"পৰৱৰ্তী ২৫ বছৰত ‘বিকশিত ভাৰত’ৰ যাত্ৰাত বাতৰি কাকতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ’ব"
"যিখন দেশৰ নাগৰিকে তেওঁলোকৰ সামৰ্থ্যৰ ওপৰত আস্থা অৰ্জন কৰে তেওঁলোকে সফলতাৰ নতুন উচ্চতা স্পৰ্শ কৰিবলৈ আৰম্ভ কৰে। আজি ভাৰততো একেই ঘটনা ঘটিছে"
"আইএনএছ কেৱল ভাৰতৰ যাত্ৰাৰ উত্থান-পতনৰ সাক্ষীয়েই নহয়, বৰং ইয়াক নিৰ্বাহ কৰিছে আৰু জনসাধাৰণক অৱগত কৰিও আহিছে"।
"এখন দেশৰ গোলকীয় প্ৰতিচ্ছবিয়ে ইয়াৰ অৰ্থনীতিক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে। ভাৰতীয় প্ৰকাশনসমূহে তেওঁলোকৰ বিশ্বজোৰা উপস্থিতি সম্প্ৰসাৰিত কৰিব লাগে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ ‘বান্দ্ৰা কুৰ্লা কমপ্লেক্স’ৰ ‘জি-ব্লক’ত থকা ‘ভাৰতীয় বাতৰিকাকত সমাজ’ (আইএনএছ)ৰ সচিবালয়লৈ কৰা ভ্ৰমণসূচীৰ অংশ হিচাপে ‘আইএনএছ টাৱাৰ’ উদ্বোধন কৰে। নতুন ভৱনটোৱে মুম্বাইত এক আধুনিক আৰু দক্ষ কাৰ্যালয়ৰ স্থানৰ বাবে ‘আইএনএছ’-ৰ সদস্যসকলৰ বিকশিত প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু মুম্বাইৰ বাতৰি কাকত উদ্যোগৰ স্নায়ুকেন্দ্ৰ হিচাপে কাম কৰিব।

সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নতুন ‘টাৱাৰ’টোৰ উদ্বোধনৰ বাবে ভাৰতীয় বাতৰিকাকত সমাজৰ সকলো সদস্যক অভিনন্দন জ্ঞাপন কৰে আৰু আশা ব্যক্ত কৰে যে নতুন স্থানত কাম কৰাৰ স্বাচ্ছন্দ্যই ভাৰতৰ গণতন্ত্ৰক অধিক শক্তিশালী কৰিব। স্বাধীনতাৰ পূৰ্বেই ‘ভাৰতীয় বাতৰিকাকত সমাজ’ গঠন কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সংগঠনটোৱে কেৱল ভাৰতৰ যাত্ৰাৰ উত্থান-পতনৰ সাক্ষী হোৱাই নহয়, বৰং ইয়াক নিৰ্বাহ কৰিছে আৰু জনসাধাৰণক অৱগত কৰিও আহিছে। সেয়েহে, প্ৰধানমন্ত্ৰীয়ে কয়, সংগঠন হিচাপে ‘ভাৰতীয় বাতৰিকাকত সমাজ’ৰ কামৰ প্ৰভাৱ দেশত স্পষ্ট হ'ব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে সংবাদ মাধ্যম ৰাষ্ট্ৰসমূহৰ পৰিস্থিতিৰ মূক দৰ্শক নহয়, বৰঞ্চ সেইবোৰ সলনি কৰাত গুৰুত্বপূৰ্ণ ভূমিকাহে পালন কৰে। তেওঁ ‘বিকশিত ভাৰত’ৰ বাবে অহা ২৫ বছৰীয়া যাত্ৰাত বাতৰি কাকত আৰু আলোচনীসমূহৰ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ নাগৰিকসকলৰ অধিকাৰ আৰু সম্ভাৱনা সম্পৰ্কে সজাগতা সৃষ্টিত সংবাদ মাধ্যমৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰে। তেওঁ আত্মবিশ্বাসী নাগৰিকসকলে কিমান সফলতা অৰ্জন কৰিব পাৰে তাৰ উদাহৰণ হিচাপে ভাৰতত ‘ডিজিটেল লেনদেন’ৰ সফলতাৰ প্ৰসংগ উল্লেখ কৰে। তেওঁ কয় যে প্ৰধান ৰাষ্ট্ৰসমূহ ভাৰতৰ ‘ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি’ৰ প্ৰতি আগ্ৰহী। তেওঁ এই সফলতাবোৰত সংবাদ মাধ্যমৰ অংশীদাৰিত্ব স্বীকাৰ কৰে।

প্ৰধানমন্ত্ৰীয়ে গুৰুতৰ বিষয়সমূহৰ সন্দৰ্ভত চৰ্চা কৰি আলোচনাৰ পৰিৱেশ সৃষ্টিত সংবাদ মাধ্যমৰ স্বাভাৱিক ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ সংবাদ মাধ্যমৰ কাম-কাজত চৰকাৰী নীতিৰ প্ৰভাৱ সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে। তেওঁ ‘জন ধন যোজনা আন্দোলন’ আৰু বেংক ব্যৱস্থাৰ সৈতে প্ৰায় ৫০ কোটি লোকৰ জড়িতকৰণৰ জৰিয়তে বিত্তীয় অন্তৰ্ভুক্তি আৰু বেংক একাউণ্ট খোলাৰ উদাহৰণ দাঙি ধৰে। এই প্ৰকল্পটো ‘ডিজিটেল ইণ্ডিয়া’ত আটাইতকৈ ডাঙৰ সহায় আৰু দুৰ্নীতি নিয়ন্ত্ৰণৰ পদক্ষেপ আছিল, তেওঁ কয়। একেদৰে, প্ৰধানমন্ত্ৰীয়ে কয়, ‘স্বচ্ছ ভাৰত’ বা ‘ষ্টাৰ্টআপ ইণ্ডিয়া’ৰ দৰে পদক্ষেপ ভোট বেংকৰ ৰাজনীতিৰ দ্বাৰা প্ৰভাৱিত হোৱা নাই। তেওঁ এই আন্দোলনসমূহক ৰাষ্ট্ৰীয় আলোচনাৰ অংশ কৰি তোলাৰ বাবে সংবাদ মাধ্যমক প্ৰশংসা কৰে।

 

‘ভাৰতীয় বাতৰিকাকত সমাজ’-য়ে লোৱা সিদ্ধান্তসমূহে দেশৰ সংবাদ মাধ্যমক নিৰ্দেশনা প্ৰদান কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে চৰকাৰে আৰম্ভ কৰা যিকোনো অনুষ্ঠান চৰকাৰী অনুষ্ঠান হ'ব নোৱাৰে আৰু যিকোনো ধাৰণাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটোও কেৱল চৰকাৰৰ কাম নহ'বও পাৰে। তেওঁ ‘আজাদী কা অমৃত মহোৎসৱ’ আৰু ‘হৰ ঘৰ তিৰঙ্গা’ৰ দৰে অভিযানৰ উদাহৰণ দাঙি ধৰে, যিকেইটা কাৰ্যক্ৰম চৰকাৰে আৰম্ভ কৰিছিল কিন্তু সমগ্ৰ ৰাষ্ট্ৰই আগবঢ়াই লৈ গৈছিল। একেদৰে, প্ৰধানমন্ত্ৰীয়ে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে আৰোপ কৰা গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে, যিটো ৰাজনৈতিক বিষয়ৰ হোৱাৰ পৰিৱৰ্তে এক মানৱীয় বিষয় আছিল আৰু শেহতীয়াকৈ আৰম্ভ কৰা 'এক পেড় মা কে নাম' অভিযানৰ কথা উল্লেখ কৰে, যিটো প্ৰসংগক লৈ সমগ্ৰ বিশ্বতে আলোচনা হৈ আছে। প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰা ‘জি-৭ সন্মিলন’ৰ সময়ত বিশ্বৰ নেতাসকলেও এই কাৰ্যসূচীৰ প্ৰতি গভীৰ আগ্ৰহ দেখুৱাইছিল। তেওঁ সকলো সংবাদ গোষ্ঠীক যুৱ প্ৰজন্মৰ বাবে এক উন্নত ভৱিষ্যতৰ প্ৰৱণতা সৃষ্টিত যোগদান কৰিবলৈ আহ্বান জনায়।

তেওঁ লগতে কয়, "মই সংবাদ মাধ্যমসমূহক দেশৰ প্ৰতি এক প্ৰচেষ্টা হিচাপে এনে ধৰণৰ পদক্ষেপ আগবঢ়াবলৈ আহ্বান জনাইছো"। ভাৰতৰ সংবিধানৰ ৭৫ সংখ্যক বৰ্ষ উদযাপনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সংবিধানৰ প্ৰতি নাগৰিকসকলৰ কৰ্তব্যবোধ আৰু সজাগতা বৃদ্ধিত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে পৰ্যটনকো সকলোৰে দ্বাৰা ‘সামূহিক ব্ৰেণ্ডিং আৰু বিপণন’ৰ প্ৰয়োজন। তেওঁ পৰামৰ্শ দি কয় যে বাতৰি কাকতসমূহে একোখন নিৰ্দিষ্ট ৰাজ্যৰ পৰ্যটনৰ প্ৰচাৰৰ বাবে একোটা মাহ বাছনি কৰিব পাৰে। ই ৰাজ্যসমূহৰ মাজত পাৰস্পৰিক আগ্ৰহ বৃদ্ধি কৰিব।

প্ৰধানমন্ত্ৰীয়ে বাতৰি কাকতসমূহক তেওঁলোকৰ বিশ্বজোৰা উপস্থিতি সম্প্ৰসাৰণ কৰিবলৈ অনুৰোধ জনায়। অদূৰ ভৱিষ্যতে ‘তৃতীয় বৃহত্তম অৰ্থনীতি’ হোৱাৰ বাবে ভাৰতৰ পদযাত্ৰাৰ কথা দোহাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ সফলতাক বিশ্বৰ প্ৰতিটো কোণলৈ লৈ যোৱাটো হৈছে সংবাদ মাধ্যমৰ দায়িত্ব। "এখন দেশৰ গোলকীয় ভাবমূৰ্তিয়ে দেশখনৰ অৰ্থনীতিক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে", প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ লগতে ভাৰতৰ মৰ্যাদা বৃদ্ধিৰ সৈতে প্ৰবাসী ভাৰতীয়সকলৰ বৰ্ধিত গুৰুত্ব আৰু বিশ্বজোৰা প্ৰগতিত অৰিহণা যোগোৱাৰ বৰ্ধিত সামৰ্থ্যৰ কথাও উল্লেখ কৰে। তেওঁ ৰাষ্ট্ৰসংঘৰ সকলো ভাষাত ভাৰতীয় প্ৰকাশনৰ সম্প্ৰসাৰণ কামনা কৰে। এই প্ৰকাশনসমূহৰ ৱে’বছাইট, মাইক্ৰ'ছাইট বা ছ'চিয়েল মিডিয়া একাউণ্ট সেই ভাষাবোৰত হ'ব পাৰে, তেওঁ এনে প্ৰচেষ্টাত ‘এআই’-য়ে প্ৰদান কৰা স্বাচ্ছন্দ্য সংযুক্ত কৰাৰ পৰামৰ্শ দিয়ে।

 

ভাষণৰ সমাৰণি মাৰিবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে সংবাদ মাধ্যমসমূহক প্ৰকাশনৰ ‘ডিজিটেল সংস্কৰণ’ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়, কিয়নো মুদ্ৰিত সংস্কৰণৰ তুলনাত এনে সংস্কৰণৰ স্থানৰ কোনো সীমাবদ্ধতা নাথাকে। তেওঁ আজি দিয়া পৰামৰ্শসমূহ বিবেচনা কৰাৰো আহ্বান জনায়। "মই নিশ্চিত যে আপোনালোক সকলোৱে এই পৰামৰ্শসমূহ বিবেচনা কৰিব, নতুন পৰীক্ষা-নিৰীক্ষা কৰিব আৰু ভাৰতৰ গণতন্ত্ৰ শক্তিশালী কৰিব। আপোনালোকে যিমানে শক্তিশালী ভাৱে কাম কৰিব, দেশখনেও সিমানেই উন্নতি কৰিব", তেওঁ সামৰণি মাৰে।

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ শ্বিন্দে, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফড়নৱিশ আৰু শ্ৰী অজিত পাৱাৰ আৰু ‘ভাৰতীয় বাতৰিকাকত সমাজ’ৰ সভাপতি শ্ৰী ৰাকেশ শৰ্মা অনুষ্ঠানটোত উপস্থিত আছিল।     

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian youth are at the forefront of tech-led growth, innovation: PM Modi

Media Coverage

Indian youth are at the forefront of tech-led growth, innovation: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi arrives in Slovakia
June 15, 2026

PM Modi arrived in Bratislava, Slovakia, marking an important milestone in India-Slovakia relations. He was warmly welcomed upon arrival..

The visit provides an opportunity to further deepen bilateral ties between India and Slovakia and explore new avenues of cooperation across key sectors. It also reflects the growing engagement between the two countries and their shared commitment to strengthening the partnership for mutual growth and development.

During the visit, PM Modi will hold meetings with President Peter Pellegrini and PM Robert Fico to review and discuss ways to further expand collaborations.