প্ৰায় ১.৪৮ লাখ কোটি টকাৰ একাধিক তেল আৰু গেছ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন
বিহাৰত ১৩,৪০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন
বাৰাউনীত হিন্দুস্তান উৰ্বৰক আৰু ৰসায়ন লিমিটেড (এইচইউআৰএল) সাৰ কাৰখানা উদ্বোধন
প্ৰায় ৩,৯১৭ কোটি টকাৰ কেইবাটাও ৰে’ল প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন
‘ভাৰত পশুধন’ - দেশৰ পশুধনৰ বাবে ডিজিটেল ডাটাবেছ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা
মুকলি কৰিলে ‘১৯৬২ চনৰ কৃষক এপ’
“ডাবল ইঞ্জিন চৰকাৰৰ শক্তিৰ বাবে বিহাৰ উৎসাহ আৰু আত্মবিশ্বাসেৰে ভৰি আছে”
“বিহাৰ বিকশিত হ’লে ভাৰতো বিকশিত হ’ব”
“বিহাৰ আৰু পূব ভাৰত যেতিয়া সমৃদ্ধিশালী হয় তেতিয়া ভাৰত সবল হৈ থকাৰ প্ৰমাণ ইতিহাসত আছে”
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ বেগুচৰাইত সমগ্ৰ দেশতে প্ৰায় ১.৪৮ লাখ কোটি টকাৰ একাধিক তেল আৰু গেছ খণ্ডৰ প্ৰকল্প আৰু বিহাৰৰ ১৩,৪০০ টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে আজি বিহাৰৰ বাবে নতুন ৰে’ল সেৱা উদ্বোধনৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ বেগুচৰাইত সমগ্ৰ দেশতে প্ৰায় ১.৪৮ লাখ কোটি টকাৰ একাধিক তেল আৰু গেছ খণ্ডৰ প্ৰকল্প আৰু বিহাৰৰ ১৩,৪০০ টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে।

এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে বিকশিত ভাৰতৰ গঢ়াৰ জৰিয়তে বিহাৰৰ উন্নয়নৰ সংকল্প লৈ আজি তেওঁ বিহাৰৰ বেগুচৰাইত উপস্থিত হৈছে। তেওঁ বৃহৎ জনসমাগমক কৃতজ্ঞতা প্ৰকাশ ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ বাবে তেওঁৰ সৌভাগ্যক ধন্যবাদ জনায়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বেগুচৰাই প্ৰতিভাৱান যুৱক-যুৱতীৰ ভূমি আৰু ই সদায় দেশৰ কৃষক আৰু শ্ৰমিকক শক্তিশালী কৰি আহিছে। তেওঁ সজোৰে কয় যে বেগুচৰাইৰ পুৰণি গৌৰৱ ঘূৰি আহিছে কাৰণ আজি প্ৰায় ১.৫০ লাখ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰা হৈছে। “পূৰ্বতে দিল্লীৰ বিজ্ঞান ভৱনত এনে কাৰ্যসূচী অনুষ্ঠিত হৈছিল, কিন্তু এতিয়া, মোদীয়ে দিল্লীক বেগুচৰাইলৈ লৈ আহিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। ৩০ হাজাৰ কোটি টকাৰ প্ৰকল্প কেৱল বিহাৰৰ সৈতে জড়িত বুলিও তেওঁ লগতে কয়। এই মাত্ৰাই ভাৰতৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে আৰু ই বিহাৰৰ যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। তেওঁ কয় যে আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে গঢ়ি তোলাৰ মাধ্যমত পৰিণত হ’ব, লগতে বিহাৰত সেৱা আৰু সমৃদ্ধিৰ পথো মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি বিহাৰৰ বাবে নতুন ৰে’ল সেৱা উদ্বোধনৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনত ক্ষমতালৈ অহাৰ পিছৰে পৰা দ্ৰুতগতিত উন্নয়নৰ বাবে চৰকাৰৰ অগ্ৰাধিকাৰ কথা পুনৰ দোঁহাৰে। “বিহাৰ আৰু পূব ভাৰত যেতিয়া সমৃদ্ধিশালী হয়, তেতিয়া ভাৰত সবল হৈ থকাৰ প্ৰমাণ ইতিহাসত আছে”, বিহাৰৰ নেতিবাচক প্ৰভাৱৰ কথা আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে কয় এয়া দেশৰ অৱনতিমূলক অৱস্থা। তেওঁ ৰাজ্যবাসীক আশ্বাস দিয়ে যে বিহাৰৰ উন্নয়নে বিকশিত ভাৰত গঢ়াত সহায় কৰিব। “এয়া কোনো প্ৰতিশ্ৰুতি নহয়, এয়া এক মিছন, এটা সংকল্প”, প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ মূলতঃ পেট্ৰলিয়াম, সাৰ আৰু ৰে’লৱেৰ সৈতে জড়িত প্ৰকল্পসমূহ এই দিশত এক বৃহৎ পদক্ষেপ। ‘শক্তি, সাৰ আৰু সংযোগ বিকাশৰ আধাৰ। কৃষিয়েই হওক বা উদ্যোগেই হওক, সকলো তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল”, নিয়োগ আৰু সংস্থাপনৰ সুযোগ বৃদ্ধিৰ বাবে চৰকাৰৰ অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক বাৰাউনী সাৰ উদ্যোগ আৰম্ভ কৰাৰ কথা সোঁৱৰাই দিয়ে, যিটো গেৰাণ্টি আজি পূৰণ হ’ল। ‘বিহাৰৰকৃষককে ধৰি দেশৰ কৃষকসকলৰ বাবে এয়া এক বৃহৎ সাফল্য’। তেওঁ কয় যে গোৰখপুৰ, ৰামাগুণ্ডাম আৰু সিন্দ্ৰিৰ উদ্যোগসমূহ বন্ধ কৰি দিয়া হৈছিল যদিও এতিয়া ইউৰিয়াৰ ক্ষেত্ৰত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ মূল ভেটি হৈ পৰিছে। “সেইবাবেই দেশবাসীয়ে কয়, মোদীৰ গেৰাণ্টি মানে গেৰাণ্টি পূৰণৰ গেৰাণ্টি”, তেওঁ লগতে কয়।

 

প্ৰধানমন্ত্ৰী মোদীয়ে আজি কেইবামাহো ধৰি হাজাৰ হাজাৰ শোধনাগাৰৰ কৰ্মসংস্থাপনৰ সৃষ্টি কৰা বাৰাউনী শোধনাগাৰৰ কামৰ পৰিসৰ বৃদ্ধিৰ কথা উনুকিয়ায়। তেওঁ সজোৰে কয় যে বাৰাউনী শোধনাগাৰে বিহাৰৰ ঔদ্যোগিক উন্নয়নত নতুন শক্তি প্ৰদান কৰাৰ লগতে ভাৰতক আত্মনিৰ্ভৰ কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিহাৰত ৬৫ হাজাৰ কোটিতকৈ অধিক মূল্যৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছৰ সৈতে জড়িত অধিকাংশ উন্নয়ন প্ৰকল্প সম্পূৰ্ণ হোৱাত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে। তেওঁ গেছ পাইপলাইন নেটৱৰ্ক সম্প্ৰসাৰণৰ লগে লগে বিহাৰৰ মহিলাসকলক কম খৰচী গেছ যোগান ধৰাৰ সুবিধাৰ ওপৰত আলোকপাত কৰে, যাৰ ফলত অঞ্চলটোত উদ্যোগ স্থাপন কৰাটো সহজ হৈ পৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি অ’ এনজিচি কৃষ্ণ গোদাৱৰী গভীৰ পানী প্ৰকল্পৰ প্ৰথমখন খাৰুৱা তেল টেংকাৰ কেজি বেচিনৰ ‘প্ৰথম তেল’ৰ শুভাৰম্ভ কৰা হয়। এই গুৰুত্বপূৰ্ণ খণ্ডই আত্মনিৰ্ভৰশীলতা উন্নত কৰাত সহায় কৰিব। চৰকাৰখন এনেদৰেই জাতীয় স্বাৰ্থৰ কাম-কাজৰ প্ৰতি উৎসৰ্গিত বুলি উল্লেখ কৰি স্বাৰ্থপৰ বংশবাদী ৰাজনীতিক সমালোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বৰ বছৰবোৰৰ দৰে নহয়, এতিয়া ভাৰতৰ ৰে’লৱে আধুনিকীকৰণৰ বিষয়ে বিশ্বজুৰি আলোচনা কৰা হৈছে। তেওঁ বিদ্যুৎ সংযোগ আৰু ষ্টেচন উন্নীতকৰণৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে বংশবাদী ৰাজনীতি আৰু সামাজিক ন্যায়ৰ মাজত থকা তীব্ৰ বিৰোধিতাক আলোকপাত কৰে। বংশবাদী ৰাজনীতি বিশেষকৈ প্ৰতিভা আৰু যুৱক-যুৱতীসকলৰ কল্যাণৰ বাবে বিপজ্জনক বুলিও তেওঁ কয়।

 

“প্ৰকৃত সামাজিক ন্যায় ‘সন্তুষ্টিকৰণ’ৰ দ্বাৰাহে লাভ কৰা হয়, ‘তুষ্টিকৰণ’ৰ দ্বাৰা নহয়, ই পৰিপূৰ্ণতাৰ দ্বাৰাহে লাভ কৰা হয়” বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ কেৱল ধৰ্মনিৰপেক্ষতা আৰু সামাজিক ন্যায়ক এনে ৰূপত স্বীকৃতি দিয়ে। তেওঁ আঙুলিয়াই দিয়ে যে কৃষকৰ বাবে বিনামূলীয়া ৰেচন, পকী ঘৰ, গেছ সংযোগ, টেপযুক্ত পানী যোগান, শৌচাগাৰ, বিনামূলীয়া স্বাস্থ্যসেৱা সেৱা আৰু কিষাণ সন্মান নিধিৰ পৰিপূৰ্ণতা আৰু ডেলিভাৰীৰ দ্বাৰা প্ৰকৃত সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিব পৰা যায়। প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ১০ বছৰত  চৰকাৰী আঁচনিৰ সৰ্বাধিক হিতাধিকাৰী দলিত, পিছপৰা আৰু অত্যন্ত পিছপৰা সমাজৰ লোক।

 

তেওঁ কয় যে আমাৰ বাবে নাৰী শক্তিৰ সবলীকৰণেই সামাজিক ন্যায়। তেওঁ ১ কোটি মহিলাক ‘লাখপতি দিদি’ কৰাৰ সাফল্য আৰু ৩ কোটি ‘লাখপতি দিদি’ গঢ়াৰ সংকল্পৰ কথা দোঁহাৰি কয় যে ইয়াৰে বহুকেইজন বিহাৰৰ। তেওঁ লগতে পিএম সূৰ্য্যঘৰ মুফট বিজলী যোজনাৰ কথাও উল্লেখ কৰে যিয়ে বিদ্যুতৰ বিল হ্ৰাস কৰি অতিৰিক্ত আয়ৰ সুবিধা প্ৰদান কৰিব। তেওঁ কয় যে বিহাৰৰ এনডিএ চৰকাৰে দৰিদ্ৰ, মহিলা, কৃষক, শিপিনী, পিছপৰা আৰু বঞ্চিত লোকৰ বাবে অদম্যভাৱে কাম কৰি আছে। “ডাবল ইঞ্জিন চৰকাৰৰ দ্বৈত প্ৰচেষ্টাত বিহাৰ বিকশিত হোৱাটো নিশ্চিত”, প্ৰধানমন্ত্ৰীয়ে কয়।

 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে হাজাৰ হাজাৰ কোটিৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ লগতে মহিলা সকলক আজি ব্যাপক হাৰত সভাত অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

 

এই উপলক্ষে সভাত বিহাৰৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ ভি আৰ্লেকাৰ, বিহাৰৰ শ্ৰী নীতিশ কুমাৰ, উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ মন্ত্ৰী শ্ৰী বিজয় কুমাৰ সিনহা আৰু সাংসদ শ্ৰী গিৰিৰাজ সিঙৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s digital economy enters mature phase as video dominates: Nielsen

Media Coverage

India’s digital economy enters mature phase as video dominates: Nielsen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Share your ideas and suggestions for 'Mann Ki Baat' now!
May 05, 2026

Prime Minister Narendra Modi will share 'Mann Ki Baat' on Sunday, May 31st. If you have innovative ideas and suggestions, here is an opportunity to directly share it with the PM. Some of the suggestions would be referred by the Prime Minister during his address.

Share your inputs in the comments section below.