কৰ্তব্য ভৱনে ৰাজহুৱা সেৱাৰ প্ৰতি আমাৰ অটল দায়বদ্ধতাক প্ৰতিফলিত কৰেঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে চৌহদত গছপুলিও ৰোপণ কৰে; পৰিবেশ-অনুকূল নিৰ্মাণৰ ওপৰত আলোকপাত কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্তব্য ভৱন ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰি ইয়াক ৰাজহুৱা সেৱাৰ দিশত অটল সংকল্প আৰু নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰতীক বুলি অভিহিত কৰে।

 

তেওঁ কয় যে কৰ্তব্য ভৱনে নীতি আৰু আঁচনিসমূহৰ দ্ৰুত হস্তান্তৰত সহায় কৰাৰ লগতে ৰাষ্ট্ৰৰ উন্নয়নকো নতুন গতি প্ৰদান কৰিব।

শ্ৰী মোদীয়ে কয় যে কৰ্তব্য ভৱনে এখন উন্নত আৰু আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাৰ বাবে আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। আজি ৰাষ্ট্ৰই ইয়াক গঢ় দিয়া আমাৰ শ্ৰমযোগীসকলৰ অক্লান্ত কঠোৰ পৰিশ্ৰম আৰু সংকল্প প্ৰত্যক্ষ কৰিছে। তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰি তেওঁ আনন্দ প্ৰকাশ কৰিছে বুলিও কয়।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে পৰিবেশ সুৰক্ষাৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দি এই ভৱনটো নিৰ্মাণ কৰা হৈছে।

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কৰ্তব্য ভৱনৰ চৌহদত এটা গছপুলি ৰোপণ কৰে।

 

এক্সৰ এটা শৃংখলাত প্ৰধানমন্ত্ৰীয়ে কয়;

"কৰ্তব্য পথৰ কৰ্তব্য ভৱন আমাৰ অটল সংকল্প আৰু জনসাধাৰণক সেৱা আগবঢ়োৱাৰ নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰতীক। ই কেৱল আমাৰ নীতি আৰু আঁচনিসমূহ জনসাধাৰণৰ ওচৰলৈ দ্ৰুতগতিত গৈ পোৱাত সহায় কৰাই নহয়, ই দেশৰ উন্নয়নকো এক নতুন গতি প্ৰদান কৰিব। অত্যাধুনিক আন্তঃগাঁথনিৰ এক উদাহৰণ হৈ পৰা এই ভৱনটো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰি মই অতি গৌৰৱান্বিত।"

"কৰ্তব্য ভৱনে এখন উন্নত আৰু আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাৰ প্ৰতি আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। আজি দেশখনে ইয়াক নিৰ্মাণ কৰা আমাৰ শ্ৰমযোগীসকলৰ অক্লান্ত কঠোৰ পৰিশ্ৰম আৰু সংকল্পৰ সাক্ষী। তেওঁলোকৰ সৈতে মত বিনিময় কৰি মই অতি আনন্দিত হৈছো।"

 

 

"কৰ্তব্য ভৱন নিৰ্মাণত পৰিবেশ সংৰক্ষণৰ যত্ন লোৱা হৈছে, যাৰ বাবে আমাৰ দেশ দায়বদ্ধ। আজি মই ইয়াৰ চৌহদত এটা গছপুলি ৰোপণ কৰাৰ সুযোগ পাইছো।"

 

 

“कर्तव्य भवन के निर्माण में पर्यावरण संरक्षण का पूरा ध्यान रखा गया है, जिसके लिए हमारा देश संकल्पबद्ध है। आज इसके प्रांगण में एक पौधा लगाने का भी सुअवसर मिला।” 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership