পাৰাদীপ শোধনাগাৰত ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ মনো ইথিলিন গ্লাইকল প্ৰকল্প উদ্বোধন
পাৰাদীপত ০.৬ এমএমটিপিএ এলপিজি আমদানিৰ সুবিধা আৰু পাৰাদীপৰপৰা হালদিয়ালৈ ৩৪৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰডাক্ট পাইপলাইন উদ্বোধন
আইআৰইএল(আই) লিমিটেডৰ ওড়িশা ছেণ্ডছ কমপ্লেক্সত ৫ এমএলডি ক্ষমতাসম্পন্ন সাগৰীয় পানী ডিচেলাইনেচন প্লান্ট উদ্বোধন
একাধিক ৰেল প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা
একাধিক পথ প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা
“আজিৰ প্ৰকল্পসমূহে দেশৰ পৰিৱৰ্তিত কৰ্ম সংস্কৃতিকে প্ৰদৰ্শন কৰিছে”
“আজি দেশত এখন চৰকাৰে বৰ্তমানৰ প্ৰয়োজনীয়তাৰ প্ৰতি সচেতন হৈ এখনি উন্নত ভাৰতৰ অংগীকাৰ গ্ৰহণেৰে ভৱিষ্যতৰ বাবে কাম কৰি আছে”
এই প্ৰকল্পসমূহ তেল আৰু গেছ, ৰেলৱে, পথ, পৰিবহণ আৰু ঘাইপথ তথা পাৰমাণৱিক শক্তিকে প্ৰমুখ্য কৰি একাধিক খণ্ডৰ সৈতে জড়িত।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ চণ্ডীখোলত ১৯,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। এই প্ৰকল্পসমূহ তেল আৰু গেছ, ৰেলৱে, পথ, পৰিবহণ আৰু ঘাইপথ তথা পাৰমাণৱিক শক্তিকে প্ৰমুখ্য কৰি একাধিক খণ্ডৰ সৈতে জড়িত।

ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভগৱান জগন্নাথ আৰু মা বীৰজাৰ আশীৰ্বাদত আজি জাজপুৰ আৰু ওড়িশাত উন্নয়নৰ এক নতুন ধাৰা ব’বলৈ আৰম্ভ কৰিছে। শ্ৰী বিজু পাটনায়কৰ জয়ন্তীৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰ আৰু ওড়িশাৰ প্ৰতি তেওঁৰ অতুলনীয় অৱদানৰ কথা স্মৰণ কৰে।

পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, পাৰমাণৱিক শক্তি, পথ, ৰেল আৰু যোগাযোগ খণ্ডত আজি প্ৰায় ২০ হাজাৰ কোটি টকা মূল্যৰ বিশাল উন্নয়ন প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন সম্পৰ্কে আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰদ্বাৰা অঞ্চলটোৰ উদ্যোগিক কাৰ্য্যকলাপৰ বৰ্ধন ঘটিব আৰু সৃষ্টি হ’ব নতুন নিয়োগৰ সুযোগ। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে তেখেতে ওড়িশাবাসীক অভিনন্দন জ্ঞাপন কৰে।

 

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰতৰ সংকল্পৰ বাবে কাম কৰাৰ সমান্তৰালকৈ ৰাষ্ট্ৰখনৰ বৰ্তমানৰ প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে পন্থা গ্ৰহণ কৰিছে বুলি কয়। তেখেতে শক্তি খণ্ডত পূবৰ ৰাজ্যসমূহৰ সামৰ্থ্য বৃদ্ধিৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। উৰ্জা গংগা যোজনাৰ অধীনত উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ আৰু ওড়িশাৰ পাঁচখন বৃহৎ ৰাজ্যত প্ৰাকৃতিক গেছৰ যোগানৰ বাবে বৃহৎ প্ৰকল্প অব্যাহত আছে। প্ৰধানমন্ত্ৰী মোদীয়ে ওড়িশাৰ পাৰাদীপৰপৰা পশ্চিম বংগৰ হালদিয়ালৈ ৩৪৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰডাক্ট পাইপলাইন উদ্বোধন কৰে। ইয়াৰ উপৰিও, তেখেতে পাৰাদীপ শোধনাগাৰত ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ মনো ইথিলিন গ্লাইকল প্ৰকল্প আৰু পাৰাদীপত ০.৬ এমএমটিপিএ এলপিজি আমদানিৰ সুবিধা উদ্বোধন কৰে যিয়ে পূব ভাৰতৰ পলিয়েষ্টাৰ উদ্যোগত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব। ইয়াৰদ্বাৰা ভদ্ৰক আৰু পাৰাদীপৰ বস্ত্ৰ প্ৰকল্পলৈয়ো কেঁচামাল যোগান ধৰা হ’ব।

আজিৰ এই অনুষ্ঠান দেশৰ পৰিৱৰ্তিত কৰ্ম-সংস্কৃতিৰ প্ৰতীক বুলি আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্নয়নমূলক প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিবলৈ কেতিয়াও আগ্ৰহ নকৰা পূৰ্বৰ চৰকাৰখনক সমালোচনা কৰে। তেখেতে কয় যে বৰ্তমানৰ চৰকাৰে সময়মতে প্ৰকল্পৰাজিৰ আধাৰশিলা স্থাপনেৰে সেইসমূহ প্ৰকল্প শুভাৰম্ভ কৰিছে। ২০১৪ৰ পিছত সম্পূর্ণ হোৱা উন্নয়নমূলক প্রকল্পসমূহৰ কথা উল্লেখেৰে প্রধানমন্ত্রীগৰাকীয়ে ২০০২ত আলোচনাৰ বিষয় হৈ পৰা পাৰাদীপ শোধনাগাৰৰ কথা উল্লেখ কৰে যাৰ ২০১৪ত বর্তমানৰ চৰকাৰখন ক্ষমতালৈ অহালৈকে কোনো কাম সম্পন্ন হোৱা নাছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে পূব ভাৰতৰ প্ৰচুৰ প্ৰাকৃতিক সম্পদৰাজিক কেন্দ্ৰীয় চৰকাৰে ওড়িশাৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰা বুলি উল্লেখেৰে গঞ্জাম জিলাৰ ডিচেলাইনেচন প্লান্টৰ কথা সদৰী কৰে যিয়ে প্ৰতিদিনে প্ৰায় ৫০ লাখ লিটাৰ লুণীয়া পানী পৰিশোধন কৰিব আৰু ইয়াক খোৱাৰ উপযোগী কৰি তুলিব।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ওড়িশাৰ আধুনিক যোগাযোগ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যাতে স্থানীয় সম্পদে ৰাজ্যখনৰ অৰ্থনীতিৰ বৰ্ধন ঘটায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিগত ১০ বছৰত ৩,০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ, ৰেল বাজেট ১২ গুণ বৃদ্ধি কৰা হৈছে। তেখেতে উল্লেখ কৰে যে ৰেল-ঘাইপথ-বন্দৰ সংযোগৰ অগ্ৰগতি সাধনৰ উদ্দেশ্যে জাজপুৰ, ভদ্ৰক, জগতসিংপুৰ, ময়ুৰভঞ্জ, খোৰদা, গঞ্জাম আৰু কেন্দুঝাৰত ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ কৰা হৈছে। তেখেতে কয় যে নতুন এংগুল চুকিন্দা ৰেল লাইনে কলিংগ নগৰ ঔদ্যোগিক এলেকাৰ উন্নয়নৰ বৰ্ধন ঘটাব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজু পাটনায়ক জীক জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে তেখেতৰ ভাষণৰ সামৰণি মাৰে আৰু আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে নাগৰিকসকলক অভিনন্দন জনায়।

এই কাৰ্য্যসূচীত ওড়িশাৰ ৰাজ্যপাল শ্ৰীযুত ৰঘুবৰ দাস, ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী নবীন পাটনায়ক আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

পটভূমি

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ আমদানি নিৰ্ভৰশীলতা হ্ৰাসত অধিক সহায় হোৱাকৈ পাৰাদীপ শোধনাগাৰত ভাৰতীয় তেল নিগম লিমিটেডৰ মনো ইথিলিন গ্লাইকল প্ৰকল্প উদ্বোধন কৰে। ইয়াৰ উপৰিও তেখেতে ওড়িশাৰ পাৰাদীপৰপৰা পশ্চিম বংগৰ হালদিয়ালৈকে ৩৪৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰডাক্ট পাইপলাইন উদ্বোধন কৰে। ভাৰতৰ পূব উপকূলৰ আমদানিৰ আন্তঃগাঁথনি বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে পাৰাদীপত ০.৬ এমএমটিপিএ এলপিজি আমদানিৰ সুবিধা উদ্বোধন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰলৈ ১৬২ কিলোমিটাৰ দৈৰ্ঘ্যৰ বনসাপানী - দৈটাৰী - টমকা - জাখাপুৰা ৰেল লাইন উৎসৰ্গা কৰে। ই কেৱল বৰ্তমানৰ যান-বাহন সুবিধাৰ ক্ষমতা বৃদ্ধিয়েই নহয়, বৰঞ্চ কেন্দুঝাৰ জিলাৰপৰা নিকটতম বন্দৰ আৰু তীখা উদ্যোগলৈ লো আৰু মেংগানিজ অক্সাইডৰ নিৰৱচ্ছিন্ন সৰবৰাহৰ সুবিধা প্ৰদানেৰে আঞ্চলিক অৰ্থনৈতিক বিকাশত যথেষ্ট অৰিহণা যোগাব। ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বৃদ্ধিৰ লক্ষ্যৰে কলিংগ নগৰত কনক’ৰ কন্টেইনাৰ ডিপো উদ্বোধন কৰা হয়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে আইআৰইএল (আই) লিমিটেডৰ ওড়িশা ছেণ্ডছ কমপ্লেক্সত ৫ এমএলডি ক্ষমতাসম্পন্ন সাগৰীয় পানী ডিচেলাইনেচন প্লান্টো উদ্বোধন কৰে। ভাৱা এটমিক ৰিচাৰ্চ চেন্টাৰৰদ্বাৰা বিকশিত এই থলুৱা ডিচেলাইনেচন প্ৰযুক্তিৰ ক্ষেত্ৰ প্ৰয়োগৰ অংশ হিচাপে এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Electric 2-wheelers make a mark in June, cross 10% market penetration

Media Coverage

Electric 2-wheelers make a mark in June, cross 10% market penetration
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasizing on respecting the diverse cultures of the world
June 29, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam:

“देशाचारान् समयाञ्जातिधर्मान् बुभूषते यस्तु परावरज्ञः।

स तत्र तत्राधिगतः सदैव महाजनस्याधिपत्यं करोति॥"

The Subhashitam emphasizes that respecting the diverse cultures of the world fosters a sense of trust and cooperation among people, and strengthens mutual understanding and brotherhood.

The Prime Minister wrote on X;

दुनिया की अलग-अलग संस्कृतियों का सम्मान करने से लोगों के बीच विश्वास और सहयोग की भावना बढ़ती है। इससे आपसी समझ और भाईचारा और मजबूत होता है।

देशाचारान् समयाञ्जातिधर्मान् बुभूषते यस्तु परावरज्ञः।

स तत्र तत्राधिगतः सदैव महाजनस्याधिपत्यं करोति॥