‘সমৰ্পিত ফ্ৰেইট কৰিডৰ প্ৰকল্প’ৰ একাধিক মুখ্য শাখা ৰাষ্ট্ৰলৈ উচৰ্গা কৰে
পতাকা জোকাৰি ১০ খন নতুন ‘বন্দে ভাৰত ৰে’ল’ৰ যাত্ৰাৰম্ভ কৰে
দাহেজত ‘পেট্ৰনেট এলএনজিৰ পেট্ৰ'কেমিকেলছ চৌহদ’ৰ আধাৰশিলা স্থাপন কৰে
"২০২৪ চনৰ ৭৫ দিনত ১১ লাখ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন বা আধাৰশিলা স্থাপন কৰা হৈছে, আনহাতে যোৱা ১০-১২ দিনত ৭ লাখ কোটি টকাৰ প্ৰকল্প উন্মোচন কৰা হৈছে"।
"এই ১০ বছৰৰ কামতো কেৱল এক ‘ট্ৰেইলাৰ’হে। মই বহুদূৰলৈ যাব লাগিব"
"ৰে'লৱে’ৰ ৰূপান্তৰণ হৈছে ‘বিকশিত ভাৰতৰ গেৰাণ্টী"
তেওঁ ১০ খন নতুন ‘বন্দে ভাৰত ৰে’ল’ৰো শুভাৰম্ভ ঘোষণা কৰে
ইয়াৰ ফলত মালবস্তু পৰিবহনৰ ক্ষেত্ৰতো যথেষ্ট ইতিবাচক প্ৰভাৱ পৰিব বুলি তেওঁ কয়।
তেওঁ উন্নয়নৰ এই উদযাপন অব্যাহত ৰাখিবলৈ নাগৰিকসকলক সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায়।
গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ এই অনুষ্ঠানত উপস্থিত আছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত ‘সমৰ্পিত ফ্ৰেইট কৰিডৰৰ অভিযান’ৰ নিয়ন্ত্ৰণ কেন্দ্ৰত ১,০৬,০০০ কোটি টকাৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা একাংশ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে ৰে'ল আন্তঃগাঁথনি, যোগাযোগ আৰু পেট্ৰ'কেমিকেলকে ধৰি একাধিক খণ্ডক সামৰি লৈছে। তেওঁ ১০ খন নতুন ‘বন্দে ভাৰত ৰে’ল’ৰো শুভাৰম্ভ ঘোষণা কৰে।

অনুষ্ঠানটোত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ২০০ তকৈয়ো অধিক বিভিন্ন স্থানৰ পৰা অনুষ্ঠানটোৰ সৈতে জড়িত লাখ লাখ লোকৰ কথা স্বীকাৰ কৰি কয় যে আজিৰ অনুষ্ঠানটোৰ পৰিসৰ আৰু আকাৰ ভাৰতীয় ৰে’লৰ ইতিহাসৰ আন কোনো অনুষ্ঠানৰ সৈতে তুলনা কৰিব নোৱাৰি। তেওঁ আজিৰ অনুষ্ঠানটোৰ বাবে ৰে'লৱেকো অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত’ গঢ়ি তোলাৰ বাবে উন্নয়নমূলক কাম-কাজৰ গৰুত্ব দোহাৰি প্ৰকল্প উদ্বোধন আৰু একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে সমগ্ৰ দেশতে বিভিন্ন কাম-কাজ নিৰন্তৰ ভাৱে সম্প্ৰসাৰিত হৈ অহাৰ কথা উল্লেখ কৰে। "২০২৪ চনৰ ৭৫টা দিনত ১১ লাখ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন বা আধাৰশিলা স্থাপন কৰা হৈছে। আনহাতে যোৱা ১০-১২ দিনত ৭ লাখ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰা হৈছে" বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। ‘বিকশিত ভাৰত’ৰ লক্ষ্য পূৰণৰ দিশত আজিৰ অনুষ্ঠানটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি প্ৰায় ১ লাখ কোটি টকাৰ প্ৰকল্প উদ্বোধন বা আধাৰশিলা স্থাপন কৰা হৈছে য'ত প্ৰায় ৮৫,০০০ টকাৰ প্ৰকল্প ৰে’লখণ্ডৰ বাবে উচৰ্গিত হৈছে। তেওঁ দাহেজত ২০,০০০ কোটি টকাতকৈয়ো অধিক মূল্যৰ ‘পেট্ৰ'নেট এলএনজি’ৰ ‘পেট্ৰ'কেমিকেলছ কমপ্লেক্স’ৰ আধাৰশিলা স্থাপনৰ কথাও উল্লেখ কৰে আৰু কয় যে ই দেশত হাইড্ৰজেন উৎপাদন আৰু ‘পলিপ্ৰপিলিন’ৰ চাহিদা বৃদ্ধিত সহায় কৰিব। মহাৰাষ্ট্ৰ আৰু গুজৰাটত ‘একতা মল’ৰ আধাৰশিলা স্থাপনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ই ভাৰতৰ কুটিৰ উদ্যোগ আৰু হস্তশিল্পক দেশৰ প্ৰতিটো কোণলৈ লৈ যাব, যাৰ ফলত ‘ভোকেল ফৰ লোকেল’ৰ বাবে চলোৱা চৰকাৰৰ অভিযানক উৎসাহিত কৰা হ'ব আৰু ‘বিকশিত ভাৰত’ৰ ভেটি শক্তিশালী হ'ব। ভাৰতৰ যুৱ জনগাঁথনিৰ কথা দোহাৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ যুৱপ্ৰজন্মক কয় যে আজিৰ উদ্বোধন তেওঁলোকৰ বৰ্তমানৰ বাবে আৰু আজিৰ আধাৰশিলাসমূহে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ নিশ্চয়তা প্ৰদান কৰিব।

 

২০১৪ চনৰ পূৰ্বে ৰে'ল বাজেটৰ বৰ্ধিত দৃষ্টিভংগীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সাধাৰণ বাজেটত ৰে'ল বাজেট অন্তৰ্ভুক্ত কৰাৰ বিষয়ে কয়, যাৰ ফলত সাধাৰণ বাজেটৰ পৰা ৰে'ল ব্যয় প্ৰদান কৰাটো সম্ভৱ হৈছে। সময়ানুৱৰ্তীতা, পৰিচ্ছন্নতা আৰু সাধাৰণ সা-সুবিধাৰ অভাৱৰ বিষয়বোৰৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ পূৰ্বে উত্তৰ-পূবৰ ৬খন ৰাজ্যৰ ৰাজধানীত ৰে'ল সংযোগ নাছিল আৰু ১০,০০০তকৈয়ো অধিক ৰখীয়াবিহীন ৰে'ল ক্ৰছিং আছিল। মাত্ৰ ৩৫ শতাংশ ৰে'লপথতহে বৈদ্যুতিকীকৰণৰ দিহা কৰা হৈছিল আৰু ৰে'লৰ বাবে সংৰক্ষিত সা-সম্পত্তিসমূহ ব্যাপক দুৰ্নীতি আৰু বিলম্বিত কামৰ দীঘলীয়া শাৰীৰে ক্ষতিগ্ৰস্ত হৈছিল।

প্ৰধানমন্ত্ৰীয়ে কয়, "আমাৰ চৰকাৰে ৰে'লৱে’ক সেই নাৰকীয় পৰিস্থিতিৰ পৰা উলিয়াই অনাৰ ইচ্ছাশক্তি প্ৰদৰ্শন কৰিছে। এতিয়া ৰে'লৱে’ৰ উন্নয়ন চৰকাৰৰ শীৰ্ষ প্ৰাথমিকতাসমূহৰ ভিতৰত আছে।" প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ পৰা ছগুণ পৰ্যন্ত বাজেট বৃদ্ধিৰ দৰে পদক্ষেপৰ তালিকা দাঙি ধৰে আৰু দেশবাসীক আশ্বাস দিয়ে যে অহা ৫ বছৰত ৰে'লপথৰ ৰূপান্তৰণ তেওঁলোকে কৰা কল্পনাতকৈয়ো অধিক হ'ব। "এই ১০ বছৰৰ কামতো কেৱল  ‘ট্ৰেইলাৰ’হে। মই বহুদূৰলৈ যাব লাগিব", তেওঁ লগতে কয়। তেওঁ জনাই যে বেছিভাগ ৰাজ্যই কেৱল ‘বন্দে ভাৰত ৰে’ল’য়েই লাভ কৰা নাই, বৰঞ্চ ‘বন্দে ভাৰত ৰে’লে’ও ইতিমধ্যে ‘শতক’ৰ ঘৰ স্পৰ্শ কৰিছে। ‘বন্দে ভাৰত নেটৱৰ্ক’-য়ে দেশৰ ২৫০খন জিলা স্পৰ্শ কৰিছে। জনসাধাৰণৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই ‘বন্দে ভাৰত’ৰ পথসমূহ সম্প্ৰসাৰিত কৰা হৈছে।

উন্নত আৰু অৰ্থনৈতিকভাৱে সক্ষম হোৱা এখন ৰাষ্ট্ৰত ৰে'লৱেৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "ৰে'লৰ ৰূপান্তৰণ হৈছে ‘বিকশিত ভাৰতৰ গেৰাণ্টী’।" তেওঁ ৰে'লপথৰ ৰূপান্তৰণশীল দৃশ্যপটত আলোকপাত কৰে আৰু দ্ৰুত গতিত ৰে'লপথ স্থাপন, ১৩০০ তকৈয়ো অধিক ৰে'ল ষ্টেশ্যনৰ পুনৰ্বিকাশ, ‘বন্দে ভাৰত’, ‘নমো ভাৰত’ আৰু ‘অমৃত ভাৰত’ৰ দৰে পৰৱৰ্তী প্ৰজন্মৰ ৰে'লসমূহৰ যাত্ৰাৰম্ভ কৰা আৰু আধুনিকীকৰণ কৰা ৰে'ল ইঞ্জিন আৰু ডবাৰ কাৰখানা দ্বাৰ মুকলি কৰাৰ কথা উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ‘গতি শক্তি কাৰ্গো টাৰ্মিনেল নীতি’ৰ অধীনত ভূমি অধিগ্ৰহণ নীতি সৰল কৰাৰ ফলত ‘কাৰ্গো টাৰ্মিনেল’ নিৰ্মাণৰ সংখ্যা বৃদ্ধি পাইছে আৰু অনলাইনযোগে স্বচ্ছতা লাভ কৰিব পৰা গৈছে। তেওঁ ‘গতি শক্তি বিশ্ববিদ্যালয়’ স্থাপনৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰে'লৱেৰ আধুনিকীকৰণ সম্পৰ্কীয় পদক্ষেপ অব্যাহত ৰখা আৰু ‘ৰখীয়াবিহীন ক্ৰছিং’ আৰু ‘স্বয়ংক্ৰিয় সংকেত প্ৰণালী বিলুপ্তকৰণ প্ৰকল্প’ৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে দেশ ১০০ শতাংশ ৰে’লপথৰ বৈদ্যুতিকীকৰণৰ দিশে আগবাঢ়িছে। ‘সৌৰশক্তিচালিত ষ্টেশ্যন আৰু জন ঔষধী কেন্দ্ৰ’সমূহ ষ্টেশ্যনসমূহত স্থাপনৰ প্ৰক্ৰিয়া চলি আছে।

প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপসমূহক নিৰ্বাচনৰ সৈতে সংযুক্ত কৰা সকলক সমালোচনা কৰে। "আমাৰ বাবে, এই উন্নয়নমূলক প্ৰকল্পসমূহ চৰকাৰ গঠনৰ মাধ্যম নহয়, বৰঞ্চ সেইবোৰ হৈছে ৰাষ্ট্ৰ নিৰ্মাণৰ এক অভিযানহে" পৰৱৰ্তী প্ৰজন্মই যাতে পূৰ্বৰ প্ৰজন্মৰ সমস্যাসমূহৰ সন্মুখীন হ’ব লগা নহয় সেয়া নিশ্চিত কৰাটো হৈছে 'মোদীৰ গেৰাণ্টী", তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে বিগত ১০টা বছৰত উন্নয়নৰ উদাহৰণ স্বৰূপে পূব আৰু পশ্চিম প্ৰান্তীয় ‘সমৰ্পিত ফ্ৰেইট কৰিডৰ’ প্ৰসংগ উপস্থাপন কৰে। মালবাহী ৰে’লৰ বাবে এই পৃথক ‘ট্ৰেকে’ ৰে’লগাড়ীসমূহৰ গতিবেগ উন্নত কৰে আৰু এনে ৰে’লপথ কৃষি, উদ্যোগ, ৰপ্তানি আৰু ব্যৱসায়ৰ বাবে গুৰুত্বপূৰ্ণ। যোৱা ১০ বছৰত, পূব আৰু পশ্চিম উপকূলক সংযোগ কৰা এই মালবাহী কৰিডৰটো প্ৰায় সম্পূৰ্ণ হৈছে। আজি প্ৰায় ৬০০ কিলোমিটাৰ ‘ফ্ৰেইট কৰিডৰ’ উদ্বোধন কৰা হৈছে আৰু আহমেদাবাদত ‘অভিযান নিয়ন্ত্ৰণ কেন্দ্ৰ’ উদ্বোধন কৰা হৈছে। চৰকাৰৰ প্ৰচেষ্টাৰ ফলত এই কৰিডৰত মালবাহী ৰে'লগাড়ীৰ গতি এতিয়া দুগুণতকৈয়ো অধিক হৈছে, তেওঁ কয়।

 

তেওঁ আৰু কয় যে সমগ্ৰ কৰিডৰটোত এটা ঔদ্যোগিক কৰিডৰ বিকশিত কৰা হৈছে। আজি ৰে'লৱেৰ সামগ্ৰী ৰখা, ‘গতি শক্তি মাল্টি মডেল কাৰ্গো টাৰ্মিনেল’, ‘ডিজিটেল নিয়ন্ত্ৰণ কেন্দ্ৰ’, ৰে'ল কাৰখানা, ‘ৰে'লৱে লকো শ্বেড’ আৰু ‘ৰে'লৱে ডিপো’ও বহু ঠাইত উদ্বোধন কৰা হৈছে। ইয়াৰ ফলত মালবস্তু পৰিবহনৰ ক্ষেত্ৰতো যথেষ্ট ইতিবাচক প্ৰভাৱ পৰিব বুলি তেওঁ কয়।

"ভাৰতীয় ৰে'লৱে’ক ‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘ভোকেল ফৰ লোকেল’-ৰ মাধ্যম হিচাপে গঢ়ি তোলাত গুৰুত্ব দিছে চৰকাৰে", প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ ‘বিশ্বকৰ্মা’, ‘কাৰুশিল্প পুৰুষ আৰু মহিলা আত্ম-সহায়ক গোট’সমূহে নিৰ্মাণ কৰা সা-সামগ্ৰীসমূহ এতিয়া ‘এক ষ্টেশ্যন এক সামগ্ৰী আঁচনি’ৰ অধীনত ৰে'ল ষ্টেশ্যনসমূহত বিক্ৰী কৰা হ'ব য'ত ইতিমধ্যে ১৫০০খন বিপনী মুকলি কৰা হৈছে।

 

উন্নয়নৰ লগতে ঐতিহ্যৰ মন্ত্ৰ সাৰোগত কৰাৰ লগতে ‘ভাৰতীয় ৰে'লৱে’ই আঞ্চলিক সংস্কৃতি আৰু আস্থাৰ সৈতে সম্পৰ্কিত পৰ্যটনক উত্সাহিত কৰি অহাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে আনন্দ প্ৰকাশ কৰে। "আজি ভাৰত গৌৰৱ ৰে'লবোৰ ‘ৰামায়ণ চাৰ্কিট’, ‘গুৰু-কৃপা চাৰ্কিট’ আৰু ‘জৈন যাত্ৰা পথে’ৰে চলি আছে আনহাতে আস্থা বিশেষ ৰে'লে দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা শ্ৰী ৰাম ভক্তসকলক অযোধ্যালৈ লৈ গৈছে", প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অযোধ্যাত ৰামলালাৰ দৰ্শনৰ বাবে ইতিমধ্যে প্ৰায় ৩৫০ খন আস্থা ৰে'ল চলি আছে।

ভাষণৰ সামৰণি মাৰিবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতীয় ৰে'লৱে’ আধুনিকতাৰ গতিত আগবাঢ়ি যাব। এয়া হৈছে ‘মোদীৰ গেৰাণ্টী’।" তেওঁ উন্নয়নৰ এই উদযাপন অব্যাহত ৰাখিবলৈ নাগৰিকসকলক সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায়।

গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ এই অনুষ্ঠানত উপস্থিত আছিল।  

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Handloom — weaving India’s heritage into global growth

Media Coverage

Handloom — weaving India’s heritage into global growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasizing on spirit of selfless service
August 07, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting the virtue of selfless service and the noble ideal of working for the welfare of others without expecting anything in return:

"किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥"

The Prime Minister posted on X:

किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥