ইণ্ডিয়া ম’বাইল কংগ্ৰেছ আৰু টেলিকম খণ্ডত দেশৰ সফলতাই আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ শক্তিক প্ৰতিফলিত কৰেঃ প্ৰধানমন্ত্ৰী
এসময়ত ২জিৰ সংযোগৰ বাবে সংগ্ৰাম কৰা দেশখনৰ প্ৰায় প্ৰতিখন জিলাতে আজি ৫জি আছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে ইয়াৰ মেড ইন ইণ্ডিয়া ৪জি ষ্টেক মুকলি কৰিছে, এয়া দেশৰ বাবে এক গুৰুত্বপূৰ্ণ থলুৱা সাফল্য, ইয়াৰ লগে লগে ভাৰতে এই সামৰ্থ্য থকা বিশ্বৰ মাত্ৰ পাঁচখন দেশৰ ভিতৰত অন্যতম হৈ উঠিছেঃ প্ৰধানমন্ত্ৰী
সম্প্ৰতি আমাৰ বিশ্বৰ দ্বিতীয় বৃহৎ টেলিকম বজাৰ, দ্বিতীয় বৃহৎ ৫জি বজাৰ, নেতৃত্ব দিবলৈ জনবল, গতিশীলতা আৰু মানসিকতা আছেঃ প্ৰধানমন্ত্ৰী
ভাৰতত ডিজিটেল সংযোগ এতিয়া কোনো বিশেষ সুবিধা বা বিলাসিতা হৈ থকা নাই, ই এতিয়া প্ৰতিজন ভাৰতীয়ৰ জীৱনৰ এক অবিচ্ছেদ্য অংগঃ প্ৰধানমন্ত্ৰী
বিনিয়োগ, উদ্ভাৱন আৰু ভাৰতত নিৰ্মাণ কৰাৰ এয়াই আটাইতকৈ উপযুক্ত সময়! : প্রধানমন্ত্রী
প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে এনে গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত দাঙি ধৰা উপস্থাপনৰ সাক্ষী হোৱাটোৱে ভাৰতৰ প্ৰযুক্তিগত উজ্জ্বল ভৱিষ্যত প্ৰতিফলিত কৰে। তেওঁ এই অনুষ্ঠান আৰু নতুন পদক্ষেপসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত এছিয়াৰ সৰ্ববৃহৎ টেলিকম, মিডিয়া আৰু প্ৰযুক্তি অনুষ্ঠান ইণ্ডিয়া ম’বাইল কংগ্ৰেছ (আই. এম. চি.) ২০২৫-ৰ নৱম সংস্কৰণ উদ্বোধন কৰে। ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ বিশেষ সংস্কৰণলৈ সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিত্তীয় জালিয়াতি প্ৰতিৰোধ, কোৱাণ্টাম কমিউনিকেশ্যন, ৫জি, অপ্টিকেল কমিউনিকেশ্যন আৰু ছেমিকণ্ডাক্টৰকে ধৰি বহুতো গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত ষ্টাৰ্টআপসমূহে কৌশল প্ৰদৰ্শন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে এনে গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত দাঙি ধৰা উপস্থাপনৰ সাক্ষী হোৱাটোৱে ভাৰতৰ প্ৰযুক্তিগত উজ্জ্বল ভৱিষ্যত প্ৰতিফলিত কৰে। তেওঁ এই অনুষ্ঠান আৰু নতুন পদক্ষেপসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

 

ইণ্ডিয়া ম’বাইল কংগ্ৰেছ, মোবাইল আৰু টেলিকমৰ পৰিধি নেওচি বিকশিত হৈ কেইবছৰমানৰ ভিতৰতে এছিয়াৰ সৰ্ববৃহৎ ডিজিটেল প্ৰযুক্তি মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে যে এই সফলতাৰ কাহিনী কেনেকৈ লিখা হৈছিল আৰু কোনে ইয়াক চালিত কৰিছিল। তেওঁ দৃঢ়তাৰে কয় যে দেশৰ প্ৰতিভাৰ জৰিয়তে সবলীকৃত হৈ যুৱচামৰ নেতৃত্বত দেশৰ প্ৰযুক্তি-সচেতন মানসিকতাৰে এয়া গঠিত হৈছিল।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে উদ্ভাৱক আৰু ষ্টাৰ্টআপসমূহে এই বিকাশ ত্বৰান্বিত কৰাৰ লগতে দেশৰ সামৰ্থ্যৰ সৈতে দৃঢ়ভাৱে থিয় দিয়া চৰকাৰৰ জৰিয়তে এয়া সম্ভৱ হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে টেলিকম প্ৰযুক্তি উন্নয়ন পুঁজি আৰু ডিজিটেল কমিউনিকেচন উদ্ভাৱন স্কোৱেৰৰ দৰে পদক্ষেপৰ জৰিয়তে ষ্টাৰ্টআপসমূহক পুঁজি যোগান ধৰাৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে সামগ্ৰীৰ বিকাশৰ বাবে ৫জি, ৬জি, উন্নত অপ্টিকেল যোগাযোগ আৰু টেৰা-হাৰ্টজৰ দৰে প্ৰযুক্তিৰ বাবে পৰীক্ষামূলক বেডৰ বাবে বিত্তীয় সাহায্য আগবঢ়াই আছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ষ্টাৰ্টআপ আৰু প্ৰধান গৱেষণা প্ৰতিষ্ঠানসমূহৰ মাজত অংশীদাৰিত্বৰ সুবিধা প্ৰদান কৰা হৈছে। চৰকাৰী সমৰ্থনত ভাৰতীয় উদ্যোগ, ষ্টাৰ্টআপ আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহে বিভিন্ন খণ্ডত সহযোগিতা আগবঢ়াই আছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে থলুৱা প্ৰযুক্তিৰ বিকাশ আৰু পৰিসৰ বৃদ্ধি, গৱেষণা আৰু উন্নয়নৰ জৰিয়তে বৌদ্ধিক সম্পত্তি সৃষ্টি তথা আন্তৰ্জাতিক মানত অৰিহণা যোগোৱাকে ধৰি প্ৰতিটো দিশত অগ্ৰগতি লাভ কৰিছে। তেওঁ লগতে কয় যে এই প্ৰচেষ্টাসমূহে ভাৰতক আন্তৰ্জাতিক পৰ্যায়ত এক সফল মঞ্চ হিচাপে প্ৰতিষ্ঠিত কৰিছে।

 

প্ৰযুক্তিগতভাৱে উন্নত সামগ্ৰী উৎপাদন কৰাৰ ভাৰতৰ সামৰ্থ্যৰ ওপৰত সন্দেহ কৰা সংশয়বাদীসকলে এসময়ত 'মেক ইন ইণ্ডিয়া' ৰ ধাৰণাক উপহাস কৰাৰ বিষয়ে সুঁৱৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ শাসনকালত নতুন প্ৰযুক্তি আঁকোৱালি লোৱাৰ ক্ষেত্ৰত দশক দশক ধৰি হোৱা বিলম্বৰ কথা উল্লেখ কৰি এইদৰে আশ্চৰ্য প্ৰকাশ কৰে, "ইণ্ডিয়া ম’বাইল কংগ্ৰেছ আৰু টেলিকম খণ্ডত ভাৰতৰ সফলতাই আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ শক্তিক প্ৰতিফলিত কৰে"। ৰাষ্ট্ৰই নিৰ্ণায়কভাৱে সঁহাৰি জনোৱা বুলি শ্ৰীমোদীয়ে দৃঢ়তাৰে কয়। এসময়ত ২জি সংযোগৰ বাবে সংগ্ৰাম কৰা দেশখনৰ এতিয়া প্ৰায় প্ৰতিখন জিলাতে ৫জি সংযোগ আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ২০১৪ চনৰ পৰা ইলেক্ট্ৰনিকছ উৎপাদন ৬ গুণ আৰু মোবাইল ফোন নিৰ্মাণ ২৮ গুণ বৃদ্ধি হোৱাৰ উপৰি ইয়াৰ ৰপ্তানি ১২৭ গুণ বৃদ্ধি হৈছে। যোৱা দশকত, মোবাইল ফোন নিৰ্মাণ খণ্ডত লাখ লাখ প্ৰত্যক্ষ নিয়োগৰ সুবিধা সৃষ্টি হৈছে। এটা আগশাৰীৰ স্মাৰ্টফোন কোম্পানীৰ শেহতীয়া তথ্যৰ উদ্ধৃতি দি তেওঁ কয় যে ৪৫টা ভাৰতীয় প্ৰতিষ্ঠানে এতিয়া ইয়াৰ যোগান শৃংখলৰ অংশ হৈ মাত্ৰ এটা প্ৰতিষ্ঠানৰ পৰা প্ৰায় ৩.৫ লাখ নিয়োগৰ সুবিধা সৃষ্টি কৰিছে। সমগ্ৰ দেশতে অসংখ্য কোম্পানীয়ে বৃহৎ পৰিমাণে উৎপাদন কৰি আছে বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পৰোক্ষ সুযোগ সৃষ্টি হলে নিয়োগৰ সংখ্যা আৰু অধিক গুৰুত্বপূৰ্ণ হৈ উঠে।

 

শেহতীয়াকৈ মেড-ইন-ইণ্ডিয়া ৪জি ষ্টেক মুকলি কৰাৰ জৰিয়তে ভাৰতে এক গুৰুত্বপূৰ্ণ থলুৱা সফলতা লাভ কৰিছে আৰু ইয়াৰ জৰিয়তে দেশখনে সম্প্ৰতি এই সামৰ্থ্য থকা বিশ্বৰ  পাঁচখন দেশৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে ডিজিটেল আত্মনিৰ্ভৰশীলতা আৰু প্ৰযুক্তিগত স্বাধীনতাৰ দিশত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে। থলুৱা ৪জি আৰু ৫জি ষ্টেকৰ জৰিয়তে ভাৰতে কেৱল নিৰবিচ্ছিন্ন সংযোগ নিশ্চিত কৰাই নহয় বৰঞ্চ ইয়াৰ নাগৰিকসকলক তীব্ৰ গতিৰ ইণ্টাৰনেট আৰু নিৰ্ভৰযোগ্য সেৱাও প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

৪জি ষ্টেক মুকলিৰ দিনা দেশজুৰি একে সময়তে প্ৰায় এক লাখ ৪জি টাৱাৰ সক্ৰিয় হোৱা বুলি প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে ইয়াৰ জৰিয়তে দুই কোটিৰো অধিক লোক ভাৰতৰ ডিজিটেল আন্দোলনৰ অংশ হ'বলৈ সক্ষম হৈছে। ইয়াৰে বহুতো অঞ্চল পূৰ্বে দুৰ্গম হিচাপে খ্যাত আছিল তথা ডিজিটেল সংযোগৰ ক্ষেত্ৰত পিছ পৰি আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ইণ্টাৰনেটৰ সুবিধাই সম্প্ৰতি এনে সকলো অঞ্চল স্পৰ্শ কৰিছে। ভাৰতৰ মেড-ইন-ইণ্ডিয়া ৪জি ষ্টেকৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হিচাপে ইয়াৰ ৰপ্তানিৰ প্ৰস্তুতি সন্দৰ্ভত শ্ৰীমোদীয়ে আলোকপাত কৰে। এই থলুৱা ষ্টেক ভাৰতৰ ব্যৱসায়িক প্ৰসাৰৰ বাবে এক মাধ্যম হিচাপে পৰিগণিত হব বুলি আশা প্ৰকাশ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে 'ভাৰত ৬জি ভিজন ২০৩০'ত উপনীত হোৱাৰ পথ সুগম হৈ উঠিব।

 

যোৱা দশকত ভাৰতৰ প্ৰযুক্তি বিপ্লৱ দ্ৰুতগতিত আগবঢ়াৰ লগতে এই গতি আৰু পৰিসৰৰ সৈতে খাপ খোৱাকৈ দীৰ্ঘদিন ধৰি এক শক্তিশালী আইনী তথা আধুনিক নীতিৰ ভেটিৰ প্ৰয়োজন আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত দূৰসংযোগ আইন প্ৰণয়নৰ প্ৰসংগ উল্লেখ কৰে। বৰ্তমানৰ বহু নাগৰিকৰ জন্মৰ পূৰ্বৰ পুৰণি ভাৰতীয় টেলিগ্ৰাফ আইন তথা ভাৰতীয় বেতাঁৰ টেলিগ্ৰাফ আইনৰ ঠাইত এই আইন প্ৰণয়ন কৰা হৈছে।

 

শ্ৰী মোদীয়ে একবিংশ শতিকাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এক নতুন পৰিকাঠামো স্থাপনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে চৰকাৰে সফলতাৰে এয়া ৰূপায়ণ কৰিছে। নতুন আইনখনে নিয়ন্ত্ৰক হিচাপে নহয় বৰঞ্চ সুবিধা প্ৰদানকাৰী হিচাপে কাম কৰে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ইয়াৰ জৰিয়তে অনুমোদন সহজ হৈ উঠাৰ লগতে ৰাইট-অৱ-ৱে অনুমতি এতিয়া অধিক দ্ৰুতগতিত প্ৰদান কৰা হৈছে। ফলস্বৰূপে, ফাইবাৰ আৰু টাৱাৰ নেটৱৰ্কৰ সম্প্ৰসাৰণ ত্বৰান্বিত হোৱাৰ লগে লগে ব্যৱসায়িক সূচলতা বৃদ্ধি, বিনিয়োগ উৎসাহিত হোৱাৰ উপৰি উদ্যোগসমূহে দীৰ্ঘম্যাদী পৰিকল্পনা কৰিবলৈ সক্ষম হৈ উঠিছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে দেশত চাইবাৰ সুৰক্ষাক সমান অগ্ৰাধিকাৰ দিয়া হৈছে। তেওঁ কয় যে চাইবাৰ জালিয়াতিৰ বিৰুদ্ধে আইন কঠোৰতম কৰা হৈছে, দায়বদ্ধতা বৃদ্ধি কৰা হৈছে আৰু অভিযোগ নিষ্পত্তি ব্যৱস্থাৰ বিকাশ কৰা হৈছে। উদ্যোগ আৰু গ্ৰাহক উভয়ে এই পদক্ষেপসমূহৰ জৰিয়তে যথেষ্ট লাভান্বিত হোৱা বুলি তেওঁ মন্তব্য কৰে।

 

বিশ্বই ভাৰতৰ সম্ভাৱনাক ক্ৰমান্বয়ে স্বীকৃতি দি থকাৰ ওপৰত গুৰুত্ব দি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰত বিশ্বৰ দ্বিতীয় বৃহৎ টেলিকম বজাৰ আৰু দ্বিতীয় বৃহৎ ৫জি বজাৰ হিচাপে পৰিগণিত হৈছে। বজাৰৰ শক্তিৰ লগতে ভাৰতৰ জনবল, গতিশীলতা আৰু এক প্ৰগতিশীল মানসিকতা আছে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে যেতিয়া জনবলৰ কথা আহে, ভাৰতে পৰিসৰ আৰু দক্ষতা দুয়োটা প্ৰদৰ্শন কৰে। তেওঁ উল্লেখ কৰে যে ভাৰত হৈছে বিশ্বৰ সৰ্ববৃহৎ যুৱ জনসংখ্যাৰ আবাসভূমি, আৰু এই প্ৰজন্ম ব্যাপক পৰিমাণে প্ৰশিক্ষিত হৈ আছে। ভাৰতত সম্প্ৰতি বিশ্বৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা বিকাশশীল জনসংখ্যা আছে বুলি তেওঁ মত প্ৰকাশ কৰে।

ভাৰতত এক জিবি বেতাঁৰ ডাটাৰ মূল্য এতিয়া একাপ চাহৰ মূল্যতকৈও কম বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে প্ৰতিজন ব্যৱহাৰকাৰীৰ ডাটা ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰত আগশাৰীৰ দেশসমূহৰ ভিতৰত স্থান লাভ কৰিছে। ডিজিটেল সংযোগ এতিয়া বিশেষ সুবিধা বা বিলাসিতা নহয় বৰঞ্চ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ উঠাটো ইয়াৰ জৰিয়তে প্ৰতিফলিত হৈছে।

 

দেশৰ গণতান্ত্ৰিক ব্যৱস্থা, চৰকাৰৰ আদৰণীয় দৃষ্টিভংগী আৰু ব্যৱসায়িক সূচলতাৰ নীতিয়ে ভাৰতক বিনিয়োগকাৰীৰ বাবে অনুকূল গন্তব্যস্থান হিচাপে প্ৰতিষ্ঠা কৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে উদ্যোগ আৰু বিনিয়োগ সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব দিয়া মানসিকতাৰে ভাৰত আগবাঢ়ি আছে। তেওঁ ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ সফলতাক চৰকাৰৰ ডিজিটেলক অগ্ৰাধিকাৰ দিয়া মানসিকতাৰ প্ৰমাণ হিচাপে উল্লেখ কৰে। সম্পূৰ্ণ আত্মবিশ্বাসৰে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে, "ভাৰতত বিনিয়োগ, উদ্ভাৱন আৰু নিৰ্মাণৰ বাবে এয়াই সৰ্বশ্ৰেষ্ঠ সময়!" তেওঁ দৃঢ়তাৰে কয় যে নিৰ্মাণৰ পৰা ছেমিকণ্ডাক্টৰ খণ্ডলৈ, মোবাইলৰ পৰা ইলেক্ট্ৰনিকছলৈ আৰু বিভিন্ন খণ্ডৰ ষ্টাৰ্টআপসমূহলৈকে, ভাৰত সম্ভাৱনা আৰু শক্তিৰে ভৰি উঠিছে।

 

লালকিল্লাৰ পৰা তেওঁৰ শেহতীয়া স্বাধীনতা দিৱসৰ ভাষণত তেওঁ চলিত বছৰক এক গুৰুত্বপূৰ্ণ সংস্কাৰ আৰু পৰিৱৰ্তনশীল হিচাপে ঘোষণা কৰাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সংস্কাৰৰ গতি ত্বৰান্বিত হোৱাৰ ফলত উদ্যোগ আৰু উদ্ভাৱকসকলৰ দায়িত্ব বৃদ্ধি হৈছে। তেওঁ গতি আৰু শংকা গ্ৰহণৰ সামৰ্থ্যৰ জৰিয়তে নতুন পথ আৰু সুযোগ সৃষ্টি কৰা ষ্টাৰ্টআপ আৰু যুৱ উদ্ভাৱকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চলিত বছৰৰ ইণ্ডিয়া ম’বাইল কংগ্ৰেছলৈ ৫০০ৰো অধিক ষ্টাৰ্টআপক আমন্ত্ৰণ জনাই তেওঁলোকক বিনিয়োগকাৰী আৰু গোলকীয় পৰামৰ্শদাতাসকলৰ সৈতে সংযোগ স্থাপনৰ মূল্যৱান সুযোগ প্ৰদান কৰাৰ সন্দৰ্ভত তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।

 

এটা বিশেষ খণ্ডৰ সম্প্ৰসাৰণত খণ্ডটোৰ প্ৰতিষ্ঠিত কৰ্ণধাৰসকলে বিকশিত ভূমিকা পালন কৰি আছে বুলি পুনৰ দোহাৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই কৰ্ণধাৰসকলে শক্তিশালী গৱেষণা আৰু উন্নয়নৰ সামৰ্থ্যৰ সহায়ত ৰাষ্ট্ৰৰ অৰ্থনীতিক আগুৱাই নিয়াৰ বাবে স্থিৰতা, পৰিসৰ আৰু নিৰ্দেশনা প্ৰদান কৰে। "ষ্টাৰ্টআপসমূহৰ গতি আৰু একেলগে কাম কৰা প্ৰতিষ্ঠিত কৰ্ণধাৰসকলৰ ব্যক্তিৰ জৰিয়তে ভাৰত শক্তিশালী হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।

উদ্যোগটোৰ ভিতৰত কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত যুৱ ষ্টাৰ্টআপ উদ্ভাৱক, শিক্ষাবিদ, গৱেষণা সম্প্ৰদায় আৰু নীতি নিৰ্ধাৰকসকলৰ সহযোগিতামূলক প্ৰচেষ্টাৰ প্ৰয়োজন বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ দৰে মঞ্চসমূহে এনে আলোচনাৰ বাবে ফলপ্ৰসূ মঞ্চ হিচাপে কাম কৰিব। তেওঁ মোবাইল, টেলিকম, ইলেক্ট্ৰনিকছ আৰু বিস্তৃত প্ৰযুক্তি পৰিস্থিতিতন্ত্ৰত আন্তৰ্জাতিক যোগান শৃংখলাত হোৱা ব্যাঘাতৰ প্ৰতি মনোযোগ দিবলৈ আহ্বান জনাই কয় যে গোলকীয় বাধাসমূহৰ বিপৰীতে বিশ্বক সমাধান প্ৰদান কৰিবলৈ ভাৰতৰ সুযোগ আছে। শ্ৰী মোদীয়ে ছেমিকণ্ডাক্টৰ খণ্ডৰ উদাহৰণ দাঙি ধৰি কয় যে এই খণ্ডত পূৰ্বতে কেইখনমান দেশতহে সামৰ্থ্যতা কেন্দ্ৰীভূত হৈ আছিল আৰু বিশ্বই এতিয়া বিচিত্ৰতা বিচাৰিছে। সমগ্ৰ দেশতে দহটা ছেমিকণ্ডাক্টৰ নিৰ্মাণ ইউনিটৰ কাম চলি থকা বুলি সদৰি কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে এই দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ইলেক্ট্ৰনিকছ নিৰ্মাণৰ ক্ষেত্ৰত আন্তৰ্জাতিক প্ৰতিষ্ঠানসমূহে পৰিসৰ আৰু নিৰ্ভৰযোগ্যতা দুয়োটাই প্ৰদান কৰিব পৰা বিশ্বস্ত অংশীদাৰ বিচাৰিছে। টেলিকম নেটৱৰ্ক সঁজুলিৰ শৈলী প্ৰস্তুত তথা নিৰ্মাণৰ বাবেও বিশ্বক নিৰ্ভৰযোগ্য অংশীদাৰৰ প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁ এটা আকৰ্ষণীয় প্ৰশ্ন উত্থাপন কৰে-ভাৰতীয় প্ৰতিষ্ঠানসমূহ কিয় নিৰ্ভৰযোগ্য গোলকীয় যোগানকাৰী আৰু শৈলী প্ৰস্তুত খণ্ডৰ অংশীদাৰ হ’ব নোৱাৰে?

 

মোবাইল নিৰ্মাণৰ প্ৰসংগত চিপছেট, বেটাৰী, ডিছপ্লে আৰু ছেন্সৰৰ দৰে আহিলাসমূহৰ  উৎপাদন দেশৰ ভিতৰতে ক্ৰমান্বয়ে বৃদ্ধি কৰিব লাগিব। তেওঁ উল্লেখ কৰে যে বিশ্বই পূৰ্বতকৈ অধিক তথ্য উৎপাদন কৰি থকাৰ ফলত সংৰক্ষণ, সুৰক্ষা আৰু সাৰ্বভৌমত্বৰ বিষয়বোৰ অতি গুৰুত্বপূৰ্ণ হৈ উঠিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে ডাটা চেণ্টাৰ আৰু ক্লাউড আন্তঃগাঁথনিৰ ওপৰত কাম আগবঢ়াই নিয়াৰ জৰিয়তে ভাৰতে বিশ্বৰ ডাটা হাব হিচাপে আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা আছে। আগন্তুক অধিৱেশনসমূহ একেই দৃষ্টিভংগী তথা মনোযোগৰে অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণৰ সামৰণি মাৰে। তেওঁ আকৌ এবাৰ সমগ্ৰ ইণ্ডিয়া ম’বাইল কংগ্ৰেছ কাৰ্যসূচীৰ সকলো অংশগ্ৰহণকাৰীক শুভেচ্ছা জ্ঞাপন কৰে।

 

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ড0 চন্দ্ৰ শেখৰ পেম্মাসানীকে ধৰি অন্যান্য গণ্যমান্য ব্যক্তিসকল অনুষ্ঠানত উপস্থিত থাকে।

পটভূমি

দূৰসংযোগ বিভাগ (ডিঅ’টি) আৰু চেলুলাৰ অপাৰেটৰ এছ’চিয়েশ্যন অৱ ইণ্ডিয়া (চিঅ’এআই)ৰ দ্বাৰা যুটীয়াভাৱে আয়োজিত ইণ্ডিয়া ম’বাইল কংগ্ৰেছ (আইএমচি) ২০২৫ "উদ্ভাৱনৰ পৰা পৰিৱৰ্তন" বিষয়বস্তুৰ আধাৰত  ডিজিটেল ৰূপান্তৰ আৰু সামাজিক প্ৰগতিৰ হকে উদ্ভাৱনৰ সুবিধা লোৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰি ৮ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ অনুষ্ঠিত হ’ব।

 

আই. এম. চি. ২০২৫-এ টেলিকম আৰু উদীয়মান প্ৰযুক্তিৰ শেহতীয়া অগ্ৰগতি প্ৰদৰ্শন কৰাৰ লগতে আন্তৰ্জাতিক নেতা, নীতি নিৰ্ধাৰক, উদ্যোগ বিশেষজ্ঞ আৰু উদ্ভাৱকসকলক একত্ৰিত কৰিব। এই অনুষ্ঠানত পৰৱৰ্তী প্ৰজন্মৰ সংযোগ, ডিজিটেল সাৰ্বভৌমত্ব, চাইবাৰ জালিয়াতি প্ৰতিৰোধ আৰু বিশ্ব প্ৰযুক্তিৰ নেতৃত্বৰ ক্ষেত্ৰত ভাৰতৰ কৌশলগত অগ্ৰাধিকাৰসমূহ প্ৰতিফলিত কৰা অপ্টিকেল কমিউনিকেচন, টেলিকমত ছেমিকণ্ডাক্টৰ, কোৱাণ্টাম কমিউনিকেচন, ৬জি, আৰু ফ্ৰাড ৰিস্ক ইণ্ডিকেটাৰকে ধৰি মূল বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়া হ’ব।

১৫০খনৰো অধিক দেশৰ পৰা ১৫ লাখতকৈও অধিক দৰ্শনাৰ্থী, ৭,০০০ৰো অধিক আন্তৰ্জাতিক প্ৰতিনিধি আৰু ৪০০ৰো অধিক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ৫জি/৬জি, কৃত্ৰিম বুদ্ধিমত্তা, স্মাৰ্ট গতিশীলতা, চাইবাৰ সুৰক্ষা, কোৱাণ্টাম কম্পিউটিং, আৰু সেউজ প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত ১৬০০ৰো অধিক নতুন ব্যৱহাৰৰ ক্ষেত্ৰ ১০০ৰো অধিক অধিৱেশন আৰু ৮০০ৰো অধিক বক্তাৰ জৰিয়তে প্ৰদৰ্শন কৰা হ'ব।

এই অনুষ্ঠানত জাপান, কানাডা, যুক্তৰাজ্য, ৰাছিয়া, আয়াৰলেণ্ড আৰু অষ্ট্ৰিয়াৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰাৰ লগতে আই. এম. চি. ২০২৫-এ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Semiconductor companies under ISM to invest ₹31,299 crore by FY27

Media Coverage

Semiconductor companies under ISM to invest ₹31,299 crore by FY27
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM shares a Sanskrit Subhashitam highlighting that Nari Shakti is the cornerstone of nation-building and the true embodiment of power
June 12, 2026

Prime Minister Shri Narendra Modi today stated that over the last 12 years, the Government has worked to further women-led development, which is visible across sectors. He noted that from financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science, and governance, women are playing a prominent role across diverse fields.

Shri Modi emphasized that the efforts of the Government are rooted in dignity, opportunity, and empowerment, pointing out that they have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

The Prime Minister expressed particular happiness in seeing India’s Nari Shakti make a mark in sectors like science, space, and innovation. He highlighted that their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming the development landscape across the nation.

Shri Modi shared that the Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

Sharing a Sanskrit Subhashitam, the Prime Minister stated that India's Nari Shakti is the cornerstone of nation-building. He observed that today, our mothers, sisters, and daughters are increasing the pride of Maa Bharati with their amazing talent and skills in every field.

In a series of posts on X, the Prime Minister shared:

"Over the last 12 years, the NDA Government has worked to further women-led development. And, this is visible across sectors.
From financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science and governance, women are playing a prominent role across diverse sectors.

The efforts of the NDA Government are rooted in dignity, opportunity and empowerment. They have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

#12YearsOfNariShakti “

“ I am particularly happy to see India’s Nari Shakti make a mark in sectors like science, space and innovation. Their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming development landscape across the nation. Our Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

#12YearsOfNariShakti “ 

“ भारत की नारीशक्ति राष्ट्र निर्माण की आधारशिला है। हमारी माताएं, बहनें और बेटियां आज हर क्षेत्र में अपनी अद्भुत प्रतिभा और कौशल से मां भारती का गौरव बढ़ा रही हैं।

नारी त्रैलोक्यजननी
नारी त्रैलोक्यरूपिणी।
नारी त्रिभुवनाधारा
नारी शक्तिस्वरूपिणी॥

#12YearsOfNariShakti"

Woman is the mother of the three worlds. She is the very expression of all the three realms. She is the foundation of the entire universe, and she is the true embodiment of power.