"এই কেন্দ্ৰসমূহে আমাৰ যুৱক-যুৱতীসকলৰ বাবে দক্ষতা বিকাশৰ সুযোগ উন্মুক্ত কৰাৰ ক্ষেত্ৰত অনুঘটক হিচাপে কাম কৰিব"
"দক্ষতা সম্পন্ন ভাৰতীয় যুৱক-যুৱতীৰ চাহিদা বিশ্বব্যাপী বৃদ্ধি পাইছে"
"ভাৰতে কেৱল নিজৰ বাবেই নহয়, বিশ্বৰ বাবেও দক্ষ পেছাদাৰ প্ৰস্তুত কৰি আছে"
"চৰকাৰে দক্ষতা বিকাশৰ প্ৰয়োজনীয়তা হৃদয়ংগম কৰিছে আৰু নিজৰ বাজেট আৱণ্টন আৰু একাধিক আঁচনিৰ সৈতে এটা পৃথক মন্ত্ৰালয় সৃষ্টি কৰিছে"
"চৰকাৰৰ দক্ষতা বিকাশৰ পদক্ষেপৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰীসকলক দৰিদ্ৰ, দলিত, পিছপৰা আৰু আদিবাসী পৰিয়ালৰ পৰা আহৰণ কৰা হৈছে"।
তেওঁ কয় যে মহাৰাষ্ট্ৰৰ দক্ষতা কেন্দ্ৰসমূহে স্থানীয় যুৱক-যুৱতীসকলক গোলকীয় প্ৰেক্ষাপটত চাকৰিৰ বাবে প্ৰস্তুত কৰিব আৰু নিৰ্মাণ, আধুনিক কৃষি, মাধ্যম আৰু মনোৰঞ্জন আৰু ইলেক্ট্ৰনিকছত তেওঁলোকক দক্ষতা প্ৰদান কৰিব।
তেওঁ কয় যে চৰকাৰে গ্ৰহণ কৰা দক্ষতা বিকাশৰ পদক্ষেপসমূহৰ পৰা দৰিদ্ৰ, দলিত, পিছপৰা আৰু আদিবাসী পৰিয়ালসমূহ আটাইতকৈ বেছি লাভান্বিত হৈছে।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ আৰম্ভ কৰি কয় যে আজি নৱৰাত্ৰীৰ পঞ্চমটো দিন, এইটো দিৱশত ‘স্কন্দমাতাৰ পূজা’ কৰা হয়।
তেওঁ মহিলাসকলক কৃষিক্ষেত্ৰ আৰু অন্যান্য খণ্ডত ‘ড্ৰোন’ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিবলৈ প্ৰশিক্ষণ দিয়াৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে মহাৰাষ্ট্ৰত ৫১১ টা ‘প্ৰমোদ মহাজন গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰ’ মুকলি কৰে। মহাৰাষ্ট্ৰৰ ৩৪ খন গ্ৰাম্য জিলাত স্থাপিত এই কেন্দ্ৰসমূহে গ্ৰাম্যাঞ্চলৰ যুৱক-যুৱতীসকলক নিযুক্তিৰ সুযোগ প্ৰদান কৰাৰ বাবে বিভিন্ন খণ্ডত দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী পৰিচালনা কৰিব।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ আৰম্ভ কৰি কয় যে আজি নৱৰাত্ৰীৰ পঞ্চমটো দিন, এইটো দিৱশত ‘স্কন্দমাতাৰ পূজা’ কৰা হয়। প্ৰত্যেক মাতৃয়ে তেওঁলোকৰ সন্তানৰ বাবে সুখ আৰু সফলতা বিচাৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কেৱল শিক্ষা আৰু দক্ষতা বিকাশৰ দ্বাৰাহে এয়া সম্ভৱ হ'ব পাৰে। মহাৰাষ্ট্ৰত ৫১১ টা ‘প্ৰমোদ মহাজন গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰ’ স্থাপন সন্দৰ্ভত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজিৰ দিনটো স্মৰণীয় কৰি তোলা লাখ লাখ যুৱক-যুৱতীৰ দক্ষতা বিকাশৰ বাবে এয়া এক বৃহৎ পদক্ষেপ।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে দক্ষতা সম্পন্ন ভাৰতীয় যুৱক-যুৱতীৰ চাহিদা বিশ্বব্যাপী বৃদ্ধি পাইছে। বহু দেশৰ জনগাঁথনিত বৰ্ধিত বয়সৰ পয়োভৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এক অধ্যয়নৰ তথ্য দাঙি ধৰে, য'ত কোৱা হৈছে যে ১৬ খন দেশে প্ৰায় ৪০ লাখ দক্ষতা সম্পন্ন যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে। "ভাৰতে কেৱল নিজৰ বাবেই নহয়, বিশ্বৰ বাবেও দক্ষ পেছাদাৰ প্ৰস্তুত কৰি আছে", প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ কয় যে মহাৰাষ্ট্ৰৰ দক্ষতা কেন্দ্ৰসমূহে স্থানীয় যুৱক-যুৱতীসকলক গোলকীয় প্ৰেক্ষাপটত চাকৰিৰ বাবে প্ৰস্তুত কৰিব আৰু নিৰ্মাণ, আধুনিক কৃষি, মাধ্যম আৰু মনোৰঞ্জন আৰু ইলেক্ট্ৰনিকছত তেওঁলোকক দক্ষতা প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে মৌলিক বিদেশী ভাষাৰ দক্ষতাৰ দৰে কোমল দক্ষতাৰ প্ৰশিক্ষণ প্ৰদান কৰা, ভাষাৰ ব্যাখ্যাৰ বাবে ‘এআই’ সঁজুলি ব্যৱহাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে, যিয়ে তেওঁলোকক নিয়োগকাৰীসকলৰ বাবে অধিক আকৰ্ষণীয় কৰি তুলিব।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দীৰ্ঘদিন ধৰি পূৰ্বৰ চৰকাৰসমূহৰ দক্ষতা বিকাশৰ প্ৰতি দূৰদৰ্শিতা আৰু গম্ভীৰতাৰ অভাৱ আছিল যাৰ ফলত দক্ষতাৰ অভাৱৰ বাবে লাখ লাখ যুৱক-যুৱতীৰ বাবে চাকৰিৰ সুযোগ কম হৈছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৰ্তমানৰ চৰকাৰে দক্ষতা বিকাশৰ প্ৰয়োজনীয়তা বুজি পাইছে আৰু ইয়াৰ বাবে নিজা বাজেট আৱণ্টন আৰু একাধিক আঁচনিৰে সমৰ্পিত এখন পৃথক মন্ত্ৰালয় গঠন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে  ‘কৌশল বিকাশ আঁচনি’ৰ অধীনত ১ কোটি ৩০ লাখতকৈয়ো অধিক যুৱক-যুৱতীক একাধিক বৈশিষ্ট্যৰ অধীনত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে, আনহাতে সমগ্ৰ দেশতে এশৰো অধিক প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰ স্থাপন কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে সামাজিক ন্যায়ৰ ক্ষেত্ৰত দক্ষতা বিকাশ সম্পৰ্কীয় পদক্ষেপসমূহৰ অৱদানৰ কথা উল্লেখ কৰে। তেওঁ বাবাচাহেব আম্বেদকাৰৰ দৰ্শনৰ কথা উল্লেখ কৰে, যিয়ে দলিত, পিছপৰা আৰু জনজাতীয় লোকসকলৰ উন্নতিৰ বাবে ঔদ্যোগিকৰণত গুৰুত্ব আৰোপ কৰিছিল, কিয়নো তেওঁলোকৰ ভূমিৰ পৰিসৰ সামান্য আছিল। অতীতত দক্ষতাৰ অভাৱৰ বাবে, এই শ্ৰেণীসমূহে মানসম্পন্ন চাকৰিৰ সুযোগ লাভৰ পৰা বঞ্চিত হৈছিল। তেওঁ কয় যে চৰকাৰে গ্ৰহণ কৰা দক্ষতা বিকাশৰ পদক্ষেপসমূহৰ পৰা দৰিদ্ৰ, দলিত, পিছপৰা আৰু আদিবাসী পৰিয়ালসমূহ আটাইতকৈ বেছি লাভান্বিত হৈছে।

 

মহিলাৰ শিক্ষাৰ ক্ষেত্ৰত সমাজৰ শৃংখলা ভংগকৰাৰ ক্ষেত্ৰত সাবিত্ৰী বাই ফুলেৰ অৱদানৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে কেৱল জ্ঞান আৰু দক্ষতা থকা সকলেহে সমাজলৈ ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে মহিলাৰ শিক্ষা আৰু প্ৰশিক্ষণত চৰকাৰে গুৰুত্ব দিয়াৰ আঁৰত সাবিত্ৰী বাই ফুলে অনুপ্ৰেৰণা হৈ আহিছে। তেওঁ মহিলাসকলৰ মাজত প্ৰশিক্ষণ প্ৰদান কৰা আত্ম-সহায়ক গোট বা 'স্বয়ং সহায়তা সমূহ'ৰ কথা উল্লেখ কৰে আৰু মহিলা সবলীকৰণ কাৰ্যসূচীৰ অধীনত ৩ কোটিৰো অধিক মহিলাক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ মহিলাসকলক কৃষিক্ষেত্ৰ আৰু অন্যান্য খণ্ডত ‘ড্ৰোন’ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিবলৈ প্ৰশিক্ষণ দিয়াৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে গাঁওসমূহত প্ৰজন্মৰ পিছত প্ৰজন্ম  ধৰি আগবাঢ়ি অহা বৃত্তিসমূহৰ কথা উল্লেখ কৰে। তেওঁ ‘প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা’ৰ বিষয়ে কয় যিটো যোজনা নাপিত, কাঠমিস্ত্ৰী, ধোৱা, সোণোৱাল বা কমাৰ আদিৰ দৰে বৃত্তিত জড়িতসকলক সহায় কৰিবলৈ আৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই যোজনাৰ অধীনত প্ৰশিক্ষণ, আধুনিক সঁজুলি আৰু বিত্তীয় সাহায্য প্ৰদান কৰা হৈছে। "চৰকাৰে ইয়াৰ বাবে ১৩,০০০ কোটি টকা ব্যয় কৰিছে আৰু মহাৰাষ্ট্ৰত ৫০০টা তকৈয়ো অধিক দক্ষতা কেন্দ্ৰই ইয়াক আগুৱাই নিব," তেওঁ অভিমত প্ৰকাশ কৰে।

 

দক্ষতা বিকাশৰ এই প্ৰচেষ্টাসমূহৰ মাজতে প্ৰধানমন্ত্ৰীয়ে দেশক অধিক শক্তিশালী কৰিব পৰা ধৰণৰ দক্ষতাৰ উত্তৰোত্তৰ সাধনত গুৰুত্ব আৰোপ কৰে। তেওঁ ভাৰতৰ উৎপাদনী উদ্যোগত শূন্য ত্ৰুটি থকা ভাল মানৰ সামগ্ৰী বা সামগ্ৰীসমূহৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰাৰ লগতে ‘উদ্যোগ ৪.০’ৰ প্ৰসংগ উল্লেখ কৰে, যাৰ বাবে নতুন দক্ষতাৰ প্ৰয়োজন। তেওঁ কয় যে চৰকাৰে সেৱা খণ্ড, জ্ঞান, অৰ্থনীতি আৰু আধুনিক প্ৰযুক্তিৰ কথা মনত ৰাখি নতুন দক্ষতাৰ সন্দৰ্ভতো গুৰুত্ব দিব লাগিব। প্ৰধানমন্ত্ৰীয়ে উৎপাদনৰ বাবে কেনে ধৰণৰ সামগ্ৰী বিচাৰি উলিয়াব তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে যি দেশক আত্মনিৰ্ভৰশীলতাৰ দিশে লৈ যাব। আমি এনে সামগ্ৰী নিৰ্মাণৰ বাবে প্ৰয়োজনীয় দক্ষতাক উত্সাহিত কৰিব লাগিব।

ভাৰতৰ কৃষিখণ্ডৰ বাবে নতুন দক্ষতাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে পৃথিৱী মাতৃৰ সুৰক্ষাৰ বাবে প্ৰাকৃতিক কৃষিত মনোনিৱেশ কৰাত জোৰ দিয়ে। তেওঁ সন্তুলিত জলসিঞ্চন, কৃষি-সামগ্ৰী প্ৰক্ৰিয়াকৰণ, ‘পেকেজিং’, ‘ব্ৰেণ্ডিং’ আৰু ‘অনলাইন’ পৃথিৱীৰ সৈতে সংযুক্ত হ'বলৈ সংশ্লিষ্টসকলৰ দক্ষতা মূল্যায়ন কৰাৰ দক্ষতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয়। "দেশৰ বিভিন্ন চৰকাৰে তেওঁলোকৰ দক্ষতা বিকাশৰ পৰিসৰ অধিক সম্প্ৰসাৰিত কৰিব লাগিব" বুলিও মত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰশিক্ষাৰ্থীসকলক আশ্বাস দিয়ে যে তেওঁলোকে দক্ষতাৰ জৰিয়তে সঠিক পথ বাছি লৈছে, তেওঁলোকে তেওঁলোকৰ পৰিয়াল আৰু দেশৰ প্ৰতি যথেষ্ট অৰিহণা যোগাব পাৰে। প্ৰধানমন্ত্ৰীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ অনুৰোধত দেশখনৰ এটা দক্ষতা বিকাশ কেন্দ্ৰলৈ কৰা তেওঁৰ ভ্ৰমণৰ অভিজ্ঞতা বৰ্ণনা কৰে। প্ৰধানমন্ত্ৰীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ গৌৰৱ আৰু দক্ষতা প্ৰশিক্ষণৰ এনে কাৰ্যকলাপে কেনেকৈ সামাজিক গ্ৰহণযোগ্যতা লাভ কৰিছে সেয়া স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰমিকৰ মৰ্যাদা স্বীকাৰ কৰা আৰু দক্ষ কামৰ গুৰুত্বক স্বীকৃতি দিয়াটো হৈছে সমাজৰ কৰ্তব্য।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ চিন্দে আৰু মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফড়নৱিশ আৰু শ্ৰী অজিত পাৱাৰ এই অনুষ্ঠানত উপস্থিত আছিল।

পটভূমি

‘গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰ’সমূহে গ্ৰাম্যাঞ্চলৰ যুৱক-যুৱতীসকলক নিযুক্তিৰ সুযোগ প্ৰদান কৰাৰ বাবে বিভিন্ন খণ্ডত দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী পৰিচালনা কৰিব। প্ৰতিটো কেন্দ্ৰই কমেও দুটা বৃত্তিমূলক পাঠ্যক্ৰমত প্ৰায় ১০০ গৰাকী যুৱক-যুৱতীক প্ৰশিক্ষণ দিব। ‘ৰাষ্ট্ৰীয় দক্ষতা বিকাশ পৰিষদ’ৰ অধীনত তালিকাভুক্ত উদ্যোগসমূহৰ অংশীদাৰ আৰু সংস্থাসমূহৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। এই কেন্দ্ৰসমূহৰ স্থাপনে অঞ্চলটোক অধিক দক্ষ আৰু পাৰদৰ্শী জনশক্তি বিকাশিত কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ প্ৰাপ্ত কৰাত সহায় কৰিব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nandan Nilekani to S Somnath: Meet the experts on Centre's exam reform task-force

Media Coverage

Nandan Nilekani to S Somnath: Meet the experts on Centre's exam reform task-force
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Shilpa Kanchugarakoppalu Shyla on winning Bronze in Women’s Shot Put F57 at Commonwealth Games 2026
July 28, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Shilpa Kanchugarakoppalu Shyla on winning the Bronze medal in the Women’s Shot Put F57 Final at the Glasgow Commonwealth Games 2026.

The Prime Minister said that Shilpa’s personal best throw made the achievement even more remarkable.

Shri Modi congratulated her on the accomplishment.

The Prime Minister wrote on X;

“A brilliant performance by Shilpa Kanchugarakoppalu Shyla at the Commonwealth Games 2026!

Congratulations to Shilpa for having won the Bronze Medal in the Women's Shot Put F57 Final and that too with a personal best throw. This is indeed a remarkable accomplishment.

#CWG2026”