প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটী নৱবৰ্ষ উপলক্ষে গুজৰাটৰ সকলো লোককে শুভেচ্ছা জনাইছে। তেখেতে এই নতুন বছটোৱে যেন সকলোৰে জীৱন পোহৰেৰে ভৰাই তুলি সকলোকে প্ৰগতিৰ পথত আগুৱাই নিয়ে, তাৰে কামনা কৰিছে। লগতে গুজৰাটে সদায়েই সাফল্যৰ নতুন শিখৰত উপনীত হোৱাৰ আশা কৰে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"গুজৰাটৰ সকলো লোককে নতুন বছৰৰ শুভেচ্ছা জনালো...!!
আজিৰেপৰা আৰম্ভ হোৱা নতুন বছৰটোৱে যেন আপোনালোকৰ জীৱনক পোহৰাই তুলি প্ৰগতিৰ পথত আগুৱাই নিয়ে তাৰেই কামনা কৰিলো.... নতুন সংকল্প, নতুন প্ৰেৰণা আৰু নতুন লক্ষ্যৰে নৱ বৰ্ষৰ শুভেচ্ছা জনালো। লগতে গুজৰাটে সদায়েই সাফল্যৰ শিখৰত আৰোহণ কৰক, সেই আশা কৰিলো...।"
સૌ ગુજરાતીઓને નવા વર્ષની અંતઃકરણપૂર્વકની શુભેચ્છાઓ…!!
— Narendra Modi (@narendramodi) October 26, 2022
આજથી શરૂ થતુ નવું વર્ષ આપના જીવનને પ્રકાશમય કરી પ્રગતિના પંથે દોરી જાય….નવા સંકલ્પો, નવી પ્રેરણાઓ તથા નવા લક્ષ્યો સાથે ગુજરાત હરહંમેશ સિદ્ધિના ઉચ્ચ સોપાનો સર કરે તેવી અભિલાષા સાથે નૂતન વર્ષાભિનંદન...


