কলকাতাত ভাৰতৰ প্ৰথম পানীৰ তলেৰে চলা মেট্ৰ' এছপ্লেনেড-হাওৰা ময়দান মেট্ৰ' পথত যাত্ৰা কৰে প্ৰধানমন্ত্ৰীয়ে
এক গৌৰৱৰ মুহূৰ্ত যে হাওৰা ময়দান-এছপ্লেনেড মেট্ৰ’ অংশত আমাৰ দেশৰ যিকোনো ডাঙৰ নদীৰ তলেৰে চলা প্ৰথমটো মেট্ৰ’ পৰিবহণ সুৰংগ আছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাত ১৫,৪০০ কোটি টকাৰ একাধিক সংযোগ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। নগৰীয়া গতিশীলতা খণ্ডক গতি প্ৰদান কৰা উন্নয়ন প্ৰকল্পসমূহৰ ভিতৰত মেট্ৰ’ ৰে’ল আৰু আঞ্চলিক দ্ৰুত পৰিবহণ ব্যৱস্থা (আৰআৰটিএছ) উল্লেখযোগ্য৷

 

প্ৰধানমন্ত্ৰীয়ে সকলো মেট্ৰ’ প্ৰকল্পৰ আভাস লৈ কলকাতাৰ ভাৰতৰ প্ৰথমখন পানীৰ তলেৰে চলা মেট্ৰ’ এছপ্লেনেড-হাওৰা ময়দান মেট্ৰ’ পথেৰে যাত্ৰা কৰে। মেট্ৰ’ যাত্ৰা পথত তেওঁ একাংশ শ্ৰমিক আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতেও মত বিনিময় কৰে৷

টুইটাৰৰ এলানি পোষ্টত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়ঃ

“এই যুৱক-যুৱতীসকলৰ সংগ আৰু এই প্ৰকল্পত কাম কৰাসকলৰ বাবেই মেট্ৰ’ যাত্ৰা স্মৰণীয় কৰি তুলিলে। আমিও হুগলী নদীৰ তলৰ সুৰংগৰে যাত্ৰা কৰিলোঁ।”

 

‘কলকাতাৰ মেট্ৰ’ নেটৱৰ্ক বহু পৰিমাণে উন্নয়ন হোৱাৰ সমান্তৰালভাৱে এই দিনটো কলকাতাৰ জনসাধাৰণৰ বাবে অতি বিশেষ দিন হিচাপে চিহ্নিত হৈছে। সংযোগ ব্যৱস্থা বৃদ্ধি পাব আৰু যান-যঁট হ্ৰাস পাব। হাওৰা ময়দান-এছপ্লেনেড মেট্ৰ’ অংশত আমাৰ দেশৰ যিকোনো ডাঙৰ নদীয়েদি চলাচল কৰিব পৰা প্ৰথমটো পানীৰ তলৰ মেট্ৰ’ পৰিবহণ সুৰংগ থকাটো এটা গৌৰৱৰ মুহূৰ্ত।”

 

‘কলকাতা মেট্ৰ’ৰ স্মৰণীয় মুহূৰ্ত। জন শক্তিক প্ৰণাম কৰি নতুন উদ্যমেৰে তেওঁলোকৰ সেৱা কৰি যাম।”

 

 

 

 

 

 

 

এই উপলক্ষে সভাত পশ্চিমবংগৰ ৰাজ্যপাল শ্ৰী চি ভি আনন্দ বসুৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

ভূমি

নগৰীয় গতিশীলতাৰ সহজতা নিশ্চিত কৰাৰ পথ প্ৰশস্ত কৰাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে ‘কলকাতা মেট্ৰ'ৰ ‘হাওৰা ময়দান-এছপ্লেনেড মেট্ৰ' শাখা’, ‘কবি সুভাষ-হেমন্ত মুখোপাধ্যায় মেট্ৰ' শাখা’, ‘তাৰাতালা-মাজেৰহাট মেট্ৰ' শাখা’ (জোকা-এছপ্লেনেড পথৰ অংশ) উদ্বোধন কৰে৷ ইয়াৰে ভিতৰত ‘ৰুবি হল ক্লিনিক’ৰ পৰা ৰামৱাড়ী প্ৰসাৰিত হোৱালৈকে পুনে মেট্ৰ' ; ‘কোচি মেট্ৰ' ৰে’ল প্ৰথম পৰ্যায়ৰ সম্প্ৰসাৰণ প্ৰকল্প’ (পৰ্যায় ১বি) ‘এছএন জংচন মেট্ৰ' ষ্টেশ্যনৰ পৰা ত্ৰিপিনিথুৰা মেট্ৰ' ষ্টেশ্যনলৈ; ‘তাজ ইষ্ট গে’টৰ পৰা মনকামেশ্বৰলৈ আগ্ৰা মেট্ৰ'ৰ প্ৰসাৰ; আৰু ‘দিল্লী-মিৰাট আৰআৰটিএছ কৰিডৰ’ৰ ‘দুহাই-মোডীনগৰ(উত্তৰ) শাখা’ উল্লেখযোগ্য। তেওঁ এই শাখাসমূহত ৰে’লসেৱাৰ শুভাৰম্ভ ঘোষণা কৰে৷

প্ৰধানমন্ত্ৰীয়ে পিম্পৰী চিঞ্চৱাড় মেট্ৰ’-নিগদীৰ মাজত পুনে মেট্ৰ’ ৰে’ল প্ৰকল্পৰ প্ৰথম পৰ্যায় সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন কৰে।

এই অংশসমূহে পথ যাতায়তৰ যান-যঁট মুক্ত কৰাত সহায় কৰিব আৰু নিৰৱচ্ছিন্ন, সহজ আৰু আৰামদায়ক সংযোগ প্ৰদান কৰিব। কলকাতা মেট্ৰ’ৰ হাওৰা ময়দান-এছপ্লেনেড মেট্ৰ’ অংশত ভাৰতৰ প্ৰথমটো পানীৰ তলৰ পৰিবহণ সুৰংগ আছে। হাওৰা মেট্ৰ’ ষ্টেচন ভাৰতৰ আটাইতকৈ গভীৰ মেট্ৰ’ ষ্টেচন। লগতে আজি উদ্বোধন কৰা তাৰাতালা-মাজেৰহাট মেট্ৰ' অংশত থকা মাজেৰহাট মেট্ৰ' ষ্টেচনটো ৰে'লপথ, প্লেটফৰ্ম আৰু খালৰ ওপৰেৰে এক অতি উচ্চ মেট্ৰ' ষ্টেচন। আজি উদ্বোধন কৰা আগ্ৰা মেট্ৰ’ৰ খণ্ডটোৱে ঐতিহাসিক পৰ্যটনস্থলীৰ সৈতে সংযোগ বৃদ্ধি কৰিব। আৰআৰটিএছ শাখাই এনচিআৰত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰিব৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
New FTAs open big export gains across key sectors

Media Coverage

New FTAs open big export gains across key sectors
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Share your ideas and suggestions for 'Mann Ki Baat' now!
September 05, 2026

Prime Minister Narendra Modi will share 'Mann Ki Baat' on Sunday, September 27th. If you have innovative ideas and suggestions, here is an opportunity to directly share it with the PM. Some of the suggestions would be referred by the Prime Minister during his address.

Share your inputs in the comments section below.