Atal Tunnel will strengthen India’s border infrastructure: PM Modi
Atal Tunnel is an example of world-class border connectivity: PM Modi
There is nothing more important for us than protecting the country: PM Modi

পৃথিৱীৰ সবাতোকৈ দীঘল সুৰংগ-পথ ‘অটল সুৰংগ’ আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিক ভাবে মুকলি কৰাৰ লগতে ৰা্ষ্ট্ৰৰ নামত উত্সৰ্গা কৰে। সুৰংগটোৰ দক্ষিণ প্ৰান্ত স্থাপিত মানালীত আয়োজিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে এই কাৰ্য সম্পন্ন কৰে।

৯.০২ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগটোৱে বছৰৰ সকলো সময়তে মনালী আৰু লাহৌল-স্পিতি উপত্যককাক সংযুক্ত কৰিব। এই পথচোৱাত হোৱা প্ৰচণ্ড তুষাৰপাতৰ ফলত এই পৰ্যন্ত বছৰৰ ছমাহেই যাতায়াত বন্ধ ৰাখিবলগীয়া হৈছিল।

হিমালয়ৰ পীৰ পঞ্জল পৰ্বতমালাৰ সাগৰপৃষ্ঠৰ পৰা ৩০০০মিটাৰ(১০,০০০ফুট) উচ্চতাত অত্যাধুনিক প্ৰযুক্তিৰে সুৰংগটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছে।

সুৰংগটোৱে মানালী আৰু লেহৰ মাজৰ পথচোৱাৰ দূৰত্ব ৪৬ কিলোমিটাৰ হ্ৰাস কৰাৰ লগতে সময়ৰ জোখৰে ৪ৰ পৰা ৫ ঘণ্টা সময় ৰাহি কৰিব।

সুৰংগটোত আধুনিক প্ৰযুক্তিৰ কলাসন্মত ‘ছেমি ট্ৰেন্সভাৰ্ছ ভেণ্টিলেশ্যন ছীষ্টেম’কে ধৰি ‘ইলেক্ট্ৰোমেকানিকেল ছীষ্টেম’, ‘এছচিএডিএ’ নিয়ন্ত্ৰিত অগ্নিনিৰ্বাপণ ব্যৱস্থা, পোহৰ আৰু নিৰীক্ষণ ব্যৱ্স্থা সংস্থাপিত কৰা হৈছে।

সুৰংগটোৰ দক্ষিণ প্ৰান্তৰ পৰা যাত্ৰা আৰম্ভ কৰা প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰান্তলৈ যোৱাৰ উপৰি মূল সুৰংগটোৰ সৈতে সংলগ্ন কৰি নিৰ্মাণ কৰা জৰুৰীকালীন নিৰ্গমণ সুৰংগটোও পৰিদৰ্শন কৰে। এই অনুষ্ঠানতে তেওঁ সুৰংগটোৰ নিৰ্মাণ কাৰ্যৰ বিভিন্ন পৰ্যায়ৰ ছবি সম্বলিত ‘দি মেকিং অব অটল টানেল’ শীৰ্ষক এক প্ৰদৰ্শনীও প্ৰত্যক্ষ কৰে।

এই উপলক্ষে প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটোক ঐতিহাসিক বুলি অভিহিত কৰাৰ লগতে ‘অটল সুৰংগ’ৰ নিৰ্মাণে কেৱল প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সপোনকে বাস্তৱিয়িত কৰা নাই, বৰং এইটো অঞ্চলৰ কোটি কোটি জনতাৰ সপোনকো সাৰ্থক কৰিলে বুলি মন্তব্য কৰে।

হিমাচল প্ৰদেশৰ লগতে নতুনকৈ গঠিত হোৱা কেন্দ্ৰীয় শাসিত অঞ্চল লেহ-লাডাখৰ সৰহভাগ অঞ্চলৰ বাবেই ‘অটল সুৰংগ’ জীৱন ৰেখা স্বৰূপ হৈ উঠিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, এই সুৰংগই মানালী আৰু কেইলঙৰ মাজৰ দূৰত্ব অতিক্ৰমণৰ সময় ৩-৪ ঘণ্টা হ্ৰাস কৰিব।

এতিয়াৰে পৰা হিমাচল প্ৰদেশ আৰু লেহ-লাডাখৰ বিভিন্ন প্ৰান্ত বছৰৰ সকলো দিনতে দেশৰ অন্য প্ৰান্তৰ সৈতে সংযুক্ত হৈ থাকিব পাৰিব আৰু ইয়াৰ সুবাদত অঞ্চলসমূহৰ অৰ্থনৈতিক প্ৰগতিৰ গতি দ্ৰুততৰ হ’ব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

তেওঁ কয়, কৃষক, উদ্যান শস্যৰ উত্পাদক আৰু যুৱক-যুৱতীসকলৰ বাবে দিল্লী অথবা দেশৰ অন্য প্ৰান্তৰ বজাৰসমূহত প্ৰৱেশৰ পথ সুগম হৈ উঠিব।

এনে ধৰণৰ সীমান্ত সংযোগী প্ৰকল্পই নিৰাপত্তা বাহিনীসমূহৰ নিয়মীয়া যোগান-পাতি সুনিশ্চিত কৰাৰ লগতে তেওঁলোকৰ টহল কাৰ্যক্ৰম সুকলমে চলোৱাৰ ক্ষেত্ৰত বিশেষ সহযোগিতা আগবঢ়াব বুলি শ্ৰী মোডীয়ে মন্তব্য কৰে।

এই অসাধাৰণ স্বপ্ন বাস্তৱায়িত কৰাৰ বাবে দেশৰ অভিযন্তা, কাৰিকৰ আৰু কৰ্মীবৃন্দই নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি বিগত সময়চোৱাত সম্পাদন কৰা কামৰ বাবে প্ৰধানমন্ত্ৰীয়ে সকলোকে ভূয়সী প্ৰশংসা কৰে।

ভাৰতৰ সীমান্ত এলেকাৰ আন্তঃগাঁথনিক শক্তিশালী কৰাৰ ক্ষেত্ৰত ‘অটল সুৰংগ’ই এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে বিশ্ব মানৰ সীমান্ত সংযোগী ব্যৱস্থাৰ ই এক জীৱন্ত প্ৰতীক হৈ উঠিব বুলি প্ৰধানমন্ত্ৰী অভিমত ব্যক্ত কৰে। তেওঁ কয়, সীমান্ত এলেকাসমূহত আন্ত্ঃগাঁথনি নিৰ্মাণৰ লগতে এলেকাসমূহৰ সামগ্ৰীক উন্নয়ণৰ দাবী দীৰ্ঘদিনে উথ্থাপন হৈ আহিছিল, ইয়াৰ পৰিকল্পনাও কৰা হৈছিল যদিও উন্নয়ণৰ কোনো অগ্ৰগতি নোহোৱাকৈয়ে দশকজুৰি এনেবোৰ প্ৰকল্পৰ কাম পৰি ৰৈছিল।

প্ৰধানমন্ত্ৰীয়ে কয়, ২০০২চনতে অটল জীয়ে সুৰংগ সংযোগী পথছোৱাৰ আধাৰশিলা স্থাপন কৰিছিল। পিচে, অটল জীৰ চৰকাৰ যোৱাৰ পিচত এই প্ৰকল্পৰ কাম-কাজ অৱহেলিত হৈ পৰিছিল আৰু ২০১৩-১৪ চন পৰ্যন্ত সুৰংগটোৰ মাত্ৰ ১৩০০মিটাৰ অৰ্থাত্ ১.৫ কিলোমিটাৰৰো কম অংশ এটা খন্দা কামহে সম্পন্ন কৰা হৈছিল। অৰ্থাত বছৰি গড়ে মাত্ৰ ৩০০ মিটাৰকৈহে খন্দা হৈছিল।

বিশেষজ্ঞ সকলৰ মতে যদি এই গতিৰে কাম চলিবলৈ দিয়া হ’লহেতেন তেন্তে ২০৪০ চন মানতহে এই সুৰংগৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’লগৈহেতেন।

নতুন চৰকাৰে প্ৰকল্পটোৰ কাম অগ্ৰাধিকাৰ ভিত্তিত কৰাৰ সিদ্ধান্ত লৈ উদ্যোগ গ্ৰহণ কৰাৰে পৰা প্ৰকল্প নিৰ্মাণৰ গতি খৰটকীয়া হ’ল আৰু প্ৰতি বছৰে ১৪০০ মিটাৰ গতিবেগৰে সুৰংগ খননৰ কাম আগবাঢ়িবলৈ ধৰিলে বুলি তথ্য উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ বাবে ২৬ বছৰৰসময় সীমা ধৰ্য্য কৰা হৈছিল যদিও ইয়াক ৬ বছৰতে সম্পূৰ্ণ কৰিব পৰা গ’ল।

তেওঁ কয়, দেশে অৰ্থনৈতিক আৰু সামাজিক ভাবে বিকাশ লাভ কৰিবলৈ হ’লে দেশৰ আন্তঃগাঁথনিৰ উন্নয়ণ দ্ৰুত গতিৰে সম্পাদিত হ’ব লাগিব। আৰু ইয়াৰ বাবে আপোচবিহীন ৰাজনৈতিক সদিচ্ছাৰ প্ৰয়োজন বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

২০০৫চনত সুৰংগটোৰ নিৰ্মাণ ব্যয় ধাৰ্য্য কৰা হৈছিল ৯০০ কোটি টকা। পিচে ইয়াৰ নিৰ্মাণত হোৱা অনাহূত বিলম্বৰ বাবেই এতিয়া ইয়াৰ নিৰ্মাণ ব্যয় তিনিগুণৰো অধিক বৃদ্ধি পাই প্ৰায় ৩২০০কোটি টকা হয়গৈ বুলিও তেওঁ জানিবলৈ দিয়ে।

আন বহু প্ৰকল্পৰ দশাও এই ‘অটল সুৰংগ’ৰ দৰে হৈছিল বুলিও তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে।

এই সন্দৰ্ভত উদাহৰণ দাঙি ধৰি তেওঁ ৰণকৌশলগত ভাবে অতিকে গুৰুত্বপূৰ্ণ লাডাখৰ বিমান ঘাটি ‘দৌলত বেগ অ’ল্ডী’ৰ প্ৰসংগ উল্লেখ কৰি কয় যে প্ৰকল্পটোৰ কাম ৪০-৪৫ বছৰৰে অসম্পূৰ্ণ কৈয়ে ৰখা হ’ল।

সেইদৰে অটল জীৰ চৰকাৰে আৰম্ভ কৰা ‘বগীবিল দলঙ’ৰ কামো পিচত লেহেমীয়া কৰি তোলা হৈছিল বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। পিচত তেওঁৰ চৰকাৰেহে এই প্ৰকল্পৰ কাম খৰটকীয়াকৈ সম্পূৰ্ণ কৰি দলংখন মুকলি কৰে বুলি জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰীয়ে।

সেইদৰে বিহাৰৰ মিথিলাঞ্চলৰ বাবে অতিকে গুৰুত্বপূৰ্ণ ‘কোশী মহাসেতু’ৰ কামো ২০১৪ চনৰ পিচতহে দ্ৰুত গতিৰে সম্পন্ন কৰি অটলজীৰ জন্মদিনৰ দিনা উদ্বোধন কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

শেহতীয়া ছটা বছৰত পৰিস্থিতিৰ অভুতপূৰ্ব পৰিৱৰ্তন হৈছে বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে কয় এতিয়া দেশত পথ-ঘাট, দলং-সুৰংগ নিৰ্মাণৰ কাম দ্ৰুতগতিৰে সম্পাদিত হোৱাৰ পৰিৱেশ সৃষ্টি হৈছে।

প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে, নিৰাপত্তা বাহিনীক সু-সজ্জিত কৰাৰ বাবে অস্ত্ৰ-শস্ত্ৰৰ সংগ্ৰহ, প্ৰতিৰক্ষা বাহিনীৰ নেতৃত্ব ‘চীফ অব ডিফেন্স ষ্টাফ’ৰ হাতত অৰ্পণ কৰা, ‘এক পদ এক পেন্সন’ ব্যৱস্থা প্ৰৱৰ্তন কৰা, বিদেশী বিনিয়োগৰ ক্ষেত্ৰত শিথিলতা অনাৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰে তেওঁৰ চৰকাৰৰ কামৰ এক খটিয়ানো দাঙি ধৰে।

তেওঁ কয়, গোলকীয় প্ৰেক্ষাপটত ভাৰতে সম্ভ্ৰম আদায় কৰিবলৈ হ’লে দেশৰ আন্তঃগাঁথনিৰ উত্তৰণ, ইয়াৰ অৰ্থনৈতিক আৰু ৰণকৌশলগত সম্ভাৱনীয়তাসমূহে একে গতিবেগেৰে আগবাঢ়িব পাৰিব লাগিব।

দেশ আত্মনিৰ্ভৰ হোৱাৰ দিশত ‘অটল সুৰংগ’ এক উজ্জ্বল দৃষ্টান্ত হৈ উঠিব বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views

Media Coverage

Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasising that Service to the nation is the foundation of a Developed India
April 21, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam emphasising that the Service to the nation is the foundation of a ‘Developed India.’ Shri Modi remarked that on the proud occasion of Civil Services Day, let us reaffirm our commitment to building an empowered, prosperous, and compassionate India by bringing the person standing at the last mile into the mainstream of development.

The Prime Minister shared a Sanskrit Subhashitam-

"शीलं परहितासक्तिः अनुत्सेकः क्षमा धृतिः।

अलोभश्चेति विद्यायाः परिपाकोञ्चलं फलम्॥"

The Subhashitam conveys, that modesty, benevolence, humility, forgiveness, patience and non- greed, all these are the bright fruits of the perfection of knowledge.

The Prime Minister posted on X:

"राष्ट्रसेवा ही ‘विकसित भारत’ की नींव है। सिविल सेवा दिवस के गौरवशाली अवसर पर आइए, अंतिम पंक्ति में खड़े व्यक्ति को विकास की मुख्यधारा से जोड़कर सशक्त, समृद्ध एवं संवेदनशील भारतवर्ष के निर्माण का संकल्प दोहराएं। 

शीलं परहितासक्तिः अनुत्सेकः क्षमा धृतिः। 

अलोभश्चेति विद्यायाः परिपाकोञ्चलं फलम्॥"