স্মাৰক ডাক টিকট উন্মোচন
“বাংগালুৰুৰ আকাশে নতুন ভাৰতৰ সামৰ্থ্যৰ সাক্ষ্য বহণ কৰিছে। এই নতুন উচ্চতা হৈছে নতুন ভাৰতৰ বাস্তৱতা”
“কৰ্ণাকটৰ যুৱ-প্ৰজন্মই তেওঁলোকৰ প্ৰযুক্তি সম্পৰ্কীয় দক্ষতা দেশক শক্তিশালী কৰাৰ বাবে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা উচিত”
“দেশখনে যেতিয়া নতুন চিন্তাৰে, নতুন দৃষ্টিভংগীৰে আগবঢ়ে তেতিয়া ইয়াৰ ব্যৱস্থাৱলীয়ো নতুন চিন্তাধাৰাৰে সলনি হ’বলৈ আৰম্ভ কৰে”
“আজি, এৰ’ ইণ্ডিয়া কেৱল এক প্ৰদৰ্শনীয়েই নহয়, ই কেৱল প্ৰতিৰক্ষা উদ্যোগৰ পৰিসৰকে প্ৰদৰ্শিত নকৰে, বৰঞ্চ ই ভাৰতৰ আত্মবিশ্বাসকো প্ৰদৰ্শিত কৰে”
“একবিংশ শতিকাৰ নতুন ভাৰতে কোনো সুযোগকে হাতচাৰা কৰিব নোৱাৰে, নাইবা ইয়াত প্ৰয়াসৰ অভাৱ হয়”
“ভাৰতে প্ৰতিৰক্ষা সামগ্ৰীৰ সৰ্ববৃহত্ নিৰ্মাণকাৰী দেশসমূহৰ তালিকাত অনুৰ্ভুক্ত হোৱাৰ বাবে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰি যাব আৰু এই ক্ষেত্ৰত আমাৰ ব্যক্তিগত খণ্ড আৰু বিনিয়োগকাৰীসকলে এক ডাঙৰ ভূমিকা পালন কৰিব”
“আজিৰ ভাৰতে দ্ৰুত গতিৰে চিন্তা কৰে, দূৰলৈকে চিন্তা কৰে আৰু সিদ্ধান্ত লয়”
“এৰ’ ইণ্ডিয়া’ৰ গম্ভীৰ গৰ্জনে ভাৰতৰ সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰৰ বাৰ্তাকে প্ৰতিধ্বনিত কৰে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংগালুৰুৰ য়েলাহাঙ্কাৰ বায়ু সেনা কেন্দ্ৰত ‘এৰ’ ইণ্ডিয়া ২০২৩’ৰ চতুৰ্দশ তাঙৰণ উদ্বোধন কৰে। ‘এৰ’ ইণ্ডিয়া ২০২৩’ৰ বিষয়বস্তু হৈছে "দ্য ৰানৱে’ টু এ বিলিয়ন অপাৰচুনিটিজ" আৰু ইয়াত ৭০০ ভাৰতীয় কোম্পানীকে ধৰি ৮০ খনতকৈও অধিক দেশৰ ১০০টাতকৈ অধিক প্ৰতিৰক্ষা কোম্পানীকে ধৰি ৮০০টা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীৰ 'মে’ক ইন ইণ্ডিয়া, মে’ক ফৰ দ্য ৱৰ্ল্ড'ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠানত থলুৱা প্ৰতিৰক্ষা সঁজুলি/প্ৰযুক্তি আদিৰ প্ৰদৰ্শন আৰু বিদেশী কোম্পানীসমূহৰ সৈতে অংশীদাৰিত্ব গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা হ'ব।

সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বাংগালুৰুৰ আকাশত নতুন ভাৰতৰ সামৰ্থ্য প্ৰতীয়মান হৈছে। তেওঁ কয়, “বাংগালুৰুৰ আকাশে নতুন ভাৰতৰ সামৰ্থ্যৰ সাক্ষ্য বহণ কৰিছে। এই নতুন উচ্চতা হৈছে নতুন ভাৰতৰ বাস্তৱতা।”

প্ৰধানমন্ত্ৰীয়ে কয় যে “এৰ’ ইণ্ডিয়া ২০২৩’ হৈছে ভাৰতৰ বৰ্ধিত সামৰ্থ্যৰ এক উজ্জ্বল উদাহৰণ আৰু এই অনুষ্ঠানত ১০০ খনতকৈও অধিক ৰাষ্ট্ৰৰ উপস্থিতিয়ে সমগ্ৰ বিশ্বই ভাৰতৰ প্ৰতি দেখুওৱা বিশ্বাসকে প্ৰদৰ্শন কৰিছে”। তেওঁ বিশ্বৰ প্ৰসিদ্ধ কোম্পানীসমূহৰ লগতে ভাৰতীয় ‘এমএছএমই’ আৰু ‘ষ্টাৰ্টআপ’কে ধৰি ৭০০তকৈয়ো অধিক প্ৰদৰ্শকৰ অংশগ্ৰহণৰ কথা উল্লেখ কৰে। ‘এৰ’ ইণ্ডিয়া ২০২৩’ৰ 'দ্য ৰানৱে’ টু এ বিলিয়ন অপাৰচুনিটিজ'ৰ বিষয়বস্তু সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অতিবাহিত হোৱা প্ৰতিটো দিনৰ লগে লগে আত্মনিৰ্ভৰ ভাৰতৰো শক্তি বাঢ়ি গৈ আছে।

অনুষ্ঠানটোৰ সৈতে আনুষ্ঠিত ‘প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ সন্মিলন’ আৰু ‘মুখ্য কাৰ্যবাহী বিষয়া’সকলৰ ‘ঘূৰণীয়া মেজমেল’ৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এই খণ্ডত সক্ৰিয় অংশগ্ৰহণে ‘এৰ’ ইণ্ডিয়া’ৰ সম্ভাৱনাকে বৃদ্ধি কৰিব।

প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকত অনুষ্ঠিত ‘এৰ’ ইণ্ডিয়া’ৰ গুৰুত্ব সন্দৰ্ভত মন্তব্য কৰি কয় যে এইখন ৰাজ্য হৈছে ভাৰতৰ প্ৰযুক্তিগত উন্নতিৰ কেন্দ্ৰবিন্দু। তেওঁ কয় যে ই বিমান পৰিবহণখণ্ডত কৰ্ণাটকৰ যুৱক-যুৱতীসকলৰ বাবে সম্ভাৱনাৰ নতুন পথ মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে “কৰ্ণাটকৰ যুৱপ্ৰজন্মক দেশক শক্তিশালী কৰাৰ বাবে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰযুক্তি সম্পৰ্কীয় দক্ষতা প্ৰয়োগ কৰিবলৈ” আহ্বান জনায়।

"যেতিয়া দেশখনে নতুন চিন্তা, নতুন দৃষ্টিভংগীৰে আগবাঢ়ে, তেতিয়া ইয়াৰ ব্যৱস্থাৱলীও নতুন চিন্তাধাৰাৰে সলনি হ'বলৈ আৰম্ভ কৰে"বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘এৰ’ ইণ্ডিয়া ২০২৩’-য়ে নতুন ভাৰতৰ পৰিৱৰ্তনশীল দৃষ্টিভংগীকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে এটা সময় আছিল ‘এৰ’ ইণ্ডিয়া’ 'কেৱল এক প্ৰদৰ্শনীমূলক অনুষ্ঠান' আৰু 'ভাৰতক সামগ্ৰী বিক্ৰী' কৰাৰ বাবে এখন খিৰিকীহে আছিল, কিন্তু এতিয়া সেই ধাৰণা সলনি হৈছে। "আজি ‘এৰ’ ইণ্ডিয়া’ হৈছে ভাৰতৰ শক্তি, কেৱল এক প্ৰদৰ্শনী নহয়", প্ৰধানমন্ত্ৰীয়ে কয় যে ই কেৱল প্ৰতিৰক্ষা উদ্যোগৰ পৰিসৰকে প্ৰদৰ্শন নকৰে, লগতে ভাৰতৰ আত্মবিশ্বাসকো প্ৰদৰ্শন কৰে"।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ সফল্যই ইয়াৰ সামৰ্থ্যৰ সাক্ষী হৈ উঠিছে। “চুৰাট আৰু টুমকুৰৰ উন্নত উৎপাদন সুবিধা, ‘আইএনএছ বিক্ৰান্ত’, ‘তেজছ’ হৈছে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ সম্ভাৱনা, যাৰ সৈতে বিশ্বৰ নতুন বিকল্প আৰু সুযোগসমূহ জড়িত হ’বলৈ ধৰিছে” বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে সংস্কাৰৰ সহায়ত প্ৰতিটো খণ্ডত অনা বিপ্লৱৰ কথা উল্লেখ কৰি কয়, "একবিংশ শতিকাৰ নতুন ভাৰতে কোনো সুযোগ হেৰুৱাব নোৱাৰে বা ইয়াত কোনো প্ৰচেষ্টাৰ অভাৱ নহ'ব"। তেওঁ উল্লেখ কৰে যে দশকজুৰি প্ৰতিৰক্ষা সামগ্ৰীৰ সৰ্ববৃহৎ আমদানীকৰোতা হৈ অহা ৰাষ্ট্ৰখনে এতিয়া বিশ্বৰ ৭৫খন দেশলৈ প্ৰতিৰক্ষা উপকৰণ ৰপ্তানি কৰিবলৈ আৰম্ভ কৰিছে।

বিগত ৮-৯ বছৰত প্ৰতিৰক্ষা খণ্ডত হোৱা পৰিৱৰ্তনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২৪-২৫ বৰ্ষৰ ভিতৰত প্ৰতিৰক্ষা সামগ্ৰীৰ ৰপ্তানি ১.৫ বিলিয়নৰ পৰা ৫ বিলিয়নলৈ নিয়াৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। "ইয়াৰ পৰা ভাৰতে প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণকাৰী হিচাপে সৰ্ববৃহৎ দেশসমূহৰ তালিকাত অন্তৰ্ভুক্ত হ'বলৈ দ্ৰুত গতিত আগবাঢ়িব আৰু আমাৰ ব্যক্তিগত খণ্ড আৰু বিনিয়োগকাৰীসকলে এইক্ষেত্ৰত এক ডাঙৰ ভূমিকা পালন কৰিব" বুলি কয় প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে ব্যক্তিগত খণ্ডক প্ৰতিৰক্ষা খণ্ডত বিনিয়োগ কৰিবলৈ আহ্বান জনায়, যিয়ে তেওঁলোকৰ বাবে ভাৰত আৰু আন বহুতো দেশত নতুন সুযোগ সৃষ্টি কৰিব।

শ্ৰী মোদীয়ে ‘অমৃত কাল’ত ভাৰতৰ তুলনা যুঁজাৰু জেট বিমানৰ এজন পাইলটৰ সৈতে কৰি কয়, "আজিৰ ভাৰতে দ্ৰুত ভাৱে চিন্তা কৰে, দূৰলৈ চিন্তা কৰে আৰু দ্ৰুত সিদ্ধান্ত গ্ৰহণ কৰে।"  প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত এনে এখন ৰাষ্ট্ৰ যি ভয় নকৰে, বৰং নতুন উচ্চতালৈ উন্নীত হ'বলৈ উৎসাহিতহে হয়। প্ৰধানমন্ত্ৰীয়ে অৱশ্যে কয় যে “ভাৰতে যিমানেই উচ্চতালৈ নুৰক কিয়, যিমানেই গতিবেগৰে নুৰক কিয়, ই কিন্তু সদায়ে শিপাৰে সংলগ্ন হৈয়ে ৰয়”।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে, "এৰ’ ইণ্ডিয়া’ৰ গম্ভীৰ গৰ্জনে ভাৰতৰ সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰৰ বাৰ্তাকে প্ৰতিধ্বনিত কৰে"। তেওঁ উল্লেখ কৰে যে সমগ্ৰ বিশ্বই ভাৰতত 'স্বাচ্ছন্দ্যৰে কাম-কাজ কৰা'ৰ বাবে সম্পন্ন কৰা সংস্কাৰসমূহৰ প্ৰতি লক্ষ্য ৰাখিছে আৰু গোলকীয় বিনিয়োগৰ লগতে উদ্ভাৱনৰ অনুকূল পৰিৱেশ গঢ়ি তোলাৰ বাবে ভাৰতে লোৱা বিভিন্ন পদক্ষেপত গুৰুত্ব আৰোপ কৰিছে। তেওঁ প্ৰতিৰক্ষা আৰু অন্যান্য ক্ষেত্ৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগ সন্দৰ্ভত কৰা সংস্কাৰ আৰু উদ্যোগসমূহক অনুজ্ঞাপত্ৰ জাৰি কৰাৰ প্ৰক্ৰিয়াৰ সৰলীকৰণৰ লগতে তেওঁলোকৰ বৈধতা বৃদ্ধিৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই বছৰৰ বাজেটত উৎপাদনী গোটসমূহৰ বাবে কৰ সংক্ৰান্তীয় লাভৰ পৰিসৰ বৃদ্ধি কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে চাহিদা, দক্ষতা আৰু অভিজ্ঞতাৰ উপস্থিতি থকা ক্ষেত্ৰসমূহত উদ্যোগৰ বিকাশ সম্ভৱ হোৱাটো নিতান্তই স্বাভাৱিক। তেওঁ সমবেত সকলক আশ্বস্ত কৰি কয় যে খণ্ডটো শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টা আৰু অধিক শক্তিশালী ৰূপত অব্যাহত থাকিব।

অনুষ্ঠানত কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱাৰ চান্দ গেহলট, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বাসৰাজ বোম্মাই, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী শ্ৰী অজয় ভট্ট উপস্থিত থাকে।

পটভূমি

প্ৰধানমন্ত্ৰীৰ 'মে’ক ইন ইণ্ডিয়া, মে’ক ফৰ দ্য ৱৰ্ল্ড'ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠানত থলুৱা সঁজুলি/প্ৰযুক্তি আদিৰ প্ৰদৰ্শন আৰু বিদেশী কোম্পানীসমূহৰ সৈতে অংশীদাৰিত্ব গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা হ'ব। ভাৰতীয় প্ৰতিৰক্ষা খণ্ডৰ আত্মনিৰ্ভশীলতাত প্ৰধানমন্ত্ৰীয়ে আৰোপ কৰা গুৰুত্বৰ প্ৰদৰ্শনো কৰা হ'ব, কিয়নো অনুষ্ঠানটোৱে ‘নক্সা নেতৃত্ব’ৰ অগ্ৰগতি, ‘ইউএভি’ খণ্ডৰ বিকাশ, ‘মহাকাশ প্ৰতিৰক্ষা’ আৰু ‘ভৱিষ্যতমুখী প্ৰযুক্তি’ৰ ক্ষেত্ৰত দেশে লাভ কৰা অগ্ৰগতিসমূহৰ প্ৰদৰ্শন কৰিব। লগতে, অনুষ্ঠানটোৱে ‘লাইট কমবেট এয়াৰক্ৰাফ্ট’ (এলচিএ)-‘তেজছ’, ‘এইচটিটি-৪০’, ‘ডৰ্ণিয়াৰ লাইট ইউটিলিটী হেলিকপ্টাৰ’ (এলইউএইচ), ‘লাইট কমবেট হেলিকপ্টাৰ’ (এলচিএইচ) আৰু ‘এডভান্সড লাইট হেলিকপ্টাৰ’ (এএলএইচ)ৰ দৰে থলুৱা ‘এয়াৰ প্লেটফৰ্ম’সমূহৰ ৰপ্তানিকো উদগনি দিব। অনুষ্ঠানটোৱে গোলকীয় যোগান শৃংখলাত ঘৰুৱা ‘এমএছএমই’ আৰু ‘ষ্টাৰ্টআপ’সমূহক সংলগ্ন কৰাত সহায় কৰাৰ লগতে ‘সহ-বিকাশ’ আৰু ‘সহ-উৎপাদন’ৰ বাবে অংশীদাৰিত্বকে ধৰি বিদেশী বিনিয়োগ আকৰ্ষিত কৰিব।

‘এৰ’ ইণ্ডিয়া ২০২৩’ ত ৮০ খনতকৈও অধিক দেশে অংশগ্ৰহণ কৰিব। প্ৰায় ৩০খন দেশৰ মন্ত্ৰী আৰু গোলকীয় আৰু ভাৰতীয় ‘অ'ইএম’ৰ ৬৫গৰাকী ‘মুখ্য কাৰ্যবাহী বিষয়া’ই ‘এৰ’ ইণ্ডিয়া ২০২৩’ত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

‘এৰ’ ইণ্ডিয়া ২০২৩’ৰ প্ৰদৰ্শনীত প্ৰায় ১০০টা বিদেশী আৰু ৭০০ ভাৰতীয় কোম্পানীকে ধৰি ৮০০ তকৈও অধিক প্ৰতিৰক্ষা কোম্পানীয়ে অংশগ্ৰহণ কৰিব। প্ৰদৰ্শনীখনত অংশগ্ৰহণ কৰা ভাৰতীয় কোম্পানীবোৰৰ ভিতৰত আছে ‘এমএছএমই’ আৰু ‘ষ্টাৰ্টআপ’, যিয়ে দেশত সম্পন্ন হোৱা বিশেষ প্ৰযুক্তিৰ উন্নতি, মহাকাশ আৰু প্ৰতিৰক্ষা ক্ষমতাৰ বিকাশৰ নিদৰ্শনসমূহ প্ৰদৰ্শন কৰিব। ‘এৰ’ ইণ্ডিয়া ২০২৩’-ৰ মুখ্য প্ৰদৰ্শকসকলৰ ভিতৰত আছে ‘এয়াৰবাছ’, ‘ব’য়িং’, ‘ডাছল্ট এভিয়েশ্যন’, ‘লকহিড মাৰ্টিন’, ‘ইজৰাইল এৰস্পেচ ইণ্ডাষ্ট্ৰী’, ‘ব্ৰহ্ম'ছ এৰস্পেচ’, ‘আৰ্মি এভিয়েশ্যন’, ‘এইচচি ৰব’টিক্স’, ‘চাফ্ৰান’, ‘ৰোলছ ৰয়েছ’, ‘লাৰ্ছেন এণ্ড টাব্ৰো’, ‘ভাৰত ফৰ্জ লিমিটেড’, ‘হিন্দুস্তান এৰ’নটিক্স লিমিটেড’ (এইচএএল), ‘ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড’ (বিইএল), ‘ভাৰত ডাইনামিক্স লিমিটেড’ (বিডিএল) আৰু ‘বিইএমএল লিমিটেড’

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cyber crime reports down from 1.2Lin 2024 to 16,377 now: Government

Media Coverage

Cyber crime reports down from 1.2Lin 2024 to 16,377 now: Government
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Seven years of the abrogation of Articles 370 and 35(A)
August 05, 2026

Today the nation marks seven years since the historic abrogation of Articles 370 and 35(A) on 5th August 2019. Prime Minister Modi described it as a defining milestone in India's journey towards inclusive development.

Shri Modi noted that over the past seven years, the people of Jammu and Kashmir and Ladakh have witnessed wide-ranging transformation across sectors. Infrastructure has expanded significantly, while new opportunities have emerged in education, healthcare, entrepreneurship and sports. "The women and members of marginalised communities, who had been deprived of several constitutional rights for decades, have now been empowered through the full application of the Constitution of India", Shri Modi added.

The Prime Minister observed that this year's anniversary assumes even greater significance as the nation commemorates the 125th birth anniversary of Dr. Syama Prasad Mookerjee. He said that Dr. Mookerjee's lifelong commitment to national unity continues to inspire generations, and that the vision he championed found historic fulfilment on 5th August 2019.

Reaffirming the Government's unwavering commitment to the development of Jammu and Kashmir and Ladakh, the Prime Minister said that every citizen must have the opportunity to dream big, realise their aspirations and contribute to the vision of a Viksit Bharat.

The Prime Minister posted on X:

Seven years ago, on this day, Articles 370 and 35(A) became history, marking a decisive new chapter in the journey of Jammu and Kashmir as well as Ladakh.

Since then, the lives of the people of J&K and Ladakh have witnessed wide-ranging transformation. Infrastructure has expanded, opportunities in areas such as education, healthcare, entrepreneurship and sports have grown. Be it the women or the marginalised communities, those who were denied their basic constitutional rights for decades have been empowered thanks to the full application of the Constitution of India.

5th August this year assumes even greater significance as this is the year our nation commemorates the 125th birth anniversary of Dr. Syama Prasad Mookerjee. His lifelong commitment to national unity continues to inspire generations. What he envisioned decades ago found historic fulfilment on 5th August 2019.

We reaffirm our commitment to the progress of Jammu and Kashmir as well as Ladakh and to ensure that every citizen has the opportunity to dream big, achieve and contribute to the making of a Viksit Bharat.

#Article370Abrogation