“সফল ক্ৰীড়াবিদসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰে আৰু নিজৰ পথৰ প্ৰতিটো বাধা অতিক্ৰম কৰে”
“খেল মহাকুম্ভৰ দৰে অনুষ্ঠানৰ আয়োজন কৰি সাংসদসকলে নতুন প্ৰজন্মৰ ভৱিষ্যত গঢ় দিছে”
“স্থানীয় প্ৰতিভাক স্কাউটিং আৰু উলিয়াই অনাৰ ক্ষেত্ৰত সাংসদ খেল মহাকুম্ভই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে”
“সমাজত ক্ৰীড়াই উপযুক্ত সন্মান লাভ কৰিছে”
“টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিৰ অধীনত প্ৰায় ৫০০ অলিম্পিকৰ সম্ভাৱনাক বিকশিত কৰা হৈছে”
“স্থানীয় পৰ্যায়তো ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুবিধা প্ৰদানৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে”
“যোগৰ দ্বাৰা আপোনাৰ শৰীৰটো সুস্থ হোৱাৰ লগতে আপোনাৰ মনো জাগ্ৰত হ’ব”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে বস্তি জিলাত আয়োজিত ২০২২-২৩ বৰ্ষৰ সংসদ খেল মহাকুম্ভৰ দ্বিতীয় পৰ্যায়ৰ ক্ৰীড়াৰ উদ্বোধন কৰিব৷ ২০২১ চনৰ পৰা বস্তি সমষ্টিৰ লোকসভাৰ সাংসদ শ্ৰী হৰিশ দ্বিবেদীয়ে সংসদ খেল মহাকুম্ভ আয়োজন কৰি আহিছে৷ খেল মহাকুম্ভৰ উদ্যোগত বিভিন্ন ইনড’ৰ আৰু আউটড’ৰ ক্ৰীড়া প্ৰতিযোগিতা যেনে-মল্লযুঁজ, কাবাডী, খো খো, বাস্কেটবল, ফুটবল, হকী, ভলীবল, হেণ্ডবল, দবা, কেৰম, বেডমিণ্টন, টেবুল টেনিছ ইত্যাদি অনুষ্ঠিত কৰা হয়। এইবোৰৰ উপৰিও খেল মহাকুম্ভত ৰচনা লিখা, চিত্ৰকলা, ৰঙালী আদি প্ৰতিযোগিতাও অনুষ্ঠিত হয়।

 

সভাত আগবঢ়োৱা ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে বস্তি হৈছে শ্ৰম আৰু ধ্যান, তপস্যা আৰু ত্যাগেৰে গঠিত মহৰ্ষি বশিষ্টৰ পুণ্যভূমি। ধ্যান আৰু তপস্যাৰে ভৰা এজন ক্ৰীড়াবিদৰ জীৱনৰ উপমা দি প্ৰধানমন্ত্ৰীয়ে কয় যে সফল ক্ৰীড়াবিদসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰে আৰু নিজৰ পথৰ প্ৰতিটো বাধা অতিক্ৰম কৰে।

খেল মহাকুম্ভৰ পৰিসৰৰ শলাগ লৈ প্ৰধানমন্ত্ৰীয়ে এনে অনুষ্ঠানৰ জৰিয়তে ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতৰ পৰম্পৰাগত বিশেষজ্ঞতাই নতুন শাখা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ জনায় যে প্ৰায় ২০০ জন সংসদ সদস্যই নিজৰ সমষ্টিত এনে খেল মহাকুম্ভৰ আয়োজন কৰিছে। কাশীৰ সাংসদ হিচাপে শ্ৰী মোদীয়ে জনায় যে বাৰাণসীতো এনে অনুষ্ঠানৰ আয়োজন কৰা হৈছে। “এনেধৰণৰ অনুষ্ঠান আয়োজন কৰি সাংসদসকলে নতুন প্ৰজন্মৰ ভৱিষ্যত গঢ় দিছে”, প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে জনায় যে এই খেলসমূহৰ জৰিয়তে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ অধীনত অধিক প্ৰশিক্ষণৰ বাবে ভাল প্ৰদৰ্শন কৰা খেলুৱৈসকলক সামৰি লোৱা হৈছে। খেল মহাকুম্ভত যোৱা বছৰৰ তুলনাত তিনিগুণ বেছি প্ৰায় ৪০,০০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰাত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে খো খোৰ খেল এখন প্ৰত্যক্ষ কৰি আনন্দ প্ৰকাশ কৰে য’ত আমাৰ দেশৰ কন্যাসকলে অতি দক্ষতা, নিপুণতা আৰু দলীয় মনোভাৱেৰে খেলখন খেলিছিল। প্ৰধানমন্ত্ৰীয়ে এই খেলৰ লগত জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সাধনাত আন্তৰিক শুভেচ্ছা জনায়।

সাংসদ খেল মহাকুম্ভত ছোৱালীৰ অংশগ্ৰহণৰ মূল দিশটোৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে বস্তি, পূৰ্বাঞ্চল, উত্তৰ প্ৰদেশ আৰু সমগ্ৰ ভাৰতৰ কন্যাই বিশ্ব মঞ্চত নিজৰ প্ৰতিভা আৰু দক্ষতা প্ৰদৰ্শন কৰিব বুলি দৃঢ় বিশ্বাস কৰে। মহিলাৰ ১৯ বছৰ অনূৰ্ধ্ব টি-২০ ক্ৰিকেট বিশ্বকাপৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দলৰ অধিনায়ক শ্ৰীমতী শ্বেফালি বাৰ্মাৰ অনবদ্য কৃতিত্বৰ ওপৰত আলোকপাত কৰে যিয়ে একেৰাহে পাঁচটা বাউণ্ডেৰী সংগ্ৰহ কৰি শেষৰ বলত ছয় ৰান কৰে, যাৰ ফলত এটা অভাৰত ২৬ ৰান সংগ্ৰহ কৰে। তেওঁ কয় যে দেশৰ প্ৰতিটো কোণত এনে প্ৰতিভা উপলব্ধ আৰু ইয়াক স্কাউটিং আৰু উলিয়াই অনাত সাংসদ খেল মহাকুম্ভই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে সেই সময়ৰ কথা স্মৰণ কৰে যেতিয়া ক্ৰীড়াক ‘পাঠ্যক্ৰমৰ বাহিৰৰ’ কাম বুলি গণ্য কৰা হৈছিল আৰু ইয়াক বিশেষ মূল্য নথকা চখ বা কাৰ্য্যকলাপলৈ অৱনমিত কৰা হৈছিল, যিটো মানসিকতাই দেশৰ বহু ক্ষতি কৰিছিল। ইয়াৰ ফলত বহু প্ৰতিভাৱান ক্ৰীড়াবিদে নিজৰ সামৰ্থ্য অৰ্জন কৰিব নোৱাৰিলে। বিগত ৮-৯ বছৰত দেশে এই অসুবিধা দূৰ কৰি ক্ৰীড়াৰ বাবে এক উন্নত পৰিবেশ সৃষ্টিৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ফলত আৰু বহু যুৱকে ক্ৰীড়াক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিছে। জনসাধাৰণে ফিটনেছ, স্বাস্থ্য, দলীয় সম্পৰ্ক, অৱসাদ দূৰীকৰণ, পেছাদাৰী সফলতা আৰু ব্যক্তিগত উন্নতিৰ দৰে সুবিধা পাবলৈও সক্ষম হৈছে।

ক্ৰীড়া সম্পৰ্কে মানুহৰ মাজত চিন্তা পদ্ধতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিৱৰ্তনৰ প্ৰভাৱ দেশৰ ক্ৰীড়া কৃতিত্বৰ জৰিয়তে দেখা যায়। প্ৰধানমন্ত্ৰীয়ে অলিম্পিক আৰু পেৰালিম্পিকত দেশৰ ঐতিহাসিক প্ৰদৰ্শনৰ উদাহৰণ দাঙি ধৰে আৰু বিভিন্ন ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ প্ৰদৰ্শন বিশ্ববাসীৰ আলোচনাৰ এটা মুল বিষয় হৈ পৰিছে বুলি মন্তব্য কৰে। সমাজত ক্ৰীড়াই উপযুক্ত সন্মান লাভ কৰিছে বুলিও তেওঁ কয়। ইয়াৰ ফলত অলিম্পিক, পেৰালিম্পিক আদি প্ৰতিযোগিতাত অভূতপূৰ্ব প্ৰদৰ্শন লাভ কৰিছে।

“এয়া মাত্ৰ আৰম্ভণিহে, আমি আমি বহুদূৰ যাবলৈ বাকী আছে”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ক্ৰীড়া হৈছে দক্ষতা আৰু চৰিত্ৰ, ই হৈছে প্ৰতিভা আৰু সংকল্প।” ক্ৰীড়াৰ বিকাশৰ ক্ষেত্ৰত প্ৰশিক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়া প্ৰতিযোগিতা অব্যাহত ৰাখিব লাগে যাতে খেলুৱৈসকলে নিজৰ প্ৰশিক্ষণ পৰীক্ষা কৰাৰ সুযোগ পায়। প্ৰধানমন্ত্ৰীয়ে কয় যে বিভিন্ন স্তৰ আৰু অঞ্চলৰ ক্ৰীড়া প্ৰতিযোগিতাই খেলুৱৈসকলক তেওঁলোকৰ সম্ভাৱনাৰ বিষয়ে সচেতন কৰি তোলে যাৰ ফলত তেওঁলোকে নিজৰ কৌশল বিকশিত কৰাত সহায় কৰাৰ লগতে প্ৰশিক্ষকসকলক দুৰ্বলতাবোৰ চিনাক্ত কৰাত সহায় কৰে আৰু উন্নতি কৰাৰ সুযোগ প্ৰদান কৰে। যুৱ, বিশ্ববিদ্যালয় আৰু শীতকালীন গেমছে খেলুৱৈসকলক তেওঁলোকৰ প্ৰদৰ্শন উন্নীত কৰি থাকিবলৈ বহু সুযোগ দিছে। খেলো ইণ্ডিয়াৰ জৰিয়তে ২৫০০ খেলুৱৈক প্ৰতিমাহে ৫০,০০০ টকাৰ আৰ্থিক সাহায্যও প্ৰদান কৰা হৈছে। টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনি (টিঅ’পিএছ)ৰ অধীনত অলিম্পিকত খেলাৰ সম্ভাৱনা থকা প্ৰায় ৫০০ খেলুৱৈক চিনাক্ত কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি একাংশ খেলুৱৈয়ে ২.৫ কোটিৰ পৰা ৭ কোটিলৈকে সাহায্য লাভ কৰিছে। 

প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়া খণ্ডই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক আলোকপাত কৰি কয় যে পৰ্যাপ্ত সম্পদ, প্ৰশিক্ষণ, কাৰিকৰী জ্ঞান, আন্তঃৰাষ্ট্ৰীয় প্ৰকাশ আৰু আমাৰ খেলুৱৈ বাছনিৰ ক্ষেত্ৰত স্বচ্ছতা নিশ্চিত কৰাত বিশেষ গুৰুত্ব দিয়া হৈছে। অঞ্চলটোৰ ক্ৰীড়া আন্তঃগাঁথনিৰ উন্নয়নৰ প্ৰতি লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বস্তি আৰু এনেধৰণৰ অন্যান্য জিলাত ষ্টেডিয়াম নিৰ্মাণ আৰু প্ৰশিক্ষকৰ ব্যৱস্থা কৰা হৈছে। তেওঁ লগতে কয় যে সমগ্ৰ দেশতে এক হাজাৰৰো অধিক খেলো ইণ্ডিয়া জিলা কেন্দ্ৰ স্থাপন কৰা হৈছে যাৰ ভিতৰত ৭৫০টাতকৈও অধিক কেন্দ্ৰৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। সমগ্ৰ দেশৰ সকলো খেলপথাৰৰ জিঅ’-টেগিং কৰা হৈছে যাতে খেলুৱৈসকলে প্ৰশিক্ষণ লোৱাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন নহয়। তেওঁ জনায় যে চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে মণিপুৰত এখন ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণ কৰিছে আৰু উত্তৰপ্ৰদেশৰ মীৰাটতো আন এখন ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম চলি আছে। ৰাজ্য চৰকাৰৰ এই প্ৰচেষ্টাৰ আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ প্ৰদেশৰ বহু জিলাতো ক্ৰীড়াৰ প্ৰসাৰৰ বাবে হোষ্টেল স্থাপন কৰা হৈছে। “স্থানীয় পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুবিধা প্ৰদানৰ বাবেও প্ৰচেষ্টা হাতত লোৱা হৈছে”, শ্ৰী মোদীয়ে লগতে কয়।

ফিট ইণ্ডিয়া আন্দোলনৰ গুৰুত্বৰ সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিজন খেলুৱৈয়ে ফিটনেছৰ গুৰুত্ব জানে। তেওঁলোকৰ দৈনন্দিন জীৱনত যোগক অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দি প্ৰধানমন্ত্ৰীয়ে কয়, “যোগৰ দ্বাৰা আপোনালোকৰ শৰীৰো সুস্থ হ’ব আৰু আপোনালোকৰ মনো জাগ্ৰত হ’ব। ইয়াৰ সুবিধাও আপোনালোকে আপোনালোকৰ খেলত দেখিবলৈ পাব।” ২০২৩ চনটোক আন্তঃৰাষ্ট্ৰীয় বাজৰাৰ বছৰ হিচাপে ঘোষণা কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলৰ পুষ্টিৰ ক্ষেত্ৰত বাজৰাই ল’ব পৰা বৃহৎ ভূমিকাৰ কথা উল্লেখ কৰে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে আমাৰ যুৱক-যুৱতীসকলে ক্ৰীড়াৰ পৰা শিকিব আৰু দেশক শক্তি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে।

 

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ আৰু সাংসদ শ্ৰী হৰিশ দ্বিবেদীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Every voter had valid ID': Trump praises India polls, renews push for SAVE America Act

Media Coverage

'Every voter had valid ID': Trump praises India polls, renews push for SAVE America Act
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of self-respect, courage and steadfastness
August 18, 2026

The Prime Minister, Shri Narendra Modi has shared a Sanskrit Subhashitam highlighting the importance of living with self-respect, courage and dignity. He emphasised that true valour and strength lie in remaining steadfast in one’s principles and values, without compromising them under any circumstances.

The Prime Minister shared a Sanskrit Subhashitam-

“उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्।
अप्यपर्वणि भज्येत न नमत्वेव कस्यचित्॥”

The Subhashitam conveys that a person should always live with self-respect, courage and dignity. True valor and strength lie in never compromising one's principles and values under any circumstances, but remaining steadfast in one's ideals with truth, patience and self-pride.

The Prime Minister wrote on X;

“उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्।

अप्यपर्वणि भज्येत न नमत्वेव कस्यचित्॥”