টাৰ্মিনেল ভৱনৰ সন্মুখভাগত নিৰ্মীয়মান শ্ৰী ৰাম মন্দিৰৰ মন্দিৰ স্থাপত্য চিত্ৰিত কৰা হৈছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱনিৰ্মিত অযোধ্যা বিমান বন্দৰ উদ্বোধন কৰে। বিমান বন্দৰটোৰ নাম মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ ৰখা হৈছে।

 

এই উপলক্ষে আয়োজিত এক ৰাজহুৱা অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে অযোধ্যা বিমান বন্দৰৰ নাম মহৰ্ষি বাল্মীকিৰ নামেৰে নামাকৰণ ৰখাত আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে মহৰ্ষি বাল্মীকিৰ ৰামায়ণ হৈছে জ্ঞানৰ পথ যিয়ে আমাক শ্ৰী ৰামৰ সৈতে সংযোগ কৰে। আধুনিক ভাৰতৰ মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰে আমাক অযোধ্যা ধাম আৰু ঐশ্বৰিক-নতুন ৰাম মন্দিৰৰ সৈতে সংযোগ কৰিব। প্ৰথম পৰ্যায়ত বিমান বন্দৰটোৱে বছৰি ১০ লাখ যাত্ৰী আৰু দ্বিতীয় পৰ্যায়ৰ পিছত, মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰে বছৰি ৬০ লাখ যাত্ৰীক সেৱা আগবঢ়াব।

 

অত্যাধুনিক বিমান বন্দৰটোৰ প্ৰথম পৰ্যায়টো ১৪৫০ কোটি টকাতকৈও অধিক ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। বিমান বন্দৰৰ টাৰ্মিনেল ভৱনটোত ৬৫০০ বৰ্গমিটাৰ এলেকা থাকিব, যি বছৰি প্ৰায় ১০লাখ যাত্ৰীক সেৱা আগবঢ়াব। টাৰ্মিনেল ভৱনৰ সন্মুখভাগত অযোধ্যাৰ নিৰ্মীয়মান শ্ৰী ৰাম মন্দিৰৰ মন্দিৰ স্থাপত্য চিত্ৰিত কৰা হৈছে। টাৰ্মিনেল ভৱনটোৰ ভিতৰভাগ ভগৱান শ্ৰী ৰামৰ জীৱন চিত্ৰিত কৰি স্থানীয় কলা, চিত্ৰ আৰু ম্যুৰেলৰে সজোৱা হৈছে। অযোধ্যা বিমান বন্দৰৰ টাৰ্মিনেল ভৱনটো ইনচুলেটেড ৰুফিং চিষ্টেম, এলইডি লাইটিং, বৰষুণৰ পানী সংৰক্ষণ, ঝৰ্ণাৰ সৈতে লেণ্ডস্কেপিং, পানী শোধন প্ৰকল্প, নৰ্দমা শোধন প্ৰকল্প, সৌৰ শক্তি প্ৰকল্প আৰু এনে ধৰণৰ আন বহুতো বৈশিষ্ট্যৰে সজ্জিত। এই সকলো সুবিধা গৃহ-৫ ষ্টাৰ ৰেটিং পূৰণ কৰাৰ বাবে প্ৰদান কৰা হৈছে। বিমান বন্দৰটোৱে অঞ্চলটোত সংযোগ উন্নত কৰিব, যাৰ ফলত পৰ্যটন, ব্যৱসায়িক কাৰ্যকলাপ আৰু নিয়োগৰ সুযোগ বৃদ্ধি পাব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s maternal mortality drops nearly 80% since 1990: Global study

Media Coverage

India’s maternal mortality drops nearly 80% since 1990: Global study
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মাৰ্চ 2026
March 29, 2026

Citizens Praise PM Modi for The Visionary Shift: Empowering Every Citizen in an Uncertain World