India's Energy Plan aims to ensure energy justice: PM
We plan to achieve ‘One Nation One Gas Grid’ & shift towards gas-based economy: PM
A self-reliant India will be a force multiplier for the global economy and energy security is at the core of these efforts: PM

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে চতুর্থ ইণ্ডিয়া এনার্জি ফ’ৰাম চেৰাউইকত উদ্বোধনী ভাষণ আগবঢ়ায়৷ চলিত বৰ্ষৰ এই ফ’ৰামৰ বিষয় “পৰিৱর্তনশীল বিশ্বত ভাৰতত ইন্ধনৰ ভৱিষ্যৎ।”

এই উপলক্ষে প্ৰধানমন্ত্রীয়ে কয় যে ভাৰত শক্তিৰে পৰিপূৰ্ণ৷ ভাৰতৰ ইন্ধনৰ ভৱিষ্যৎ উজ্জ্বল আৰু সুৰক্ষিত। তেওঁ লগতে কয় যে ইন্ধনৰ ক্ষেত্রত বহু প্ৰত্যাহ্বানে দেখা দিছে। ইন্ধনৰ চাহিদা এক তৃতীয়াংশ হ্ৰাস পাইছে। বিশ্বত বৰ্তমান মূল্যৰ অস্থিৰতাই দেখা দিছে। ইয়াৰ ফলত বিনিয়োগৰ সিদ্ধান্তত প্ৰভাৱ পৰিছে। আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পসমূহৰ ক্ষেত্রত অহা কেইটামান বছৰত বিশ্বজুৰি ইন্ধনৰ চাহিদাৰ ক্ষেত্রত বিৰূপ প্ৰতিক্রিয়াই দেখা দিব৷ কিন্তু ভাৰতৰ ক্ষেত্রত এই সংস্থাসমূহে যি পূর্বাভাস দিছে, তাৰ জৰিয়তে ইন্ধন ব্যৱহাৰৰ ক্ষেত্রত ভাৰত অগ্ৰণী উপভোক্তা হৈ পৰিছে। ভাৰতত দীর্ঘম্যাদী ভিত্তিত ইন্ধনৰ ব্যৱহাৰ প্রায় দুগুণ হোৱা দিশে অগ্ৰসৰ হৈছে।

প্ৰধানমন্ত্রীয়ে কয় যে বিমান পৰিবহণৰ ক্ষেত্রত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম দেশ আৰু দেশৰ অভ্যন্তৰত বিমান পৰিবহণৰ বজাৰৰ দ্রুত সম্প্ৰসাৰণ হৈছে৷ বর্তমান ৬০০খন ভাৰতীয় বিমানৰ পৰা ২০২৪ চনত ১২০০লৈ বৃদ্ধিৰ সম্ভাৱনা আছে৷

প্ৰধানমন্ত্রীয়ে কয় যে ভাৰতে বিশ্বাস কৰে যে ইন্ধন খণ্ড নির্ভৰশীল আৰু নিজৰ আয়ত্বত থকা উচিত৷ আর্থ-সামাজিক পৰিৱর্তনৰ পৰিপ্ৰেক্ষিতত এয়া অতি গুৰুত্বপূর্ণ হৈ পৰিছে৷ জনসাধাৰণে ইন্ধনৰ ক্ষেত্রত সৱল হোৱাৰ লগতে সহজ জীৱনযাত্রাৰ দিশত আৰু অধিক আগুৱাই যাব৷ এই সন্দৰ্ভত তেওঁ চৰকাৰৰ বিভিন্ন প্ৰচেষ্টাৰ কথা উল্লেখ কৰে কয় যে এইবোৰে ভাৰতৰ গ্রামাঞ্চল, মধ্যবিত্ত শ্রেণীৰ লোকসকলৰ লগতে মহিলাসকলক সুবিধা প্ৰদান কৰিব৷

প্ৰধানমন্ত্রীয়ে কয় যে ভাৰতৰ ইন্ধন পৰিকল্পনাই শক্তি খণ্ডত সমতা নিশ্চিত কৰে। এই ক্ষেত্রত বহনক্ষম উন্নয়নৰ বাবে আমাৰ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত প্ৰতিশ্ৰুতি সুনিশ্চিত কৰা হৈছে। অর্থাৎ অধিক ইন্ধনৰ জৰিয়তে ভাৰতীয়সকলৰ জীৱনযাত্রা উন্নত কৰা হৈছে। কিন্তু কার্বন নিগৰ্মণ হ্ৰাস পাব৷ এই প্ৰসংগত তেওঁ কয় যে ভাৰতৰ ইন্ধন খণ্ড উন্নয়নকেন্দ্রিক, উদ্যোগ অনুকূল আৰু পৰিৱেশৰ প্ৰতি সচেতন। সেয়েহে নৱীকৰণযোগ্য ইন্ধনৰ উৎসৰ বিষয়ত ভাৰত আটাইতকৈ সক্রিয় ৰাষ্ট্ৰ৷

প্ৰধানমন্ত্রীয়ে এই সন্দৰ্ভত ভাৰতৰ বিভিন্ন প্ৰচেষ্টাৰ কথা সদৰি কৰে৷ এইবোৰৰ ফলত পৰিৱেশ অনুকূল ইন্ধনৰ ক্ষেত্রত ভাৰত আকর্ষণীয় গন্তব্য স্থান পৰিণত হৈছে। বিগত ৬ বছৰত ১.১০ কোটি স্মার্ট এলইডি ষ্ট্ৰীট লাইট সংস্থাপন কৰা হৈছে আৰু ৩৬ কোটিৰো অধিক এলইডি বাল্ব বিতৰণ কৰা হৈছে। এলইডি বাল্বসমূহৰ দাম দহ শতাংশ হ্ৰাস কৰা হৈছে। তেওঁ জনায় যে ইয়াৰ জৰিয়তে প্রায় ৬ হাজাৰ কোটি ইউনিট বিদ্যুৎ ৰাহি হৈছে। এই কর্মসূচীৰ জৰিয়তে বছৰত ৪.৫০ কোটি টন কার্বন ডাই অক্সাইডৰ নিগৰ্মণ হ্ৰাস পাইছে। তাৰ ফলত গ্রীণ হাউচ গেছৰ নিগৰ্মণ হ্ৰাস পাইছে। এইবোৰৰ জৰিয়তে আমি বছৰত ২৪ হাজাৰ কোটি টকা ৰাহি কৰিব পাৰিছো৷

প্ৰধানমন্ত্রীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় সমূদায়ৰ প্ৰতি ভাৰত দায়বদ্ধ। তেওঁ কয় যে ২০২২ চনৰ ভিতৰত নৱীকৰণযোগ্য ইন্ধন উৎপাদনৰ ক্ষমতা ১৭৫ গিগাৱাট কৰাৰ পৰিকল্পনা কৰা হৈছে। ২০৩০ চনৰ ভিতৰত এই ক্ষমতা ৪৫০ গিগাৱাট বৃদ্ধি কৰা হ’ব। বিশ্বৰ উন্নত দেশসমূহৰ তুলনাত ভাৰতত যথেষ্ট কম কার্বন নিগৰ্মণ হয়। ইয়াৰ লগে লগে জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে আমাৰ যুঁজো আমি অব্যাহত ৰাখিম৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত ৬ বছৰত ভাৰতত সংস্কাৰৰ কাম দ্রুত গতিত চলিছে। ইন্ধন ক্ষেত্রত বহু যুগান্তকাৰী সংস্কাৰ সাধন কৰা হৈছে। ২০১৯ৰ ফেব্ৰুৱাৰীত উত্তোলন আৰু অনুজ্ঞা নীতিৰ ক্ষেত্রত সংস্কাৰ সাধন কৰা হৈছে। ৰাজহৰ পৰিৱর্তে উৎপাদন বৃদ্ধিৰ ক্ষেত্রত গুৰুত্ব দিয়া হৈছে। এই ক্ষেত্রত আৰু স্বচ্ছ আৰু পদ্ধতিগত দিশৰ সংস্কাৰৰ ওপৰত জোৰ দিয়া হৈছে। শোধনাগাৰৰ ক্ষমতা ২,৫০০ৰ পৰা বৃদ্ধি কৰি ২০২৫ চনৰ ভিতৰত বছৰি ৪,০০০ লাখ মেট্রিকটন কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে। চৰকাৰে দেশত গেছৰ উৎপাদন বৃদ্ধিৰ সিদ্ধান্ত লৈছে। আমি “এক দেশ, এক গেছ গ্রিড” গঢ়া লক্ষ্যৰে আগুৱাই গৈছো৷ যাৰ জৰিয়তে গেছ ভিত্তিক অর্থনীতিৰ দিশত ভাৰত আগুৱাই গৈছে৷

প্ৰধানমন্ত্রীয়ে এই সন্দৰ্ভত সংশ্লিষ্ট সমূদায়ৰ প্ৰতি অনুৰোধ জনাই কয় যে অপৰিশোধিত তেলৰ দাম আৰু যুক্তপূৰ্ণ হোৱা প্ৰয়োজন। তেল আৰু গেছ খণ্ডত স্বচ্ছ আৰু নমনীয় বজাৰ গঢ়ি তোলাৰ বাবে একেলগে কাম কৰিব লাগিব। তেওঁ কয় যে প্রাকৃতিক গেছৰ উৎপাদন বৃদ্ধিৰ প্ৰচেষ্টা লোৱা হৈছে। বজাৰত গেছৰ মূল্যৰ সমতা স্থাপনৰ বাবে এই মাহত প্রাকৃতিক গেছ বিপণন সংস্কাৰ কর্মসূচী ঘোষণা কৰা হৈছে। ইয়াৰ ফলত ই-নিলামৰ জৰিয়তে প্রাকৃতিক গেছ বিক্রীৰ ক্ষেত্রত আৰু অধিক স্বাধীনতা লাভ কৰিব৷ এই বছৰৰ জুন মাহত ভাৰতৰ প্ৰথম স্বয়ংক্রিয় ৰাষ্ট্ৰীয় স্তৰত গেছ ব্যৱসাৰ মঞ্চৰ শুভাৰম্ভ কৰা হৈছে। গেছৰ বজাৰ দৰ নির্ধাৰণৰ বাবে ইয়াৰ ফলত সাধাৰণ এক পদ্ধতি অনুসৰণ কৰা হ’ব।

প্ৰধানমন্ত্রীয়ে কয় যে দেশে আত্মনির্ভৰ ভাৰতৰ দিশে আগুৱাই গৈছে। তেওঁ কয় যে আত্মনির্ভৰ ভাৰতে আন্তঃৰাষ্ট্ৰীয় অর্থনীতিৰ ক্ষেত্রত গতিৰ সঞ্চাৰ কৰিব৷ ইন্ধনৰ সুৰক্ষাৰ বিষয়টো এই প্ৰচেষ্টাৰ অন্তৰ্গত৷ ভাৰতৰ এই প্ৰচেষ্টাৰ ইতিবাচক ফল পোৱা গৈছে৷ এই সংকটৰ সময়ত ভাৰতত তেল আৰু গেছৰ যোগান শৃংখলত বিনিয়োগ বৃদ্ধি পাইছে। অন্য ক্ষেত্ৰসমূহতো একেই লক্ষণ পৰিস্ফূট হৈছে৷ তেওঁ লগতে কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইন্ধন সংস্থাসমূহৰ সৈতে কৌশলগত আৰু সর্বাংগীন এক প্ৰচেষ্টা গ্ৰহণ কৰিছে। প্ৰতিৱেশী ৰাষ্ট্ৰসমূহৰ পাৰস্পৰিক সুবিধাৰ কথা বিবেচনা কৰি প্ৰতিৱেশী প্ৰথম নীতি অনুসৰণেৰে ইন্ধন কৰিড’ৰ গঢ়ি তোলা হৈছে।

প্ৰধানমন্ত্রীয়ে কয় যে সূর্যৰ পোহৰে মানৱ জাতিৰ প্ৰগতিক যেনেকৈ আৰু উজ্জল কৰি তোলে, যিদৰে সূর্য দেৱতাৰ ৰথ সাতটা ঘোৰাই চলাই, ভাৰতৰ ইন্ধনৰ পৰিকল্পনাতো সেইদৰে সাতটা গুৰুত্বপূর্ণ উপাদান আছে। সেইবোৰ হৈছে-

১) গেছভিত্তিক অর্থনীতিৰ দিশত অগ্ৰগতিৰ বাবে আমাৰ প্ৰচেষ্টাৱলী ত্বৰান্বিত কৰা

২) মূলতঃ পেট্র’লিয়াম আৰু কয়লাকে ধৰি জীৱাশ্ম ইন্ধনৰ পৰিৱেশ অনুকূল ব্যৱহাৰ

৩) জৈৱ ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি দেশীয় সম্পদৰ ওপৰত আৰু অধিক নির্ভৰ কৰা

৪) ২০৩০ চনৰ ভিতৰত ৪৫০ গিগাৱাট নৱীকৰণযোগ্য ইন্ধনৰ লক্ষ্যত উপনীত হোৱা

৫) কার্বন মুক্ত পৰিৱহণ ব্যৱস্থাৰ দিশত আগুৱাই যোৱাৰ বাবে বিদ্যুতৰ ব্যৱহাৰ বৃদ্ধি কৰা

৬) হাইড্র’জেনকে ধৰি নতুন নতুন ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি কৰা

৭) সকলো ইন্ধনৰ ব্যৱস্থাক ডিজিটেল উদ্ভাৱন পদ্ধতিৰ আওতালৈ অনা৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত ৬ বছৰ ধৰি ইন্ধন নীতিৰ এই বিষয়সমূহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে।

প্ৰধানমন্ত্রীয়ে কয় যে ভাৰত এনার্জি ফ’ৰাম – চেৰাউইকে উদ্যোগ, চৰকাৰ আৰু সমাজৰ মাজত এক গুৰুত্বপূর্ণ মঞ্চ গঢ় দিব৷ এই সন্মিলনত আৰু উন্নত ইন্ধনৰ ভৱিষ্যতৰ দিশত ফলপ্ৰসূ আলোচনা হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt

Media Coverage

UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister visits Pahadpur village in Odisha with President of India, Smt. Droupadi Murmu on her birthday
June 20, 2026

The Prime Minister, Shri Narendra Modi, said that he was honoured to be in Pahadpur village in Odisha with President of India, Smt. Droupadi Murmu on her birthday.

The Prime Minister noted that Pahadpur is the President’s village and said that the work done by her is truly inspiring.

Shri Modi prayed for the President’s long and healthy life.

The Prime Minister wrote on X;

“Honoured to be in Pahadpur village, Odisha with Rashtrapati Ji and that too on her birthday. This is her village and the work that she has done is truly inspiring.

Praying for her long and healthy life.

@rashtrapatibhvn”