স্কুল অৱ আল্টিমেট লিডাৰশ্বিপে (ছউল) এনে নেতা গঠন কৰিব যিসকলে ৰাষ্ট্ৰীয় আৰু গোলকীয়ভাৱে সফল হব : প্ৰধানমন্ত্ৰী
আজি ভাৰতে বিশ্ব শক্তি কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছেঃ প্ৰধানমন্ত্ৰী
ভৱিষ্যতৰ নেতৃত্বত, ছউলৰ উদ্দেশ্য হ’ব লাগে বিকশিত ভাৰত নিৰ্মাণৰ বাবে প্ৰতিটো খণ্ডত দৃঢ়তা আৰু উৎসাহ দুয়োটা গঢ়ি তোলাঃ প্ৰধানমন্ত্ৰী
ছউলৰ সকলো অংশীদাৰক শুভেচ্ছা জনাই শ্ৰী মোদীয়ে ঘোষণা কৰে যে অদূৰ ভৱিষ্যতে গুজৰাটৰ জি আই এফ টি চিটিৰ ওচৰত ছউলৰ এক নতুন, বিশাল চৌহদ সাজু হব।
তেওঁ কয় যে এয়া মাত্ৰ আৰম্ভণি আৰু ছউল-এ নেতৃত্বৰ বিকাশৰ বাবে বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান হোৱাৰ লক্ষ্য ৰাখিব লাগিব।
তেওঁ আস্থা প্ৰকাশ কৰে যে প্ৰতিষ্ঠানটোৱে এনে নেতা প্ৰস্তুত কৰিব যি প্ৰতিকূল পৰিৱৰ্তনৰ মাজত কাম কৰিবলৈ সাজু।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত স্কুল অৱ আলটিমেট লিডাৰশ্বিপ (ছউল) সন্মিলন ২০২৫ৰ প্ৰথম সংস্কৰণ উদ্বোধন কৰে। ইয়াত উপস্থিত থকা বিশিষ্ট নেতা আৰু ভৱিষ্যতৰ উদীয়মান যুৱ নেতাসকলক আদৰণি জনাই শ্ৰী মোদীয়ে মন্তব্য কৰে যে কিছুমান অনুষ্ঠান অতি ভাল লগা আৰু আজি এনে এক অনুষ্ঠান আছিল। "ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সুনাগৰিকৰ বিকাশ প্ৰয়োজনীয়, প্ৰতিখন ক্ষেত্ৰতে উৎকৃষ্ট নেতাৰ বিকাশ প্ৰয়োজনীয়", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেওঁ মন্তব্য কৰে যে প্ৰতিটো খণ্ডত উৎকৃষ্ট নেতাক গঢ় দিয়াটো জৰুৰী, যিটো সময়ৰ প্ৰয়োজন। সেয়েহে, তেওঁ এই কথাত আলোকপাত কৰি কয় যে স্কুল অৱ আলটিমেট লিডাৰশ্বিপ বিকশিত ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। ছউল কেৱল সংস্থাটোৰ নামত নহয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে ছউল হব ভাৰতৰ সামাজিক জীৱনৰ আত্মা। তেওঁ লগতে কয় যে আন এক অৰ্থত, ছউলে আধ্যাত্মিক অভিজ্ঞতাৰ গুৰুত্বও সুন্দৰভাৱে দাঙি ধৰে। ছউলৰ সকলো অংশীদাৰক শুভেচ্ছা জনাই শ্ৰী মোদীয়ে ঘোষণা কৰে যে অদূৰ ভৱিষ্যতে গুজৰাটৰ জি আই এফ টি চিটিৰ ওচৰত ছউলৰ এক নতুন, বিশাল চৌহদ সাজু হব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি যেতিয়া ছউল-এ ইয়াৰ যাত্ৰাৰ প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছে, ভাৰতে প্ৰতিষ্ঠানসমূহৰ ভৱিষ্যত গঠনত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা মনত ৰাখিব লাগিব। স্বামী বিবেকানন্দৰ উদ্ধৃতি দি শ্ৰী মোদীয়ে কয় যে দূৰদৃষ্টিসম্পন্ন নেতাজনে সদায় ভাৰতক দাসত্বৰ শিকলিৰ পৰা মুক্ত কৰি মাত্ৰ ১০০ জন কাৰ্যকৰী আৰু দক্ষ নেতাৰ সহায়ত ইয়াক ৰূপান্তৰ কৰিব বিচাৰিছিল। তেওঁ মন্তব্য কৰে যে দেশখনে একে উৎসাহেৰে আগবাঢ়ি যাব লাগিব। প্ৰতিজন নাগৰিকে একবিংশ শতিকাৰ বিকশিত ভাৰতৰ সপোন পূৰণৰ বাবে দিন-ৰাতি কাম কৰি থকাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে ১৪০  কোটি জনসংখ্যাৰ এখন দেশৰ সকলো ক্ষেত্ৰতে ভাল নেতৃত্বৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ আশা প্ৰকাশ কৰে যে স্কুল অৱ আলটিমেট লিডাৰশ্বিপে এনে নেতা সৃষ্টি কৰিব যিয়ে ৰাজনীতিৰ ক্ষেত্ৰকে ধৰি সমগ্ৰ বিশ্বতে এক চিহ্ন ৰাখিব। প্ৰধানমন্ত্ৰীয়ে মানৱ আৰু প্ৰাকৃতিক সম্পদ উভয়ৰে গুৰুত্বপূৰ্ণ ভূমিকা আৰু যিকোনো ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত এইবোৰৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰে। তেওঁ লগতে এটা উদাহৰণ উল্লেখ কৰি দেখুৱায় যে কেনেদৰে পৰ্যাপ্ত প্ৰাকৃতিক সম্পদৰ অভাৱ সত্ত্বেও মানৱ মূলধনৰ দ্বাৰা পৰিচালিত নেতৃত্বৰ বাবে গুজৰাট এখন শীৰ্ষ ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ লগতে কয়, "মানৱ সম্পদৰ অসীম সম্ভাৱনা আছে।" তেওঁ কয় যে একবিংশ শতিকাত উদ্ভাৱন আৰু দক্ষতাৰ পথ প্ৰদৰ্শনৰ বাবে সক্ষম সম্পদৰ প্ৰয়োজন। তেওঁ বিভিন্ন খণ্ডত দক্ষতাৰ বৰ্ধিত গুৰুত্বৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে লগতে নতুন দক্ষতা আহৰণৰ বাবে নেতৃত্বৰ বিকাশৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাক বৈজ্ঞানিক আৰু গঠনমূলক দৃষ্টিভংগীৰ জৰিয়তে অনুসৰণ কৰিব লাগিব। এই প্ৰক্ৰিয়াত ছউলৰ দৰে প্ৰতিষ্ঠানসমূহে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দি প্ৰধানমন্ত্ৰীয়ে এই কথা জানি আনন্দ প্ৰকাশ কৰে যে ই ইতিমধ্যে এই দিশত কাম আৰম্ভ কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে ৰাজ্যিক শিক্ষা সচিব, ৰাজ্যিক প্ৰকল্প সঞ্চালক আৰু অন্যান্য বিষয়াসকলৰ বাবে কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। ইয়াৰ উপৰি, গুজৰাটত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ বাবে এক নেতৃত্ব বিকাশ শিবিৰৰ আয়োজন কৰা হৈছে। তেওঁ কয় যে এয়া মাত্ৰ আৰম্ভণি আৰু ছউল-এ নেতৃত্বৰ বিকাশৰ বাবে বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান হোৱাৰ লক্ষ্য ৰাখিব লাগিব।

"ভাৰত এক বিশ্ব শক্তি কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে", এই কথাত প্ৰধানমন্ত্ৰীগৰাকীয়ে জোৰ দিয়ে। তেওঁ মন্তব্য কৰে যে সকলো ক্ষেত্ৰতে এই গতি আৰু উন্নয়ন বৃদ্ধিৰ বাবে বিশ্বমানৰ নেতা আৰু আন্তঃৰাষ্ট্ৰীয় নেতৃত্বৰ প্ৰয়োজন। ছউলৰ দৰে নেতৃত্ব প্ৰতিষ্ঠানসমূহৰ পৰিস্থিতি পৰিৱৰ্তনকাৰী হোৱাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে এনে আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহ কেৱল এটা বিকল্প নহয়, বৰঞ্চ এক প্ৰয়োজনীয়তা। "বিশ্ব পৰ্যায়ত ৰাষ্ট্ৰৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি গোলকীয় জটিলতা আৰু প্ৰয়োজনীয়তাৰ সমাধান বিচাৰি উলিয়াব পৰা উদ্যমী নেতাসকলৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰয়োজন আছে", শ্ৰী মোদীয়ে উল্লেখ কৰে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে এই নেতাসকলৰ এক গোলকীয় দৃষ্টিভংগী থাকিব লাগে কিন্তু স্থানীয় মানসিকতা বৰ্তাই ৰাখিব লাগে। তেওঁ ভাৰতীয় মন আৰু আন্তঃৰাষ্ট্ৰীয় মানসিকতা দুয়োটাকে বুজি পোৱা আৰু কৌশলগত সিদ্ধান্ত গ্ৰহণ, সংকট ব্যৱস্থাপনা আৰু ভৱিষ্যতৰ চিন্তাধাৰাৰ বাবে সাজু থকা ব্যক্তিসকলক প্ৰস্তুত কৰাৰ গুৰুত্বৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আন্তঃৰাষ্ট্ৰীয় বজাৰ আৰু গোলকীয় প্ৰতিষ্ঠানসমূহৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক গতিশীলতাক বুজি পোৱা নেতাসকলৰ প্ৰয়োজন। তেওঁ লগতে কয় যে ছউলৰ ভূমিকা হৈছে এনে নেতাসকলক বৃহৎ পৰিসৰ আৰু সম্ভাৱনাৰ সৈতে উচ্চ আশাৰে প্ৰস্তুত কৰা।

 

শ্ৰী মোদীয়ে সকলোকে এই কথা মনত ৰাখিবলৈ পৰামৰ্শ দিয়ে যে ভৱিষ্যতৰ নেতৃত্ব কেৱল ক্ষমতাতে সীমাবদ্ধ নাথাকিব, নেতৃত্বৰ ভূমিকাৰ বাবে উদ্ভাৱন আৰু প্ৰভাৱত সামৰ্থ্যৰ প্ৰয়োজন হব। তেওঁ এই প্ৰয়োজনীয়তা অনুসৰি দেশত ব্যক্তিসকলৰ উত্থানৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে। তেওঁ কয় যে ছউল-এ এই ব্যক্তিসকলৰ মাজত সমালোচনামূলক চিন্তাধাৰা, বিপদাশংকা গ্ৰহণ আৰু সমাধান-চালিত মানসিকতাৰ বিকাশ সাধন কৰিব। তেওঁ আস্থা প্ৰকাশ কৰে যে প্ৰতিষ্ঠানটোৱে এনে নেতা প্ৰস্তুত কৰিব যি প্ৰতিকূল পৰিৱৰ্তনৰ মাজত কাম কৰিবলৈ সাজু।

কেৱল অনুসৰণ কৰাৰ পৰিৱৰ্তে ধাৰা নিৰ্ধাৰণ কৰা নেতা সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে কূটনীতিৰ পৰা আৰম্ভ কৰি প্ৰযুক্তিৰ উদ্ভাৱনলৈকে বিভিন্ন খণ্ডত ভাৰতে নতুন নেতৃত্বৰ অগ্ৰগতি লাভ কৰাৰ লগে লগে দেশৰ প্ৰভাৱ বিভিন্ন খণ্ডত বহুগুণে বৃদ্ধি পাব। ভাৰতৰ সমগ্ৰ দৃষ্টিভংগী আৰু ভৱিষ্যত এক শক্তিশালী নেতৃত্ব প্ৰজন্মৰ ওপৰত নিৰ্ভৰশীল বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে স্থানীয় চিন্তাধাৰাৰ সৈতে গোলকীয় চিন্তাধাৰাক একত্ৰিত কৰি আগবাঢ়ি যোৱাত গুৰুত্ব আৰোপ কৰে। প্ৰশাসন আৰু নীতি নিৰ্ধাৰণক বিশ্বমানৰ কৰি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নীতি নিৰ্ধাৰক, আমোলাতন্ত্ৰ আৰু উদ্যোগীসকলে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ অনুশীলনসমূহক অন্তৰ্ভুক্ত কৰি নীতি প্ৰস্তুত কৰিলে এই লক্ষ্যত উপনীত হব পাৰি। এই ক্ষেত্ৰত ছউলৰ দৰে প্ৰতিষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ মন্তব্য কৰে।

বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে সকলো ক্ষেত্ৰতে দ্ৰুত প্ৰগতিৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰি শ্ৰী মোদীয়ে শাস্ত্ৰৰ উদ্ধৃতি দি কয় যে মানুহে মহান ব্যক্তিৰ আচৰণ অনুসৰণ কৰে। সেয়েহে, তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগী অনুসৰি নিজকে প্ৰতিফলিত আৰু পৰিচালনা কৰা নেতৃত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে ছউলৰ উদ্দেশ্য হব লাগে উন্নত ভাৰত গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় শক্তি আৰু মনোভাৱ জাগ্ৰত কৰা। তেওঁ লগতে আস্থা প্ৰকাশ কৰে যে শক্তিশালী নেতৃত্ব প্ৰতিষ্ঠা হোৱাৰ পিছত প্ৰয়োজনীয় পৰিৱৰ্তন আৰু সংস্কাৰ স্বাভাৱিকভাৱেই অনুসৰণ কৰা হব।

 

ৰাজহুৱা নীতি আৰু সামাজিক খণ্ডত শক্তি আৰু উদ্যম দুয়োটা বিকশিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে গভীৰ প্ৰযুক্তি, মহাকাশ, জৈৱ প্ৰযুক্তি আৰু নৱীকৰণযোগ্য শক্তিৰ দৰে উদীয়মান খণ্ডৰ বাবে নেতৃত্ব প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত মন্তব্য কৰে। তেওঁ ক্ৰীড়া, কৃষি, উৎপাদন আৰু সমাজ সেৱাৰ দৰে পৰম্পৰাগত খণ্ডৰ বাবে নেতৃত্ব সৃষ্টিৰ গুৰুত্বত আলোকপাত কৰে। তেওঁ গুৰুত্বসহকাৰে কয় যে ভাৰতে কেৱল সকলো ক্ষেত্ৰতে উৎকৃষ্টতা অৰ্জনৰ আকাংক্ষা কৰাই নহয়, ইয়াক প্ৰাপ্ত কৰাটোও দৰকাৰী। শ্ৰী মোদীয়ে মন্তব্য কৰে যে "ভাৰতক এনে নেতাসকলৰ প্ৰয়োজন যি বিশ্বৰ উৎকৃষ্টতাৰ নতুন প্ৰতিষ্ঠান বিকশিত কৰিব পাৰে"। তেওঁ কয় যে ভাৰতৰ ইতিহাস এনে প্ৰতিষ্ঠানসমূহৰ গৌৰৱোজ্জ্বল কাহিনীৰে ভৰি আছে আৰু সেই মনোভাব পুনৰুজ্জীৱিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত উপস্থিত থকা লোকসকলৰ ভিতৰত বহুতো সক্ষম ব্যক্তি আছে বুলি আশা প্ৰকাশ কৰি শ্ৰী মোদীয়ে কয় যে প্ৰতিষ্ঠানটো তেওঁলোকৰ সপোন আৰু দৃষ্টিভংগীৰ বাবে এটা পৰীক্ষাগাৰ হোৱা উচিত। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে আজি স্থাপন কৰা আধাৰশিলা ভৱিষ্যত প্ৰজন্মৰ বাবে গৌৰৱৰ উৎস হোৱা উচিত, যিসকলে এতিয়াৰ পৰা ২৫-৫০ বছৰ পিছত ইয়াক গৌৰৱেৰে স্মৰণ কৰিব। শ্ৰী মোদীয়ে প্ৰতিষ্ঠানটোৰ কোটি কোটি ভাৰতীয়ৰ আকাংক্ষা আৰু সপোনৰ বিষয়ে স্পষ্ট বুজাবুজি থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ মন্তব্য কৰিছিল যে প্ৰত্যাহ্বান আৰু সুযোগ দুয়োটাই উপস্থাপন কৰা খণ্ড আৰু কাৰকবোৰ ভালদৰে সংজ্ঞায়িত কৰা উচিত। "যেতিয়া আমি এক উমৈহতীয়া লক্ষ্য আৰু সামূহিক প্ৰচেষ্টাৰে আগবাঢ়ি যাওঁ, ফলাফলবোৰ অসাধাৰণ হয়", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেওঁ কয় যে এক অংশীদাৰী উদ্দেশ্যৰ দ্বাৰা সৃষ্টি হোৱা বান্ধোন তেজতকৈ অধিক শক্তিশালী, ই মনবোৰ একত্ৰিত কৰে, আৱেগক উজ্জীৱিত কৰে আৰু সময়ৰ পৰীক্ষাত থিয় দিয়ে। তেওঁ মন্তব্য কৰিছিল যে এক গুৰুত্বপূৰ্ণ উমৈহতীয়া লক্ষ্য আৰু উদ্দেশ্যই নেতৃত্ব আৰু দলীয় মনোভাৱৰ বিকাশ ঘটায়। তেওঁ উল্লেখ কৰিছিল যে ব্যক্তিসকলে নিজৰ সৰ্বশ্ৰেষ্ঠ সামৰ্থ্য প্ৰকাশ কৰি নিজৰ লক্ষ্যত নিজকে উৎসৰ্গিত কৰে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এক অংশীদাৰী উদ্দেশ্যই কেৱল ব্যক্তিৰ সৰ্বশ্ৰেষ্ঠখিনি প্ৰকাশ কৰাই নহয় বৰঞ্চ বৃহৎ উদ্দেশ্য অনুসৰি তেওঁলোকৰ সামৰ্থ্যও বৃদ্ধি কৰে। তেওঁ উল্লেখ কৰে যে এই প্ৰক্ৰিয়াটোৱে উচ্চ স্তৰত উপনীত হ "বলৈ প্ৰয়োজনীয় দক্ষতা আহৰণ কৰিবলৈ চেষ্টা কৰা নেতাসকলৰ বিকাশ ঘটায়।

শ্ৰী মোদীয়ে কয়, "এটা অংশীদাৰী উদ্দেশ্যই এক অভূতপূৰ্ব দলীয় মনোভাৱ গঢ়ি তোলে"। তেওঁ মন্তব্য কৰে যে যেতিয়া মানুহে এক অংশীদাৰী উদ্দেশ্যৰ সৈতে সহযোগী হিচাপে একেলগে খোজ কাঢ়ে, তেতিয়া এক শক্তিশালী বান্ধোন বিকশিত হয়। তেওঁ উল্লেখ কৰে যে দল গঠনৰ এই প্ৰক্ৰিয়াটোৱে নেতৃত্বৰো জন্ম দিয়ে। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ উদাহৰণক এক অংশীদাৰী উদ্দেশ্যৰ সৰ্বশ্ৰেষ্ঠ উদাহৰণ হিচাপে উল্লেখ কৰি ক যে ই কেৱল ৰাজনীতিতে নহয়, অন্যান্য ক্ষেত্ৰতো নেতা প্ৰস্তুত কৰিছিল। শ্ৰী মোদীয়ে স্বাধীনতা আন্দোলনৰ মনোভাৱ পুনৰুজ্জীৱিত কৰা আৰু আগবাঢ়ি যাবলৈ ইয়াৰ পৰা অনুপ্ৰেৰণা লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এটা সংস্কৃত শ্লোকৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে গুৰুত্বসহকাৰে কয় যে এনে কোনো শব্দ নাই যাক মন্ত্ৰলৈ ৰূপান্তৰ কৰিব নোৱাৰি, এনে কোনো ঔষধি নাই যি ঔষধ হব নোৱাৰে আৰু এনে কোনো ব্যক্তি নাই যি অক্ষম। তেওঁ লোকসকলক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আৰু পথ প্ৰদৰ্শন কৰিবলৈ এজন পৰিকল্পনাকাৰীৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে ছউল-এ এনে এজন পৰিকল্পনাকাৰীৰ ভূমিকা পালন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে অনুষ্ঠানত উপস্থিত থকা বহু নেতাই তেওঁলোকৰ নেতৃত্বৰ দক্ষতা শিকিছে আৰু সন্মান কৰিছে। তেওঁ বিকাশৰ বিভিন্ন স্তৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা এটা উদ্ধৃতি উল্লেখ কৰে- আত্ম-বিকাশৰ জৰিয়তে ব্যক্তিগত সফলতা, দলীয় বিকাশৰ জৰিয়তে সাংগঠনিক বিকাশ আৰু নেতৃত্ব বিকাশৰ জৰিয়তে বিস্ফোৰকৰ বিকাশ হয়। তেওঁ কয় যে এই নীতিসমূহে সদায়ে সকলোকে তেওঁলোকৰ কৰ্তব্য আৰু অৱদানৰ কথা মনত সোঁৱৰাব লাগে।

 

একবিংশ শতিকাৰ লগতে বিগত দশকত জন্মগ্ৰহণ কৰা যুৱক-যুৱতীসকলে গঠন কৰা দেশত এক নতুন সামাজিক ব্যৱস্থাৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে এই প্ৰজন্মই প্ৰকৃততে ভাৰতৰ প্ৰথম উন্নত প্ৰজন্ম হ'ব আৰু তেওঁলোকক "অমৃত পিৰী" বুলি উল্লেখ কৰে। নতুন প্ৰতিষ্ঠান ছউল-এ এই "অমৃত পিৰী"ৰ নেতৃত্ব প্ৰস্তুত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আস্থা প্ৰকাশ কৰি তেওঁ প্ৰতিষ্ঠানটোৰ সৈতে জড়িত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

 

অনুষ্ঠানত অন্যান্য গণ্যমান্য ব্যক্তিসকলৰ লগতে ভূটানৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত দাছো ছেৰিং টোবগে, ছউল বৰ্ডৰ অধ্যক্ষ শ্ৰী সুধীৰ মেহতা আৰু উপাধ্যক্ষ শ্ৰী হাসমুখ আধিয়া উপস্থিত আছিল আৰু মূল ভাষণ আগবঢ়াইছিল। শ্ৰী মোদীয়ে ভূটানৰ ৰজাৰ জন্মদিনৰ দৰে গুৰুত্বপূৰ্ণ দিনটোত অনুষ্ঠানত উপস্থিত থকাৰ বাবে ভূটানৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India identifies 102 GWp floating solar potential, eyes new push for reservoir-based projects

Media Coverage

India identifies 102 GWp floating solar potential, eyes new push for reservoir-based projects
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM chairs 11th Governing Council Meeting of NITI Aayog
June 11, 2026
Vision of Viksit Bharat should become the collective resolve of every State, district, block and village: PM
PM calls India's 70 crore youth its asset, urges States to transform this Demographic dividend into Development dividend
PM encourages States to create opportunities for youth and MSMEs and actively attract investments from countries with which India has signed FTAs
States to strengthen ODOP and leverage opportunities in defence manufacturing: PM
PM emphasizes that AI should be viewed as an opportunity and people should be equipped with future ready skills
PM highlights the need for coordinated efforts to address emerging social challenges such as drug abuse and cyber fraud
PM draws attention to concerns arising from El Niño and urges States to conserve water and promote natural farming
CMs/LGs/Administrators congratulate PM Modi on completing 12 years in office
States express solidarity with the Centre to withstand the global geo-political crisis and to strengthen India’s resilience
All States and 5 UTs attend meeting; first time when CMs of all 28 States participate
Theme of meeting : Inclusive Human Development for Viksit Bharat@2047

Prime Minister Shri Narendra Modi chaired the 11th Governing Council Meeting of NITI Aayog at Rashtrapati Bhavan Cultural Centre, New Delhi, earlier today. This year’s theme was Inclusive Human Development for Viksit Bharat@2047. It was attended by Chief Ministers, Lt. Governors and Administrators representing 28 States and 5 UTs. This was the first time when Chief Ministers of all 28 States participated in the Governing Council Meeting of NITI Aayog.

Prime Minister noted that at a time when many major economies are facing uncertainty and economic challenges, India’s growth story continues to inspire the world. He emphasized the need to further strengthen the nation’s resolve towards self-reliance and highlighted the importance of adopting and implementing global best practices, particularly in the renewable energy sector.

Underscoring the importance of cooperative federalism, Prime Minister stated that the Centre and the States must work together to achieve the goal of a Viksit Bharat. He stressed that the vision of Viksit Bharat should become the collective resolve of every State, district, block and village.

Highlighting the strength of India’s demographic profile, Prime Minister observed that the country’s youth constitute its greatest asset, with nearly 70 crore Indians below the age of 25 years. Calling this a demographic dividend, he urged States to focus on transforming it into a development dividend through education, skilling and capacity-building initiatives that prepare young people for future opportunities and challenges.

Referring to India’s recently concluded trade agreements with several countries, Prime Minister encouraged States to create opportunities for youth and MSMEs and to equip stakeholders to effectively leverage the benefits arising from these agreements. He also urged States to actively attract investments from partner countries.

Emphasizing women-led development, Prime Minister called upon States to work towards increasing the number of Lakhpati Didis from 3 crore to 6 crore and stressed the importance of ensuring a safe and secure environment for Nari Shakti.

Prime Minister urged States to focus on One District One Product (ODOP) initiatives and develop export-oriented strategies around it. He also identified defence manufacturing as an emerging sector where India is establishing a distinct identity and encouraged States to formulate policies to leverage the opportunities arising from its growth.

Prime Minister highlighted the need for coordinated efforts to address emerging social challenges such as drug abuse and cyber fraud through preventive measures, awareness campaigns and effective governance.

Prime Minister also drew attention to concerns arising from El Niño conditions and appealed to States to promote water conservation and encourage natural and organic farming practices. He noted that the purchase of 11 lakh tonnes of organic manure by farmers during the current Kharif season reflected growing confidence in sustainable agriculture.

Prime Minister emphasized the need to evaluate progress at the district level, particularly through aspirational district parameters. Prime Minister suggested that on similar lines, 100 districts should be identified in the field of agriculture to bring positive results. He urged the States to take lead in this pursuit so that a phenomenal change can be achieved through the aspirational approach.

Prime Minister emphasised the need for a monitoring framework and targeted 100-day and five-year goals towards achieving the vision of Viksit Bharat@2047.

Highlighting the importance of good governance, transparency, and infrastructure for attracting investment, he urged States to focus on branding, ease of doing business, and emerging opportunities in sectors such as data centres and artificial intelligence. He emphasized that AI should be viewed as an opportunity and called for greater efforts to equip people with the skills required for the future economy.

The Chief Ministers/Lt. Governors/Administrators congratulated Prime Minister Modi on completing 12 years in his office. They also expressed solidarity with the Centre to withstand the global geo-political crisis and to strengthen India’s resilience with respect to energy requirements, and sustain its growth trajectory.

Prime Minister noted that the discussions were constructive and reflected the aspirations, hopes, experiences, best practices, and challenges of the States. Prime Minister expressed his gratitude to all the CMs, LGs and Administrators for participating in the meeting and expressed confidence that Together, through cooperation, innovation, and a shared commitment to development, India can accelerate its journey towards a Viksit Bharat by 2047.