প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৌসেনা দিৱস উপলক্ষে ভাৰতীয় নৌসেনাৰ সকলো জোৱানকে শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে কয় যে আমাৰ নৌসেনা ব্যতিক্ৰমী সাহস আৰু দৃঢ়তাৰ প্ৰতিৰূপ। তেওঁলোকে আমাৰ উপকূলসমূহক সুৰক্ষিত আৰু আমাৰ সামুদ্ৰিক স্বাৰ্থ অক্ষুণ্ণ ৰাখে। "মোৰ আইএনএছ বিক্ৰান্তত নৌসেনাৰ জোৱানসকলৰ সৈতে এইবাৰৰ দীপাৱলী উদযাপনৰ স্মৃতি যুগমীয়া হৈ ৰ’ব। মই ভাৰতীয় নৌসেনাৰ আগন্তুক প্ৰচেষ্টাৰাজিলৈ শুভেচ্ছা জনাইছো", শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে প’ষ্ট কৰেঃ
"নৌসেনা দিৱস উপলক্ষে ভাৰতীয় নৌসেনাৰ সকলো জোৱানকে শুভেচ্ছা জনাইছো। আমাৰ নৌসেনা ব্যতিক্ৰমী সাহস আৰু দৃঢ়তাৰ প্ৰতিৰূপ। তেওঁলোকে আমাৰ উপকূলসমূহক সুৰক্ষিত কৰি আৰু আমাৰ সামুদ্ৰিক স্বাৰ্থ অক্ষুণ্ণ ৰাখে। শেহতীয়া বছৰকেইটাত আমাৰ নৌসেনাই আত্ম-নিৰ্ভৰতা আৰু আধুনিকীকৰণত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ ফলশ্ৰুতিত আমাৰ নিৰাপত্তা ব্যৱস্থা সুদৃঢ় হৈছে।
মোৰ আইএনএছ বিক্ৰান্তত নৌসেনাৰ জোৱানসকলৰ সৈতে এইবাৰৰ দীপাৱলী উদযাপনৰ স্মৃতি যুগমীয়া হৈ ৰ’ব। মই ভাৰতীয় নৌসেনাৰ আগন্তুক প্ৰচেষ্টাৰাজিলৈ শুভেচ্ছা জনাইছো।"
Navy Day greetings to all personnel of the Indian Navy. Our Navy is synonymous with exceptional courage and determination. They safeguard our shores and uphold our maritime interests. In the recent years, our Navy has focussed on self-reliance and modernisation. This has enhanced… pic.twitter.com/JxPqLiEc9x
— Narendra Modi (@narendramodi) December 4, 2025


