ষ ৰাজ্য।” তেখেতে মধ্যপ্ৰদেশ আয়ুষ-ৰেখা নৰ্মদা নদীৰে ধন্য হৈছে বুলি উল্লেখেৰে কয় যে মধ্য প্ৰদেশ জিডিপিৰ হিচাপত ভাৰতৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ অন্যতম হোৱাৰ সম্ভাৱনা আছে।

বিগত দুটা দশকত মধ্যপ্ৰদেশৰ ৰূপান্তৰশীল যাত্ৰাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এটা সময় আছিল যেতিয়া ৰাজ্যখনে বিদ্যুৎ আৰু পানীৰ ক্ষেত্ৰত গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আৰু আইন-শৃংখলাৰ পৰিস্থিতি অধিক বেয়া হৈ পৰিছিল। এই পৰিস্থিতিৰ বাবে ঔদ্যোগিক বিকাশ কঠিন হৈ পৰিছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে জনসাধাৰণৰ সহযোগত মধ্যপ্ৰদেশত তেওঁলোকৰ চৰকাৰে বিগত দুটা দশকত শাসন ব্যৱস্থাত গুৰুত্ব আৰোপ কৰিছে। দুটা দশক পূৰ্বে বিনিয়োগকাৰীসকলে মধ্য প্ৰদেশত বিনিয়োগ কৰিবলৈ দ্বিধাবোধ কৰিছিল, আনহাতে আজি মধ্য প্ৰদেশ বিনিয়োগৰ ক্ষেত্ৰত দেশৰ অন্যতম শীৰ্ষ ৰাজ্যত পৰিণত হৈছে বুলিও তেখেতে লগতে কয়। তেখেতে কয় যে এসময়ত বিকাশৰ বাবে যুঁজি থকা ৰাজ্যখন এতিয়া ভাৰতৰ ইভি বিপ্লৱৰ অন্যতম আগশাৰীৰ ৰাজ্য হৈ পৰিছে। তেখেতে আৰু কয় যে ২০২৫ৰ জানুৱাৰীলৈকে মধ্য প্ৰদেশত প্ৰায় ২ লাখ বৈদ্যুতিক বাহন পঞ্জীয়ন কৰা হৈছে, যিয়ে প্ৰায় ৯০ শতাংশ বৃদ্ধিক প্ৰতিফলিত কৰে। এই কাৰ্য্যই প্ৰমাণিত কৰে যে মধ্য প্ৰদেশ নতুন উৎপাদন খণ্ডৰ বাবে এক উৎকৃষ্ট গন্তব্যস্থানত পৰিণত হৈছে।

“বিগত দশকত ভাৰতত আন্তঃগাঁথনিগত উত্থান প্ৰত্যক্ষ হৈছে” বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখেৰে এই উন্নয়নৰপৰা মধ্যপ্ৰদেশ বহুলাংশে লাভৱান হোৱা বুলি কয়। তেখেতে কয় যে দুই বৃহৎ চহৰক সংযোগ কৰা দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ মধ্য প্ৰদেশৰ মাজেৰে পাৰ হৈ গৈছে, যাৰ ফলশ্ৰুতিত মুম্বাইৰ বন্দৰ আৰু উত্তৰ ভাৰতৰ বজাৰৰ সৈতে দ্ৰুত যোগাযোগ ব্যৱস্থা প্ৰত্যক্ষ হৈছে। তেখেতে লগতে কয় যে মধ্যপ্ৰদেশত এতিয়া পাঁচ লাখ কিলোমিটাৰৰো অধিক পথ নেটৱৰ্ক আছে। তেখেতে উল্লেখ কৰে যে মধ্য প্ৰদেশৰ ঔদ্যোগিক কৰিডৰসমূহ আধুনিক এক্সপ্ৰেছৱেৰ সৈতে সংযুক্ত, যাৰ ফলত লজিষ্টিক খণ্ডৰ দ্ৰুত বিকাশ নিশ্চিত হৈছে।

 

বিমান সংযোগৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে গোৱালিয়ৰ আৰু জবলপুৰ বিমানবন্দৰৰ টাৰ্মিনেলসমূহৰ সম্প্ৰসাৰণ কৰা হৈছে। তেখেতে কয় যে মধ্যপ্ৰদেশৰ বিস্তৃত ৰেল নেটৱৰ্কৰ আধুনিকীকৰণৰ কামো অব্যাহত আছে। তেখেতে উল্লেখ কৰে যে মধ্য প্ৰদেশৰ ৰেল নেটৱৰ্কত ১০০ শতাংশ বিদ্যুৎ সংযোগ স্থাপন কৰা হৈছে। তেখেতে কয় যে ভূপালৰ ৰাণী কমলাপতি ৰেলৱে ষ্টেচনৰ সৌন্দৰ্য্যই সকলোকে মোহিত কৰিছে। এই আৰ্হি অনুসৰণেৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত মধ্য প্ৰদেশৰ ৮০ টা ৰেল ষ্টেচন আধুনিকীকৰণ কৰা হৈছে।

“যোৱা দশকত ভাৰতৰ শক্তি খণ্ডত অভূতপূৰ্ব বিকাশ প্ৰত্যক্ষ হৈছে” বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ভাৰতে সেউজ শক্তিৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে, যি এসময়ত কল্পনাতীত আছিল। যোৱা ১০ বছৰত নবীকৰণযোগ্য শক্তি খণ্ডত ৭০ বিলিয়ন ডলাৰৰো অধিক (৫ ট্ৰিলিয়নৰো অধিক) বিনিয়োগ হৈছে আৰু এই বিনিয়োগে কেৱল যোৱা বছৰতে স্বচ্ছ শক্তিৰ স্থানত ১০ লাখৰো অধিক নিয়োগৰ সৃষ্টি কৰিছে বুলিও তেখেতে লগতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে শক্তি খণ্ডৰ এই উত্থানৰ জৰিয়তে মধ্যপ্ৰদেশ বহুখিনি লাভান্বিত হৈছে। তেখেতে কয় যে আজি মধ্য প্ৰদেশ হৈছে প্ৰায় ৩১ হাজাৰ মেগাৱাট (MW) শক্তি উৎপাদন ক্ষমতাৰে সমৃদ্ধ, ইয়াৰে ৩০ শতাংশ স্বচ্ছ শক্তি। তেখেতে কয় যে ৰেৱা সৌৰ পাৰ্ক দেশৰ ভিতৰতে অন্যতম বৃহৎ আৰু শেহতীয়াকৈ ওমকাৰেশ্বৰত এটা ভাসমান সৌৰ প্ৰকল্প উদ্বোধন কৰা হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে চৰকাৰে বিনা শোধনাগাৰ পেট্ৰ’কেমিকেল কমপ্লেক্সত প্ৰায় ৫০,০০০ কোটি টকা বিনিয়োগ কৰিছে, যিয়ে মধ্যপ্ৰদেশক পেট্ৰ’কেমিকেলৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিব। তেখেতে কয় যে মধ্য প্ৰদেশ চৰকাৰে এই আন্তঃগাঁথনিক আধুনিক নীতি আৰু বিশেষ ঔদ্যোগিক আন্তঃগাঁথনিৰে সমৰ্থন কৰিছে। মধ্য প্ৰদেশত ৩০০ৰো অধিক ঔদ্যোগিক মণ্ডল আছে তথা পিঠামপুৰ, ৰাটলাম আৰু দেৱাছত হাজাৰ-হাজাৰ একৰ ভূমিত বিস্তৃত বিনিয়োগ মণ্ডল গঢ়ি তোলা হৈছে বুলি উল্লেখেৰে তেখেতে মধ্যপ্ৰদেশত বিনিয়োগকাৰীৰ বাবে অধিক লাভৰ অসীম সম্ভাৱনাত আলোকপাত কৰে।

ঔদ্যোগিক উন্নয়নৰ বাবে জল সুৰক্ষাৰ গুৰুত্বত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এফালে জল সংৰক্ষণৰ দিশত প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে আৰু আনফালে নদীৰ আন্তঃসংযোগৰ বাবে এটা মেগা মিছনক আগবঢ়াই নিয়া হৈছে। তেখেতে এই পদক্ষেপসমূহৰ জৰিয়তে মধ্যপ্ৰদেশৰ কৃষি আৰু উদ্যোগ খণ্ড যথেষ্ট লাভৱান হ’ব বুলি কয়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে শেহতীয়াকৈ ৪৫,০০০ কোটি টকাৰ কেন-বেতৱা নদী আন্তঃসংযোগ প্ৰকল্পৰ কাম আৰম্ভ হৈছে, যিয়ে প্ৰায় ১০ লাখ হেক্টৰ কৃষিভূমিৰ উৎপাদনশীলতা বৃদ্ধি কৰিব আৰু মধ্য প্ৰদেশত জল ব্যৱস্থাপনাক সুদৃঢ় কৰিব। তেখেতে কয় যে এই সুবিধাসমূহে খাদ্য সংসাধন, কৃষি-উদ্যোগ আৰু বস্ত্ৰ খণ্ডত উল্লেখযোগ্য সম্ভাৱনাৰ উন্মেষ ঘটাব।

 

মধ্য প্ৰদেশত তেওঁলোকৰ চৰকাৰ গঠনৰ পিছত উন্নয়নৰ গতি দুগুণ বৃদ্ধি পোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে মধ্য প্ৰদেশ চৰকাৰৰ সৈতে সহযোগিতাৰে ৰাজ্যখন আৰু দেশৰ উন্নয়নৰ বাবে কাম কৰি আছিল। নিৰ্বাচনৰ সময়ত তৃতীয় কাৰ্য্যকালত তিনিগুণ বেগেৰে কাম কৰাৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখেৰে তেখেতে কয়, “২০২৫ৰ প্ৰথম ৫০ দিনত এই গতি স্পষ্ট হৈ পৰিছে।” শেহতীয়া বাজেটত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে এই বাজেটে ভাৰতৰ বিকাশৰ প্ৰতিটো কাৰককে শক্তিশালী কৰি তুলিছে। এই বাজেটত মধ্যবিত্ত শ্ৰেণীক সবলীকৰণৰ বাবে ভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে, য’ত ১২ লাখ টকা পৰ্য্যন্ত আয় কৰমুক্ত কৰা আৰু কৰ স্লেব পুনৰ্গঠন কৰা হৈছে। তেখেতে লগতে উল্লেখ কৰে যে বাজেটৰ পিছত আৰবিআয়ে সুতৰ হাৰ হ্ৰাস কৰিছে।

বাজেটত উৎপাদন ক্ষেত্ৰত সম্পূৰ্ণ আত্ম-নিৰ্ভৰতা অৰ্জন কৰিবলৈ স্থানীয় যোগান শৃংখল গঢ়াত গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এনে এটা সময় আছিল যেতিয়া পূৰ্বৰ চৰকাৰসমূহে এমএছএমইৰ সম্ভাৱনাক সীমিত কৰি ৰাখিছিল, যাৰ ফলত স্থানীয় যোগান শৃংখলৰ আকাংক্ষিত পৰ্য্যায়ত উন্নয়ন সাধনৰ ক্ষেত্ৰত বাধা আহিছিল। তেখেতে কয় যে বৰ্তমান এমএছএমইৰ নেতৃত্বত স্থানীয় যোগান শৃংখল গঢ়ি তোলাত অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে। এমএছএমইৰ সংজ্ঞাক পুনৰাই যুগুত কৰা হৈছে আৰু ঋণৰ সৈতে জড়িত প্ৰৰোচনা প্ৰদান কৰা হৈছে। একেদৰে ঋণৰ সুবিধা সহজ কৰা হৈছে আৰু মূল্য সংযোজন তথা ৰপ্তানিৰ বাবে সমৰ্থন বৃদ্ধি কৰা হৈছে, তেখেতে লগতে কয়।

“বিগত দশকত ৰাষ্ট্ৰীয় পৰ্য্যায়ত উল্লেখযোগ্য সংস্কাৰ সাধন কৰা হৈছে, এতিয়া ৰাজ্য আৰু স্থানীয় পৰ্য্যায়তো সংস্কাৰ সাধনক উৎসাহিত কৰা হৈছে”, বাজেটত উল্লেখ কৰা ৰাজ্যিক ডি-ৰেগুলেচন আয়োগ সম্পৰ্কে আলোচনাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেখেতে উল্লেখ কৰে যে ৰাজ্যসমূহৰ সৈতে নিৰন্তৰ আলোচনা অব্যাহত আছে আৰু ৰাজ্যসমূহৰ সহযোগত যোৱা বছৰ কেইটাত ৪০ হাজাৰৰো অধিক অনুপালন হ্ৰাস কৰা হৈছে। ইয়াৰ উপৰিও ১,৫০০ খন অচল আইন নোহোৱা কৰা হৈছে বুলিও তেখেতে লগতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ উদ্দেশ্য হৈছে ইজ অৱ ডুয়িং বিজনেছৰ ক্ষেত্ৰত বাধা সৃষ্টি কৰা কাৰকসমূহক চিনাক্তকৰণ আৰু ডি-ৰেগুলেচন আয়োগে ৰাজ্যসমূহত বিনিয়োগ-অনুকূল নিয়ন্ত্ৰণ বাতাবৰণ গঢ়াত সহায় কৰিব।

 

বাজেটত বেছিক কাষ্টম ডিউটিৰ গাঁথনি সৰল কৰি তোলাৰ লগতে উদ্যোগটোৰ বাবে কেইবাটাও অত্যাৱশ্যকীয় সামগ্ৰীৰ হাৰ হ্ৰাস কৰা হৈছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে কাষ্টম কেছসমূহৰ মূল্যায়নৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। ব্যক্তিগত উদ্যোগ আৰু বিনিয়োগৰ বাবে নতুন খণ্ড মুকলিৰ অৰ্থে অব্যাহত প্ৰচেষ্টাত আলোকপাত কৰে। এই বছৰ পাৰমাণৱিক শক্তি, জৈৱ-উৎপাদন, গুৰুত্বপূৰ্ণ খনিজ সংসাধন আৰু লিথিয়াম বেটাৰী নিৰ্মাণৰ দৰে পথ বিনিয়োগৰ বাবে মুকলি কৰা হৈছে বুলিও তেখেতে লগতে কয় আৰু কয়, “এই পদক্ষেপসমূহে চৰকাৰৰ উদ্দেশ্য আৰু প্ৰতিশ্ৰুতিকে প্ৰদৰ্শন কৰে।”

“বস্ত্ৰশিল্প, পৰ্যটন আৰু প্ৰযুক্তি খণ্ডই ভাৰতৰ এটি উন্নত ভৱিষ্যতত উল্লেখযোগ্য ভূমিকা পালন কৰিব আৰু একাধিক নতুন চাকৰিৰ সৃষ্টি কৰিব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে উল্লেখ কৰে যে ভাৰত কপাহ, ৰেচম, পলিষ্টাৰৰ দ্বিতীয় সৰ্ববৃহৎ উৎপাদনকাৰী দেশ। তেখেতে উল্লেখ কৰে যে বস্ত্ৰ খণ্ডই কোটি-কোটি লোকক কৰ্মসংস্থাপন প্ৰদান কৰিছে আৰু ভাৰতৰ বস্ত্ৰশিল্পৰ ক্ষেত্ৰত এক চহকী পৰম্পৰা, দক্ষতা আছে। ভাৰতৰ কপাহৰ ৰাজধানী হোৱাৰ বাবে মধ্যপ্ৰদেশে দেশৰ জৈৱিক কপাহৰ যোগানত প্ৰায় ২৫ শতাংশ অৰিহণা যোগায়। এই খণ্ডত বিনিয়োগে মধ্যপ্ৰদেশৰ বস্ত্ৰশিল্পই বিশ্বজুৰি প্ৰভাৱ পেলোৱাত যথেষ্ট সহায় কৰিব বুলি তেখেতে কয়।

ভাৰতে পৰম্পৰাগত বস্ত্ৰশিল্পৰ উপৰিও নতুন পথ অন্বেষণৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এগ্ৰি টেক্সটাইল, মেডিকেল টেক্সটাইল আৰু জিঅ’ টেক্সটাইলৰ দৰে কাৰিকৰী বস্ত্ৰশিল্পক প্ৰচাৰ কৰা হৈছে আৰু ইয়াৰ বাবে এটা ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰা হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে মধ্যপ্ৰদেশত এখনকে প্ৰমুখ্য কৰি সমগ্ৰ দেশতে সাতখন বৃহৎ বস্ত্ৰ উদ্যান গঢ়ি তোলা হৈছে। এই পদক্ষেপে বস্ত্ৰ খণ্ডৰ বিকাশক নতুন শিখৰত উপনীত কৰিব। বস্ত্ৰ খণ্ডৰ বাবে ঘোষণা কৰা পিএলআই আঁচনিৰ সুবিধা ল’বলৈ বিনিয়োগকাৰীসকলক আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

 

ভাৰতে যেনেকৈ বস্ত্ৰ খণ্ডত নতুন মাত্ৰাৰ সংযোজন কৰিছে, ঠিক তেনেদৰে পৰ্যটন খণ্ডৰো বৰ্ধন ঘটাইছে বুলি উল্লেখ কৰে শ্ৰী মোদীয়ে। নৰ্মদা নদীৰ আশে-পাশে আৰু মধ্যপ্ৰদেশৰ জনজাতীয় অঞ্চলত পৰ্যটন আন্তঃগাঁথনিৰ উল্লেখযোগ্য উন্নয়ন সাধনত আলোকপাত কৰে। তেখেতে উল্লেখ কৰে যে "হিল ইন ইণ্ডিয়া" মন্ত্ৰই বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰিছে তথা স্বাস্থ্য আৰু সুস্থতা খণ্ডত বিনিয়োগৰ সুযোগ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। চৰকাৰে এই ক্ষেত্ৰত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বক উৎসাহিত কৰিছে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ পৰম্পৰাগত চিকিৎসা আৰু আয়ুষক বৃহৎ পৰিসৰত প্ৰচাৰ কৰা হৈছে আৰু আয়ুষৰ বিশেষ ভিছা প্ৰদান কৰা হৈছে। এই পদক্ষেপসমূহে মধ্যপ্ৰদেশক যথেষ্ট উপকৃত কৰিব বুলি তেখেতে কয়। তেখেতে অংশগ্ৰহণকাৰীসকলক উজ্জয়িনীৰ মহাকাল মহালোক দৰ্শন কৰিবলৈ উৎসাহিত কৰে, য’ত তেওঁলোকে মহাকালৰপৰা আশীৰ্বাদ লাভ কৰিব আৰু দেশখনে পৰ্যটন আৰু আতিথ্য খণ্ডৰ সম্প্ৰসাৰণ কেনেদৰে কৰিছে, সেয়া অনুভৱ কৰিব।

লালকিল্লাৰপৰা প্ৰদান কৰা ভাষণৰ কথা পুনৰবাৰ উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকী এই সিদ্ধান্তত উপনীত হয় যে মধ্যপ্ৰদেশত বিনিয়োগ বৃদ্ধিৰ বাবে এয়াই হৈছে উপযুক্ত সময়।

এই অনুষ্ঠানত মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই ছগনভাই পেটেল, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন যাদৱকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে।

পটভূমিঃ

দুদিনীয়া কাৰ্য্যসূচীৰে ভূপালত অনুষ্ঠিত বিশ্ব বিনিয়োগকাৰী সন্মিলন (GIS), ২০২৫-এ মধ্যপ্ৰদেশক বিশ্বজুৰি বিনিয়োগ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত এটি বিশেষ ভূমিকা পালন কৰিব। জিআইএছত বিভাগীয় সন্মিলন, ফাৰ্মা আৰু চিকিৎসা সঁজুলি, পৰিবহণ আৰু লজিষ্টিক উদ্যোগ, দক্ষতা বিকাশ, পৰ্যটন আৰু এমএছএমই আদিৰ ওপৰত বিশেষ অধিবেশন অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় অধিবেশন আৰু মূল অংশীদাৰ দেশসমূহৰ বাবে বিশেষ অধিবেশনকো অন্তৰ্ভুক্ত কৰা হৈছে।

এই সন্মিলনত তিনি বৃহৎ ঔদ্যোগিক প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। অটো শ্ব’ত মধ্যপ্ৰদেশৰ অট’ম’টিভ ক্ষমতা আৰু ভৱিষ্যতৰ গতিশীলতা সমাধান প্ৰদৰ্শন কৰা হৈছে। বস্ত্ৰ আৰু ফেশ্বন এক্সপ’ই পৰম্পৰাগত আৰু আধুনিক বস্ত্ৰ নিৰ্মাণ উভয়তে ৰাজ্যখনৰ বিশেষজ্ঞতাক উজ্জ্বল কৰি তুলিছে। "এক জিলা-এক সামগ্ৰী" (ODOP) ভিলেজত ৰাজ্যখনৰ অনন্য কাৰুকাৰ্য্য আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰদৰ্শন কৰা হৈছে।

৬০ খনৰো অধিক দেশৰ প্ৰতিনিধি, ভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ বিষয়া, ভাৰতৰ ৩০০ৰো অধিক বিশিষ্ট উদ্যোগ নেতা আৰু নীতি নিৰ্ধাৰক আদিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
MSME exports touch Rs 9.52 lakh crore in April–September FY26: Govt tells Parliament

Media Coverage

MSME exports touch Rs 9.52 lakh crore in April–September FY26: Govt tells Parliament
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Assam has picked up a new momentum of development: PM Modi at the foundation stone laying of Ammonia-Urea Fertilizer Project in Namrup
December 21, 2025
Assam has picked up a new momentum of development: PM
Our government is placing farmers' welfare at the centre of all its efforts: PM
Initiatives like PM Dhan Dhanya Krishi Yojana and the Dalhan Atmanirbharta Mission are launched to promote farming and support farmers: PM
Guided by the vision of Sabka Saath, Sabka Vikas, our efforts have transformed the lives of poor: PM

उज्जनिर रायज केने आसे? आपुनालुकोलोई मुर अंतोरिक मोरोम आरु स्रद्धा जासिसु।

असम के गवर्नर लक्ष्मण प्रसाद आचार्य जी, मुख्यमंत्री हिमंता बिस्वा शर्मा जी, केंद्र में मेरे सहयोगी और यहीं के आपके प्रतिनिधि, असम के पूर्व मुख्यमंत्री, सर्बानंद सोनोवाल जी, असम सरकार के मंत्रीगण, सांसद, विधायक, अन्य महानुभाव, और विशाल संख्या में आए हुए, हम सबको आशीर्वाद देने के लिए आए हुए, मेरे सभी भाइयों और बहनों, जितने लोग पंडाल में हैं, उससे ज्यादा मुझे वहां बाहर दिखते हैं।

सौलुंग सुकाफा और महावीर लसित बोरफुकन जैसे वीरों की ये धरती, भीमबर देउरी, शहीद कुसल कुवर, मोरान राजा बोडौसा, मालती मेम, इंदिरा मिरी, स्वर्गदेव सर्वानंद सिंह और वीरांगना सती साध`नी की ये भूमि, मैं उजनी असम की इस महान मिट्टी को श्रद्धापूर्वक नमन करता हूँ।

साथियों,

मैं देख रहा हूँ, सामने दूर-दूर तक आप सब इतनी बड़ी संख्या में अपना उत्साह, अपना उमंग, अपना स्नेह बरसा रहे हैं। और खासकर, मेरी माताएँ बहनें, इतनी विशाल संख्या में आप जो प्यार और आशीर्वाद लेकर आईं हैं, ये हमारी सबसे बड़ी शक्ति है, सबसे बड़ी ऊर्जा है, एक अद्भुत अनुभूति है। मेरी बहुत सी बहनें असम के चाय बगानों की खुशबू लेकर यहां उपस्थित हैं। चाय की ये खुशबू मेरे और असम के रिश्तों में एक अलग ही ऐहसास पैदा करती है। मैं आप सभी को प्रणाम करता हूँ। इस स्नेह और प्यार के लिए मैं हृदय से आप सबका आभार करता हूँ।

साथियों,

आज असम और पूरे नॉर्थ ईस्ट के लिए बहुत बड़ा दिन है। नामरूप और डिब्रुगढ़ को लंबे समय से जिसका इंतज़ार था, वो सपना भी आज पूरा हो रहा है, आज इस पूरे इलाके में औद्योगिक प्रगति का नया अध्याय शुरू हो रहा है। अभी थोड़ी देर पहले मैंने यहां अमोनिया–यूरिया फर्टिलाइज़र प्लांट का भूमि पूजन किया है। डिब्रुगढ़ आने से पहले गुवाहाटी में एयरपोर्ट के एक टर्मिनल का उद्घाटन भी हुआ है। आज हर कोई कह रहा है, असम विकास की एक नई रफ्तार पकड़ चुका है। मैं आपको बताना चाहता हूँ, अभी आप जो देख रहे हैं, जो अनुभव कर रहे हैं, ये तो एक शुरुआत है। हमें तो असम को बहुत आगे लेकर के जाना है, आप सबको साथ लेकर के आगे बढ़ना है। असम की जो ताकत और असम की भूमिका ओहोम साम्राज्य के दौर में थी, विकसित भारत में असम वैसी ही ताकतवर भूमि बनाएंगे। नए उद्योगों की शुरुआत, आधुनिक इनफ्रास्ट्रक्चर का निर्माण, Semiconductors, उसकी manufacturing, कृषि के क्षेत्र में नए अवसर, टी-गार्डेन्स और उनके वर्कर्स की उन्नति, पर्यटन में बढ़ती संभावनाएं, असम हर क्षेत्र में आगे बढ़ रहा है। मैं आप सभी को और देश के सभी किसान भाई-बहनों को इस आधुनिक फर्टिलाइज़र प्लांट के लिए बहुत-बहुत शुभकामनाएँ देता हूँ। मैं आपको गुवाहटी एयरपोर्ट के नए टर्मिनल के लिए भी बधाई देता हूँ। बीजेपी की डबल इंजन सरकार में, उद्योग और कनेक्टिविटी की ये जुगलबंदी, असम के सपनों को पूरा कर रही है, और साथ ही हमारे युवाओं को नए सपने देखने का हौसला भी दे रही है।

साथियों,

विकसित भारत के निर्माण में देश के किसानों की, यहां के अन्नदाताओं की बहुत बड़ी भूमिका है। इसलिए हमारी सरकार किसानों के हितों को सर्वोपरि रखते हुए दिन-रात काम कर रही है। यहां आप सभी को किसान हितैषी योजनाओं का लाभ दिया जा रहा है। कृषि कल्याण की योजनाओं के बीच, ये भी जरूरी है कि हमारे किसानों को खाद की निरंतर सप्लाई मिलती रहे। आने वाले समय में ये यूरिया कारख़ाना यह सुनिश्चित करेगा। इस फर्टिलाइज़र प्रोजेक्ट पर करीब 11 हजार करोड़ रुपए खर्च किए जाएंगे। यहां हर साल 12 लाख मीट्रिक टन से ज्यादा खाद बनेगी। जब उत्पादन यहीं होगा, तो सप्लाई तेज होगी। लॉजिस्टिक खर्च घटेगा।

साथियों,

नामरूप की ये यूनिट रोजगार-स्वरोजगार के हजारों नए अवसर भी बनाएगी। प्लांट के शुरू होते ही अनेकों लोगों को यहीं पर स्थायी नौकरी भी मिलेगी। इसके अलावा जो काम प्लांट के साथ जुड़ा होता है, मरम्मत हो, सप्लाई हो, कंस्ट्रक्शन का बहुत बड़ी मात्रा में काम होगा, यानी अनेक काम होते हैं, इन सबमें भी यहां के स्थानीय लोगों को और खासकर के मेरे नौजवानों को रोजगार मिलेगा।

लेकिन भाइयों बहनों,

आप सोचिए, किसानों के कल्याण के लिए काम बीजेपी सरकार आने के बाद ही क्यों हो रहा है? हमारा नामरूप तो दशकों से खाद उत्पादन का केंद्र था। एक समय था, जब यहां बनी खाद से नॉर्थ ईस्ट के खेतों को ताकत मिलती थी। किसानों की फसलों को सहारा मिलता था। जब देश के कई हिस्सों में खाद की आपूर्ति चुनौती बनी, तब भी नामरूप किसानों के लिए उम्मीद बना रहा। लेकिन, पुराने कारखानों की टेक्नालजी समय के साथ पुरानी होती गई, और काँग्रेस की सरकारों ने कोई ध्यान नहीं दिया। नतीजा ये हुआ कि, नामरूप प्लांट की कई यूनिट्स इसी वजह से बंद होती गईं। पूरे नॉर्थ ईस्ट के किसान परेशान होते रहे, देश के किसानों को भी तकलीफ हुई, उनकी आमदनी पर चोट पड़ती रही, खेती में तकलीफ़ें बढ़ती गईं, लेकिन, काँग्रेस वालों ने इस समस्या का कोई हल ही नहीं निकाला, वो अपनी मस्ती में ही रहे। आज हमारी डबल इंजन सरकार, काँग्रेस द्वारा पैदा की गई उन समस्याओं का समाधान भी कर रही है।

साथियों,

असम की तरह ही, देश के दूसरे राज्यों में भी खाद की कितनी ही फ़ैक्टरियां बंद हो गईं थीं। आप याद करिए, तब किसानों के क्या हालात थे? यूरिया के लिए किसानों को लाइनों में लगना पड़ता था। यूरिया की दुकानों पर पुलिस लगानी पड़ती थी। पुलिस किसानों पर लाठी बरसाती थी।

भाइयों बहनों,

काँग्रेस ने जिन हालातों को बिगाड़ा था, हमारी सरकार उन्हें सुधारने के लिए एडी-चोटी की ताकत लगा रही है। और इन्होंने इतना बुरा किया,इतना बुरा किया कि, 11 साल से मेहनत करने के बाद भी, अभी मुझे और बहुत कुछ करना बाकी है। काँग्रेस के दौर में फर्टिलाइज़र्स फ़ैक्टरियां बंद होती थीं। जबकि हमारी सरकार ने गोरखपुर, सिंदरी, बरौनी, रामागुंडम जैसे अनेक प्लांट्स शुरू किए हैं। इस क्षेत्र में प्राइवेट सेक्टर को भी बढ़ावा दिया जा रहा है। आज इसी का नतीजा है, हम यूरिया के क्षेत्र में आने वाले कुछ समय में आत्मनिर्भर हो सके, उस दिशा में मजबूती से कदम रख रहे हैं।

साथियों,

2014 में देश में सिर्फ 225 लाख मीट्रिक टन यूरिया का ही उत्पादन होता था। आपको आंकड़ा याद रहेगा? आंकड़ा याद रहेगा? मैं आपने मुझे काम दिया 10-11 साल पहले, तब उत्पादन होता था 225 लाख मीट्रिक टन। ये आंकड़ा याद रखिए। पिछले 10-11 साल की मेहनत में हमने उत्पादन बढ़ाकर के करीब 306 लाख मीट्रिक टन तक पहुंच चुका है। लेकिन हमें यहां रूकना नहीं है, क्योंकि अभी भी बहुत करने की जरूरत है। जो काम उनको उस समय करना था, नहीं किया, और इसलिए मुझे थोड़ा एक्स्ट्रा मेहनत करनी पड़ रही है। और अभी हमें हर साल करीब 380 लाख मीट्रिक टन यूरिया की जरूरत पड़ती है। हम 306 पर पहुंचे हैं, 70-80 और करना है। लेकिन मैं देशवासियों को विश्वास दिलाता हूं, हम जिस प्रकार से मेहनत कर रहे हैं, जिस प्रकार से योजना बना रहे हैं और जिस प्रकार से मेरे किसान भाई-बहन हमें आशीर्वाद दे रहे हैं, हम हो सके उतना जल्दी इस गैप को भरने में कोई कमी नहीं रखेंगे।

और भाइयों और बहनों,

मैं आपको एक और बात बताना चाहता हूं, आपके हितों को लेकर हमारी सरकार बहुत ज्यादा संवेदनशील है। जो यूरिया हमें महंगे दामों पर विदेशों से मंगाना पड़ता है, हम उसकी भी चोट अपने किसानों पर नहीं पड़ने देते। बीजेपी सरकार सब्सिडी देकर वो भार सरकार खुद उठाती है। भारत के किसानों को सिर्फ 300 रुपए में यूरिया की बोरी मिलती है, उस एक बोरी के बदले भारत सरकार को दूसरे देशों को, जहां से हम बोरी लाते हैं, करीब-करीब 3 हजार रुपए देने पड़ते हैं। अब आप सोचिए, हम लाते हैं 3000 में, और देते हैं 300 में। यह सारा बोझ देश के किसानों पर हम नहीं पड़ने देते। ये सारा बोझ सरकार खुद भरती है। ताकि मेरे देश के किसान भाई बहनों पर बोझ ना आए। लेकिन मैं किसान भाई बहनों को भी कहूंगा, कि आपको भी मेरी मदद करनी होगी और वह मेरी मदद है इतना ही नहीं, मेरे किसान भाई-बहन आपकी भी मदद है, और वो है यह धरती माता को बचाना। हम धरती माता को अगर नहीं बचाएंगे तो यूरिया की कितने ही थैले डाल दें, यह धरती मां हमें कुछ नहीं देगी और इसलिए जैसे शरीर में बीमारी हो जाए, तो दवाई भी हिसाब से लेनी पड़ती है, दो गोली की जरूरत है, चार गोली खा लें, तो शरीर को फायदा नहीं नुकसान हो जाता है। वैसा ही इस धरती मां को भी अगर हम जरूरत से ज्यादा पड़ोस वाला ज्यादा बोरी डालता है, इसलिए मैं भी बोरी डाल दूं। इस प्रकार से अगर करते रहेंगे तो यह धरती मां हमसे रूठ जाएगी। यूरिया खिला खिलाकर के हमें धरती माता को मारने का कोई हक नहीं है। यह हमारी मां है, हमें उस मां को भी बचाना है।

साथियों,

आज बीज से बाजार तक भाजपा सरकार किसानों के साथ खड़ी है। खेत के काम के लिए सीधे खाते में पैसे पहुंचाए जा रहे हैं, ताकि किसान को उधार के लिए भटकना न पड़े। अब तक पीएम किसान सम्मान निधि के लगभग 4 लाख करोड़ रुपए किसानों के खाते में भेजे गए हैं। आंकड़ा याद रहेगा? भूल जाएंगे? 4 लाख करोड़ रूपया मेरे देश के किसानों के खाते में सीधे जमा किए हैं। इसी साल, किसानों की मदद के लिए 35 हजार करोड़ रुपए की दो योजनाएं नई योजनाएं शुरू की हैं 35 हजार करोड़। पीएम धन धान्य कृषि योजना और दलहन आत्मनिर्भरता मिशन, इससे खेती को बढ़ावा मिलेगा।

साथियों,

हम किसानों की हर जरूरत को ध्यान रखते हुए काम कर रहे हैं। खराब मौसम की वजह से फसल नुकसान होने पर किसान को फसल बीमा योजना का सहारा मिल रहा है। फसल का सही दाम मिले, इसके लिए खरीद की व्यवस्था सुधारी गई है। हमारी सरकार का साफ मानना है कि देश तभी आगे बढ़ेगा, जब मेरा किसान मजबूत होगा। और इसके लिए हर संभव प्रयास किए जा रहे हैं।

साथियों,

केंद्र में हमारी सरकार बनने के बाद हमने किसान क्रेडिट कार्ड की सुविधा से पशुपालकों और मछलीपालकों को भी जोड़ दिया था। किसान क्रेडिट कार्ड, KCC, ये KCC की सुविधा मिलने के बाद हमारे पशुपालक, हमारे मछली पालन करने वाले इन सबको खूब लाभ उठा रहा है। KCC से इस साल किसानों को, ये आंकड़ा भी याद रखो, KCC से इस साल किसानों को 10 लाख करोड़ रुपये से ज्यादा की मदद दी गई है। 10 लाख करोड़ रुपया। बायो-फर्टिलाइजर पर GST कम होने से भी किसानों को बहुत फायदा हुआ है। भाजपा सरकार भारत के किसानों को नैचुरल फार्मिंग के लिए भी बहुत प्रोत्साहन दे रही है। और मैं तो चाहूंगा असम के अंदर कुछ तहसील ऐसे आने चाहिए आगे, जो शत प्रतिशत नेचुरल फार्मिंग करते हैं। आप देखिए हिंदुस्तान को असम दिशा दिखा सकता है। असम का किसान देश को दिशा दिखा सकता है। हमने National Mission On Natural Farming शुरू की, आज लाखों किसान इससे जुड़ चुके हैं। बीते कुछ सालों में देश में 10 हजार किसान उत्पाद संघ- FPO’s बने हैं। नॉर्थ ईस्ट को विशेष ध्यान में रखते हुए हमारी सरकार ने खाद्य तेलों- पाम ऑयल से जुड़ा मिशन भी शुरू किया। ये मिशन भारत को खाद्य तेल के मामले में आत्मनिर्भर तो बनाएगा ही, यहां के किसानों की आय भी बढ़ाएगा।

साथियों,

यहां इस क्षेत्र में बड़ी संख्या में हमारे टी-गार्डन वर्कर्स भी हैं। ये भाजपा की ही सरकार है जिसने असम के साढ़े सात लाख टी-गार्डन वर्कर्स के जनधन बैंक खाते खुलवाए। अब बैंकिंग व्यवस्था से जुड़ने की वजह से इन वर्कर्स के बैंक खातों में सीधे पैसे भेजे जाने की सुविधा मिली है। हमारी सरकार टी-गार्डन वाले क्षेत्रों में स्कूल, रोड, बिजली, पानी, अस्पताल की सुविधाएं बढ़ा रही है।

साथियों,

हमारी सरकार सबका साथ सबका विकास के मंत्र के साथ आगे बढ़ रही है। हमारा ये विजन, देश के गरीब वर्ग के जीवन में बहुत बड़ा बदलाव लेकर आया है। पिछले 11 वर्षों में हमारे प्रयासों से, योजनाओं से, योजनाओं को धरती पर उतारने के कारण 25 करोड़ लोग, ये आंकड़ा भी याद रखना, 25 करोड़ लोग गरीबी से बाहर निकले हैं। देश में एक नियो मिडिल क्लास तैयार हुआ है। ये इसलिए हुआ है, क्योंकि बीते वर्षों में भारत के गरीब परिवारों के जीवन-स्तर में निरंतर सुधार हुआ है। कुछ ताजा आंकड़े आए हैं, जो भारत में हो रहे बदलावों के प्रतीक हैं।

साथियों,

और मैं मीडिया में ये सारी चीजें बहुत काम आती हैं, और इसलिए मैं आपसे आग्रह करता हूं मैं जो बातें बताता हूं जरा याद रख के औरों को बताना।

साथियों,

पहले गांवों के सबसे गरीब परिवारों में, 10 परिवारों में से 1 के पास बाइक तक होती नहीं थी। 10 में से 1 के पास भी नहीं होती थी। अभी जो सर्वे आए हैं, अब गांव में रहने वाले करीब–करीब आधे परिवारों के पास बाइक या कार होती है। इतना ही नहीं मोबाइल फोन तो लगभग हर घर में पहुंच चुके हैं। फ्रिज जैसी चीज़ें, जो पहले “लग्ज़री” मानी जाती थीं, अब ये हमारे नियो मिडल क्लास के घरों में भी नजर आने लगी है। आज गांवों की रसोई में भी वो जगह बना चुका है। नए आंकड़े बता रहे हैं कि स्मार्टफोन के बावजूद, गांव में टीवी रखने का चलन भी बढ़ रहा है। ये बदलाव अपने आप नहीं हुआ। ये बदलाव इसलिए हुआ है क्योंकि आज देश का गरीब सशक्त हो रहा है, दूर-दराज के क्षेत्रों में रहने वाले गरीब तक भी विकास का लाभ पहुंचने लगा है।

साथियों,

भाजपा की डबल इंजन सरकार गरीबों, आदिवासियों, युवाओं और महिलाओं की सरकार है। इसीलिए, हमारी सरकार असम और नॉर्थ ईस्ट में दशकों की हिंसा खत्म करने में जुटी है। हमारी सरकार ने हमेशा असम की पहचान और असम की संस्कृति को सर्वोपरि रखा है। भाजपा सरकार असमिया गौरव के प्रतीकों को हर मंच पर हाइलाइट करती है। इसलिए, हम गर्व से महावीर लसित बोरफुकन की 125 फीट की प्रतिमा बनाते हैं, हम असम के गौरव भूपेन हजारिका की जन्म शताब्दी का वर्ष मनाते हैं। हम असम की कला और शिल्प को, असम के गोमोशा को दुनिया में पहचान दिलाते हैं, अभी कुछ दिन पहले ही Russia के राष्ट्रपति श्रीमान पुतिन यहां आए थे, जब दिल्ली में आए, तो मैंने बड़े गर्व के साथ उनको असम की ब्लैक-टी गिफ्ट किया था। हम असम की मान-मर्यादा बढ़ाने वाले हर काम को प्राथमिकता देते हैं।

लेकिन भाइयों बहनों,

भाजपा जब ये काम करती है तो सबसे ज्यादा तकलीफ काँग्रेस को होती है। आपको याद होगा, जब हमारी सरकार ने भूपेन दा को भारत रत्न दिया था, तो काँग्रेस ने खुलकर उसका विरोध किया था। काँग्रेस के राष्ट्रीय अध्यक्ष ने कहा था कि, मोदी नाचने-गाने वालों को भारत रत्न दे रहा है। मुझे बताइए, ये भूपेन दा का अपमान है कि नहीं है? कला संस्कृति का अपमान है कि नहीं है? असम का अपमान है कि नहीं है? ये कांग्रेस दिन रात करती है, अपमान करना। हमने असम में सेमीकंडक्टर यूनिट लगवाई, तो भी कांग्रेस ने इसका विरोध किया। आप मत भूलिए, यही काँग्रेस सरकार थी, जिसने इतने दशकों तक टी कम्यूनिटी के भाई-बहनों को जमीन के अधिकार नहीं मिलने दिये! बीजेपी की सरकार ने उन्हें जमीन के अधिकार भी दिये और गरिमापूर्ण जीवन भी दिया। और मैं तो चाय वाला हूं, मैं नहीं करूंगा तो कौन करेगा? ये कांग्रेस अब भी देशविरोधी सोच को आगे बढ़ा रही है। ये लोग असम के जंगल जमीन पर उन बांग्लादेशी घुसपैठियों को बसाना चाहते हैं। जिनसे इनका वोट बैंक मजबूत होता है, आप बर्बाद हो जाए, उनको इनकी परवाह नहीं है, उनको अपनी वोट बैंक मजबूत करनी है।

भाइयों बहनों,

काँग्रेस को असम और असम के लोगों से, आप लोगों की पहचान से कोई लेना देना नहीं है। इनको केवल सत्ता,सरकार और फिर जो काम पहले करते थे, वो करने में इंटरेस्ट है। इसीलिए, इन्हें अवैध बांग्लादेशी घुसपैठिए ज्यादा अच्छे लगते हैं। अवैध घुसपैठियों को काँग्रेस ने ही बसाया, और काँग्रेस ही उन्हें बचा रही है। इसीलिए, काँग्रेस पार्टी वोटर लिस्ट के शुद्धिकरण का विरोध कर रही है। तुष्टीकरण और वोटबैंक के इस काँग्रेसी जहर से हमें असम को बचाकर रखना है। मैं आज आपको एक गारंटी देता हूं, असम की पहचान, और असम के सम्मान की रक्षा के लिए भाजपा, बीजेपी फौलाद बनकर आपके साथ खड़ी है।

साथियों,

विकसित भारत के निर्माण में, आपके ये आशीर्वाद यही मेरी ताकत है। आपका ये प्यार यही मेरी पूंजी है। और इसीलिए पल-पल आपके लिए जीने का मुझे आनंद आता है। विकसित भारत के निर्माण में पूर्वी भारत की, हमारे नॉर्थ ईस्ट की भूमिका लगातार बढ़ रही है। मैंने पहले भी कहा है कि पूर्वी भारत, भारत के विकास का ग्रोथ इंजन बनेगा। नामरूप की ये नई यूनिट इसी बदलाव की मिसाल है। यहां जो खाद बनेगी, वो सिर्फ असम के खेतों तक नहीं रुकेगी। ये बिहार, झारखंड, पश्चिम बंगाल और पूर्वी उत्तर प्रदेश तक पहुंचेगी। ये कोई छोटी बात नहीं है। ये देश की खाद जरूरत में नॉर्थ ईस्ट की भागीदारी है। नामरूप जैसे प्रोजेक्ट, ये दिखाते हैं कि, आने वाले समय में नॉर्थ ईस्ट, आत्मनिर्भर भारत का बहुत बड़ा केंद्र बनकर उभरेगा। सच्चे अर्थ में अष्टलक्ष्मी बन के रहेगा। मैं एक बार फिर आप सभी को नए फर्टिलाइजर प्लांट की बधाई देता हूं। मेरे साथ बोलिए-

भारत माता की जय।

भारत माता की जय।

और इस वर्ष तो वंदे मातरम के 150 साल हमारे गौरवपूर्ण पल, आइए हम सब बोलें-

वंदे मातरम्।

वंदे मातरम्।

वंदे मातरम्।

वंदे मातरम्।

वंदे मातरम्।

वंदे मातरम्।

वंदे मातरम्।

वंदे मातरम्।

वंदे मातरम्।