মধ্যপ্ৰদেশত অনুষ্ঠিত বিশ্ব বিনিয়োগকাৰী সন্মিলন এক প্ৰশংসনীয় পদক্ষেপ; যি উদ্যোগ, উদ্ভাৱন আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত ৰাজ্যখনৰ অপৰিসীম সম্ভাৱনা প্ৰদৰ্শনৰ এখনি গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে পৰিগণিত হৈছেঃ প্ৰধানমন্ত্ৰী
এই সন্মিলনে বিশ্বৰ বিনিয়োগকাৰীসকলক আকৰ্ষণেৰে অৰ্থনৈতিক বিকাশ আৰু নিয়োগ সৃষ্টিৰ পথ প্ৰশস্ত কৰিছে, মধ্যপ্ৰদেশে ব্যৱসায় আৰু উদ্যমিতাৰ এক মূল কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাত সুখী হৈছোঁঃ প্ৰধানমন্ত্ৰী
বিশ্বৰ ভৱিষ্যৎ ভাৰতৰ ওপৰত নিৰ্ভৰশীল! আমাৰ ৰাষ্ট্ৰৰ বিকাশৰ সুযোগসমূহ অন্বেষণ কৰোঁ আহকঃ প্ৰধানমন্ত্ৰী
এনডিএ চৰকাৰৰ আন্তঃগাঁথনিমূলক প্ৰচেষ্টাৰাজিয়ে মধ্যপ্ৰদেশক যথেষ্ট লাভান্বিত কৰিবঃ প্ৰধানমন্ত্ৰী
কেন্দ্ৰ আৰু মধ্য প্ৰদেশত আমাৰ চৰকাৰে জল সুৰক্ষাত গুৰুত্ব আৰোপ কৰিছে, যি বিকাশৰ বাবে অতিশয় প্ৰয়োজনীয়ঃ প্ৰধানমন্ত্ৰী
২০২৫ৰ প্ৰথম ৫০ দিনত দ্ৰুত বিকাশ প্ৰত্যক্ষ হৈছেঃ প্ৰধানমন্ত্ৰী
বিগত দশকটো ভাৰতৰ শক্তি খণ্ডৰ বাবে অভূতপূৰ্ব বিকাশৰ সময় আছিলঃ প্ৰধানমন্ত্ৰী
তেখেতে এই সন্মিলনৰ সুন্দৰ আয়োজনৰ বাবে মধ্যপ্ৰদেশ চৰকাৰক অভিনন্দন জ্ঞাপন কৰে
এই আত্মবিশ্বাস মধ্যপ্ৰদেশত অনুষ্ঠিত বিশ্ব সন্মিলনত স্পষ্ট হৈ পৰিছে বুলিও তেখেতে কয়।
এই কাৰ্য্যই প্ৰমাণিত কৰে যে মধ্য প্ৰদেশ নতুন উৎপাদন খণ্ডৰ বাবে এক উৎকৃষ্ট গন্তব্যস্থানত পৰিণত হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ভূপালত বিশ্ব বিনিয়োগকাৰী সন্মিলন (GIS), ২০২৫ উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে এই কাৰ্য্যসূচীলৈ অহাত পলম হোৱাৰ বাবে ক্ষমা বিচাৰে। দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ ব’ৰ্ড পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ নিৰাপত্তা ব্যৱস্থাই যাতে ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধা নকৰে, সেই কথা অনুধাৱন কৰা হৈছে বুলি তেখেতে কয়। শ্ৰী মোদীয়ে কয় যে ৰজা ভূজৰ ভূমিত বিনিয়োগকাৰী আৰু ব্যৱসায়িক নেতাসকলক আদৰণি জনাবলৈ পোৱাটো অসীম গৌৰৱৰ কথা। তেখেতে লগতে কয় যে আজিৰ এই অনুষ্ঠান গুৰুত্বপূৰ্ণ, কিয়নো এখনি বিকশিত মধ্যপ্ৰদেশ বা উন্নত মধ্যপ্ৰদেশ এখনি বিকশিত ভাৰতৰ অভিমুখে যাত্ৰাত অতিশয় প্ৰয়োজনীয়। তেখেতে এই সন্মিলনৰ সুন্দৰ আয়োজনৰ বাবে মধ্যপ্ৰদেশ চৰকাৰক অভিনন্দন জ্ঞাপন কৰে।

“সমগ্ৰ বিশ্ব ভাৰতক লৈ আশাবাদী” বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ভাৰতৰ ইতিহাসত পোন-প্ৰথমবাৰৰ বাবে এনে সুযোগৰ উন্মেষ ঘটিছে। তেখেতে লগতে কয় যে সাধাৰণ নাগৰিকেই হওঁক বা নীতি বিশেষজ্ঞই হওঁক বা প্ৰতিষ্ঠান বা বিশ্বৰ দেশসমূহেই হওঁক, ভাৰতৰপৰা সকলোৰে বহু আশা আছে। তেখেতে কয় যে বিগত কেইসপ্তাহত ভাৰত সন্দৰ্ভত লাভ কৰা মন্তব্যই বিনিয়োগকাৰীসকলৰ উৎসাহ বৃদ্ধি কৰিব। শেহতীয়াকৈ বিশ্ব বেংকে ভাৰত দ্ৰুত-বৰ্ধমান অৰ্থনীতি হৈ থাকিব বুলি কৰা মন্তব্যৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অ’ইচিডিৰ এগৰাকী প্ৰতিনিধিয়ে কৈছে, “বিশ্বৰ ভৱিষ্যৎ ভাৰতৰ ওপৰত নিৰ্ভৰশীল।” তেখেতে লগতে কয় যে শেহতীয়াকৈ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ এটা সংস্থাই ভাৰতক সৌৰশক্তিৰ মহাশক্তি হিচাপে ঘোষণা কৰিছে। সংস্থাটোৱে লগতে কৈছে যে একাধিক দেশে কেৱল প্ৰতিশ্ৰুতিৰ বিপৰীতে ভাৰতে ফলাফল প্ৰদান কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এখনি নতুন প্ৰতিবেদন অনুসৰি, ভাৰতে বিশ্বৰ মহাকাশ প্ৰতিষ্ঠানসমূহৰ বাবে এক উৎকৃষ্ট যোগান শৃংখল হিচাপে আত্মপ্ৰকাশ কৰিছে। এই প্ৰতিষ্ঠানসমূহে ভাৰতক বিশ্বৰ যোগান শৃংখলৰ প্ৰত্যাহ্বানসমূহৰ সমাধান হিচাপে গণ্য কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰতি বিশ্বৰ আস্থা প্ৰদৰ্শনকাৰী ভিন্ন উদাহৰণ দাঙি ধৰি প্ৰতিখন ভাৰতীয় ৰাজ্যৰ প্ৰতিও আস্থা বৃদ্ধি পাইছে বুলি কয়। এই আত্মবিশ্বাস মধ্যপ্ৰদেশত অনুষ্ঠিত বিশ্ব সন্মিলনত স্পষ্ট হৈ পৰিছে বুলিও তেখেতে কয়।

 

জনসংখ্যাৰ হিচাপত মধ্যপ্ৰদেশ ভাৰতৰ পঞ্চম সৰ্ববৃহৎ ৰাজ্য বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয়, “কৃষি আৰু খনিজ সম্পদৰ ক্ষেত্ৰত মধ্য প্ৰদেশ ভাৰতৰ অন্যতম শীৰ্ষ ৰাজ্য।” তেখেতে মধ্যপ্ৰদেশ আয়ুষ-ৰেখা নৰ্মদা নদীৰে ধন্য হৈছে বুলি উল্লেখেৰে কয় যে মধ্য প্ৰদেশ জিডিপিৰ হিচাপত ভাৰতৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ অন্যতম হোৱাৰ সম্ভাৱনা আছে।

বিগত দুটা দশকত মধ্যপ্ৰদেশৰ ৰূপান্তৰশীল যাত্ৰাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এটা সময় আছিল যেতিয়া ৰাজ্যখনে বিদ্যুৎ আৰু পানীৰ ক্ষেত্ৰত গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আৰু আইন-শৃংখলাৰ পৰিস্থিতি অধিক বেয়া হৈ পৰিছিল। এই পৰিস্থিতিৰ বাবে ঔদ্যোগিক বিকাশ কঠিন হৈ পৰিছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে জনসাধাৰণৰ সহযোগত মধ্যপ্ৰদেশত তেওঁলোকৰ চৰকাৰে বিগত দুটা দশকত শাসন ব্যৱস্থাত গুৰুত্ব আৰোপ কৰিছে। দুটা দশক পূৰ্বে বিনিয়োগকাৰীসকলে মধ্য প্ৰদেশত বিনিয়োগ কৰিবলৈ দ্বিধাবোধ কৰিছিল, আনহাতে আজি মধ্য প্ৰদেশ বিনিয়োগৰ ক্ষেত্ৰত দেশৰ অন্যতম শীৰ্ষ ৰাজ্যত পৰিণত হৈছে বুলিও তেখেতে লগতে কয়। তেখেতে কয় যে এসময়ত বিকাশৰ বাবে যুঁজি থকা ৰাজ্যখন এতিয়া ভাৰতৰ ইভি বিপ্লৱৰ অন্যতম আগশাৰীৰ ৰাজ্য হৈ পৰিছে। তেখেতে আৰু কয় যে ২০২৫ৰ জানুৱাৰীলৈকে মধ্য প্ৰদেশত প্ৰায় ২ লাখ বৈদ্যুতিক বাহন পঞ্জীয়ন কৰা হৈছে, যিয়ে প্ৰায় ৯০ শতাংশ বৃদ্ধিক প্ৰতিফলিত কৰে। এই কাৰ্য্যই প্ৰমাণিত কৰে যে মধ্য প্ৰদেশ নতুন উৎপাদন খণ্ডৰ বাবে এক উৎকৃষ্ট গন্তব্যস্থানত পৰিণত হৈছে।

“বিগত দশকত ভাৰতত আন্তঃগাঁথনিগত উত্থান প্ৰত্যক্ষ হৈছে” বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখেৰে এই উন্নয়নৰপৰা মধ্যপ্ৰদেশ বহুলাংশে লাভৱান হোৱা বুলি কয়। তেখেতে কয় যে দুই বৃহৎ চহৰক সংযোগ কৰা দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ মধ্য প্ৰদেশৰ মাজেৰে পাৰ হৈ গৈছে, যাৰ ফলশ্ৰুতিত মুম্বাইৰ বন্দৰ আৰু উত্তৰ ভাৰতৰ বজাৰৰ সৈতে দ্ৰুত যোগাযোগ ব্যৱস্থা প্ৰত্যক্ষ হৈছে। তেখেতে লগতে কয় যে মধ্যপ্ৰদেশত এতিয়া পাঁচ লাখ কিলোমিটাৰৰো অধিক পথ নেটৱৰ্ক আছে। তেখেতে উল্লেখ কৰে যে মধ্য প্ৰদেশৰ ঔদ্যোগিক কৰিডৰসমূহ আধুনিক এক্সপ্ৰেছৱেৰ সৈতে সংযুক্ত, যাৰ ফলত লজিষ্টিক খণ্ডৰ দ্ৰুত বিকাশ নিশ্চিত হৈছে।

 

বিমান সংযোগৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে গোৱালিয়ৰ আৰু জবলপুৰ বিমানবন্দৰৰ টাৰ্মিনেলসমূহৰ সম্প্ৰসাৰণ কৰা হৈছে। তেখেতে কয় যে মধ্যপ্ৰদেশৰ বিস্তৃত ৰেল নেটৱৰ্কৰ আধুনিকীকৰণৰ কামো অব্যাহত আছে। তেখেতে উল্লেখ কৰে যে মধ্য প্ৰদেশৰ ৰেল নেটৱৰ্কত ১০০ শতাংশ বিদ্যুৎ সংযোগ স্থাপন কৰা হৈছে। তেখেতে কয় যে ভূপালৰ ৰাণী কমলাপতি ৰেলৱে ষ্টেচনৰ সৌন্দৰ্য্যই সকলোকে মোহিত কৰিছে। এই আৰ্হি অনুসৰণেৰে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত মধ্য প্ৰদেশৰ ৮০ টা ৰেল ষ্টেচন আধুনিকীকৰণ কৰা হৈছে।

“যোৱা দশকত ভাৰতৰ শক্তি খণ্ডত অভূতপূৰ্ব বিকাশ প্ৰত্যক্ষ হৈছে” বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ভাৰতে সেউজ শক্তিৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে, যি এসময়ত কল্পনাতীত আছিল। যোৱা ১০ বছৰত নবীকৰণযোগ্য শক্তি খণ্ডত ৭০ বিলিয়ন ডলাৰৰো অধিক (৫ ট্ৰিলিয়নৰো অধিক) বিনিয়োগ হৈছে আৰু এই বিনিয়োগে কেৱল যোৱা বছৰতে স্বচ্ছ শক্তিৰ স্থানত ১০ লাখৰো অধিক নিয়োগৰ সৃষ্টি কৰিছে বুলিও তেখেতে লগতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে শক্তি খণ্ডৰ এই উত্থানৰ জৰিয়তে মধ্যপ্ৰদেশ বহুখিনি লাভান্বিত হৈছে। তেখেতে কয় যে আজি মধ্য প্ৰদেশ হৈছে প্ৰায় ৩১ হাজাৰ মেগাৱাট (MW) শক্তি উৎপাদন ক্ষমতাৰে সমৃদ্ধ, ইয়াৰে ৩০ শতাংশ স্বচ্ছ শক্তি। তেখেতে কয় যে ৰেৱা সৌৰ পাৰ্ক দেশৰ ভিতৰতে অন্যতম বৃহৎ আৰু শেহতীয়াকৈ ওমকাৰেশ্বৰত এটা ভাসমান সৌৰ প্ৰকল্প উদ্বোধন কৰা হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে চৰকাৰে বিনা শোধনাগাৰ পেট্ৰ’কেমিকেল কমপ্লেক্সত প্ৰায় ৫০,০০০ কোটি টকা বিনিয়োগ কৰিছে, যিয়ে মধ্যপ্ৰদেশক পেট্ৰ’কেমিকেলৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিব। তেখেতে কয় যে মধ্য প্ৰদেশ চৰকাৰে এই আন্তঃগাঁথনিক আধুনিক নীতি আৰু বিশেষ ঔদ্যোগিক আন্তঃগাঁথনিৰে সমৰ্থন কৰিছে। মধ্য প্ৰদেশত ৩০০ৰো অধিক ঔদ্যোগিক মণ্ডল আছে তথা পিঠামপুৰ, ৰাটলাম আৰু দেৱাছত হাজাৰ-হাজাৰ একৰ ভূমিত বিস্তৃত বিনিয়োগ মণ্ডল গঢ়ি তোলা হৈছে বুলি উল্লেখেৰে তেখেতে মধ্যপ্ৰদেশত বিনিয়োগকাৰীৰ বাবে অধিক লাভৰ অসীম সম্ভাৱনাত আলোকপাত কৰে।

ঔদ্যোগিক উন্নয়নৰ বাবে জল সুৰক্ষাৰ গুৰুত্বত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এফালে জল সংৰক্ষণৰ দিশত প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে আৰু আনফালে নদীৰ আন্তঃসংযোগৰ বাবে এটা মেগা মিছনক আগবঢ়াই নিয়া হৈছে। তেখেতে এই পদক্ষেপসমূহৰ জৰিয়তে মধ্যপ্ৰদেশৰ কৃষি আৰু উদ্যোগ খণ্ড যথেষ্ট লাভৱান হ’ব বুলি কয়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে শেহতীয়াকৈ ৪৫,০০০ কোটি টকাৰ কেন-বেতৱা নদী আন্তঃসংযোগ প্ৰকল্পৰ কাম আৰম্ভ হৈছে, যিয়ে প্ৰায় ১০ লাখ হেক্টৰ কৃষিভূমিৰ উৎপাদনশীলতা বৃদ্ধি কৰিব আৰু মধ্য প্ৰদেশত জল ব্যৱস্থাপনাক সুদৃঢ় কৰিব। তেখেতে কয় যে এই সুবিধাসমূহে খাদ্য সংসাধন, কৃষি-উদ্যোগ আৰু বস্ত্ৰ খণ্ডত উল্লেখযোগ্য সম্ভাৱনাৰ উন্মেষ ঘটাব।

 

মধ্য প্ৰদেশত তেওঁলোকৰ চৰকাৰ গঠনৰ পিছত উন্নয়নৰ গতি দুগুণ বৃদ্ধি পোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে মধ্য প্ৰদেশ চৰকাৰৰ সৈতে সহযোগিতাৰে ৰাজ্যখন আৰু দেশৰ উন্নয়নৰ বাবে কাম কৰি আছিল। নিৰ্বাচনৰ সময়ত তৃতীয় কাৰ্য্যকালত তিনিগুণ বেগেৰে কাম কৰাৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখেৰে তেখেতে কয়, “২০২৫ৰ প্ৰথম ৫০ দিনত এই গতি স্পষ্ট হৈ পৰিছে।” শেহতীয়া বাজেটত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে এই বাজেটে ভাৰতৰ বিকাশৰ প্ৰতিটো কাৰককে শক্তিশালী কৰি তুলিছে। এই বাজেটত মধ্যবিত্ত শ্ৰেণীক সবলীকৰণৰ বাবে ভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে, য’ত ১২ লাখ টকা পৰ্য্যন্ত আয় কৰমুক্ত কৰা আৰু কৰ স্লেব পুনৰ্গঠন কৰা হৈছে। তেখেতে লগতে উল্লেখ কৰে যে বাজেটৰ পিছত আৰবিআয়ে সুতৰ হাৰ হ্ৰাস কৰিছে।

বাজেটত উৎপাদন ক্ষেত্ৰত সম্পূৰ্ণ আত্ম-নিৰ্ভৰতা অৰ্জন কৰিবলৈ স্থানীয় যোগান শৃংখল গঢ়াত গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এনে এটা সময় আছিল যেতিয়া পূৰ্বৰ চৰকাৰসমূহে এমএছএমইৰ সম্ভাৱনাক সীমিত কৰি ৰাখিছিল, যাৰ ফলত স্থানীয় যোগান শৃংখলৰ আকাংক্ষিত পৰ্য্যায়ত উন্নয়ন সাধনৰ ক্ষেত্ৰত বাধা আহিছিল। তেখেতে কয় যে বৰ্তমান এমএছএমইৰ নেতৃত্বত স্থানীয় যোগান শৃংখল গঢ়ি তোলাত অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে। এমএছএমইৰ সংজ্ঞাক পুনৰাই যুগুত কৰা হৈছে আৰু ঋণৰ সৈতে জড়িত প্ৰৰোচনা প্ৰদান কৰা হৈছে। একেদৰে ঋণৰ সুবিধা সহজ কৰা হৈছে আৰু মূল্য সংযোজন তথা ৰপ্তানিৰ বাবে সমৰ্থন বৃদ্ধি কৰা হৈছে, তেখেতে লগতে কয়।

“বিগত দশকত ৰাষ্ট্ৰীয় পৰ্য্যায়ত উল্লেখযোগ্য সংস্কাৰ সাধন কৰা হৈছে, এতিয়া ৰাজ্য আৰু স্থানীয় পৰ্য্যায়তো সংস্কাৰ সাধনক উৎসাহিত কৰা হৈছে”, বাজেটত উল্লেখ কৰা ৰাজ্যিক ডি-ৰেগুলেচন আয়োগ সম্পৰ্কে আলোচনাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেখেতে উল্লেখ কৰে যে ৰাজ্যসমূহৰ সৈতে নিৰন্তৰ আলোচনা অব্যাহত আছে আৰু ৰাজ্যসমূহৰ সহযোগত যোৱা বছৰ কেইটাত ৪০ হাজাৰৰো অধিক অনুপালন হ্ৰাস কৰা হৈছে। ইয়াৰ উপৰিও ১,৫০০ খন অচল আইন নোহোৱা কৰা হৈছে বুলিও তেখেতে লগতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ উদ্দেশ্য হৈছে ইজ অৱ ডুয়িং বিজনেছৰ ক্ষেত্ৰত বাধা সৃষ্টি কৰা কাৰকসমূহক চিনাক্তকৰণ আৰু ডি-ৰেগুলেচন আয়োগে ৰাজ্যসমূহত বিনিয়োগ-অনুকূল নিয়ন্ত্ৰণ বাতাবৰণ গঢ়াত সহায় কৰিব।

 

বাজেটত বেছিক কাষ্টম ডিউটিৰ গাঁথনি সৰল কৰি তোলাৰ লগতে উদ্যোগটোৰ বাবে কেইবাটাও অত্যাৱশ্যকীয় সামগ্ৰীৰ হাৰ হ্ৰাস কৰা হৈছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে কাষ্টম কেছসমূহৰ মূল্যায়নৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। ব্যক্তিগত উদ্যোগ আৰু বিনিয়োগৰ বাবে নতুন খণ্ড মুকলিৰ অৰ্থে অব্যাহত প্ৰচেষ্টাত আলোকপাত কৰে। এই বছৰ পাৰমাণৱিক শক্তি, জৈৱ-উৎপাদন, গুৰুত্বপূৰ্ণ খনিজ সংসাধন আৰু লিথিয়াম বেটাৰী নিৰ্মাণৰ দৰে পথ বিনিয়োগৰ বাবে মুকলি কৰা হৈছে বুলিও তেখেতে লগতে কয় আৰু কয়, “এই পদক্ষেপসমূহে চৰকাৰৰ উদ্দেশ্য আৰু প্ৰতিশ্ৰুতিকে প্ৰদৰ্শন কৰে।”

“বস্ত্ৰশিল্প, পৰ্যটন আৰু প্ৰযুক্তি খণ্ডই ভাৰতৰ এটি উন্নত ভৱিষ্যতত উল্লেখযোগ্য ভূমিকা পালন কৰিব আৰু একাধিক নতুন চাকৰিৰ সৃষ্টি কৰিব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে উল্লেখ কৰে যে ভাৰত কপাহ, ৰেচম, পলিষ্টাৰৰ দ্বিতীয় সৰ্ববৃহৎ উৎপাদনকাৰী দেশ। তেখেতে উল্লেখ কৰে যে বস্ত্ৰ খণ্ডই কোটি-কোটি লোকক কৰ্মসংস্থাপন প্ৰদান কৰিছে আৰু ভাৰতৰ বস্ত্ৰশিল্পৰ ক্ষেত্ৰত এক চহকী পৰম্পৰা, দক্ষতা আছে। ভাৰতৰ কপাহৰ ৰাজধানী হোৱাৰ বাবে মধ্যপ্ৰদেশে দেশৰ জৈৱিক কপাহৰ যোগানত প্ৰায় ২৫ শতাংশ অৰিহণা যোগায়। এই খণ্ডত বিনিয়োগে মধ্যপ্ৰদেশৰ বস্ত্ৰশিল্পই বিশ্বজুৰি প্ৰভাৱ পেলোৱাত যথেষ্ট সহায় কৰিব বুলি তেখেতে কয়।

ভাৰতে পৰম্পৰাগত বস্ত্ৰশিল্পৰ উপৰিও নতুন পথ অন্বেষণৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এগ্ৰি টেক্সটাইল, মেডিকেল টেক্সটাইল আৰু জিঅ’ টেক্সটাইলৰ দৰে কাৰিকৰী বস্ত্ৰশিল্পক প্ৰচাৰ কৰা হৈছে আৰু ইয়াৰ বাবে এটা ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰা হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে মধ্যপ্ৰদেশত এখনকে প্ৰমুখ্য কৰি সমগ্ৰ দেশতে সাতখন বৃহৎ বস্ত্ৰ উদ্যান গঢ়ি তোলা হৈছে। এই পদক্ষেপে বস্ত্ৰ খণ্ডৰ বিকাশক নতুন শিখৰত উপনীত কৰিব। বস্ত্ৰ খণ্ডৰ বাবে ঘোষণা কৰা পিএলআই আঁচনিৰ সুবিধা ল’বলৈ বিনিয়োগকাৰীসকলক আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

 

ভাৰতে যেনেকৈ বস্ত্ৰ খণ্ডত নতুন মাত্ৰাৰ সংযোজন কৰিছে, ঠিক তেনেদৰে পৰ্যটন খণ্ডৰো বৰ্ধন ঘটাইছে বুলি উল্লেখ কৰে শ্ৰী মোদীয়ে। নৰ্মদা নদীৰ আশে-পাশে আৰু মধ্যপ্ৰদেশৰ জনজাতীয় অঞ্চলত পৰ্যটন আন্তঃগাঁথনিৰ উল্লেখযোগ্য উন্নয়ন সাধনত আলোকপাত কৰে। তেখেতে উল্লেখ কৰে যে "হিল ইন ইণ্ডিয়া" মন্ত্ৰই বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰিছে তথা স্বাস্থ্য আৰু সুস্থতা খণ্ডত বিনিয়োগৰ সুযোগ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। চৰকাৰে এই ক্ষেত্ৰত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বক উৎসাহিত কৰিছে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ পৰম্পৰাগত চিকিৎসা আৰু আয়ুষক বৃহৎ পৰিসৰত প্ৰচাৰ কৰা হৈছে আৰু আয়ুষৰ বিশেষ ভিছা প্ৰদান কৰা হৈছে। এই পদক্ষেপসমূহে মধ্যপ্ৰদেশক যথেষ্ট উপকৃত কৰিব বুলি তেখেতে কয়। তেখেতে অংশগ্ৰহণকাৰীসকলক উজ্জয়িনীৰ মহাকাল মহালোক দৰ্শন কৰিবলৈ উৎসাহিত কৰে, য’ত তেওঁলোকে মহাকালৰপৰা আশীৰ্বাদ লাভ কৰিব আৰু দেশখনে পৰ্যটন আৰু আতিথ্য খণ্ডৰ সম্প্ৰসাৰণ কেনেদৰে কৰিছে, সেয়া অনুভৱ কৰিব।

লালকিল্লাৰপৰা প্ৰদান কৰা ভাষণৰ কথা পুনৰবাৰ উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকী এই সিদ্ধান্তত উপনীত হয় যে মধ্যপ্ৰদেশত বিনিয়োগ বৃদ্ধিৰ বাবে এয়াই হৈছে উপযুক্ত সময়।

এই অনুষ্ঠানত মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই ছগনভাই পেটেল, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন যাদৱকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে।

পটভূমিঃ

দুদিনীয়া কাৰ্য্যসূচীৰে ভূপালত অনুষ্ঠিত বিশ্ব বিনিয়োগকাৰী সন্মিলন (GIS), ২০২৫-এ মধ্যপ্ৰদেশক বিশ্বজুৰি বিনিয়োগ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত এটি বিশেষ ভূমিকা পালন কৰিব। জিআইএছত বিভাগীয় সন্মিলন, ফাৰ্মা আৰু চিকিৎসা সঁজুলি, পৰিবহণ আৰু লজিষ্টিক উদ্যোগ, দক্ষতা বিকাশ, পৰ্যটন আৰু এমএছএমই আদিৰ ওপৰত বিশেষ অধিবেশন অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় অধিবেশন আৰু মূল অংশীদাৰ দেশসমূহৰ বাবে বিশেষ অধিবেশনকো অন্তৰ্ভুক্ত কৰা হৈছে।

এই সন্মিলনত তিনি বৃহৎ ঔদ্যোগিক প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। অটো শ্ব’ত মধ্যপ্ৰদেশৰ অট’ম’টিভ ক্ষমতা আৰু ভৱিষ্যতৰ গতিশীলতা সমাধান প্ৰদৰ্শন কৰা হৈছে। বস্ত্ৰ আৰু ফেশ্বন এক্সপ’ই পৰম্পৰাগত আৰু আধুনিক বস্ত্ৰ নিৰ্মাণ উভয়তে ৰাজ্যখনৰ বিশেষজ্ঞতাক উজ্জ্বল কৰি তুলিছে। "এক জিলা-এক সামগ্ৰী" (ODOP) ভিলেজত ৰাজ্যখনৰ অনন্য কাৰুকাৰ্য্য আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰদৰ্শন কৰা হৈছে।

৬০ খনৰো অধিক দেশৰ প্ৰতিনিধি, ভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ বিষয়া, ভাৰতৰ ৩০০ৰো অধিক বিশিষ্ট উদ্যোগ নেতা আৰু নীতি নিৰ্ধাৰক আদিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
International tourist arrivals to India increased from 1.31 crore in 2014 to 2.06 crore in 2024

Media Coverage

International tourist arrivals to India increased from 1.31 crore in 2014 to 2.06 crore in 2024
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister announces fast-track courts for paper leak cases to safeguard the future of youth
July 23, 2026

Prime Minister Shri Narendra Modi today emphasized that nothing is more important than the welfare and future of the youth.

The Prime Minister stated that the government has decided to set up fast-track courts to ensure swift and stringent punishment for those involved in paper leaks. Shri Modi noted that he has directed the concerned authorities and officials to take all necessary steps in this regard, adding that this continues a series of measures aimed at safeguarding the interests of students.

The Prime Minister firmly asserted that those who try to harm the future of the youth will not be spared.

In a post on X, the Prime Minister shared:

"Nothing is more important than the welfare and future of our youth!

We have decided to set up fast-track courts to ensure swift and stringent punishment for those involved in paper leaks. Have directed the concerned authorities and officials to take all necessary steps in this regard. This continues our series of steps for safeguarding the interests of students.

Those who try to harm the future of our youth will not be spared.

देश के युवाओं का हित और उनका भविष्य हमारी सर्वोच्च प्राथमिकता है।

पेपर लीक के सभी मामलों में दोषियों को जल्द से जल्द कठोर दंड देने के लिए, केस के त्वरित निस्तारण के लिए फास्ट ट्रैक कोर्ट्स का गठन किया जाएगा। इस संबंध में निर्देश दे दिए गए हैं कि संबंधित विभाग आवश्यक कार्रवाई सुनिश्चित करें।

विद्यार्थियों के हितों को सुरक्षित करने के लिए, सरकार द्वारा लिए जा रहे निर्णयों की श्रृंखला में ये एक महत्वपूर्ण कदम है।

युवाओं के भविष्य के साथ खिलवाड़ करने वाले किसी भी व्यक्ति को बख्शा नहीं जाएगा।"