"অমৃত কাল-এ আমাক এক শক্তিশালী, উন্নত আৰু সামগ্ৰিক ভাৰত গঢ়ি তোলাৰ লক্ষ্যত কাম কৰাৰ সুযোগ প্ৰদান কৰিছে"
"প্ৰতিটো মিডিয়া হাউছে অতি আন্তৰিকতাৰে স্বচ্ছ ভাৰত মিছনৰ প্ৰচাৰ কৰিছে"
"যোগ, ফিটনেছ আৰু বেটি বচাও বেটি পঢ়াও জনপ্ৰিয় কৰাত সংবাদ মাধ্যমে অতি উৎসাহজনক ভূমিকা পালন কৰিছে"
"ভাৰতৰ প্ৰতিভাশালী যুৱপ্ৰজন্মৰ জৰিয়তে আমাৰ ৰাষ্ট্ৰই আত্মনিৰ্ভৰতা বা আত্মনিৰ্ভৰশীলতাৰ দিশে আগবাঢ়ি গৈছে"
"ভৱিষ্যত প্ৰজন্মই যাতে বৰ্তমান প্ৰজন্মৰ তুলনাত আৰু অধিক উন্নত জীৱনশৈলীৰে জীৱন যাপন কৰিব পাৰে সেয়া নিশ্চিত কৰাই হৈছে আমাৰ প্ৰচেষ্টাৰ পথপ্ৰদৰ্শক নীতি"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মালয়ালম সংবাদ পত্ৰ মাতৃভূমিৰ শতবাৰ্ষিকী বৰ্ষ উদযাপনৰ শুভাৰম্ভ কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰথমেই বাতৰি কাকতখনৰ এই ১০০ বছৰীয়া যাত্ৰাৰ নেতৃত্ববহনকাৰীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয়, "মহাত্মা গান্ধীৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামক শক্তিশালী কৰিবলৈ মাতৃভূমিৰ জন্ম হৈছিল"। তেওঁ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে আমাৰ দেশৰ লোকসকলক একত্ৰিত কৰিবলৈ সমগ্ৰ ভাৰতত প্ৰকাশিত বাতৰি কাকত আৰু পুস্তিকাসমূহৰ গৌৰৱময় পৰম্পৰাত এই কাকতখনকো স্থান দিয়ে। তেওঁ লোকমান্য তিলক, মহাত্মা গান্ধী, গোপাল কৃষ্ণ গোখলে, শ্যামজী কৃষ্ণ বাৰ্মা আৰু অন্যান্য সকলৰ উদাহৰণ দাঙি ধৰে যিসকলে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত তেওঁলোকৰ কামৰ বাবে বাতৰি কাকত ব্যৱহাৰ কৰিছিল। জৰুৰীকালীন অৱস্থাত ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধ বজাই ৰখাৰ বাবে শ্ৰী এম পি বীৰেন্দ্ৰ কুমাৰৰ প্ৰচেষ্টাৰ কথা তেওঁ বিশেষভাৱে স্মৰণ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰি নিজৰ জীৱন উৎসৰ্গা কৰাৰ সুযোগ আজি আমাৰ নাই। কিন্তু এই অমৃত কালে আমাক এক শক্তিশালী, উন্নত আৰু সামগ্ৰিক ভাৰতৰ দিশত কাম কৰাৰ সুযোগ প্ৰদান কৰে।" তেওঁ নতুন ভাৰত সংক্ৰান্তীয় বিভিন্ন প্ৰচাৰাভিযানত সংবাদ মাধ্যমে যি ইতিবাচক ভূমিকা গ্ৰহণ কৰিছে তাৰ প্ৰশংসা কৰে। স্বচ্ছ ভাৰত অভিযানৰ উদাহৰণ দি তেওঁ কয়, এইক্ষেত্ৰত প্ৰতিটো মিডিয়া হাউচে অতি আন্তৰিকতাৰে এই অভিযানৰ প্ৰচাৰ চলাইছে। একেদৰে, যোগ, ফিটনেছ আৰু বেটি বচাও বেটি পঢ়াও জনপ্ৰিয় কৰাত সংবাদ মাধ্যমসমূহৰ ভূমিকা অতি উৎসাহজনক।"এইবোৰ ৰাজনীতি আৰু ৰাজনৈতিক দলৰ ক্ষেত্ৰৰ বাহিৰৰ বিষয়। এইবোৰ আগন্তুক বছৰবোৰত এখন উন্নত ৰাষ্ট্ৰ গঢ়ি তোলাৰ সৈতে জড়িত", তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে যে সংবাদ মাধ্যমসমূহে স্বাধীনতা সংগ্ৰামৰ অজানা কাহিনী আৰু অখ্যাত স্বাধীনতা সংগ্ৰামীৰ জীৱন আৰু স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত স্থানসমূহৰ ওপৰত আলোকপাত কৰাৰ প্ৰচেষ্টাক আগবঢ়াই নিব পাৰে। একেদৰে, প্ৰতিশ্ৰুতিসম্পন্ন নবীন লেখকসকলক মঞ্চ প্ৰদান কৰিবলৈ আৰু আঞ্চলিক ভাষাৰ বিকাশত সক্ৰিয় উদ্যোগ লৈ সংবাদ পত্ৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে।

আজিৰ দিনত ভাৰতৰ পৰা বিশ্বৰ প্ৰত্যাশাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বহুতেই প্ৰথমে ভাবিছিল যে ভাৰতে মহামাৰীৰ মোকাবিলা কৰিবলৈ অক্ষম হ’ব। কিন্তু সেই প্ৰাৰম্ভিক অনুমান সঁচা নহ’ল। দুবছৰ ধৰি, ৮০ কোটি লোকে বিনামূলীয়া ৰেচন লাভ কৰিছে। ১৮০ কোটি পালি ভেকছিন প্ৰদান কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতৰ প্ৰতিভাশালী যুৱপ্ৰজন্মৰ দ্বাৰা চালিত হৈ আমাৰ ৰাষ্ট্ৰ আত্মনিৰ্ভৰতা বা আত্মনিৰ্ভৰশীলতাৰ দিশে আগবাঢ়িছে। এই নীতিৰ মূল বিষয় হৈছে ভাৰতক এক অৰ্থনৈতিক শক্তিক্ষেত্ৰ হিচাপে গঢ়ি তোলা যিয়ে ঘৰুৱা আৰু গোলকীয় প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হ’ব"। প্ৰধানমন্ত্ৰীয়ে কয়, বিভিন্ন ক্ষেত্ৰত অভূতপূৰ্ব সংস্কাৰ সাধন কৰা হৈছে, যিয়ে অৰ্থনৈতিক প্ৰগতি বৃদ্ধি কৰিব। স্থানীয় উদ্যোগক উৎসাহিত কৰিবলৈ বিভিন্ন খণ্ডত উৎপাদন সংযোজিত ইনচেণ্টিভ আঁচনি আৰম্ভ কৰা হৈছে। ভাৰতৰ ষ্টাৰ্ট-আপ পৰিৱেশ ব্যৱস্থা কেতিয়াও ইমান জীৱন্ত হোৱা নাই বুলি তেওঁ উল্লেখ কৰে। যোৱা ৪বছৰত, ইউ.পি.আই. লেনদেনৰ সংখ্যা ৭০ গুণতকৈ অধিক বৃদ্ধি হৈছে। ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইনৰ বাবে ১১০ লাখ কোটি টকা ব্যয় কৰা হৈছে। শ্ৰী মোদীয়ে জানিবলৈ দিয়ে যে প্ৰধানমন্ত্ৰী গতিশক্তিয়ে আন্তঃগাঁথনি নিৰ্মাণ আৰু সু-শাসন অধিক সহজ কৰি তুলিব। তেওঁ কয়, "ভাৰতৰ প্ৰতিখন গাঁৱত উচ্চ গতিসম্পন্ন ইণ্টাৰনেট সংযোগ নিশ্চিত কৰাৰ বাবে আমি সক্ৰিয়ভাৱে কাম কৰি আছোঁ। আমাৰ প্ৰচেষ্টাৰ পথপ্ৰদৰ্শক নীতি হৈছে ভৱিষ্যত প্ৰজন্মই যাতে বৰ্তমানৰ জীৱনশৈলীতকৈ উন্নত জীৱনশৈলী যাপন কৰে সেয়া নিশ্চিত কৰা"।

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India boards 'reform express' in 2025, puts people before paperwork

Media Coverage

India boards 'reform express' in 2025, puts people before paperwork
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Subhashitam highlighting how goal of life is to be equipped with virtues
January 01, 2026

The Prime Minister, Shri Narendra Modi, has conveyed his heartfelt greetings to the nation on the advent of the New Year 2026.

Shri Modi highlighted through the Subhashitam that the goal of life is to be equipped with virtues of knowledge, disinterest, wealth, bravery, power, strength, memory, independence, skill, brilliance, patience and tenderness.

Quoting the ancient wisdom, the Prime Minister said:

“2026 की आप सभी को बहुत-बहुत शुभकामनाएं। कामना करते हैं कि यह वर्ष हर किसी के लिए नई आशाएं, नए संकल्प और एक नया आत्मविश्वास लेकर आए। सभी को जीवन में आगे बढ़ने की प्रेरणा दे।

ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः।

स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च ॥”