“এই সন্মিলন বিশ্বৰ ভিন্ন সংসদীয় পদ্ধতিৰ এক অনন্য সংযোগ”
“গণতন্ত্ৰৰ মাতৃ হিচাপেই নহয়, বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে পৰিচিত ভূমিত পি-২০ সন্মিলন অনুষ্ঠিত হৈছে”
“ভাৰতত কেৱল বিশ্বৰ সৰ্ববৃহৎ নিৰ্বাচন অনুষ্ঠিত হোৱাই নহয়, ইয়াত জনতাৰ অংশগ্ৰহণো ক্ৰমাগতভাৱে বৃদ্ধি পাইছে”
“ভাৰতে নিৰ্বাচনী প্ৰক্ৰিয়াক আধুনিক প্ৰযুক্তিৰে সংযোগ কৰিছে”
“ভাৰতে আজি প্ৰতিটো খণ্ডতে মহিলাৰ অংশগ্ৰহণক প্ৰোৎসাহিত কৰিছে”
“এখনি বিভক্ত বিশ্বই মানৱ জাতিৰ সন্মুখত থকা বৃহৎ প্ৰত্যাহ্বাৰাজিৰে মোকাবিলা কৰিব নোৱাৰে”
“এয়া শান্তি আৰু ভ্ৰাতৃত্ববোধৰ সময়, একেলগে আগবাঢ়ি যোৱাৰ সময়। এয়া সকলোৰে বিকাশ আৰু মংগলৰ সময়। আমি বৈশ্বিক আস্থা লাভেৰে, মানৱকেন্দ্ৰিক চিন্তাধাৰাৰে আগবাঢ়িব লাগিব”

আজি নতুন দিল্লীৰ যশোভূমিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ম জি-২০ সংসদীয় অধ্যক্ষ সন্মিলন (P20) উদ্বোধন কৰে। ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ বিস্তৃত কাঠামোৰ অধীনত, ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ বাবে সংসদ’ শীৰ্ষক সন্মিলনখনি ভাৰতৰ সংসদে আয়োজন কৰিছে।

 

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ ১৪০ কোটি নাগৰিকৰ হৈ জি-২০ সংসদীয় অধ্যক্ষ সন্মিলনত উপৱিষ্ট বিশিষ্ট ব্যক্তিসকলক আদৰণি জনায়। “এই সন্মিলন হৈছে সমগ্ৰ বিশ্বৰ সকলো সংসদীয় পদ্ধতিৰ ‘মহা কুম্ভ’”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। আজি উপস্থিত থকা সকলো প্ৰতিনিধিয়ে ভিন্ন দেশৰ সংসদীয় কাঠামোক প্ৰতিনিধিত্ব কৰা বুলি আলোকপাতেৰে শ্ৰী মোদীয়ে আজিৰ এই অনুষ্ঠানক লৈ অতিশয় সন্তুষ্টি প্ৰকাশ কৰে।

ভাৰতৰ উৎসৱৰ বতৰৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ অধ্যক্ষতাৰ সময়ত জি-২০ সম্পৰ্কীয় অনুষ্ঠানৰ আয়োজন কৰা বহু চহৰত জি-২০ উৎসৱো সমান্তৰালভাৱে উদযাপিত হৈছে। এই উৎসৱসমূহতে আনন্দ বঢ়াই চন্দ্ৰযানৰ চন্দ্ৰত অৱতৰণ, সফল জি-২০ সন্মিলন আৰু পি-২০ সন্মিলনৰ দৰে অনুষ্ঠানে। “সকলো ৰাষ্ট্ৰৰে আটাইতকৈ গুৰুত্বপূৰ্ণ শক্তি হ’ল ইয়াৰ জনসাধাৰণ আৰু তেওঁলোকৰ ইচ্ছাশক্তি। এই সন্মিলন ইয়াৰ উদযাপনৰ এক মাধ্যম”, তেখেতে কয়।  

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পি-২০ সন্মিলন সেই ভূমিত অনুষ্ঠিত হৈছে, যিখন ভূমি কেৱল গণতন্ত্ৰৰ মাতৃ হিচাপে পৰিচিত হোৱাই নহয়, বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰও। তেখেতে কয় যে ভাৰতৰ পাঁচ হাজাৰ বছৰ পুৰণি বেদ আৰু শাস্ত্ৰত সভা আৰু সমিতিসমূহৰ কথা উল্লেখ পোৱা গৈছে, য’ত সমাজৰ উন্নতিৰ বাবে সামূহিক সিদ্ধান্ত গ্ৰহণ কৰা হয়। ভাৰতৰ আটাইতকৈ পুৰণি শাস্ত্ৰ ঋগবেদৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এটি সংস্কৃত শ্লোক আবৃত্তি কৰে, যাৰ অৰ্থ হৈছে, “আমি একেলগে খোজ কাঢ়িব লাগিব, একেলগে কথা ক’ব লাগিব আৰু আমাৰ মনবোৰ সংযুক্ত হ’ব লাগিব।“ প্ৰধানমন্ত্ৰীগৰাকীয়ে তামিলনাডুৰ নৱম শতিকাৰ এটা শিলালিপিৰ কথাও ব্যক্ত কৰে য’ত গাঁৱৰ নিয়ম আৰু সংহিতাৰ বিষয়ে বিশদভাৱে উল্লেখ কৰা হৈছে। “১২০০ বছৰ পুৰণি শিলালিপিখনত এজন সদস্যক অযোগ্য ঘোষণাৰ নিয়মো উল্লেখ আছে”, তেখেতে লগতে কয়। ৫০০০ বছৰীয়া শাস্ত্ৰৰপৰা আজিলৈকে ভাৰতৰ যাত্ৰা কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবে সংসদীয় পৰম্পৰাৰ ঐতিহ্য বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। 

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে সময়ৰ লগে-লগে ভাৰতৰ সংসদীয় পৰম্পৰাৰ অহৰহ বিৱৰ্তন আৰু সুদৃঢ়কৰণৰ কথা ব্যক্ত কৰে। তেখেত অৱগত কৰে যে ভাৰতত স্বাধীনতাৰ পিছত ১৭ সাধাৰণ নিৰ্বাচন আৰু ৩০০ ৰোধিক ৰাজ্যিক বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। এই বৃহত্তম নিৰ্বাচনী অনুশীলনত জনসাধাৰণৰ অংশগ্ৰহণ ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। তেখেতে কয় যে ২০১৯ৰ সাধাৰণ নিৰ্বাচনত তেখেতৰ দল ক্ষমতালৈ নিৰ্বাচিত হোৱা ঘটনা মানৱ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচনী কচৰৎ আছিল কিয়নো তাত ৬০ কোটি ভোটাৰে অংশগ্ৰহণ কৰিছিল। তেখেতে কয় যে ইয়াত ৯১ কোটি পঞ্জীয়নভুক্ত ভোটাৰ আছে, যি সমগ্ৰ ইউৰোপৰ জনসংখ্যাতকৈ অধিক। ইমান বৃহৎ ভোটাৰৰ মাজত ৭০ শতাংশ ভোটদানে ভাৰতীয়সকলৰ সংসদীয় প্ৰথাৰ প্ৰতি থকা গভীৰ বিশ্বাসৰ কথা প্ৰকাশ কৰিছে। ২০১৯ৰ নিৰ্বাচনত মহিলাই অভিলেখ সংখ্যকভাৱে অংশগ্ৰহণ কৰিছিল। ৰাজনৈতিক অংশগ্ৰহণৰ সম্প্ৰসাৰিত চিত্ৰপটৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা সাধাৰণ নিৰ্বাচনত ৬০০ ৰোধিক ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল আৰু এক কোটি চৰকাৰী কৰ্মচাৰীয়ে নিৰ্বাচন পৰিচালনাত কাম কৰিছিল আৰু ভোটদানৰ বাবে ১০ লাখ ভোটকেন্দ্ৰ স্থাপন কৰা হৈছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰক্ৰিয়াৰ আধুনিকীকৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। যোৱা ২৫ বছৰে ইভিএমৰ ব্যৱহাৰে নিৰ্বাচনী প্ৰক্ৰিয়াত স্বচ্ছতা সাধন কৰিছে আৰু কাৰ্য্যক্ষমতা প্ৰশস্ত কৰিছে। নিৰ্বাচনৰ ফলাফল গণনা আৰম্ভৰ কেইঘন্টামানৰ ভিতৰতে লাভ কৰা হয়। অহা বছৰ সাধাৰণ নিৰ্বাচনত ১ বিলিয়ন লোকে অংশগ্ৰহণ কৰিব বুলি অৱগতকৰণেৰে প্ৰতিনিধিসকলক এই নিৰ্বাচন প্ৰত্যক্ষ কৰিবলৈ আমন্ত্ৰণ জনায়। 

 

শেহতীয়াকৈ সংসদ আৰু ৰাজ্যিক বিধানসভাৰ ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিতকৰণৰ সিদ্ধান্তৰ বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিনিধিসকলক অৱগত কৰে। তেখেতে তেওঁলোকক লগতে কয় যে স্থানীয় স্বায়ত্তশাসিত প্ৰতিষ্ঠানসমূহত ৩০ লাখৰো অধিক নিৰ্বাচিত প্ৰতিনিধিৰ প্ৰায় ৫০ শতাংশই মহিলা। “ভাৰতে আজি প্ৰতিটো খণ্ডতে মহিলাৰ অংশগ্ৰহণক প্ৰোৎসাহিত কৰিছে। শেহতীয়াকৈ আমাৰ সংসদে গ্ৰহণ কৰা সিদ্ধান্তৰাজিয়ে আমাৰ সংসদীয় পৰম্পৰাক অধিক সমৃদ্ধ কৰিব”, প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়। 

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ সংসদীয় পৰম্পৰাৰ প্ৰতি নাগৰিকসকলৰ অদম্য বিশ্বাসৰ ওপৰত আলোকপাতেৰে ইয়াৰ বৈচিত্ৰ্য আৰু স্পন্দনশীলতাৰ কথা উল্লেখ কৰে। “আমাৰ ইয়াত সকলো ধৰণৰ বিশ্বাসৰ লোক আছে। শ-শ প্ৰকাৰৰ খাদ্য, জীৱন-ধাৰণৰ পদ্ধতি, ভাষা, উপভাষা আছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে অৱগত কৰে যে ভাৰতত ৰাইজক বাস্তৱ সময়ৰ তথ্য প্ৰদান কৰিবলৈ ২৮টা ভাষাত ৯০০ ৰোধিক টিভি চেনেল আছে, প্ৰায় ২০০টা ভাষাত ৩৩ হাজাৰৰো অধিক ভিন্ন বাতৰি কাকত প্ৰকাশ পায় আৰু ভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰায় ৩ বিলিয়ন ব্যৱহাৰকাৰী আছে। শ্ৰী মোদীয়ে ভাৰতত তথ্যৰ বিশাল প্ৰবাহ আৰু বাক স্বাধীনতাত গুৰুত্ব আৰোপ কৰে। “একবিংশ শতিকাৰ এই বিশ্বত ভাৰতৰ এই স্পন্দনশীলতা, বৈচিত্ৰ্যত ঐক্য হৈছে আমাৰ সৰ্বোচ্চ শক্তি। এই স্পন্দশীলতাই আমাক প্ৰতিটো প্ৰত্যাহ্বানেৰে যুঁজিবলৈ আৰু প্ৰতিটো অসুবিধা একেলগে সমাধান কৰিবলৈ অনুপ্ৰাণিত কৰে”, প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়। 

 

বিশ্বখনৰ আন্তঃসংযোগী স্বৰূপৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সংঘাতপূৰ্ণ এখনি বিশ্ব কোনেও বাঞ্ছা নকৰে। তেখেতে আৰু কয়, “এখন বিভক্ত বিশ্বই মানৱতা জাতিৰ সন্মুখত থকা বৃহৎ প্ৰত্যাহ্বাৰাজিৰে মোকাবিলা কৰিব নোৱাৰে। এয়া শান্তি আৰু ভ্ৰাতৃত্ববোধৰ সময়, একেলগে আগবাঢ়ি যোৱাৰ সময়। এয়া সকলোৰে বিকাশ আৰু মংগলৰ সময়। আমি বৈশ্বিক আস্থা লাভেৰে, মানৱকেন্দ্ৰিক চিন্তাধাৰাৰে আগবাঢ়িব লাগিব। আমি এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যতৰ মনোভাৱেৰে চাব লাগিব।” বিশ্বজনীন সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত বিস্তৃত অংশগ্ৰহণ সন্দৰ্ভত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আফ্ৰিকান ইউনিয়নক জি-২০ত অন্তৰ্ভুক্তকৰণৰ প্ৰস্তাৱৰ আঁৰত সকলো সদস্যৰ সমৰ্থন প্ৰকাশ উল্লেখযোগ্য়। প্ৰধানমন্ত্ৰীগৰাকীয়ে পি-২০ৰ মঞ্চত সমগ্ৰ আফ্ৰিকাৰ অংশগ্ৰহণক লৈ সুখ প্ৰকাশ কৰে।  

শ্ৰী মোদীয়ে প্ৰায় ২০ বছৰ পূৰ্বে ভাৰতৰ সংসদত অধিৱেশন কালত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ কথা স্মৰণ কৰে আৰু সন্ত্ৰাসবাদীয়ে সাংসদসকলক পণবন্দী কৰি নিঃশেষ কৰিবলৈ সাজু হোৱাৰ কথা কয়। “এনে বহু সন্ত্ৰাসবাদীৰ কাণ্ডৰ সৈতে মোকাবিলা কৰি ভাৰত আজি এই স্থানত উপস্থিত হৈছে”, বিশ্বই সন্ত্ৰাসবাদৰ বিশাল প্ৰত্যাহ্বান উপলব্ধিকৰণত তেখেতে গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে আৰু কয়, “যি স্থানতেই সন্ত্ৰাসবাদমূলক কাৰ্য্য সংঘটিত নহওঁক কিয়, যি কাৰণতেই নহওঁক কিয়, যি ৰূপতেই নহওঁক কিয়, ই মানৱতাৰ বিৰুদ্ধ।” এনে পৰিস্থিতিৰে মোকাবিলাকৰণৰ সময়ত আপোচবিহীন হোৱাৰ প্ৰয়োজনীয়তাত তেখেতে গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বজনীন দিশটোৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰে য’ত সন্ত্ৰাসবাদৰ সংজ্ঞা সন্দৰ্ভত কোনো একমত নহয়। তেখেতে উল্লেখ কৰে যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আন্তৰ্জাতিক সন্ধিখনে আজিও ৰাষ্ট্ৰসংঘত ঐক্যমতৰ বাবে অপেক্ষা কৰি আছে। তেখেতে গুৰুত্ব আৰোপেৰে কয় যে মানৱতাৰ শত্ৰুৱে বিশ্বৰ এই মনোভাৱৰ সুযোগ লৈছে। তেখেতে বিশ্বৰ সাংসদ আৰু প্ৰতিনিধিসকলক সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুঁজত একেলগে কাম কৰাৰ উপায় উলিয়াবলৈ আহ্বান জনায়।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ জনসাধাৰণৰ অংশগ্ৰহণতকৈ উত্তম মাধ্যম থাকিব নোৱাৰে। “মই সদায়েই বিশ্বাস কৰি আহিছোঁ যে চৰকাৰ গঠন হয় সংখ্যাগৰিষ্ঠতাৰে, কিন্তু দেশখন ঐক্যমতেৰে পৰিচালিত হয়। আমাৰ সংসদ আৰু এই পি-২০ মঞ্চয়ো এই আৱেগক সুদৃঢ় কৰিব পাৰে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয় আৰু বিতৰ্ক তথা আলোচনাৰ জৰিয়তে এই বিশ্বখনৰ অগ্ৰগতিসাধনৰ প্ৰচেষ্টা নিশ্চিতভাৱে সফল হ’ব বুলি আস্থা প্ৰকাশ কৰে। 

ইয়াত লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা আৰু আন্তঃসংসদীয় ইউনিয়নৰ অধ্যক্ষ শ্ৰী ডুয়াৰ্টে পাচেকোকে প্ৰমুখ্য কৰি গন্য-মান্য ব্যক্তিসকল উপস্থিত থাকে। 

পটভূমি

ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ বিষয়বস্তুৰে সংগতি ৰাখি ৯ম পি-২০ সন্মিলনৰ বিষয়বস্তু হৈছে “এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যতৰ বাবে সংসদ।” ইয়াত জি-২০ৰ সদস্য আৰু আমন্ত্ৰিত দেশসমূহৰ সংসদৰ অধ্যক্ষসকলে অংশগ্ৰহণ কৰে। ২০২৩ৰ ৯-১০ ছেপ্টেম্বৰত অনুষ্ঠিত নতুন দিল্লী জি-২০ নেতা সন্মিলনত আফ্ৰিকান ইউনিয়ন জি-২০ৰ সদস্য হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে পি-২০ সন্মিলনত অংশগ্ৰহণ কৰে আফ্ৰিকাৰ সকলো সংসদ তথা ইয়াৰ অধ্যক্ষসকলে।

এই পি-২০ সন্মিলনত অনুষ্ঠিতব্য বিষয়ভিত্তিক অধিবেশনসমূহত চাৰিটা বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে, যথাঃ ৰাজহুৱা ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে জনসাধাৰণৰ জীৱন-যাত্ৰাৰ পৰিৱৰ্তন সাধন; মহিলা-নেতৃত্বাধীন উন্নয়ন; এছডিজিসমূহক ত্বৰান্বিতকৰণ আৰু বহনক্ষম শক্তি পৰিৱৰ্তন।

প্ৰকৃতিৰে সামঞ্জস্যপূৰ্ণভাৱে সেউজ আৰু বহনক্ষম ভৱিষ্যতৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰাজি সন্দৰ্ভত আলোচনা কৰিবলৈ, এই সন্মিলনৰ পূৰ্বে ২০২৩ৰ ১২ অক্টোবৰত লাইফ (LiFE-Lifestyle for Environment) বিষয়ক এখনি সংসদীয় ফৰামো অনুষ্ঠিত হয়।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi inspects indigenous defence systems at Surat facility, briefed about desi light tank Zorawar

Media Coverage

PM Modi inspects indigenous defence systems at Surat facility, briefed about desi light tank Zorawar
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates people of Assam on commendable environmental feat
June 05, 2026

Prime Minister Shri Narendra Modi today extended his heartiest congratulations to the people of Assam, especially the state’s Nari Shakti, for achieving a commendable feat in environmental conservation. The Prime Minister remarked that the state's Nari Shakti has taken a lead in this significant effort, which is aimed at building a sustainable planet.

The Prime Minister posted on X:

"Commendable feat. Congratulations to the people of Assam, especially the state’s Nari Shakti for taking the lead in this effort aimed at building a sustainable planet"