জম্মু-কাশ্মীৰ, তেলেংগানা আৰু ওড়িশাত ৰে’ল আন্তঃগাঁথনি প্ৰকল্পৰ আৰম্ভণিয়ে পৰ্যটনক প্ৰসাৰিত কৰিব আৰু এই অঞ্চলসমূহৰ আৰ্থ-সামাজিক উন্নয়নত যোগ দিবঃ প্ৰধানমন্ত্ৰী
আজি দেশ বিকশিত ভাৰতৰ সংকল্প সাধনত নিয়োজিত আৰু ইয়াৰ বাবে ভাৰতীয় ৰে’লৱেৰ উন্নয়ন অতি গুৰুত্বপূৰ্ণঃ প্ৰধানমন্ত্ৰী
আমি ভাৰতত ৰে’লৱেৰ উন্নয়ন চাৰিটা পৰিমাপত আগুৱাই লৈ গৈছোঁ। প্ৰথম- ৰে’লৱেৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণ, দ্বিতীয়- ৰে’ল যাত্ৰীৰ বাবে আধুনিক সা-সুবিধা, তৃতীয়- দেশৰ চুকে-কোণে ৰে’ল সংযোগ বৃদ্ধি, চতুৰ্থ- চাকৰি সৃষ্টিৰ বাবে ৰে’লৱে, উদ্যোগক সহায়ঃ প্ৰধানমন্ত্ৰী
আজি ভাৰতৰ ৰে’লপথৰ প্ৰায় ১০০ শতাংশ বিদ্যুতীকৰণৰ হৈছে, আমি ৰে’লৱেৰ প্ৰসাৰতাও অহৰহ বৃদ্ধি কৰিছোঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন ৰে’ল প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে নতুন জম্মু ৰে’ল বিভাগৰ শুভাৰম্ভ কৰে। পূব উপকূলীয় ৰে’লৱেৰ ৰায়গাডা ৰে’লৱে ডিভিজন ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে তেলেংগানাত চাৰ্লাপল্লী নিউ টাৰ্মিনেল ষ্টেচনো উদ্বোধন কৰে।

শ্ৰী গুৰু গোবিন্দ সিংজী জয়ন্তী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে তেওঁৰ শিক্ষা আৰু জীৱনে এক শক্তিশালী আৰু সমৃদ্ধিশালী দেশৰ দৃষ্টিভংগীক অনুপ্ৰাণিত কৰে। সংযোগৰ ক্ষেত্ৰত ভাৰতৰ দ্ৰুতগতিত অগ্ৰগতিৰ প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয় যে ২০২৫ চনৰ আৰম্ভণিৰ পৰাই ভাৰতে মেট্ৰ’ ৰে’ল নেটৱৰ্ক ১০০০ কিলোমিটাৰতকৈও অধিক সম্প্ৰসাৰণ কৰি নিজৰ পদক্ষেপ ত্বৰান্বিত কৰি আহিছে। তেওঁ কালি দিল্লী মেট্ৰ’ প্ৰকল্প আৰম্ভ কৰাৰ লগতে দিল্লী-এনচিআৰত শেহতীয়াকৈ নমো ভাৰত ৰে’ল উদ্বোধনৰ কথা উল্লেখ কৰে।

 

শ্ৰী মোদীয়ে লগতে কয় যে আজিৰ এই অনুষ্ঠানটোৱে এই কথাটোৰ আৰু এটা প্ৰমাণ কৰিছে যে সমগ্ৰ দেশে একেলগে আগবাঢ়িছে, খোজৰ লগত খোজ মিলাইছে, কিয়নো জম্মু-কাশ্মীৰ, ওড়িশা আৰু তেলেংগানাত আৰম্ভ কৰা প্ৰকল্পসমূহে উত্তৰ, পূব আৰু দেশৰ দক্ষিণাঞ্চলৰ বাবে আধুনিক সংযোগৰ এক বৃহৎ উত্থান চিহ্নিত কৰিছে। তেওঁ পুনৰ কয় যে ‘সবকা সাথ, সবকা বিকাশ’ৰ মন্ত্ৰই উন্নত ভাৰতৰ দৃষ্টিভংগীক বাস্তৱত পৰিণত কৰাত সহায় কৰিছে। তেওঁ এই ৰাজ্যসমূহৰ জনসাধাৰণ আৰু ভাৰতৰ সকলো নাগৰিকক এই উন্নয়নৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

ভাৰতীয় ৰে’লৱেৰ উন্নয়ন এই উদ্দেশ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে এক বিক্ষীত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বাবে দেশৰ দায়বদ্ধতাক পুনৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে বিগত দশকত ভাৰতীয় ৰে’লৱেই এক ঐতিহাসিক পৰিৱৰ্তনৰ অভিজ্ঞতা লাভ কৰিছে, যিয়ে জাতিটোৰ ভাবমূৰ্তিক নতুন ৰূপ দিছে আৰু ইয়াৰ জনসাধাৰণৰ মনোভাৱক উল্লেখযোগ্যভাৱে উন্নীত কৰিছে। তেওঁ ভাৰতীয় ৰে’লৱেৰ বৃদ্ধিৰ ক্ষেত্ৰত সহায়ক হোৱা চাৰিটা মূল ক্ষেত্ৰৰ ৰূপৰেখা দাঙি ধৰে: ৰে’লৱেৰ আন্তঃগাঁথনি আধুনিকীকৰণ, যাত্ৰীৰ সুবিধাসমূহ উন্নীত কৰা, প্ৰতিটো অঞ্চললৈ ৰে’ল সংযোগ সম্প্ৰসাৰণ, আৰু উদ্যোগসমূহক সহায় কৰাৰ লগতে নিয়োগৰ সুযোগ সৃষ্টি কৰা। শ্ৰী মোদীয়ে জোৰ দি কয়, "আজিৰ এই পদক্ষেপ এই দৃষ্টিভংগীৰ প্ৰতিফলন। নতুন ৰে'ল বিভাগ আৰু টাৰ্মিনেল স্থাপনে ভাৰতীয় ৰে'লৱেক আধুনিক, একবিংশ শতিকাৰ নেটৱৰ্কলৈ ৰূপান্তৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।" তেওঁ লগতে কয় যে এই উন্নতিসমূহে অৰ্থনৈতিক বিকাশক উদ্দীপিত কৰিব, ৰেলৱে পৰিচালনাৰ উন্নতি সাধন কৰিব, বিনিয়োগ আকৰ্ষণ কৰিব, আৰু নতুন চাকৰিৰ সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে বন্দে ভাৰত ৰে’ল, অমৃত ভাৰত ষ্টেচন, আৰু নমো ভাৰত ৰে’লে ভাৰতীয় ৰে’লৱেৰ বাবে নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে। শ্ৰী মোদীয়ে কয় যে আকাংক্ষিত ভাৰতে আজি অতি কম সময়তে বৃহৎ মাত্ৰাত কাঙ্খিত লক্ষ্য সাধন কৰিবলৈ চেষ্টা কৰিছে। বৰ্তমান বন্দে ভাৰত ৰে’লসমূহ ৫০টাতকৈও অধিক ৰে’লপথত চলাচল কৰে, ৰে’লখনৰ ১৩৬ টা সেৱাই যাত্ৰীসকলক আৰামদায়ক ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰে। শ্ৰী মোদীয়ে লগতে কয় যে, "মাত্ৰ কেইদিনমানৰ আগতে বন্দে ভাৰত ৰে'লৰ নতুন শ্লীপাৰ সংস্কৰণে ট্ৰায়েল ৰাণৰ সময়ত প্ৰতি ঘণ্টাত ১৮০ কিলোমিটাৰ গতিবেগ পোৱাৰ ভিডিঅ' এটা মই চাইছিলো। এনে এক মাইলৰ খুঁটিয়ে প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰে।" প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে কয় যে এই সাফল্যসমূহ মাত্ৰ আৰম্ভণিহে, এনাগত সময়ত ভাৰতে প্ৰথমখন বুলেট ট্ৰেইন মুকলি কৰাৰ সাক্ষী হ’বলৈ বেছি দিন নালাগিব।

 

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে ভাৰতীয় ৰে’লৱে যাত্ৰীসকলৰ ভ্ৰমণ অভিজ্ঞতা বৃদ্ধিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ বাবে দেশজুৰি ১৩০০ৰো অধিক অমৃত ষ্টেচন সংস্কাৰ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে যোৱা দশকত ৰে’ল সংযোগৰ ক্ষেত্ৰত উল্লেখযোগ্য বৃদ্ধি হৈছে, ৰে’ল লাইনৰ প্ৰায় ১০০% বিদ্যুৎকৰণ হৈছে, যিটো ২০১৪ চনত মাত্ৰ ৩৫%ৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে। ৩০ হাজাৰ কিলোমিটাৰতকৈ অধিক নতুন ট্ৰেক স্থাপন কৰা হৈছে, আৰু শ শ পথত অভাৰব্ৰীজ আৰু আণ্ডাৰব্ৰীজ নিৰ্মাণ কৰা হৈছে। তদুপৰি ব্ৰড গজ লাইনত থকা সকলো মানৱবিহীন ক্ৰছিং আঁতৰোৱা হৈছে, যাৰ ফলত যাত্ৰীৰ সুৰক্ষা বৃদ্ধি পাইছে আৰু দুৰ্ঘটনা হ্ৰাস পাইছে।

প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ওড়িশা প্ৰচুৰ প্ৰাকৃতিক সম্পদ আৰু বৃহৎ উপকূলৰ দ্বাৰা ধন্য, আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে উল্লেখযোগ্য সম্ভাৱনা আছে। তেওঁ কয় যে ৰাজ্যখনত ৭০ হাজাৰ কোটিতকৈ অধিক মূল্যৰ কেইবাটাও ৰে’ল প্ৰকল্প চলি আছে। ৰাজ্যখনত লগতে ৭টা গতি শক্তি কাৰ্গো টাৰ্মিনেল স্থাপন কৰা হৈছে, যিয়ে বাণিজ্য আৰু উদ্যোগক উন্নীত কৰিছে। শ্ৰী মোদীয়ে কয় যে আজি ওড়িশাত ৰায়গড়া ৰে’লৱে বিভাগৰ আধাৰশিলা স্থাপন কৰা হৈছে, যিয়ে ওড়িশা বিশেষকৈ দক্ষিণ ওড়িশাত পৰ্যটন, ব্যৱসায় আৰু নিয়োগক প্ৰসাৰিত কৰা ৰাজ্যখনৰ ৰে’ল আন্তঃগাঁথনি শক্তিশালী কৰিব, য’ত জনজাতীয় পৰিয়ালৰ সংখ্যা অধিক।

আজি তেলেংগানাত চাৰ্লাপল্লী নিউ টাৰ্মিনেল ষ্টেচন উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আউটাৰ ৰিং ৰোডৰ সৈতে সংযোগ কৰি আঞ্চলিক উন্নয়ন ত্বৰান্বিত কৰাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়, ‘আউটাৰ ৰিং ৰোডৰ সৈতে সংযুক্ত এই ষ্টেচনে অঞ্চলটোৰ উন্নয়নত যথেষ্ট উন্নতি সাধন কৰিব। শ্ৰী মোদীয়ে ষ্টেচনৰ প্লেটফৰ্ম, লিফ্ট, এস্কেলেটৰ, সৌৰশক্তিচালিত কাৰ্য্যকলাপকে ধৰি আধুনিক সুবিধাসমূহৰ ওপৰতো আলোকপাত কৰি কয়, “এয়া বহনক্ষম আন্তঃগাঁথনি সৃষ্টিৰ ক্ষেত্ৰত এক পদক্ষেপ।” তেওঁ লগতে আলোকপাত কৰে যে এই নতুন টাৰ্মিনেলে ছেকেণ্ডৰাবাদ, হায়দৰাবাদ আৰু কাচিগুড়াৰ বৰ্তমানৰ ষ্টেচনসমূহৰ ওপৰত হেঁচা কম কৰিব, যাৰ ফলত জনসাধাৰণৰ বাবে যাত্ৰা অধিক সুবিধাজনক হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে এনে প্ৰকল্পই কেৱল জীৱন-যাপনৰ সহজতা বৃদ্ধি কৰাই নহয়, ভাৰতৰ বহল আন্তঃগাঁথনিৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি ব্যৱসায়ৰ সহজতাও প্ৰসাৰিত কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতত বৰ্তমান এক্সপ্ৰেছৱে, জলপথ আৰু মেট্ৰ’ নেটৱৰ্ককে ধৰি এক বৃহৎ আন্তঃগাঁথনি সম্প্ৰসাৰণ চলি আছে। তেওঁ কয় যে ২০১৪ চনত বিমানবন্দৰৰ সংখ্যা ৭৪ৰ পৰা আজি ১৫০টাতকৈও অধিক হৈছে আৰু সমগ্ৰ দেশৰ ৫খন চহৰৰ পৰা ২১খন চহৰলৈ মেট্ৰ’ সেৱা সম্প্ৰসাৰিত হৈছে। তেওঁ কয়, “এই প্ৰকল্পসমূহ এখন উন্নত ভাৰতৰ দিশত বৃহত্তৰ ৰোডমেপৰ অংশ, যিটো এতিয়া এই দেশৰ প্ৰতিজন নাগৰিকৰ বাবে এক অভিযান।”

ভাৰতৰ বিকাশৰ ওপৰত আস্থা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “মই নিশ্চিত যে একেলগে আমি এই বিকাশ আৰু অধিক ত্বৰান্বিত কৰিম।” এই মাইলৰ খুঁটিসমূহৰ বাবে ভাৰতৰ নাগৰিকসকলক অভিনন্দন জনোৱাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ়তাৰে কয়।

 

এই উপলক্ষে অনুষ্ঠানত কেন্দ্ৰীয় ৰে’ল, তথ্য আৰু সম্প্ৰচাৰ, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী, কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি, পৃথিৱী বিজ্ঞান বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰু পিএমঅ’ৰ ৰাজ্যিক মন্ত্ৰী, ড° জিতেন্দ্ৰ সিং, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভি সোমান্না, ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰৱনীত সিং বিট্টু, কেন্দ্ৰীয় মন্ত্ৰী বন্দী সঞ্জয় কুমাৰ, ওড়িশাৰ ৰাজ্যপাল শ্ৰী জিষ্ণু দেৱ তেলেংগানাৰ ৰাজ্যপাল বৰ্মা, জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল শ্ৰী হৰি বাবু কম্ভমপতি, জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী শ্ৰী মনোজ সিনহা, তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী ওমৰ আব্দুল্লা, তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী এ ৰেৱন্ত ৰেড্ডী আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝিকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit

Media Coverage

PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends birthday greetings to Vice President Thiru CP Radhakrishnan Ji
May 04, 2026

Prime Minister Shri Narendra Modi today extended warm birthday greetings to Vice President Thiru CP Radhakrishnan Ji.

The Prime Minister noted that the Vice President is making numerous efforts to strengthen the collective dream of building a Viksit Bharat. Shri Modi highlighted that his consistent efforts to enhance the productivity and effectiveness of Parliamentary proceedings reflect his deep commitment to democratic values.

The Prime Minister further stated that the Vice President's unwavering passion for all-round development, with a concern for the poor and marginalised, is equally inspiring. Emphasising that his public life continues to be guided by dedication, discipline, and a clear sense of purpose, Shri Modi prayed for his good health, happiness, and a long life in the service of the nation.

The Prime Minister posted on X:

"Warm birthday greetings to Vice President Thiru CP Radhakrishnan Ji. He is making numerous efforts to strengthen our collective dream of building a Viksit Bharat. His consistent efforts to enhance the productivity and effectiveness of our Parliamentary proceedings reflect his deep commitment to democratic values. Equally inspiring is his unwavering passion for all-round development, with a concern for the poor and marginalised. His public life continues to be guided by dedication, discipline and a clear sense of purpose. I pray for his good health, happiness and a long life in the service of the nation."