প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে ক্ৰীড়াবিদসকলক শুভেচ্ছা জনাইছে৷ প্ৰধানমন্ত্ৰীয়ে লগতে কিংবদন্তী ভাৰতীয় হকী খেলুৱৈ মেজৰ ধ্যান চাঁদৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হৈছে আমাৰ বিশিষ্ট ক্ৰীড়াবিদসকলৰ স্মৰণীয় সাফল্যক উযাপনৰ দিন, যিসকলে বিভিন্ন খেলৰ জৰিয়তে ভাৰতক প্ৰতিনিধিত্ব কৰাৰ লগতে আমাৰ দেশক গৌৰৱান্বিত কৰিছে৷ তেওঁলোকৰ তপস্যা আৰু দৃঢ়তা অসাধাৰণ৷

আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে আমি মেজৰ ধ্যান চাঁদক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো, যিগৰাকী খেলুৱৈৰ হকীৰ লাঠিৰ যাদু কোনেও পাহৰিব নোৱাৰে৷ আজি আমাৰ প্ৰতিভাসম্পন্ন খেলুৱৈসকলৰ সফলতাত অসাধাৰণ সমৰ্থন আগবঢ়োৱা পৰিয়াল, প্ৰশিক্ষক আৰু সহযোগীসকলক প্ৰশংসা কৰাৰো দিন৷

ভাৰত চৰকাৰে ক্ৰীড়াক জনপ্ৰিয় কৰা আৰু ভাৰতৰ প্ৰতিভাসম্পন্ন খেলুৱৈসকলক সহায় কৰাৰ বাবে বহুতো প্ৰচেষ্টা হাতত হৈছে৷ একেসময়তে মই সকলোকে তেওঁলোকৰ জীৱনত ক্ৰীড়া আৰু ফিটেনেছ অনুশীলনক দৈনিক কাম-কাজত অন্তৰ্ভূক্ত কৰিবলৈ আহ্বান জনাইছো৷ এইবোৰৰ জৰিয়তে যথেষ্ট পৰিমাণে উপকৃত হ’ব পাৰি৷ সকলো সুখী আৰু সুস্থ হৈ থাকক তাকে কামনা কৰিলো৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump

Media Coverage

India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi