বিশ্ব প্ৰেক্ষাপটত বৰ্দ্ধিত হাৰত ভাৰতীয় বিশ্ববিদ্যালয়সমূহ উজলি উঠা কথাক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ উন্নত মানৰ শিক্ষাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা আৰু বিকাশ আৰু উদ্ভাৱনৰ সুযোগ প্ৰদানৰ প্ৰসংগতো আলোকপাত কৰে।
‘টাইমছ হায়াৰ এডুকেশ্বন’ৰ ‘মুখ্য গোলকীয় পৰিক্ৰমা বিষয়া’ শ্ৰীযুত ফিল বাটীয়ে ‘এক্স’-ত কৰা এটা ‘পোষ্ট’ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে লিখিছে:
"ভাৰতৰ বিশ্ববিদ্যালয়সমূহে গোলকীয় মঞ্চত উজলি উঠা দেখি বৰ ভাল লাগিছে! গুণগত শিক্ষাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিবদ্ধতাই উৎসাহজনক ফল প্ৰদান কৰিছে। আমি আমাৰ শিক্ষানুষ্ঠানসমূহক সহযোগিতা আগবঢ়াই যাম আৰু বিকাশ আৰু উদ্ভাৱনৰ সুযোগ প্ৰদান কৰি থাকিম। এই পদক্ষেপে আমাৰ যুৱক-যুৱতীসকলক যথেষ্ট সহায় কৰিব।"
Great to see India's universities making strides on the global stage! Our commitment to quality education is yielding encouraging results. We will continue to support our educational institutions and provide opportunities for growth and innovation. This will help our youth… https://t.co/3uRGU79KiK
— Narendra Modi (@narendramodi) June 27, 2024


