ৰাজকোট, বাথিন্দা, ৰায়বৰেলী, কল্যাণী আৰু মঙ্গলাগিৰিত পাঁচখ এইমছ দেশক উচৰ্গা কৰে
২৩ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ১১,৫০০ কোটি টকাৰো অধিক মূল্যৰ ২০০ ৰো অধিক স্বাস্থ্য সেৱা আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উচৰ্গা কৰে
পুনেত 'নিচাৰ্গ গ্ৰাম' শীৰ্ষক ৰাষ্ট্ৰীয় প্ৰাকৃতিক প্ৰতিষ্ঠান উদ্বোধন কৰে
প্ৰায় ২২৮০ কোটি টকা মূল্যৰ কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ ২১ টা প্ৰকল্প উদ্বোধন আৰু উচৰ্গা কৰে
বিভিন্ন নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
৯০০০ কোটি টকাৰো অধিক মূল্যৰ নতুন মুন্দ্ৰা-পানীপথ পাইপলাইন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছে
"আমি চৰকাৰক দিল্লীৰ পৰা বাহিৰলৈ লৈ গৈ আছো আৰু দিল্লীৰ বাহিৰত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰৱণতা এতিয়া বৃদ্ধি পাইছে"
এই প্ৰকল্পসমূহত স্বাস্থ্য, পথ, ৰে'ল, শক্তি, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ তথা পৰ্যটনৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহ অন্তৰ্ভুক্ত হৈ আছে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰাজকোটত ৪৮,১০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
প্ৰধানমন্ত্ৰীয়ে কৃতক্কজ্ঞতাৰে কয় "মই দেখিছোঁ যে প্ৰজন্ম সলনি হৈছে কিন্তু মোদীৰ প্ৰতি মৰম যিকোনো বয়সৰ সীমাৰ বাহিৰত আছে", ।
বিকশিত ভাৰতৰ বাবে মোৰ লক্ষ্যৰ সৈতে এক ঐশ্বৰিক বিশ্বাস জড়িত হৈ পৰিছে", তেওঁ লগতে কয়।
আজিৰ অনুষ্ঠানটোত চিকিৎসা মহাবিদ্যালয়, যক্ষ্মা চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ, পিজিআই উপগ্ৰহ কেন্দ্ৰ, গুৰুত্বপূৰ্ণ যত্ন সম্পৰ্কীয় খণ্ড আৰু ইএছআইচি চিকিৎসালয়ৰ দৰে প্ৰকল্পও মুকলি কৰা হয়৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰাজকোটত ৪৮,১০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহত স্বাস্থ্য, পথ, ৰে'ল, শক্তি, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ তথা পৰ্যটনৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহ অন্তৰ্ভুক্ত হৈ আছে।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মাননীয় ৰাজ্যপাল আৰু ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, সাংসদ আৰু বিধান সভা তথা কেন্দ্ৰীয় মন্ত্ৰীসকলৰ ভাৰ্চুৱেল উপস্থিতিৰ কথা স্বীকাৰ কৰে আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কেৱল নতুন দিল্লীতে সকলো গুৰুত্বপূৰ্ণ উন্নয়নমূলক কাৰ্যসূচী সম্পাদন কৰাৰ সময়ৰ কথা স্মৰণ কৰি কয় যে বৰ্তমানৰ চৰকাৰে এই প্ৰৱণতা সলনি কৰি ভাৰত চৰকাৰক দেশৰ প্ৰতিটো কোণলৈ লৈ গৈছে। "ৰাজকোটত আজিৰ এই কাৰ্যসূচী  তেনে বিশ্বাসৰে প্ৰমাণ", প্ৰধানমন্ত্ৰী মোদীয়ে কয় ৷ তেওঁ লগতে কয় যে দেশৰ একাধিক স্থানত প্ৰকল্প উচৰ্গা আৰু আধাৰশিলা স্থাপন অনুষ্ঠান অনুষ্ঠিত হৈছে৷  এই কথাই  এক নতুন পৰম্পৰাক আগুৱাই লৈ গৈছে। জম্মুৰ এক কাৰ্যসূচীৰ পৰা আইআইটি ভিলাই, আইআইটি তিৰুপতি, আইআইটি কুৰ্ণুল, আইএম বোধগয়া, আইআইএম বোধগয়া, আইআইএম জম্মু, আইআইএম বিশাখাপত্তনম আৰু আইআইএছ কানপুৰৰ শিক্ষানুষ্ঠানসমূহ  উদ্বোধন কৰাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি এইমছ ৰাজকোট, এইমছ মঙ্গলাগিৰি, এইমছ বাথিন্দা আৰু এআইআইৰ উদ্বোধন কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে ৰাজকোটৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা স্মৰণ কৰি কয় যে ২২ বছৰ পূৰ্বে  তেওঁ ইয়াৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল। ২২ বছৰ আগতে ২৫ ফেব্ৰুৱাৰীত, তেওঁ বিধায়ক হিচাপে শপত গ্ৰহণ কৰিছিল। তেওঁ কয়  যে তেওঁ ৰাজকোটৰ লোকসকলৰ বিশ্বাস অটুট ৰাখিবলৈ  যথাসাধ্য চেষ্টা কৰিছে। প্ৰধানমন্ত্ৰীয়ে কৃতক্কজ্ঞতাৰে কয় "মই দেখিছোঁ যে প্ৰজন্ম সলনি হৈছে কিন্তু মোদীৰ প্ৰতি মৰম যিকোনো বয়সৰ সীমাৰ বাহিৰত আছে",  ।

আজিৰ কাৰ্যসূচীত পলম হোৱাৰ বাবে ক্ষমা বিচাৰি প্ৰধানমন্ত্ৰীয়ে দিনটোৰ আৰম্ভণিতে দ্বাৰকাত তেওঁৰ  কাৰ্যসূচীৰ  বিষয়ে দৰ্শকসকলক কয়৷  তাত  তেওঁ সুদৰ্শন সেতুকে ধৰি বহু উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে আৰু বহু প্ৰকল্প দেশক সমৰ্পন   কৰে। তেওঁ আকৌ এবাৰ  পবিত্ৰ দ্বাৰকা চহৰত প্ৰাৰ্থনা কৰাৰ তেওঁৰ ঐশ্বৰিক অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে৷  মোদীয়ে কয় "পুৰাতাত্ত্বিক আৰু ধৰ্মীয় পাঠসমূহে   আমাক  দ্বাৰকাৰ বিষয়ে আচৰিত কৰি তোলে। আজি মই সেই পবিত্ৰ স্থান  মোৰ নিজৰ চকুৰে চাবলৈ সুযোগ পাইছো,  আৰু মই পবিত্ৰ অংশবোৰৰ সৈতে এতাত্ম হ’ব পাৰিছো৷ মই তাত প্ৰাৰ্থনা কৰিছো  আৰু ময়ূৰৰ পাখি আগবঢ়াইছো। সেই অনুভৱ বৰ্ণনা কৰাটো কঠিন"৷ মোদীয়ে লগতে কয়  "সেই আধ্যাত্মিক  গভীৰতাত, মই ভাৰতৰ গৌৰৱময় অতীতৰ বিষয়ে চিন্তা কৰি আছিলো। যেতিয়া মই তাৰ পৰা  ওলাই আহিছিলো, মই ভগৱান কৃষ্ণৰ আশীৰ্বাদৰ লগতে দ্বাৰকাৰ অনুপ্ৰেৰণা লৈ ওলাই আহিছিলো", । "ই মোৰ 'বিকাশ ঔৰ বিৰাসত'ৰ সংকল্পক এক নতুন  শক্তি প্ৰদান কৰিছে। বিকশিত ভাৰতৰ বাবে মোৰ লক্ষ্যৰ সৈতে এক ঐশ্বৰিক বিশ্বাস জড়িত হৈ পৰিছে", তেওঁ লগতে কয়।

৪৮,০০০ কোটি টকাৰো অধিক মূল্যৰ আজিৰ উন্নয়নমূলক প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে গুজৰাট উপকূলৰ পৰা হাৰিয়ানাৰ পানীপথত থকা ইণ্ডিয়ান অইলৰ শোধনাগাৰলৈ খাৰুৱা তেল পৰিবহনৰ বাবে স্থাপন কৰা নিউ মুন্দ্ৰা-পানীপথ পাইপলাইনৰ কথা উল্লেখ কৰে। তেওঁ পথ, ৰে'লপথ, বিদ্যুৎ, স্বাস্থ্য আৰু শিক্ষা সম্পৰ্কীয় প্ৰকল্পৰ কথাও উল্লেখ কৰে।ৰাজকোট আৰু সৌৰাষ্ট্ৰৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় "আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধনৰ পিছত এইমছ ৰাজকোট এতিয়া দেশবাসীৰ বাবে উচৰ্গা  কৰা হৈছে" । তেওঁ আজি ইতিমধ্যে এইমছ উদ্বোধন কৰা সকলো চহৰৰ নাগৰিকসকলকো শুভেচ্ছা জ্ঞাপন কৰে।

তেওঁ কয়"আজি কেৱল ৰাজকোটৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে এয়া এক ঐতিহাসিক অনুষ্ঠান"৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাজকোটে আজি বিকশিত ভাৰতত স্বাস্থ্য সুবিধাৰ আকাংক্ষিত ছবি খনৰ এক আভাস উপস্থাপন কৰিছে। তেওঁ উল্লেখ কৰে যে স্বাধীনতাৰ ৫০ বছৰলৈ  দেশত মাত্ৰ এখন এইমছ আছিল, সেয়াও দিল্লীত আছিল। তেওঁ লগতে কয় যে স্বাধীনতাৰ সাত দশকত মাত্ৰ সাত খন এইমছ  স্থাপনৰ কাম হাতত ল’লেও  সেইবোৰৰ  কিছুমান সম্পূৰ্ণ কৰিব পৰা নগ'ল। মোদীয়ে কয় "যোৱা ১০ দিনত দেশখনে সাত খন নতুন এইমছৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন  কৰিছে"৷  প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে  যে বৰ্তমানৰ চৰকাৰে বিগত ৭০ বছৰত কৰা কামতকৈ দ্ৰুত গতিত কাম বোৰ সম্পাদন কৰিছে, যাৰ ফলত দেশখন উন্নয়নৰ পথত আগবাঢ়িছে। তেওঁ লগতে চিকিৎসা মহাবিদ্যালয়, মাল্টি-স্পেচিয়েলিটি চিকিৎসালয়ৰ উপগ্ৰহ কেন্দ্ৰ আৰু জৰুৰীকালীন চিকিৎসাৰ বাবে  ২০০ তকৈও অধিক স্বাস্থ্য আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উচৰ্গা কৰাৰ কথাও উল্লেখ কৰে।

 

'মোদী কি গেৰাণ্টি অৰ্থাৎ  মোদীৰ গেৰাণ্টি পূৰণৰ  প্ৰতিশ্ৰুতিৰ কথা দোহাৰি  প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজকোট এইমছৰ আধাৰশিলা তেওঁ ৩ বছৰ আগতে স্থাপন কৰিছিল আৰু আজি সেই গেৰাণ্টি পূৰণ কৰা হৈছে। একেদৰে, পঞ্জাৱক এখন এইমছৰ গেৰাণ্টি দিয়া হৈছিল আৰু প্ৰধানমন্ত্ৰী মোদীয়ে সেই খনৰ  আধাৰশিলা স্থাপনৰ  লগতে উদ্বোধনো কৰিছিল। ৰায়বৰেলী, মংগলগিৰি, কল্যাণী আৰু ৰেৱাৰী এইমছৰ ক্ষেত্ৰতো একে ঘটনাই ঘটিছে৷ যোৱা ১০ বছৰত, বিভিন্ন ৰাজ্যত ১০  নতুন এইমছ স্থাপনত   অনুমোদন জনোৱা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "মোদীৰ গেৰাণ্টি আৰম্ভ হয় তাত,  য'ত আনৰ প্ৰত্যাশা শেষ হয়"।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ১০ বছৰত স্বাস্থ্য সেৱা আৰু আন্তঃগাঁথনিৰ উন্নতিৰ বাবেই  মহামাৰীক সঠিকভাৱে নিয়ন্ত্ৰণ কৰিব পৰা গৈছে। তেওঁ এইমছ, চিকিৎসা মহাবিদ্যালয় আৰু গুৰুত্বপূৰ্ণ স্বাস্থ্য সম্পৰ্কীয়  আন্তঃগাঁথনিৰ অভূতপূৰ্ব সম্প্ৰসাৰণৰ কথাও উল্লেখ কৰে। সাধাৰণ  ৰোগৰ বাবে গাওঁবোৰত ১.৫ লাখতকৈও অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ থকাৰ কথাও মোদীয়ে উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে আজি চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ২০১৪ চনৰ ৩৮৭ খন আসনৰ পৰা ৭০৬ খন হৈছে৷    দহ বছৰ পূৰ্বৰ  ৫০ হাজাৰৰ পৰা ১ লাখতকৈও অধিক এমবিবিএছৰ আসন, ৭০ হাজাৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আসন এতিয়া আছে৷  এই সংখ্যা ২০১৪ চনত ৩০ হাজাৰ আছিল। স্বাধীনতাৰ পিছৰ  ৭০ বছৰত  থকা চিকিৎসকৰ সংখ্যাতকৈ অহা কেইবছৰমানৰ ভিতৰত এই মহাবিদ্যালয়সমূহৰ পৰা অধিক চিকিৎসক ওলাই আহিব বুলিও মোদীয়ে  কয়। দেশত ৬৪ হাজাৰ কোটি টকাৰ আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান চলি আছে। আজিৰ অনুষ্ঠানটোত চিকিৎসা মহাবিদ্যালয়, যক্ষ্মা চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ, পিজিআই উপগ্ৰহ কেন্দ্ৰ, গুৰুত্বপূৰ্ণ যত্ন সম্পৰ্কীয়  খণ্ড আৰু  ইএছআইচি চিকিৎসালয়ৰ দৰে প্ৰকল্পও মুকলি কৰা হয়৷ 

পুষ্টি, যোগ, আয়ুষ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "চৰকাৰে ৰোগ প্ৰতিৰোধৰ লগতে ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ সামৰ্থ্য বৃদ্ধিত অগ্ৰাধিকাৰ দিছে"। তেওঁ পৰম্পৰাগত ভাৰতীয় ঔষধ আৰু আধুনিক ঔষধ দুয়োটাৰ প্ৰচাৰৰ পোষকতা কৰে৷ তেওঁ   মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত যোগ আৰু নেচাৰোপেথি সম্পৰ্কীয় দুখন ডাঙৰ চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ উদ্বোধন কৰাৰ উদাহৰণ দাঙি ধৰে । তেওঁ লগতে উল্লেখ কৰে যে পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ সৈতে সম্পৰ্কিত বিশ্ব স্বাস্থ্য সংস্থাৰ গোলকীয় কেন্দ্ৰটো  গুজৰাটত নিৰ্মাণ কৰা হৈছে।

দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক ধন ৰাহি কৰাত সহায় কৰাৰ লগতে উন্নত স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰত যোজনাৰ ওপৰত আলোকপাত কৰে৷  যিয়ে ১ লাখ কোটি টকা ৰাহি কৰাত সহায় কৰিছে, আৰু জন ঔষধি কেন্দ্ৰ যি ৮০% ৰেহাই মূল্যত ঔষধ প্ৰদান কৰি আহিছে৷ যাৰ ফলত ৩০ হাজাৰ কোটি টকা ৰাহি হৈছে। উজ্জ্বলা যোজনাৰ অধীনত, দৰিদ্ৰ লোকসকলে ৭০,০০০ কোটি টকাৰো অধিক ৰাহি কৰিছে, মোবাইল ডাটাৰ কম ব্যয়ৰ বাবে নাগৰিকসকলে প্ৰতি মাহে ৪,০০০  টকা ৰাহি কৰিছে আৰু কৰদাতাসকলে কৰ সম্পৰ্কীয় সংস্কাৰৰ বাবে প্ৰায় ২.৫  লাখ কোটি টকা ৰাহি কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ বিষয়েও উল্লেখ কৰে ৷ যিয়ে বিদ্যুতৰ বিল শূন্যলৈ আনিব আৰু পৰিয়ালসমূহৰ বাবে উপাৰ্জনৰ পথ  সৃষ্টি কৰিব। হিতাধিকাৰীসকলে ৩০০ ইউনিট বিনামূলীয়া বিদ্যুৎ লাভ কৰিব আৰু বাকী বিদ্যুৎ চৰকাৰে ক্ৰয় কৰিব। তেওঁ কচ্ছৰ দুটা বৃহৎ বায়ু শক্তি আৰু সৌৰ প্ৰকল্পৰ কথাও উল্লেখ কৰে , যি কেইটাৰ  আজি আধাৰশিলা স্থাপন কৰা হৈছে।

ৰাজকোটক শ্ৰমিক, উদ্যোগী আৰু শিল্পীৰ চহৰ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ১৩,০০০ কোটি টকাৰ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ কথা কয়৷  যাৰ ফলত লাখ লাখ বিশ্বকৰ্মা উপকৃত হ’ব। গুজৰাটত ইতিমধ্যে মাত্ৰ ২০,০০০ বিশ্বকৰ্মাক প্ৰশিক্ষণ দিয়া হৈছে আৰু প্ৰতিজন বিশ্বকৰ্মাই ১৫,০০০ টকাৰ সাহায্য লাভ কৰিছে। তেওঁ লগতে জনায় যে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিত পথৰ বিক্ৰেতাসকলক ১০,০০০ কোটি টকাৰ সাহায্য বিতৰণ কৰা হৈছে। গুজৰাটৰ পথ বিক্ৰেতাসকলে প্ৰায় ৮০০ কোটি টকাৰ সাহায্য লাভ কৰিছে। ৰাজকোটত ৩০,০০০ তকৈও অধিক ঋণ বিতৰণ কৰা হৈছে বুলিও তেওঁ কয়।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ নাগৰিকসকল ক্ষমতাশালী হ'লে বিকশিত ভাৰতৰ অভিযান শক্তিশালী হ’ব। ভাষণৰ সামৰণিত মোদীয়ে  কয় " মোদীয়ে ভাৰতক বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক মহাশক্তি হিচাপে গঢ়ি তোলাৰ নিশ্চয়তা দিয়াৰ সময়তে  লক্ষ্য হৈছে সকলোৰে বাবে স্বাস্থ্য আৰু সকলোৰে বাবে সমৃদ্ধি নিশ্চিত কৰা "৷

 

পৃষ্ঠভূমি

দেশত তৃতীয় স্তৰৰ স্বাস্থ্য সেৱা শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে ৰাজকোট (গুজৰাট), বাথিন্দা (পঞ্জাৱ), ৰায়বৰেলী (উত্তৰ প্ৰদেশ), কল্যাণী (পশ্চিম বংগ) আৰু মঙ্গলাগিৰি (অন্ধ্ৰপ্ৰদেশ)ত পাঁচখন সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ক দেশক সমৰ্পন কৰে।

প্ৰধানমন্ত্ৰীয়ে ২৩ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত  ১১,৫০০ কোটি টকাৰো অধিক মূল্যৰ ২০০ ৰো অধিক স্বাস্থ্য সেৱা আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু  ৰাষ্ট্ৰলৈ উচৰ্গা কৰে৷

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়া আৰু সংসদ সদস্য শ্ৰী চি আৰ পাটিল এই অনুষ্ঠানত উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীয়ে পুডুচেৰীৰ কাৰাইকালত জেআইপিএমইআৰৰ চিকিৎসা মহাবিদ্যালয় আৰু পঞ্জাৱৰ চাংৰুৰত স্নাতকোত্তৰ চিকিৎসা আৰু শৈক্ষিক গৱেষণা প্ৰতিষ্ঠানৰ (পিজিআইএমইআৰ) ৩০০ বিচনাযুক্ত উপগ্ৰহ কেন্দ্ৰ  দেশক উচৰ্গা কৰে। তেওঁ পুডুচেৰীৰ য়ানামত জেআইপিএমইআৰৰ ৯০  খন বিচনাযুক্ত মাল্টি স্পেচিয়েলিটি কনচাল্টিং ইউনিট উদ্বোধন কৰে; চেন্নাইত নেচনেল চেণ্টাৰ ফৰ এজিং;  বিহাৰৰ পূৰ্ণিয়াত নতুন চৰকাৰী চিকিৎসা মহাবিদ্যালয়; আইচিএমআৰৰ ২ টা ক্ষেত্ৰ গোট, যেনে, কেৰালাৰ আলাপুঝাত নেচনেল ইনষ্টিটিউট অফ ভাইৰোলজীৰ কেৰালা ইউনিট আৰু যক্ষ্মা ৰোগৰ ৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান (এনআইআৰটি): নতুন যৌগিক যক্ষ্মা গৱেষণা কেন্দ্ৰ, তিৰুভাল্লুৰ, তামিলনাডু। প্ৰধানমন্ত্ৰীয়ে পঞ্জাৱৰ ফিৰোজপুৰত পিজিআইএমইআৰৰ ১০০ খন বিচনাযুক্ত উপগ্ৰহ কেন্দ্ৰকে ধৰি বিভিন্ন স্বাস্থ্য প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷

ইয়াৰ উপৰি  ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন আৰু প্ৰধানমন্ত্ৰী-আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছনৰ (পিএম-এবিএইচআইএম) অধীনত প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰতি উৎসৰ্গিত আৰু ১১৫ টা প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। ইয়াৰ ভিতৰত আছে পিএম-এবিএমৰ অধীনত ৭৮  টা প্ৰকল্প (ক্ৰিটিকেল কেয়াৰ ব্লকৰ ৫০ টা  গোট, ইণ্টিগ্ৰেটেড পাব্লিক হেল্থ লেবৰ ১৫ টা গোট , ব্লক পাব্লিক হেল্থ ইউনিটৰ ১৩ টা গোট );  ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত বিভিন্ন প্ৰকল্প যেনে কমিউনিটি হেল্থ চেণ্টাৰ, প্ৰাথমিক স্বাস্থ্য সেৱা কেন্দ্ৰ, মডেল হস্পিটেল, ট্ৰেঞ্জিট হোষ্টেল আদিৰ ৩০  টা গোট।

প্ৰধানমন্ত্ৰীয়ে পুনেত 'নিচাৰ্গ গ্ৰাম' নামৰ ৰাষ্ট্ৰীয় প্ৰাকৃতিক প্ৰতিষ্ঠানৰো উদ্বোধন কৰে। ইয়াত নেচাৰোপেথি চিকিৎসা মহাবিদ্যালয়ৰ লগতে ২৫০  খন বিচনাযুক্ত চিকিৎসালয়ৰ লগতে  গৱেষণা আৰু সম্প্ৰসাৰণ কেন্দ্ৰ আছে। লগতে তেওঁ হাৰিয়ানাৰ ঝাজ্জৰত কেন্দ্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা প্ৰতিষ্ঠান উদ্বোধন কৰে। ইয়াত শীৰ্ষ পৰ্যায়ৰ যোগ আৰু নেচাৰোপেথি গৱেষণাৰ সুবিধা থাকিব৷

অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২২৮০ কোটি টকা মূল্যৰ কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ (ইএছআইচি) ২১ টা প্ৰকল্প উদ্বোধন কৰে আৰু দেশবাসীক উচৰ্গা কৰে। ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত প্ৰকল্পবোৰৰ ভিতৰত আছে পাটনা (বিহাৰ) আৰু আলৱাৰ (ৰাজস্থান)ৰ ২ খন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়; ছত্তীশগড়ৰ কোৰবা (ছত্তীশগড়), উদয়পুৰ (ৰাজস্থান), আদিত্যপুৰ (ঝাৰখণ্ড), ফুলৱাৰী শ্বৰীফ (বিহাৰ), তিৰুপ্পুৰ (তামিলনাডু), কাকিনাডা (অন্ধ্ৰ প্ৰদেশ) আৰু ৰায়গড় আৰু ভিলাইৰ ৮ খন চিকিৎসালয়; আৰু ৰাজস্থানৰ নীমৰানা, আবু ৰোড আৰু ভিলৱাৰাত ৩ খন ঔষধালয়। ৰাজস্থানৰ আলৱাৰ, বেহৰোৰ আৰু সীতাপুৰা, চেলাকুই (উত্তৰাখণ্ড), গোৰখপুৰ (উত্তৰ প্ৰদেশ), কেৰালাৰ কোৰাট্টি আৰু নৱাইকুলাম আৰু অন্ধ্ৰ প্ৰদেশ)ত ৮  টা স্থানত ইএছআই ডিচপেনচাৰী উদ্বোধন কৰা হয়৷

নৱীকৰণযোগ্য শক্তিৰ উৎপাদন বৃদ্ধিৰ এক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে ৩০০ মেগাৱাট ভুজ-২ সৌৰ শক্তি প্ৰকল্পকে ধৰি বিভিন্ন নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে; গ্ৰিড সংযোজিত ৬০০ মেগাৱাট সৌৰ পিভি শক্তি প্ৰকল্প; খাৱদা সৌৰ শক্তি প্ৰকল্প; ২০০ মেগাৱাট শক্তি সম্পন্ন  দয়াপুৰ-২ বায়ু শক্তি প্ৰকল্পও ইয়াৰ  ভিতৰত আছে।

 

প্ৰধানমন্ত্ৰীয়ে ৯০০০ কোটি টকাৰ অধিক মূল্যৰ নতুন মুন্দ্ৰা-পানীপথ পাইপলাইন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। ৮.৪ এমএমটিপিএ  ক্ষমতাৰ ১১৯৪  কিলোমিটাৰ দীঘল মুন্দ্ৰা-পানীপথ পাইপলাইনটো গুজৰাট উপকূলৰ মুন্দ্ৰাৰ পৰা হাৰিয়ানাৰ পানীপথত ইণ্ডিয়ান অইলৰ শোধনাগাৰলৈ খাৰুৱা তেল পৰিবহন কৰাৰ বাবে স্থাপন  কৰা হৈছে৷

 

অঞ্চলটোত পথ আৰু ৰে'লৰ আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে সুৰেন্দ্ৰ নগৰ-ৰাজকোট ডাবল ৰে'ল লাইন  দেশক  উচৰ্গা কৰে; পুৰণি ৰাষ্ট্ৰীয় ঘাইপথ- ৮ ই-ৰ ভাৱনগৰ-তালাজা (পেকেজ-১)ৰ চাৰি লেনিং; ৰাষ্ট্ৰীয় ঘাইপথ-৭৫১ -ৰ পিপলি-ভাৱনগৰ (পেকেজ-১) উচৰ্গা কৰে। তেওঁ লগতে ৰাষ্ট্ৰীয় ঘাইপথ-২৭ৰ   চামাখিয়ালীৰ পৰা সান্তালপুৰলৈ   ছয় লেনযুক্ত পথৰ  আধাৰশিলাও স্থাপন কৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Government e-Marketplace Generates Rs 1.76 Lakh Crore In Net Social Savings Over Three Years: IIT Delhi Study

Media Coverage

Government e-Marketplace Generates Rs 1.76 Lakh Crore In Net Social Savings Over Three Years: IIT Delhi Study
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to brave participants of the Quit India Movement
August 09, 2026

Prime Minister Shri Narendra Modi has remembered all those who participated in the historic Quit India Movement and paid tribute to their courage and determination in India’s freedom struggle. Shri Modi said that inspired by the leadership of Mahatma Gandhi, the clarion call of the Quit India Movement infused new energy into the freedom struggle and reflected the unwavering resolve of the people of India to break free from colonial rule.

The Prime Minister posted on X:

Remembering all those who participated in the historic Quit India Movement. Their courage will always remain an inspiration for every Indian. Inspired by the leadership of Mahatma Gandhi Ji, the clarion call of Quit India infused new energy into our freedom struggle and reflected the unwavering determination of our people to break free from colonial rule.