"যোৱা বছৰ ভাৰতত, মোবাইল পৰিশোধে প্ৰথমবাৰৰ বাবে এটিএমৰ পৰা নগদ ধন উলিওৱাৰ সংখ্যা অতিক্ৰম কৰিছে"
"ডিজিটেল ইণ্ডিয়াৰ অধীনত পৰিৱৰ্তনমূলক পদক্ষেপসমূহে শাসনত প্ৰয়োগ কৰিবলগা উদ্ভাৱনীমূলক ফিনটেক সমাধানৰ বাবে দুৱাৰ মুকলি কৰিছে"
"এতিয়া এই ফিনটেক পদক্ষেপবোৰক ফিনটেক বিপ্লৱলৈ ৰূপান্তৰিত কৰাৰ সময় আহি পৰিছে। এক বিপ্লৱ যি দেশৰ প্ৰতিজন নাগৰিকৰ বিত্তীয় সৱলীকৰণ প্ৰাপ্ত কৰাত সহায় কৰে"
"বিশ্বাসৰ অৰ্থ হৈছে যে আপুনি নিশ্চিত কৰিব লাগিব যে মানুহৰ স্বাৰ্থ সুৰক্ষিত হয়। ফিনটেক সুৰক্ষা উদ্ভাৱন অবিহনে ফিনটেক উদ্ভাৱন অসম্পূৰ্ণ হ'ব"
"আমাৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি সমাধানে সমগ্ৰ বিশ্বৰ নাগৰিকৰ জীৱন উন্নত কৰিব পাৰে"
"গিফ্ট চিটি কেৱল এক আধাৰ নহয়, ই ভাৰতক প্ৰতিনিধিত্ব কৰে। ই ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধ, চাহিদা, জনগাঁথনি আৰু বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰে। ই ধাৰণা, উদ্ভাৱন আৰু বিনিয়োগৰ প্ৰতি ভাৰতৰ মুক্ততাক প্ৰতিনিধিত্ব কৰে"
"বিত্ত হৈছে এক অৰ্থনীতিৰ জীৱন ৰক্ত আৰু প্ৰযুক্তি হৈছে ইয়াৰ বাহক। অন্ত্যোদয়া প্ৰাপ্ত কৰাৰ বাবে দুয়োটা সমা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ফিনটেকৰ ওপৰত এক চিন্তাশীল নেতৃত্ব মঞ্চ ইনফিনিটি ফ'ৰাম উদ্বোধন কৰে।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মুদ্ৰাৰ ইতিহাসত প্ৰচণ্ড বিৱৰ্তন দেখা গৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা বছৰ ভাৰতত মোবাইল পৰিশোধে প্ৰথমবাৰৰ বাবে এটিএমৰ পৰা নগদ ধন উলিওৱাতকৈ অধিক সংখ্যা অতিক্ৰম কৰিছে। সম্পূৰ্ণৰূপে ডিজিটেল বেংক, কোনো ভৌতিক শাখা কাৰ্যালয় অবিহনে, ইতিমধ্যে এক বাস্তৱ আৰু এক দশকতকৈও কম সময়ৰ ভিতৰত স্বাভাৱিক হৈ পৰিছে। "মানৱৰ বিকাশ হোৱাৰ লগে লগে আমাৰ লেনদেনৰ ৰূপো বিকশিত হৈছে। বিনিময় প্ৰণালীৰ পৰা ধাতুলৈকে, মুদ্ৰাৰ পৰা নোটলৈকে, চেকৰ পৰা কাৰ্ডলৈকে, আজি আমি ইয়াত উপনীত হৈছো", তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে বিশ্বৰ আগত প্ৰমাণ কৰিছে যে প্ৰযুক্তি গ্ৰহণ কৰা বা ইয়াৰ চাৰিওফালে উদ্ভাৱন কৰাৰ ক্ষেত্ৰত ই কোনোতকৈ কম নহয়। ডিজিটেল ইণ্ডিয়াৰ অধীনত পৰিৱৰ্তনমূলক পদক্ষেপসমূহে শাসনত প্ৰয়োগ কৰিবলগা উদ্ভাৱনী মূলক ফিনটেক সমাধানৰ বাবে দুৱাৰ মুকলি কৰিছে। প্ৰধানমন্ত্ৰীয়ে এইবুলি গুৰুত্ব আৰোপ কৰে যে এতিয়া এই ফিনটেক পদক্ষেপসমূহক ফিনটেক বিপ্লৱলৈ ৰূপান্তৰিত কৰাৰ সময় আহি পৰিছে। "এক বিপ্লৱ যি দেশৰ প্ৰতিজন নাগৰিকৰ বিত্তীয় সৱলীকৰণ প্ৰাপ্ত কৰাত সহায় কৰে", তেওঁ কয়।

প্ৰযুক্তিয়ে কেনেদৰে বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰৱণতা দেখুৱাইছে সেই বিষয়ে বৰ্ণনা কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে ২০১৪ চনত বেংক একাউণ্ট থকা ৫০% তকৈও কম ভাৰতীয়ৰ পৰা আৰম্ভ কৰি ভাৰতে যোৱা ৭ বছৰত ৪৩০ নিযুত জন ধন একাউণ্টৰ সৈতে ইয়াক প্ৰায় সাৰ্বজনীন কৰি তুলিছে। তেওঁ যোৱা বছৰ ১.৩ বিলিয়ন লেনদেনৰ সৈতে ৬৯০ নিযুত ৰূপে’ কাৰ্ডৰ দৰে পদক্ষেপো তালিকাভুক্ত কৰিছিল; ইউ.পি.আই.-য়ে মাত্ৰ যোৱা মাহত প্ৰায় ৪.২ বিলিয়ন লেনদেন প্ৰক্ৰিয়া কৰণ সম্পন্ন কৰিছে; প্ৰতি মাহে জিএছটি পৰ্টেলত প্ৰায় ৩০০ নিযুত ইনভইচ আপলোড কৰা হয়; মহামাৰী হোৱা স্বত্বেও, প্ৰতিদিনে প্ৰায় ১.৫ নিযুত ৰেল টিকট অনলাইন বুক কৰা হৈছে; যোৱা বছৰ, ফাষ্টটেগত ১.৩ বিলিয়ন নিৰৱচ্ছিন্ন লেনদেন প্ৰক্ৰিয়া হৈছিল; প্ৰধানমন্ত্ৰী স্বনিধিয়ে সমগ্ৰ দেশৰ ক্ষুদ্ৰ বিক্ৰেতাসকলৰ বাবে ঋণ প্ৰাপ্ত কৰিবলৈ সক্ষম কৰিছে;  ই-ৰুপী-য়ে নিৰ্দিষ্ট সেৱাবোৰৰ লিকেজ অবিহনে লক্ষ্যযুক্ত বিতৰণ সক্ষম কৰি তুলিছে।

প্ৰধানমন্ত্ৰীয়ে বিত্তীয় অন্তৰ্ভুক্তিৰ গুৰুত্ব আৰোপ কৰি কয় যে ই হৈছে ফিনটেক বিপ্লৱৰ চালক। লগতে ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ফিনটেকে ৪টা স্তম্ভৰ ওপৰত নিৰ্ভৰ কৰি আছে: উপাৰ্জন, বিনিয়োগ, বীমা আৰু প্ৰতিষ্ঠানগত ঋণ। "যেতিয়া উপাৰ্জন বৃদ্ধি হয়, বিনিয়োগ সম্ভৱ হয়। বীমা কভাৰেজে অধিক বিপদাশংকা লোৱাৰ সামৰ্থ্য আৰু বিনিয়োগ সক্ষম কৰে। প্ৰাতিষ্ঠানিক ঋণে সম্প্ৰসাৰণৰ বাবে ডেউকা প্ৰদান কৰে। আৰু আমি এই প্ৰতিটো স্তম্ভৰ ওপৰত কাম কৰিছো। যেতিয়া এই সকলোবোৰ কাৰক একত্ৰিত হয়, আপুনি হঠাতে বিত্তীয় খণ্ডত অংশগ্ৰহণ কৰা আৰু বহুতো লোকক বিচাৰি পায়", প্ৰধানমন্ত্ৰীয়ে বৰ্ণনা কৰে।

প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ মাজত এই উদ্ভাৱনসমূহৰ ব্যাপক গ্ৰহণযোগ্যতাৰ পৰিপ্ৰেক্ষিতত ফিনটেকৰ ওপৰত বিশ্বাসৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সাধাৰণ ভাৰতীয়ই ডিজিটেল পৰিশোধ আৰু এনে প্ৰযুক্তিক গ্ৰহণ কৰি আমাৰ ফিনটেক পৰিস্থিতিতন্ত্ৰৰ ওপৰত অপৰিসীম বিশ্বাস দেখুৱাইছে। "এই বিশ্বাস এটা দায়িত্ব। বিশ্বাসৰ অৰ্থ হৈছে যে আপুনি নিশ্চিত কৰিব লাগিব যে মানুহৰ স্বাৰ্থ সুৰক্ষিত হয়। ফিনটেক সুৰক্ষা উদ্ভাৱন অবিহনে ফিনটেক উদ্ভাৱন অসম্পূৰ্ণ হ'ব", তেওঁ কয়।

ফ’ৰামৰ কাৰ্যসূচীত 'বিয়ণ্ড'ৰ বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিয়া হৈছে; ফিনটেককে ধৰি বিভিন্ন উপ-বিষয়বস্তুৰ সৈতে সীমাৰ বাহিৰত, চৰকাৰ আৰু ব্যৱসায়বোৰে বিত্তীয় সামগ্ৰিকতা বৃদ্ধিৰ বাবে বিশ্বব্যাপী স্তূপৰ বিকাশত ভৌগোলিক সীমাৰ বাহিৰত গুৰুত্ব আৰোপ কৰে; ফিনটেক বিত্তৰ বাহিৰত, বহনক্ষম বিকাশৰ বাবে স্পেচটেক, গ্ৰীণটেক আৰু এগ্ৰিটেকৰ দৰে উদীয়মান ক্ষেত্ৰৰ সৈতে একত্ৰিত হৈ; আৰু ফিনটেক বিয়ণ্ড নেক্সট, ভৱিষ্যতে কোৱাণ্টাম কম্পিউটিংয়ে কেনেদৰে ফিনটেক উদ্যোগৰ প্ৰকৃতি প্ৰভাৱিত কৰিব পাৰে আৰু নতুন সুযোগৰ প্ৰচাৰ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

এই ফ’ৰামত ৭০ খনতকৈও অধিক দেশে অংশগ্ৰহণ কৰিছে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Infra spend up six-fold since 2014, crosses Rs 12 lakh crore: PM Modi

Media Coverage

Infra spend up six-fold since 2014, crosses Rs 12 lakh crore: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Shri Samrat Choudhary on taking oath as Chief Minister of Bihar
April 15, 2026
PM also congratulates, Shri Vijay Kumar Choudhary and Shri Bijendra Prasad Yadav on taking oath as Deputy Chief Minister of Bihar

The Prime Minister, Shri Narendra Modi, congratulated Shri Samrat Choudhary on taking oath as the Chief Minister of Bihar.

The Prime Minister said that Shri Samrat Choudhary’s energy, dedication to public service and grassroots experience will prove extremely beneficial for the state. He expressed confidence that under his able leadership, Bihar will touch new heights of all-round development while fulfilling the aspirations of the people.

The Prime Minister also congratulated Shri Vijay Kumar Choudhary and Shri Bijendra Prasad Yadav on taking oath as Deputy Chief Ministers of Bihar.

He expressed confidence that their grassroots experience and commitment towards public welfare will give a new direction and momentum to Bihar’s development, and that the state will set new benchmarks in good governance, transparency and public welfare.

The Prime Minister wrote on X;

“बिहार के मुख्यमंत्री के रूप में शपथ लेने पर सम्राट चौधरी जी को बहुत-बहुत बधाई और ढेरों शुभकामनाएं! उनकी ऊर्जा, जनसेवा के प्रति समर्पण और जमीनी अनुभव राज्य के लिए बेहद उपयोगी साबित होने वाला है। मुझे पूर्ण विश्वास है कि उनके कुशल नेतृत्व में जनता-जनार्दन की आकांक्षाओं को पूरा करते हुए बिहार चौतरफा विकास की नई ऊंचाइयों को छुएगा।

@samrat4bjp”

“बिहार के उप मुख्यमंत्री के रूप में शपथ लेने वाले विजय कुमार चौधरी जी और बिजेंद्र प्रसाद यादव जी को हार्दिक बधाई और शुभकामनाएं! मुझे पूरा भरोसा है कि इनका जमीनी अनुभव और जनहित को लेकर प्रतिबद्धता बिहार के विकास को नई दिशा और गति देगी। इसके साथ ही राज्य सुशासन, पारदर्शिता और जनकल्याण के नित-नए मानक स्थापित करेगा।

@VijayKChy”