প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বি এছ এফৰ জোৱানসকলক তেওঁলোকৰ বাহিনীটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন" কৰে । শ্ৰী মোদীয়ে কয় যে বি এছ এফ ভাৰতৰ অটল সংকল্প আৰু পৰম পেছাদাৰিত্বৰ প্ৰতীক।
"তেওঁলোকে কিছুমান অতি প্ৰত্যাহ্বানমূলক ভূখণ্ডত সেৱা আগবঢ়ায়। তেওঁলোকৰ সাহসৰ সমান্তৰালভাৱে তেওঁলোকৰ মানৱীয় মনোভাৱো ব্যতিক্ৰমী", শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
"বিএছএফৰ প্ৰতিষ্ঠা দিৱসত বাহিনীটোৰ সকলো কৰ্মীলৈ মোৰ শুভেচ্ছা। বিএছএফ ভাৰতৰ অটল সংকল্প আৰু চৰম পেছাদাৰিত্বৰ প্ৰতীক। তেওঁলোকৰ কৰ্তব্যবোধ আদৰ্শনীয়।"
কিছুমান আটাইতকৈ প্ৰত্যাহ্বানমূলক ভূখণ্ডত তেওঁলোকে সেৱা আগবঢ়ায়। সাহসৰ সমান্তৰালভাৱে তেওঁলোকৰ মানৱীয় মনোভাৱো ব্যতিক্ৰমী।
আমাৰ দেশৰ সেৱা আৰু সুৰক্ষাৰ চেষ্টাত ব্ৰতী বাহিনীটোক মোৰ শুভেচ্ছা জনাইছো।"
@BSF_India
On BSF Raising Day, my greetings to all their personnel. BSF symbolises India’s unwavering resolve and utmost professionalism. Their sense of duty is exemplary. They serve in some of the most challenging terrains. Alongside their valour, their humanitarian spirit is also… pic.twitter.com/X5Ni05KPqb
— Narendra Modi (@narendramodi) December 1, 2025


