প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আদ্দিছ আবাবা ৰাষ্ট্ৰীয় প্ৰসাদত ইথিঅ’পিয়াৰ ফেডাৰেল ডেম’ক্ৰেটিক ৰিপাব্লিকৰ প্ৰধানমন্ত্ৰী মাননীয় ড0 আবি আহমেদক সাক্ষাৎ কৰে। প্ৰসাদত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক প্ৰধানমন্ত্ৰী ড0 আবি আহমেদে আনুষ্ঠানিকভাৱে উষ্ম আদৰণি জনায়।

 

প্ৰতিনিধি পৰ্যায়ৰ এই সাক্ষাৎকালত দুয়োগৰাকী নেতাই আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ পৰিসৰৰ ওপৰত প্ৰতিফলিত কৰে, যিয়ে বহু শতিকা ধৰি গঢ়ি তোলা সভ্যতাৰ সম্পৰ্কৰ ওপৰত আধাৰিত আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ দ্বাৰা শক্তিশালী। এই সম্পৰ্কৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি নেতাদ্বয়ে ভাৰত-ইথিঅ’পিয়াৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰিবলৈ সন্মত হয়। তেওঁলোকে উল্লেখ কৰে যে গোলকীয় দক্ষিণ অংশীদাৰ হিচাপে দুয়োখন দেশে এক অন্তৰ্ভুক্তিমূলক বিশ্ব নিৰ্মাণত অৰিহণা যোগোৱাটো অব্যাহত ৰাখিব লাগিব। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ২০২৩চনত অধ্যক্ষতাৰ সময়ত আফ্ৰিকান ইউনিয়নক জি-২০ৰ সদস্য হিচাপে আদৰণি জনোৱাটো ভাৰতৰ বাবে এক অনন্য সন্মান। প্ৰধানমন্ত্ৰী মোদীয়ে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজ শক্তিশালী কৰাৰ বাবে ইথিঅ’পিয়াক ইয়াৰ সংহতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

 

দুয়োগৰাকী নেতাই ভাৰত আৰু ইথিঅ’পিয়াৰ মাজত বাণিজ্য আৰু বিনিয়োগ, উদ্ভাৱন আৰু প্ৰযুক্তি, শিক্ষা আৰু সামৰ্থ্য নিৰ্মাণ তথা প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰকে ধৰি বহুমুখী অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে স্বাস্থ্য সুৰক্ষা, ডিজিটেল স্বাস্থ্য, পৰম্পৰাগত ঔষধ, জন ঔষধি কেন্দ্ৰ, খাদ্য সুৰক্ষা, বহনক্ষম কৃষি, প্ৰাকৃতিক কৃষি আৰু কৃষি-প্ৰযুক্তিৰ ক্ষেত্ৰত ইথিঅ’পিয়াৰ সৈতে সহযোগিতা বৃদ্ধিৰ বাবে ভাৰতৰ ইচ্ছা ব্যক্ত কৰে। নেতাদ্বয়ে এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে দেশসমূহৰ মাজত ঘনিষ্ঠ উন্নয়নমূলক অংশীদাৰিত্বই জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্ক বৃদ্ধি কৰিছে।

 

দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত অৰ্থনৈতিক অংশীদাৰিত্বৰ পৰ্যালোচনা কৰে। তেওঁলোকে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, খনন, গুৰুত্বপূৰ্ণ খনিজ আৰু পৰিষ্কাৰ শক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিশ্বাসী অংশীদাৰ হিচাপে ভাৰতীয় কোম্পানীসমূহে ইথিঅ’পিয়াৰ অৰ্থনীতিত ৫বিলিয়ন ডলাৰৰো অধিক বিনিয়োগ কৰিছে, বিশেষকৈ উৎপাদন আৰু ফাৰ্মাচিউটিকেলছৰ অত্যাৱশ্যকীয় খণ্ডত, যাৰ ফলত ৭৫,০০০ৰো অধিক স্থানীয় চাকৰিৰ সৃষ্টি হৈছে।

 

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে গোলকীয় দক্ষিণৰ উদ্বেগৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে। তেওঁলোকে ৰাষ্ট্ৰসংঘকে ধৰি বহুপাক্ষিক ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে জলবায়ু পৰিৱৰ্তন, নৱীকৰণযোগ্য শক্তি আৰু দুৰ্যোগৰ বিপদাশংকা হ্ৰাসৰ দৰে বিষয়ত অধিক সহযোগিতাৰ আহ্বান জনায় আৰু এই সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স (আই বি চি এ), দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰতা (চি ডি আৰ আই), গোলকীয় জৈৱ ইন্ধন মিত্ৰতা (জি বি এ) আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা (আই এছ এ)ৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ ভূমিকাক আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে ইথিঅ’পিয়াৰ অধ্যক্ষতাত আৰু প্ৰস্তাৱিত ভাৰত-আফ্ৰিকা ফ’ৰাম সন্মিলনৰ বাবে ইথিঅ’পিয়াৰ সৈতে ব্ৰিকছ অংশীদাৰ হিচাপে কাম কৰিবলৈ আগ্ৰহী।

 

আলোচনাৰ পাছতে দুয়োগৰাকী নেতাই ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ প্ৰশিক্ষণ, শুল্ক বিষয়ক পাৰস্পৰিক প্ৰশাসনিক সহায় আৰু ইথিঅ’পিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত তথ্য কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰত তিনিখন বুজাবুজি চুক্তিত আদান-প্ৰদান কৰে।

 

প্ৰধানমন্ত্ৰী ড0 আবিয়ে প্ৰধানমন্ত্ৰী মোদীৰ সন্মানত এক ভোজৰ আয়োজন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী ড0 আবিক ভাৰত ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাই আৰু সেয়া তেওঁ স্বীকাৰ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC

Media Coverage

PM Modi, Guterres Stress Multipolarity, Need To Reform UN Institutions Including UNSC
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister offers prayers to Bhagwan Shri Ganesh during Ganpati Darshan at Union Minister Piyush Goyal’s residence
September 14, 2026

The Prime Minister, Shri Narendra Modi has visited the residence of Union Minister Shri Piyush Goyal for Ganpati Darshan.

The Prime Minister prayed for the blessings of Bhagwan Shri Ganesh for everyone.

The Prime Minister wrote on X;

“Went for Ganpati Darshan at the residence of Union Minister Shri Piyush Goyal Ji.

May Bhagwan Shri Ganesh bless everyone!

@PiyushGoyal”