বডোদৰা মুম্বাই এক্সপ্ৰেছৱে’ৰ গুৰুত্বপূৰ্ণ শাখাসমূহ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰা হয়
‘কাক্ৰাপাৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ’ত স্থাপন কৰা পানীৰ গভীৰ চাপযুক্ত দুটা নতুন চুল্লি: কেএপিএছ-৩ আৰু কেএপিএছ-৪ উচৰ্গা কৰে
নৱসাৰীত ‘প্ৰধানমন্ত্ৰী মিত্ৰ উদ্যান’ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে
চুৰাট পৌৰ নিগম, চুৰাট নগৰ উন্নয়ন প্ৰাধিকৰণ আৰু ‘ড্ৰীম চিটী’ৰ কেবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
পথ, ৰে’ল, শিক্ষা আৰু পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
"নৱসাৰীত উপস্থিত হোৱাটো সদায়েই এক ভাল লগা কথা। বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু শুভাৰম্ভই গুজৰাটৰ উন্নয়নী যাত্ৰাক শক্তিসমৃদ্ধ কৰিব"
প্ৰকল্পসমূহে বিদ্যুৎ উৎপাদন, ৰে’ল, পথ, বস্ত্ৰ, শিক্ষা, পানী যোগান, সংযোগ আৰু নগৰ উন্নয়নৰ দৰে বিভিন্ন খণ্ডক সামৰি লৈছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে উদ্যানখনত শ্ৰমিকসকলৰ বাবে ঘৰ, ‘লজিষ্টিক পাৰ্ক’, পণ্যাগাৰ, স্বাস্থ্য সুবিধা আৰু প্ৰশিক্ষণ তথা দক্ষতা বিকাশৰ সুবিধা থাকিব।
তেওঁ কয় যে ‘গেৰাণ্টী’ কেৱল আঁচনি ৰূপায়ণতে সীমাবদ্ধ নাথাকে বৰঞ্চ সম্পূৰ্ণ ৰূপে সামৰি লোৱাটো নিশ্চিত কৰালৈকে প্ৰসাৰিত হয়।
ৰাষ্ট্ৰীয় পৰ্যায়তো উন্নয়নৰ মাপকাঠিত পিছ পৰি থকা ১০০ খনতকৈয়ো অধিক উচ্চাকাংক্ষী জিলা দেশৰ বাকী অংশৰ সৈতে আগবাঢ়ি আছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ নৱসাৰীত ৪৭,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰকল্পসমূহে বিদ্যুৎ উৎপাদন, ৰে’ল, পথ, বস্ত্ৰ, শিক্ষা, পানী যোগান, সংযোগ আৰু নগৰ উন্নয়নৰ দৰে বিভিন্ন খণ্ডক সামৰি লৈছে।

সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি গুজৰাটত এয়া তেওঁৰ তৃতীয়টো কাৰ্যসূচী আৰু দিনটোৰ আৰম্ভণিতে গুজৰাটৰ পশুপালক আৰু দুগ্ধ উদ্যোগৰ অংশীদাৰসকলৰ সৈতে থকাৰ কথা স্মৰণ কৰে। তেওঁ মেহেছনাৰ ‘ভলিনাথ মহাদেৱ মন্দিৰ’ত ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে। "এতিয়া মই এই উন্নয়ন উৎসৱত অংশগ্ৰহণ কৰাৰ বাবে নৱসাৰীত উপস্থিত আছোঁ", প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত লোকসকলক তেওঁলোকৰ মোবাইল ফোনৰ ‘ফ্লেছলাইট অন’ কৰি উন্নয়নৰ এই স্মাৰক উৎসৱটোৰ অংশ হ'বলৈ আহ্বান জনায়। বস্ত্ৰ, বিদ্যুৎ আৰু নগৰ উন্নয়নৰ ক্ষেত্ৰত বডোদৰা, নৱসাৰী, ভাৰুচ আৰু চুৰাটৰ বাবে আজিৰ ৪০,০০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক অভিনন্দন জনায়।

 

‘মোদী কী গেৰাণ্টী’ক লৈ চাৰিওফালে হোৱা গুঞ্জনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁ প্ৰদান কৰা ‘গেৰাণ্টী’ হৈছে সম্পূৰ্ণ হোৱাৰ নিশ্চিয়তা, যিটো কথা গুজৰাটৰ জনসাধাৰণে দীৰ্ঘদিন ধৰি জানি আহিছে, প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ কালছোৱাৰ 'ফাইভ এফ'- ‘ফাৰ্ম’, ‘ফাৰ্ম টু ফাইবাৰ’, ‘ফাইবাৰ টু ফেক্টৰী’, ‘ফেক্টৰী টু ফেশ্বন’, ‘ফেশ্বন টু ফৰেইন’-ৰ কথা মনত পেলায়। তেওঁ কয় যে বস্ত্ৰৰ সম্পূৰ্ণ যোগান আৰু মূল্য শৃংখলা গঢ়ি তোলাটো আছিল লক্ষ্য। "আজি চুৰাটৰ ‘ছিল্ক চিটী’য়ে নৱসাৰীলৈকে সম্প্ৰসাৰণ লাভ কৰিছে", প্ৰধানমন্ত্ৰীয়ে এই খণ্ডৰ সৰ্ববৃহৎ উৎপাদক আৰু ৰপ্তানিকৰ্তাসকলৰ সৈতে প্ৰতিযোগিতা কৰাৰ ভাৰতৰ সামৰ্থ্যৰ সন্দৰ্ভতো আলোকপাত কৰে। গুজৰাটৰ বস্ত্ৰ উদ্যোগৰ ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে চুৰাটত নিৰ্মিত বস্ত্ৰৰ অনন্য পৰিচয়ৰ কথা উল্লেখ কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ‘প্ৰধানমন্ত্ৰী মিত্ৰ উদ্যান’ৰ নিৰ্মাণ সম্পূৰ্ণ হলে সমগ্ৰ অঞ্চলটোৰ চেহেৰাই সলনি হৈ উঠিব, অথচ ইয়াৰ নিৰ্মাণত কেৱল ৩,০০০ কোটি টকাৰহে বিনিয়োগ কৰা হ'ব। তেওঁ কয় যে ‘প্ৰধানমন্ত্ৰী মিত্ৰ পাৰ্ক’-য়ে সূতা কটা, বয়ন, জিনিং, পোছাক, কাৰিকৰী বস্ত্ৰ আৰু বস্ত্ৰ-যন্ত্ৰৰ দৰে কাৰ্যকলাপৰ বাবে এক মূল্য-শৃংখলা পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰাৰ লগতে নিয়োগ সম্ভাৱনাও বৃদ্ধি কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে উদ্যানখনত শ্ৰমিকসকলৰ বাবে ঘৰ, ‘লজিষ্টিক পাৰ্ক’, পণ্যাগাৰ, স্বাস্থ্য সুবিধা আৰু প্ৰশিক্ষণ তথা দক্ষতা বিকাশৰ সুবিধা থাকিব।

 

৮০০ কোটি টকাতকৈয়ো অধিক বিনিয়োগসাপেক্ষ ‘তাপী নদী বন্ধ প্ৰকল্প’ৰ আধাৰশিলা স্থাপনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে চুৰাটত পানী যোগান সম্পৰ্কীয় সমস্যাসমূহ সম্পূৰ্ণৰূপে সমাধান কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰাৰ লগতে বানপানীৰ দৰে পৰিস্থিতি প্ৰতিৰোধ কৰাত এই বান্ধে সহায় কৰিব বুলি অভিমত প্ৰকাশ কৰে।

 

দৈনন্দিন জীৱনৰ লগতে ঔদ্যোগিক উন্নয়নৰ ক্ষেত্ৰত বিদ্যুতৰ গুৰুত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ২০-২৫ বছৰ পূৰ্বে গুজৰাটত বিদ্যুৎ কৰ্তন হোৱাৰ সময়ৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰতো আলোকপাত কৰে আৰু কয়লা আৰু গেছ আমদানিক মুখ্য বাধা হিচাপে অভিহিত কৰে। তেওঁ জলবিদ্যুৎ উৎপাদনৰ ন্যূনতম সম্ভাৱনাৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনক বিদ্যুৎ উৎপাদনৰ সংকটৰ পৰা উলিয়াই অনা ৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰি উন্নত প্ৰযুক্তিক উৎসাহ দান কৰাৰ লগতে আজি গুজৰাটত উৎপাদিত বৃহৎ পৰিমাণৰ বিদ্যুৎ উৎপাদনৰ দিশত আগবাঢ়ি অহা সৌৰ আৰু বায়ু শক্তি উৎপাদনৰ কথা উল্লেখ কৰি কয়, "মোদী হে তো মুমকিন হে"।

 

পাৰমাণৱিক বিদ্যুৎ উৎপাদনৰ বিষয়ে বৰ্ণনা কৰি ‘প্ৰধানমন্ত্ৰীয়ে কাক্ৰাপাৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ’ (কেএপিএছ) ‘ইউনিট ৩’ আৰু ‘ইউনিট ৪’-ত আজি ৰাষ্ট্ৰলৈ উচৰ্গা কৰা পানীৰ গভীৰ চাপযুক্ত দুটা নতুন থলুৱা প্ৰযুক্তিৰ চুল্লি (পিএইচডব্লিউআৰ) সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে এই চুল্লিসমূহ হৈছে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ উদাহৰণ আৰু ই গুজৰাটৰ উন্নয়নত সহায় কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে বৰ্ধিত আধুনিক আন্তঃগাঁথনিৰ জৰিয়তে দক্ষিণ গুজৰাটত সম্পাদিত হোৱা অভূতপূৰ্ব বিকাশৰ কথা উল্লেখ কৰে। তেওঁ সমবেত লোকসকলক ‘প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি’ৰ বিষয়ে জানিবলৈ দিয়ে, যিয়ে কেৱল পৰিয়ালসমূহৰ বিদ্যুত বিলৰ পৰিমাণেই হ্ৰাস নকৰিব, বৰঞ্চ অতিৰিক্ত উপাৰ্জনৰ মাধ্যমো হৈ উঠিব। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰথমখন ‘বুলেট ট্ৰেইন’ অঞ্চলটোৰ মাজেৰে পাৰ হৈ যাব কিয়নো অঞ্চলটোৱে মুম্বাই আৰু চুৰাটৰ বৃহৎ ঔদ্যোগিক কেন্দ্ৰসমূহক সংযোগ কৰিব।

 

"নৱসাৰীয়ে এতিয়া ইয়াৰ ঔদ্যোগিক বিকাশৰ বাবে স্বীকৃতি লাভ কৰিছে", প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নৱসাৰীকে ধৰি সমগ্ৰ পশ্চিম গুজৰাট এই অঞ্চলৰ কৃষিৰ উন্নতিৰ বাবে সুপৰিচিত। অঞ্চলটোৰ কৃষকসকলক লাভান্বিত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ বিষয়ে উল্লেখ কৰি শ্ৰী মোদীয়ে ফলৰ খেতিয়ে থন্ ধৰি উঠাৰ কথা উল্লেখ কৰে আৰু নৱসাৰীৰ পৰা বিশ্ববিখ্যাত হাপুছ আৰু ‘ভালসাৰী’ বিধৰ আম আৰু ‘চিকু’ (চাপোডিলা)ৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’ৰ অধীনত কৃষকসকলে ৩৫০ কোটি টকাৰো অধিক পৰিমণৰ আৰ্থিক সাহায্য লাভ কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে যুৱ, দৰিদ্ৰ, কৃষক আৰু মহিলাসকলক শক্তিশালী কৰাৰ নিশ্চয়তা দোহাৰে। তেওঁ কয় যে ‘গেৰাণ্টী’ কেৱল আঁচনি ৰূপায়ণতে সীমাবদ্ধ নাথাকে বৰঞ্চ সম্পূৰ্ণ ৰূপে সামৰি লোৱাটো নিশ্চিত কৰালৈকে প্ৰসাৰিত হয়।

 

জনজাতীয় আৰু উপকূলীয় গাঁওসমূহক পূৰ্বতে অৱহেলা কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ চৰকাৰে উমৰগামৰ পৰা অম্বাজীলৈকে অঞ্চলটোৰ প্ৰতিটো মৌলিক সুবিধা নিশ্চিত কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়তো  উন্নয়নৰ মাপকাঠিত পিছ পৰি থকা ১০০ খনতকৈয়ো অধিক উচ্চাকাংক্ষী জিলা দেশৰ বাকী অংশৰ সৈতে আগবাঢ়ি আছে।

"আনৰ পৰা পোৱাৰ আশা য'ত নাইকিয়া হয়, তৰে পৰাই মোদীৰ গেৰাণ্টী আৰম্ভ হয়", প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ দৰিদ্ৰ, বিনামূলীয়া ৰেচন আঁচনি, বিদ্যুৎ, নল সংযোগী পানীৰ যোগান আৰু দৰিদ্ৰ, কৃষক, দোকানী আৰু শ্ৰমিকসকলৰ বাবে বীমা আঁচনিৰ বাবে মোদীৰ গেৰাণ্টীৰ আশ্বাস তালিকাভুক্ত কৰে। "এয়া আজি বাস্তৱ হৈছে কিয়নো ই হৈছে ‘মোদীৰ গেৰাণ্টী", শ্ৰী মোদীয়ে লগতে কয়।

 

জনজাতীয় অঞ্চলসমূহত ‘চিকল চেল এনিমিয়া’ৰ গুৰুত্বপূৰ্ণ প্ৰসংগটো উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই ৰোগ নিৰ্মূলৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ মুখ্যমন্ত্ৰী হৈ থকা সময়ছোৱাত ‘চিকল চেল ৰক্তহীনতা’ৰে মোকাবিলাৰ বাবে ৰাজ্যখনৰ সক্ৰিয় পদক্ষেপৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই ৰোগৰ সমস্যাৰে কাৰ্যকৰী ভাৱে মোকাবিলা কৰাৰ বাবে বিস্তৃত ৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ তালিকাও প্ৰস্তুত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশৰ জনজাতীয় অঞ্চলসমূহৰ পৰা ৰোগ দূৰ কৰাৰ লক্ষ্যৰে চৰকাৰৰ ব্যাপক পদক্ষেপৰ কথা উল্লেখ কৰি কয়, "আমি এতিয়া ‘চিকল চেল ৰক্তহীনতা’ৰ পৰা মুক্তি প্ৰদানৰ বাবে এখন ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰিছো।" প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "এই অভিযানৰ অধীনত দেশজুৰি জনজাতীয় অঞ্চলসমূহত ‘চিকল চেল এনিমিয়া’ৰ ‘স্ক্ৰীণিং’ কৰা হৈছে।" তেওঁ জনজাতীয় অঞ্চলসমূহৰ আগন্তুক চিকিৎসা মহাবিদ্যালয়সমূহৰ কথাও উল্লেখ কৰে।

 

"দৰিদ্ৰই হওক বা মধ্যবিত্তই হওক, গ্ৰাম্যই হওক বা নগৰীয়াই হওক, আমাৰ চৰকাৰৰ প্ৰয়াস হৈছে প্ৰতিগৰাকী নাগৰিকৰ জীৱনধাৰণৰ মান উন্নত কৰা," প্ৰধানমন্ত্ৰী মোদীয়ে সামগ্ৰিক উন্নয়নৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। পূৰ্বৰ সময়ৰ অৰ্থনৈতিক স্থবিৰতাৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "অৰ্থনৈতিক স্থবিৰতাৰ অৰ্থই হৈছে যে দেশত সীমিত বিত্তীয় সম্পদ আছে," প্ৰধানমন্ত্ৰী মোদীয়ে সেই সময়ছোৱাত গ্ৰাম্য আৰু নগৰ উন্নয়নৰ ক্ষেত্ৰত হোৱা বিৰূপ প্ৰভাৱৰ কথা ব্যাখ্যা কৰে। তেওঁ কয় যে যিহেতু ভাৰতীয় অৰ্থনীতি ২০১৪ চনৰ ১১ একাদশ স্থানৰ পৰা পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হৈ উঠিছে, ইয়াৰ অৰ্থ হৈছে যে আজি ভাৰতৰ নাগৰিকসকলৰ ওচৰত ব্যয় কৰিবলৈ অধিক ধন আছে আৰু সেয়েহে ভাৰতে ইয়াক ব্যয় কৰিছে। সেয়েহে, আজি দেশৰ সৰু চহৰসমূহতো উৎকৃষ্ট সংযোগ আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। তেওঁ সৰু নগৰীয় কেন্দ্ৰ আৰু ৪ কোটি পকী ঘৰৰ পৰা সুলভ বিমান ভ্ৰমণৰ কথা উল্লেখ কৰে।

 

ডিজিটেল ইণ্ডিয়া উদ্যোগৰ সফলতা আৰু পৰিসৰৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "আজি বিশ্বই ডিজিটেল ইণ্ডিয়াক স্বীকৃতি দিছে।" তেওঁ গুৰুত্ব আৰোপ কৰে যে ‘ডিজিটেল ইণ্ডিয়া’ই ক্ৰীড়াক্ষেত্ৰত নতুন ষ্টাৰ্ট-আপৰ লগতে যুৱপ্ৰজন্মৰ উত্থানৰ জৰিয়তে সৰু চহৰসমূহলৈ পৰিৱৰ্তন আনিছে। তেওঁ এনে সৰু চহৰসমূহত এক নৱ্য-মধ্যবিত্তীয় শ্ৰেণীৰ উত্থানৰ কথা উল্লেখ কৰে যিয়ে ভাৰতক বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে উন্নয়নৰ লগতে ঐতিহ্যক প্ৰথমিকতা প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে দিয়া গুৰুত্বৰ কথা উল্লেখ কৰি কয় যে অঞ্চলটো ভাৰতৰ বিশ্বাস আৰু ইতিহাসৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈ উঠিছে, সেয়া স্বাধীনতা আন্দোলনেই হওক বা ৰাষ্ট্ৰ নিৰ্মাণে হওক। তেওঁ স্বজনতোষণ, তুষ্টিকৰণ আৰু দুৰ্নীতিৰ ৰাজনীতিয়ে অঞ্চলটোৰ উত্তৰাধিকাৰীসকলৰ প্ৰতি কৰা অৱহেলাৰ বাবেও দুখ প্ৰকাশ কৰে। ইয়াৰ বিপৰীতে, ভাৰতৰ সমৃদ্ধ ঐতিহ্যৰ প্ৰতিধ্বনি আজি সমগ্ৰ বিশ্বতে শুনা গৈছে প্ৰধানমন্ত্ৰীয়ে। তেওঁ ‘দাণ্ডি লোন সত্যাগ্ৰহ’ৰ স্থানত দাণ্ডি স্মাৰকৰ বিকাশ আৰু চৰ্দাৰ পেটেলৰ অৱদানৰ প্ৰতি সমৰ্পিত ‘ষ্টেচ্যু অব ইউনিটী’ নিৰ্মাণৰ কথাও উল্লেখ কৰে।

 

ভাষণৰ সামৰণি মাৰিবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে কয় যে অহা ২৫ বছৰত দেশৰ উন্নয়নৰ বাবে পথ-মানচিত্ৰ ইতিমধ্যেই প্ৰস্তুত কৰা হৈছে। "এই ২৫টা বছৰত আমি বিকশিত গুজৰাট আৰু বিকশিত ভাৰত গঢ়ি তুলিম", বুলি মন্তব্য কৰে।

 

অনুষ্ঠানত গুজৰাট চৰকাৰৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল আৰু সাংসদ শ্ৰী চি আৰ পাটিলৰ লগতে গুজৰাটৰ কেবাজনো সাংসদ, বিধায়ক আৰু মন্ত্ৰী উপস্থিত আছিল।

 

পৃষ্ঠভূমি

   

প্ৰধানমন্ত্ৰীয়ে বডোদৰা মুম্বাই এক্সপ্ৰেছৱে’ৰ একাধিক পেকেজৰ লগতে ভাৰুচ, নৱসাৰী আৰু ভালচাদত একাধিক পথ প্ৰকল্প; টাপীত গ্ৰাম্য খোৱা পানী যোগান প্ৰকল্প; ভাৰুচত ভূগৰ্ভস্থ নিষ্কাশন প্ৰকল্পকে ধৰি কেবাটাও উন্নয়নমূলক প্ৰকল্প দেশবাসীলৈ উচৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে নৱসাৰীত ‘প্ৰধানমন্ত্ৰী মেগা ইণ্টিগ্ৰেটেড টেক্সটাইল ৰিজিয়ন এণ্ড এপাৰেল’ (পিএম মিত্ৰ) উদ্যান নিৰ্মাণৰ কাম আৰম্ভ কৰে।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে  বডোদৰাৰ এছএছজি চিকিৎসালয়ত একাধিক প্ৰকল্প; বডোদৰাৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ; চুৰাট, বডোদৰা আৰু পঞ্চমহলত ৰে’লপথৰ গজ ৰূপান্তৰণ প্ৰকল্প; ভাৰুচ, নৱসাৰী আৰু চুৰাটত একাধিক পথ প্ৰকল্প; ভালচাড়, বিদ্যালয় আৰু হোষ্টেল ভৱন আৰু নৰ্মদা জিলাৰ অন্যান্য প্ৰকল্পত কেবাটাও পানী যোগান আঁচনি, ভাৰুচ-দাহেজ প্ৰৱেশ নিয়ন্ত্ৰিত এক্সপ্ৰেছৱে’ নিৰ্মাণকে ধৰি গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে লগতে চুৰাট পৌৰ নিগম, ‘চুৰাট নগৰ উন্নয়ন প্ৰাধিকৰণ’ আৰু ‘ড্ৰীম চিটী’ৰ কেবাটাও উন্নয়নমূলক প্ৰকল্প দেশবাসীলৈ উচৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘কাক্ৰাপাৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ’ (কেএপিএছ) ইউনিট ৩ আৰু ইউনিট ৪-ত  চাপযুক্ত গধুৰ পানীৰ দুটা নতুন চুল্লি (পিএইচডব্লিউআৰ) দেশবাসীলৈ উচৰ্গা কৰে। ‘নিউক্লিয়াৰ পাৱাৰ কৰ্পোৰেশ্যন অব ইণ্ডিয়া লিমিটেড’ (এনপিচিআইএল)য়ে ২২,৫০০ কোটি টকাতকৈয়ো অধিক ব্যয়ৰে নিৰ্মাণ কৰা, ‘কেএপিএছ-৩’ আৰু ‘কেএপিএছ-৪’ প্ৰকল্পকেইটাৰ সামগ্ৰিক ক্ষমতা ১৪০০ (৭০০*২) মেগাৱাট আৰু ই হৈছে সৰ্ববৃহৎ থলুৱা প্ৰযুক্তিৰ ‘পিএইচডব্লিউআৰ’। এয়া হৈছে এই ধৰণৰ প্ৰথম চুল্লি আৰু উন্নত সুৰক্ষা সুবিধা সম্বলিত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ মানৰ। এই দুটা চুল্লিয়ে একেলগে প্ৰতি বছৰে প্ৰায় ১০.৪ বিলিয়ন ইউনিট পৰিচ্ছন্ন বিদ্যুৎ উৎপাদন কৰিব আৰু গুজৰাট, মহাৰাষ্ট্ৰ, এমপি, ছত্তীশগড়, গোৱা আৰু দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউৰ দৰে একাধিক ৰাজ্যৰ গ্ৰাহকসকলক লাভান্বিত কৰিব।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI goes live at Eiffel Tower and French airports as India-France digital ties strengthen

Media Coverage

UPI goes live at Eiffel Tower and French airports as India-France digital ties strengthen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Outcomes during the visit of Hon’ble Prime Minister to Slovakia
June 15, 2026

Memorandum of Understanding/Letter of Intent

S.No.Title

1.

MoU on cooperation in the field of Labour Migration

2.

Letter of Intent promoting cooperation in the Defence field

3.

MoU on Digital Technologies

4.

MoU on Cooperation in the field of Higher Education and Research

5.

MoU on Audio-visual Creation

6.

Establishment of first ever ICCR Chair in Artificial Intelligence at the Technical University of Kosice

7.

Memorandum of Understanding in the field of Quantum Communication and Critical Infrastructure Protection

8.

MoU between National Institute of Naturopathy, Pune, Ministry of Ayush, and Slovak Health Spa Piestany

9

Agreement between Indian Institute of Technology, Delhi and Slovak Technical University for cooperation in student exchange programs, scholarships and research collaboration

10

Tourism cooperation between Association of Tour Operators

11

Agreement on Scientific Cooperation between the Indian National Science Academy (INSA) and the Slovak Academy of Sciences (SAS)

Announcements

1.

Elevation of bilateral relationship to Comprehensive Partnership

2.

Establishment of Joint Working Group in Counter Terrorism

3.

Establishment of Consular Dialogue