"নালন্দা হৈছে ভাৰতৰ বৌদ্ধিক ঐতিহ্য আৰু উচ্চল সাংস্কৃতিক বিনিময়ৰ প্ৰতীক"
"নালন্দা কেৱল এটা নামেই নহয়। নালন্দা হৈছে এক পৰিচিতি, এক সন্মান, এক প্ৰমূল্য, এক মন্ত্ৰ, গৌৰৱ আৰু এক ইতিবৃত্ত"
"এই পুনৰুজ্জীৱিতকৰণে ভাৰতৰ বাবে এক সোণালী যুগৰ সূচনা কৰিব"
"নালন্দা কেৱল ভাৰতৰ অতীতৰ নৱজাগৰণেই নহয়। পৃথিৱী আৰু এছিয়াৰ বহুতো দেশৰ ঐতিহ্যও ইয়াৰ সৈতে সম্পৰ্কিত হৈ আছে"
"ভাৰতে শতিকাজুৰি এক আৰ্হি হিচাপে স্থিৰতা প্ৰদৰ্শন কৰি আহিছে। আমি একেলগে প্ৰগতি আৰু পৰিবেশৰ সৈতে আগবাঢ়িছো"
"মোৰ লক্ষ্য হৈছে ভাৰতক বিশ্বৰ বাবে শিক্ষা আৰু জ্ঞানৰ কেন্দ্ৰ কৰি গঢ়ি তোলা। মোৰ কামনা হৈছে ভাৰতে পুনৰ বিশ্বৰ আটাইতকৈ বিশিষ্ট জ্ঞান কেন্দ্ৰ হিচাপে স্বীকৃতি পোৱা উচিত"
উদ্বোধনী অনুষ্ঠানত ১৭ খন দেশৰ মিছনসমূহৰ মুৰব্বীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। প্ৰধানমন্ত্ৰীয়ে এটা গছপুলিও ৰোপণ কৰে।
তেওঁ বিহাৰৰ জনসাধাৰণক ইয়াৰ গৌৰৱ ঘূৰাই অনাৰ সংকল্পৰ বাবে প্ৰশংসা কৰি এয়া নালন্দাৰ ক্ষেত্ৰত প্ৰতিফলিত হোৱা বুলি উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ ৰাজগীৰত নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰে। বিশ্ববিদ্যালয়খন ভাৰত আৰু ‘পূব এছিয়া সন্মিলন’ (ইএএছ)ৰ সদস্য দেশসমূহৰ মাজত সহযোগিতা হিচাপে মুকলি কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ১৭ খন দেশৰ মিছনসমূহৰ মুৰব্বীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। প্ৰধানমন্ত্ৰীয়ে এটা গছপুলিও ৰোপণ কৰে।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ ১০ দিনৰ ভিতৰতে নালন্দা ভ্ৰমণ কৰাৰ সুযোগ পোৱাটোক সৌভাগ্য বুলি অভিহিত কৰি আনন্দ প্ৰকাশ কৰি কয় যে ই ভাৰতৰ উন্নয়নমূলক যাত্ৰাৰ প্ৰতি এক ইতিবাচক ইংগিত। "নালন্দা কেৱল এটা নামেই নহয়, ই এক পৰিচয়, এক সন্মানো। নালন্দা হৈছে শিপা, ই হৈছে মন্ত্ৰ। কিতাপ যদিও অগ্নিত জাহ যাব পাৰে তথাপি জ্ঞানক কেতিয়াও ধ্বংস কৰিব পৰা নাযায় আৰু সেই সত্য নালন্দাত প্ৰতিফলিত হৈছে,"- প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ উল্লেখ কৰে যে নতুন নালন্দা বিশ্ববিদ্যালয় স্থাপনে ভাৰতত সোণালী যুগৰ সূচনা কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে নালন্দাক ইয়াৰ প্ৰাচীন ধ্বংসাৱশেষৰ ওচৰতে পুনৰুজ্জীৱিত কৰাৰ জৰিয়তে বিশ্বৰ সন্মুখত ভাৰতৰ সামৰ্থ্যৰ পৰিচয় দাঙি ধৰিব, কিয়নো শক্তিশালী মানৱীয় প্ৰমূল্যবোধ থকা ৰাষ্ট্ৰসমূহে ইতিহাসক পুনৰুজ্জীৱিত কৰি এখন উন্নত পৃথিৱী গঢ়ি তুলিবলৈ সক্ষম হোৱা কথাটো ই বিশ্বক অৱগত কৰিব।

 

নালন্দাই এছিয়া তথা বহুতো দেশকে ধৰি, আনকি বিশ্বৰো ঐতিহ্য বহন কৰে বুলি শ্ৰী মোদীয়ে দৃঢ়তাৰে উল্লেখ কৰি কয় যে ইয়াৰ পুনৰুজ্জীৱিতকৰণ কেৱল ভাৰতীয় দিশসমূহৰ পুনৰুজ্জীৱিতকৰণতে সীমাবদ্ধ নহয়। নালন্দা প্ৰকল্পত মিত্ৰ ৰাষ্ট্ৰসমূহৰ অৱদানক স্বীকাৰ কৰি তেওঁ কয় যে আজিৰ উদ্বোধনী অনুষ্ঠানত ভালেসংখ্যক দেশৰ উপস্থিতিৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে। তেওঁ বিহাৰৰ জনসাধাৰণক ইয়াৰ গৌৰৱ ঘূৰাই অনাৰ সংকল্পৰ বাবে প্ৰশংসা কৰি এয়া নালন্দাৰ ক্ষেত্ৰত প্ৰতিফলিত হোৱা বুলি উল্লেখ কৰে।

নালন্দা এসময়ত ভাৰতৰ সংস্কৃতি আৰু পৰম্পৰাৰ উজ্জীৱিত কেন্দ্ৰ আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নালন্দাৰ অৰ্থ হৈছে জ্ঞান আৰু শিক্ষাৰ নিৰন্তৰ প্ৰবাহ। তেওঁ লগতে এয়াই শিক্ষাৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী তথা চিন্তাধাৰা বুলি প্ৰকাশ কৰে। "শিক্ষাৰ কোনা সীমাবদ্ধতা নাই। ই মূল্যবোধ আৰু চিন্তাধাৰাক আকাৰ দিয়াৰ সমান্তৰালকৈ গঢ়ি তোলে।" প্ৰধানমন্ত্ৰীয়ে কয় যে শিক্ষাৰ্থীসকলক তেওঁলোকৰ পৰিচয় আৰু ৰাষ্ট্ৰীয়তা নিৰ্বিশেষে প্ৰাচীন নালন্দা বিশ্ববিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁ নতুনকৈ উদ্বোধন কৰা নালন্দা বিশ্ববিদ্যালয় চৌহদত একেটা প্ৰাচীন পৰম্পৰাক আধুনিক ৰূপত শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাতো গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে নালন্দা বিশ্ববিদ্যালয়ত ২০ খনতকৈয়ো অধিক দেশৰ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি থকাৰ বাবে আনন্দ প্ৰকাশ কৰি কয় যে ই হৈছে 'বসুধৈৱ কুটুম্বকম'ৰ সঠিক উদাহৰণ।

প্ৰধানমন্ত্ৰীয়ে শিক্ষাক মানৱ কল্যাণৰ এক সঁজুলি হিচাপে গণ্য কৰাৰ ভাৰতীয় পৰম্পৰাৰ ওপৰত আলোকপাত কৰে। তেওঁ আসন্ন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কথা উল্লেখ কৰি কয় যে যোগ দিৱস আন্তঃৰাষ্ট্ৰীয় উৎসৱত পৰিণত হৈছে। তেওঁ কয় যে যোগৰ ইমানবোৰ ধাৰা বিকশিত হোৱা সত্বেও ভাৰতৰ কোনেও যোগৰ ওপৰত কোনো একচেটিয়া অধিকাৰ প্ৰকাশ কৰা নাই। একেদৰে, ভাৰতে সমগ্ৰ বিশ্বৰ সৈতে আয়ুৰ্বেদ শ্বেয়াৰ কৰে বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰী মোদীয়ে স্থায়িত্বৰ প্ৰতি ভাৰতৰ নিষ্ঠাৰ কথাও উল্লেখ কৰি কয় যে ভাৰতত আমি একেলগে প্ৰগতি আৰু পৰিৱেশ কঢ়িয়াই আনিছো। ইয়াৰ জৰিয়তে ভাৰতত মিছন লাইফ আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাৰ দৰে পদক্ষেপ গ্ৰহণ কৰা সম্ভৱ হৈ উঠিছে। তেওঁ কয় যে নালন্দা চৌহদত ইয়াৰ আগশাৰীৰ নেট জিৰো এনাৰ্জি, নেট জিৰো এমিছন, নেট জিৰো ৱাটাৰ আৰু নেট জিৰো ৱেষ্ট মডেলে স্থায়িত্বৰ আদৰ্শ আগুৱাই লৈ যাব।

 

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে শিক্ষাৰ বিকাশৰ ফলত অৰ্থনীতি আৰু সংস্কৃতিৰ শিপা গভীৰ হৈ উঠিছে। এয়া গোলকীয় অভিজ্ঞতা তথা উন্নত দেশসমূহৰ অভিজ্ঞতাৰ জৰিয়তে সম্ভৱ হৈ উঠিছে। প্ৰধানমন্ত্ৰীয়ে কয়, "২০৪৭ চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যত কাম কৰি থকা ভাৰতে ইয়াৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন ঘটাইছে।" তেওঁ লগতে কয়, "মোৰ লক্ষ্য হৈছে যে ভাৰত বিশ্বৰ বাবে শিক্ষা আৰু জ্ঞানৰ কেন্দ্ৰ হৈ উঠক। মোৰ লক্ষ্য হৈছে যে ভাৰতে পুনৰ বিশ্বৰ আটাইতকৈ বিশিষ্ট জ্ঞান কেন্দ্ৰ হিচাপে স্বীকৃতি পাওঁক।" প্ৰধানমন্ত্ৰীয়ে এক কোটিতকৈয়ো অধিক শিশুক সেৱা আগবঢ়োৱা অটল টিংকাৰিং লেব, চন্দ্ৰযান আৰু গগনযানৰ দ্বাৰা উৎপন্ন বিজ্ঞানৰ প্ৰতি আগ্ৰহ আৰু ষ্টাৰ্টআপ ইণ্ডিয়াৰ দৰে পদক্ষেপৰ কথা উল্লেখ কৰে যাৰ ফলত ভাৰতত ১০ বছৰ আগৰ কেইবাশ মানৰ পৰা সম্প্ৰতি ১.৩০ লাখ ষ্টাৰ্টআপ আৰম্ভ হৈছে। অভিলেখসংখ্যক পেটেন্ট আৰু গৱেষণাপত্ৰ তথা ১ লাখ কোটি গৱেষণা পুঁজি দাখিল কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ আটাইতকৈ উন্নত গৱেষণামুখী উচ্চ শিক্ষা ব্যৱস্থাৰ লগতে আটাইতকৈ বিস্তৃত আৰু সম্পূৰ্ণ দক্ষতা ব্যৱস্থা গঢ়ি তোলাৰ চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে বিশ্ব ৰেংকিঙত ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ উন্নত প্ৰদৰ্শনৰ কথাও উল্লেখ কৰে। বিগত ১০ বছৰত শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত শেহতীয়া সাফল্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কিউ এছ ৰেংকিঙত ভাৰতীয় শিক্ষানুষ্ঠানৰ সংখ্যা ৯ৰ পৰা ৪৬ লৈ আৰু টাইমছ হায়াৰ এডুকেশ্বন ইম্পেক্ট ৰেংকিঙত ১৩ৰ পৰা ১০০ লৈ বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে ভাৰতত যোৱা ১০ বছৰৰ ভিতৰত প্ৰতি সপ্তাহত এখন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে, প্ৰতিদিনে এখনকৈ নতুন আই টি আই স্থাপন কৰা হৈছে, প্ৰতি তৃতীয় দিনত এটা অটল টিংকাৰিং লেব খোলা হৈছে আৰু প্ৰতিদিনে দুখন নতুন মহাবিদ্যালয় স্থাপন কৰা হৈছে। তেওঁ লগতে কয় যে ভাৰতত আজি ২৩ খন আই আই টি আছে, আই আই এমৰ সংখ্যা ১৩ ৰ পৰা ২১ লৈ বৃদ্ধি পাইছে আৰু এইমছৰ সংখ্যা প্ৰায় তিনিগুণ বৃদ্ধি হৈ ২২ হৈছে। "১০ বছৰত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যাও প্ৰায় দুগুণ হৈছে", তেওঁ কয়। শৈক্ষিক ক্ষেত্ৰত সংস্কাৰৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে নতুন শৈক্ষিক নীতিৰ কথা উল্লেখ কৰি কয় যে ই ভাৰতৰ যুৱপ্ৰজন্মৰ সপোনক এক নতুন মাত্ৰা প্ৰদান কৰিছে। শ্ৰী মোদীয়ে ভাৰতীয় আৰু বিদেশী বিশ্ববিদ্যালয়সমূহৰ সহযোগিতা আৰু ডেকিন আৰু ৱালনগ'ঙৰ দৰে আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়সমূহৰ নতুন চৌহদ মুকলি কৰাৰ কথাও উল্লেখ কৰে। "এই সকলো প্ৰচেষ্টাৰ সৈতে ভাৰতীয় শিক্ষাৰ্থীসকলে উচ্চ শিক্ষাৰ বাবে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ শিক্ষানুষ্ঠান লাভ কৰিছে। ই আমাৰ মধ্যবিত্ত শ্ৰেণীৰ বাবেও ধন ৰাহি কৰিছে", প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।

 

শেহতীয়াকৈ প্ৰধান ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ গোলকীয় চৌহদ মুকলি কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে নালন্দাৰ ক্ষেত্ৰতো একে আশা ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ যুৱপ্ৰজন্মৰ প্ৰতি বিশ্বৰ দৃষ্টি নিবদ্ধ হৈছে। "ভাৰত হৈছে ভগৱান বুদ্ধৰ দেশ, আৰু বিশ্বই গণতন্ত্ৰৰ মাতৃৰ সৈতে কান্ধত কান্ধ মিলাই খোজ আগবঢ়াব বিচাৰে", প্ৰধানমন্ত্ৰীয়ে আৰু কয়, "যেতিয়া ভাৰতে 'এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যত'ৰ কথা কয়, তেতিয়া বিশ্বই ইয়াৰ সৈতে থিয় দিয়ে। যেতিয়া ভাৰতে 'এক সূৰ্য, এক পৃথিৱী, এক গ্ৰিড'ৰ কথা কয়, ইয়াক বিশ্বৰ ভৱিষ্যতৰ পথ বুলি গণ্য কৰা হয়। যেতিয়া ভাৰতে এক পৃথিৱী এক স্বাস্থ্য বুলি কয়, বিশ্বই ইয়াৰ দৃষ্টিভংগীক সন্মান কৰে আৰু গ্ৰহণ কৰে। "নালন্দাৰ ভূমিয়ে বিশ্বভ্ৰাতৃত্বৰ এই অনুভূতিক এক নতুন মাত্ৰা প্ৰদান কৰিব পাৰে। সেয়েহে, নালন্দাৰ শিক্ষাৰ্থীসকলৰ দায়িত্ব আৰু অধিক হব", প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

 

নালন্দাৰ শিক্ষাৰ্থী আৰু পণ্ডিতসকলক ভাৰতৰ ভৱিষ্যত বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে ‘অমৃত কাল’ৰ পৰৱৰ্তী ২৫ বছৰৰ প্ৰসংগত গুৰুত্ব আৰোপ কৰে আৰু তেওঁলোকক 'নালন্দা পথ' আৰু নলন্দাৰ মূল্যবোধ কঢ়িয়াই নিয়াৰ বাবে আহ্বান জনায়। তেওঁ তেওঁলোকক তেওঁলোকৰ প্ৰতীকচিহ্নৰ সৈতে সংগতি ৰাখি কৌতূহলী হ'বলৈ, সাহসী হ'বলৈ আৰু সৰ্বোপৰি দয়ালু হোৱাৰ লগতে সমাজত ইতিবাচক পৰিৱৰ্তনৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে নালন্দাৰ জ্ঞানে মানৱতাক পথ প্ৰদৰ্শন কৰিব আৰু যুৱপ্ৰজন্মই অনাগত সময়ত সমগ্ৰ বিশ্বক নেতৃত্ব দিব। "মই বিশ্বাস কৰোঁ যে নালন্দা গোলকীয় উদ্দেশ্যৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈ উঠিব", প্ৰধানমন্ত্ৰীয়ে সামৰণি মাৰে।

 

নালন্দাৰ শিক্ষাৰ্থী আৰু পণ্ডিতসকলক ভাৰতৰ ভৱিষ্যত বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে ‘অমৃত কাল’ৰ পৰৱৰ্তী ২৫ বছৰৰ প্ৰসংগত গুৰুত্ব আৰোপ কৰে আৰু তেওঁলোকক 'নালন্দা পথ' আৰু নলন্দাৰ মূল্যবোধ কঢ়িয়াই নিয়াৰ বাবে আহ্বান জনায়। তেওঁ তেওঁলোকক তেওঁলোকৰ প্ৰতীকচিহ্নৰ সৈতে সংগতি ৰাখি কৌতূহলী হ'বলৈ, সাহসী হ'বলৈ আৰু সৰ্বোপৰি দয়ালু হোৱাৰ লগতে সমাজত ইতিবাচক পৰিৱৰ্তনৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে নালন্দাৰ জ্ঞানে মানৱতাক পথ প্ৰদৰ্শন কৰিব আৰু যুৱপ্ৰজন্মই অনাগত সময়ত সমগ্ৰ বিশ্বক নেতৃত্ব দিব। "মই বিশ্বাস কৰোঁ যে নালন্দা গোলকীয় উদ্দেশ্যৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈ উঠিব", প্ৰধানমন্ত্ৰীয়ে সামৰণি মাৰে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ যুৱপ্ৰজন্মৰ প্ৰতি বিশ্বৰ দৃষ্টি নিবদ্ধ হৈছে। "ভাৰত হৈছে ভগৱান বুদ্ধৰ দেশ, আৰু বিশ্বই গণতন্ত্ৰৰ মাতৃৰ সৈতে কান্ধত কান্ধ মিলাই খোজ আগবঢ়াব বিচাৰে", প্ৰধানমন্ত্ৰীয়ে আৰু কয়, "যেতিয়া ভাৰতে 'এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যত'ৰ কথা কয়, তেতিয়া বিশ্বই ইয়াৰ সৈতে থিয় দিয়ে। যেতিয়া ভাৰতে 'এক সূৰ্য, এক পৃথিৱী, এক গ্ৰিড'ৰ কথা কয়, ইয়াক বিশ্বৰ ভৱিষ্যতৰ পথ বুলি গণ্য কৰা হয়। যেতিয়া ভাৰতে এক পৃথিৱী এক স্বাস্থ্য বুলি কয়, বিশ্বই ইয়াৰ দৃষ্টিভংগীক সন্মান কৰে আৰু গ্ৰহণ কৰে। "নালন্দাৰ ভূমিয়ে বিশ্বভ্ৰাতৃত্বৰ এই অনুভূতিক এক নতুন মাত্ৰা প্ৰদান কৰিব পাৰে। সেয়েহে, নালন্দাৰ শিক্ষাৰ্থীসকলৰ দায়িত্ব আৰু অধিক হব", প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

 

অনুষ্ঠানত বিহাৰৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰলেকাৰ, বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতীশ কুমাৰ, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ সুব্ৰহ্মণ্যম জয়শংকৰ, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী শ্ৰী পাবিত্ৰ মাৰ্ঘেৰিটা, বিহাৰৰ উপ মুখ্যমন্ত্ৰী শ্ৰী বিজয় কুমাৰ সিনহা আৰু শ্ৰী সম্ৰাট চৌধাৰী, নালন্দা বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক অৰবিন্দ পানাগৰীয়া আৰু নলন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অভয় কুমাৰ সিং অন্যান্য গণ্যমান্য ব্যক্তিসকলৰ মাজত উপস্থিত আছিল।

 

 

Click here to read full text speech

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's chip dreams get a Rs 1.25 lakh crore push with Semiconductor Mission 2.0

Media Coverage

India's chip dreams get a Rs 1.25 lakh crore push with Semiconductor Mission 2.0
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets CA fraternity on Chartered Accountants' Day
July 01, 2026

The Prime Minister, Shri Narendra Modi, today extended his greetings to the Chartered Accountant fraternity on the occasion of Chartered Accountants' Day. Shri Modi said that Chartered Accountants have long been trusted partners in India's economic journey. He noted that through their commitment to transparency and professional excellence, they have strengthened the country's financial systems, supported businesses, encouraged entrepreneurship and inspired confidence among investors.

The Prime Minister posted on X:

Greetings on Chartered Accountants' Day to the entire CA fraternity. They have long been trusted partners in India's economic journey. Through their commitment to transparency and professional excellence, they strengthen our financial systems, support businesses, encourage entrepreneurship and inspire confidence among investors. Their expertise contributes significantly to economic growth and nation-building. As we move towards becoming a Viksit Bharat, their efforts help create an environment where enterprise can flourish and opportunities can expand for all.