প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বাস্থ্য আৰু সুস্থতাৰ ক্ষেত্ৰত ভাৰতৰ চহকী সাংস্কৃতিক অৱদানত আলোকপাতেৰে আধুনিক বৈজ্ঞানিক পদ্ধতিৰে যুগ-যুগ ধৰি অব্যাহত পৰম্পৰাক সংমিশ্ৰিত কৰা উদ্ভাৱনী ষ্টাৰ্টআপসমূহৰ ক্ৰমবৰ্ধমান প্ৰৱণতাত গুৰুত্ব আৰোপ কৰে।
এক্স-ত মন কী বাত আপডেটছৰ এটা প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়ঃ
“ভাৰতীয় সংস্কৃতিয়ে ফিট আৰু সুস্থ হৈ থকাৰ একাধিক উপায় আগবঢ়াইছে। #MannKiBaat-ত আমি এনে প্ৰচেষ্টাৰাজিক প্ৰদৰ্শন কৰি আহিছোঁ, ইয়াত এনে এটা প্ৰচেষ্টাও আছে যিয়ে ষ্টাৰ্টআপত পৰম্পৰাক আধুনিকতাৰ সৈতে সুন্দৰভাৱে সংমিশ্ৰিত কৰিছে।”
When PM @narendramodi mentioned the Fitness Start-up ‘Tagda Raho’ in 'Mann Ki Baat', this initiative to revive Indian traditional ways of staying healthy got the nationwide spotlight!
— Mann Ki Baat Updates मन की बात अपडेट्स (@mannkibaat) June 26, 2025
That’s the power of #MannKiBaat — turning ideas into impact and dreams into success.… pic.twitter.com/a4AmfgjxoJ


