প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বন্যপ্ৰাণীপ্ৰেমীসকলক বিশেষকৈ যিসকল বাঘ সংৰক্ষণৰ প্ৰতি আগ্ৰহী তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসত শুভেচ্ছা জ্ঞাপন কৰে।

একাধিক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

‘আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসত বন্যপ্ৰাণীপ্ৰেমীসকলক, বিশেষকৈ সংৰক্ষণৰ প্ৰতি আগ্ৰহী লোকসকলক শুভেচ্ছা জনাইছোঁ। বিশ্বব্যাপী যিমান বাঘ আছে তাৰ ৭০শতাংশৰো অধিকৰ বাসস্থান ভাৰত। আমি আমাৰ বাঘৰ বাবে নিৰাপদ বাসস্থান সুনিশ্চিত কৰিবলৈ আৰু বাঘ-অনুকূল পৰিৱেশ-প্ৰণালী ৰক্ষা কৰাৰ বাবে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ।

ভাৰতৰ ১৮ খন ৰাজ্যত ৫১ টা ব্যাঘ্ৰ সংৰক্ষিত কেন্দ্ৰ আছে। ২০১৮ চনত বাঘৰ  অন্তিম গণনা হৈছিল আৰু উক্ত গণনাত বাঘৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছিল। বাঘ সংৰক্ষণৰ ক্ষেত্ৰত ছেইণ্ট পিটাৰ্ছবাৰ্গ ঘোষণাপত্ৰৰ নিৰ্ধাৰিত সময়ৰ ৪ বছৰ পূৰ্বেই ভাৰতে বাঘৰ সংখ্যা দুগুণ কৰাৰ লক্ষ্য অৰ্জন কৰিছে।

স্থানীয় সম্প্ৰদায়ক জড়িত কৰি বাঘ সংৰক্ষণৰ কৌশলৰ ওপৰত ভাৰতে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। আমি আমাৰ শতাব্দী প্ৰাচীন ঐতিহ্যক অনুসৰণ কৰিছোঁ, যিয়ে আমাক শিকাইছে যে উদ্ভিদ আৰু প্ৰাণীকূলৰ সৈতে সামঞ্জস্য ৰাখি জীৱন যাপন কৰা উচিত, কাৰণ এই সকলোবোৰেই আমাৰ সৈতে এই পৃথিৱীত বাস কৰে।’

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence

Media Coverage

India's 1 Trillion Retail Moment: Dawn of Retail Revenue Intelligence
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুন 2026
June 27, 2026

Appreciation for PM Modi's Development-Focused and People-Centric Governance