তেওঁ টেণ্ট চিটী উদ্বোধন কৰে
এই উপলক্ষে ১০০০ কোটি টকাৰো অধিক মূল্যৰ আভ্যন্তৰীণ জলপথ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন
“পূব ভাৰতৰ বহু পৰ্যটনস্থলী এমভি গংগা বিলাস ক্ৰুজৰ দ্বাৰা উপকৃত হ’ব”
"ভাৰতত বৰ্তমান যিমান সম্পদ আছে সেয়া কল্পনাৰো অতীত"।
“গংগাজীক কেৱল নদী হিচাপে গণ্য কৰা নহয়, এই পবিত্ৰ নদীখনক সেৱা আগবঢ়াবলৈ আমি নমামি গংগা আৰু অৰ্থ গংগা প্ৰকল্প আৰম্ভ কৰিছো”
“আজিকালি সমগ্ৰ বিশ্বতে সজাগতা বৃদ্ধি পোৱাৰ লগে লগে ভাৰত ভ্ৰমণ আৰু ভাৰতৰ বিষয়ে জানিবলৈ আগ্ৰহ বাঢ়িছে”
“একবিংশ শতিকাৰ এই দশক ভাৰতৰ আন্তঃগাঁথনি খণ্ডৰ সংস্কাৰৰ দশক”
“নদীৰ জলপথ ভাৰতৰ এক নতুন শক্তি”
ইয়াৰ দ্বাৰা ভাৰতত ক্ৰুজ পৰ্যটনৰ এক নতুন যুগৰ সূচনা হ’ব, যাৰ জৰিয়তে নতুন সুযোগৰ সঞ্চাৰ হ’ব।
নমামি গংগা প্ৰকল্পৰ জৰিয়তে গংগা নদীৰ পৰিষ্কাৰ কৰা হৈছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিশ্বৰ দীৰ্ঘতম ক্ৰুজ এম ভি গংগা বিলাসৰ যাত্ৰা শুভাৰম্ভ কৰাৰ লগতে টেণ্ট চিটীও উদ্বোধন কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ১০০০ কোটিতকৈও অধিক মূল্যৰ এলানি আভ্যন্তৰীণ জলপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। নদীভিত্তিক ৰিভাৰ ক্ৰুজ পৰ্যটনক প্ৰসাৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ পদক্ষেপৰ লগত সংগতি ৰাখি এই সেৱা আৰম্ভ কৰা হয়। ইয়াৰ দ্বাৰা ভাৰতত ক্ৰুজ পৰ্যটনৰ এক নতুন যুগৰ সূচনা হ’ব, যাৰ জৰিয়তে নতুন সুযোগৰ সঞ্চাৰ হ’ব।

এই উপলক্ষে উদ্বোধনী অনুষ্ঠানত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে প্ৰথমে ভগৱান মহাদেৱক প্ৰণাম জনায় আৰু লহৰী উপলক্ষে সকলোকে শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে কয় যে সমাজসেৱা, বিশ্বাস, তপস্যা আৰু বিশ্বাস আমাৰ উৎসৱৰ অংশ, য’ত নদীসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আজি নদীৰ তাৎপৰ্য্য নদীৰ জলপথ প্ৰকল্পৰ উদ্বোধনী বা আধাৰশিলাত প্ৰতিফলিত হৈছে। তেওঁ কয় যে কাশীৰ পৰা ডিব্ৰুগড়লৈ সৰ্বাধিক দীঘলীয়া নদী পথ, এই নৌ বিহাৰে উত্তৰ ভাৰতৰ বহু পৰ্যটনস্থলীক বিশ্ব পৰ্যটন মানচিত্ৰত স্থান দিয়াত সহায় কৰিব। লগতে বাৰাণসী, পশ্চিমবংগ, উত্তৰপ্ৰদেশ, বিহাৰ আৰু অসমকে ধৰি উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তত আজি উদ্বোধন কৰা ১,০০০ কোটি টকাৰ বিভিন্ন প্ৰকল্পই আগন্তুক দিনত পূব ভাৰতৰ পৰ্যটন উদ্যোগক উন্নীত কৰাৰ লগতে অঞ্চলটোত কৰ্মসংস্থাপনৰ সুযোগৰ সম্ভাৱনা গঢ়ি তুলিব।

প্ৰতিজন দেশবাসীৰ জীৱনত গংগা নদীৰ গুৰুত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আক্ষেপেৰে কয় যে স্বাধীনতাৰ পিছত গংগা নদীৰ পাৰৰ অঞ্চলসমূহত কোনো উচিত উন্নয়ন হোৱা নাছিল। ফলত নিজ নিজ অঞ্চলৰ পৰা বহু লোক প্ৰব্ৰজন কৰে। পৰিস্থিতি সলনি কৰিবলৈ চৰকাৰে দুটা উদ্যোগ লৈছে। গংগাজীক কেৱল নদী বুলি বিবেচনা কৰি আমি এই পবিত্ৰ নদীখনক সেৱা আগবঢ়াবলৈ নমামি গংগা আৰু অৰ্থ গংগা প্ৰকল্প আৰম্ভ কৰিছো। নমামি গংগা প্ৰকল্পৰ জৰিয়তে গংগা নদীৰ পৰিষ্কাৰ কৰা হৈছে। এই নদীখন যিবোৰ ৰাজ্যৰ মাজেৰে বৈ যায়, সেইবোৰ ৰাজ্যৰ অৰ্থনীতিৰ উত্থানৰ বাবে প্ৰয়োজনীয় পৰিৱেশ সৃষ্টিৰ বাবে ‘অৰ্থ গংগা’ প্ৰকল্প আৰম্ভ কৰা হৈছে।

আজি প্ৰথম ক্ৰুজ ভ্ৰমণ কৰিবলগীয়া বিদেশী পৰ্যটকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, "আজি ভাৰতত যি সম্পদ আছে সেয়া কল্পনাৰো অতীত"। তেওঁ লগতে কয় যে ভাৰতে ধৰ্ম বা আঞ্চলিকতাবাদ নিৰ্বিশেষে সকলোকে মুকলি মনেৰে আদৰণি জনায়। বিশ্বৰ যিকোনো অঞ্চলৰ পৰা অহা পৰ্যটকক আদৰণি জনোৱা হৈছে।

এই নৌকা বিহাৰৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই সকলো দিশতে পৃথক। কাশী, বুদ্ধ গয়া, বিক্ৰমশীলা, পাটনাশহী, মাজুলী আদি ধৰ্মীয় স্থান ভ্ৰমণৰ উপৰিও পৰ্যটকে বাংলাদেশৰ ঢাকা ভ্ৰমণৰ সুযোগো লাভ কৰিব। ভাৰতৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিব বিচৰাসকলে, সুন্দৰবন আৰু অসমৰ বনাঞ্চললৈ যাব লাগিব। এম ভি গংগা বিলাস, ২৫টা নদী অৱবাহিকাৰ মাজেৰে যাত্ৰা কৰিব। ফলত ভাৰতত নদীৰ প্ৰয়োজনীয়তা সম্পৰ্কীয় তথ্য সন্দৰ্ভত পৰ্যটকৰ মাজত আগ্ৰহৰ সৃষ্টি হ’ব। ভাৰতৰ খাদ্যৰ প্ৰতি আগ্ৰহীসকলেও বিভিন্ন অঞ্চলৰ খাদ্যৰ সোৱাদ ল’ব পাৰিব। “ভাৰতীয় ঐতিহ্য আৰু আধুনিকতাৰ এক অনন্য মিশ্ৰণ এই ক্ৰুজত উপভোগ কৰিব পাৰি”। নৌ বিহাৰত এক নতুন যুগ আৰম্ভ হোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ফলস্বৰূপে দেশৰ যুৱক-যুৱতীসকলৰ বাবে নতুন চাকৰিৰ সুযোগ সৃষ্টি হ’ব। "কেৱল বিদেশী পৰ্যটকেই নহয়, বিশ্বৰ বিভিন্ন দেশলৈ যোৱা ভাৰতীয় পৰ্যটকেও উত্তৰ ভাৰতত এক নতুন অভিজ্ঞতা লাভ কৰিব পাৰে"। প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশতে ক্ৰুজ পৰ্যটনক উৎসাহিত কৰিবলৈ অন্যান্য জলপথসমূহো সংস্কাৰ কৰা হৈছে। বিলাসী পৰ্যটন অভিজ্ঞতাক বিবেচনা কৰি প্ৰয়োজনীয় ধন আবণ্টন কৰা হৈছে।

শ্ৰী মোদীয়ে কয় যে আজি ভাৰতৰ পৰ্যটন উদ্যোগে এক নতুন যুগৰ সূচনা কৰিছে, যাৰ ফলত সমগ্ৰ বিশ্বতে সজাগতা বৃদ্ধি পোৱাৰ বাবে ভাৰত ভ্ৰমণ আৰু দেশখনৰ বিষয়ে জানিবলৈ আগ্ৰহ বাঢ়িছে। আৰু সেইবাবে দেশৰ পৰ্যটন উদ্যোগ সম্প্ৰসাৰণৰ বাবে বিগত ৮ বছৰত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। ধৰ্মীয় স্থানসমূহৰ উন্নীতকৰণৰ ক্ষেত্ৰত বিভিন্ন ব্যৱস্থাক অগ্ৰাধিকাৰ দিয়া হৈছে। কাশী ইয়াৰ এক প্ৰধান উদাহৰণ। কাশী বিশ্বনাথ ধাম সংস্কাৰ কৰাৰ পিছত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। ফলত স্থানীয় অৰ্থনীতিৰ উত্থান ঘটিছে। নতুন টেণ্ট চিটীখনে আধ্যাত্মিকতাৰ সৈতে আধুনিকতাৰ সংমিশ্ৰণ ঘটাব। ইয়াৰ জৰিয়তে পৰ্যটকসকলে পৰ্যটনৰ এক বেলেগ সোৱাদ লাভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ অনুষ্ঠানটো ২০১৪ চনৰ পৰা দেশত সিদ্ধান্ত গ্ৰহণ আৰু নীতি প্ৰণয়নৰ ক্ষেত্ৰত এক প্ৰতিফলন। ‘একবিংশ শতিকাৰ এই দশক ভাৰতৰ আন্তঃগাঁথনি খণ্ডত সংস্কাৰৰ দশক। আজি ভাৰতত আন্তঃগাঁথনি সংস্কাৰৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰা হৈছে, সেয়া আগতে কল্পনাতীৰো অগোচৰ আছিল”। বাসগৃহ, শৌচাগাৰ, চিকিৎসালয়, বিদ্যুৎ, পানী, ৰন্ধন গেছ আৰু শিক্ষানুষ্ঠানৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰতে সামাজিক আন্তঃগাঁথনি উন্নীত কৰা হৈছে। ৰে’লপথ, জলপথ, বিমানপথ আৰু স্থলপথৰ উন্নয়ন সুনিশ্চিত কৰাৰ উপৰিও ডিজিটেল আন্তঃগাঁথনিও উন্নত হৈছে। ভাৰত সকলো ক্ষেত্ৰতে বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ পূৰ্বে দেশত জলপথৰ ব্যৱহাৰ কম আছিল। কিন্তু ভাৰতৰ ইতিহাসত জলপথক গুৰুত্ব দিয়াৰ নজিৰ আছে। ২০১৪ চনৰ পৰা আধুনিক ভাৰতবৰ্ষক প্ৰাচীন ইতিহাসৰ সেই শক্তিৰ সৈতে মিলন ঘটিছে। নতুন আইন প্ৰণয়ন কৰাৰ লগতে দেশৰ প্ৰধান নদীসমূহৰ জলপথৰ সংস্কাৰৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰা হৈছে। ২০১৪ চনলৈকে সমগ্ৰ দেশতে মাত্ৰ ৫টা ৰাষ্ট্ৰীয় জলপথ আছিল। আজি সেই সংখ্যা ১১১টালৈ বৃদ্ধি পাইছে আৰু দুই ডজন জলপথ কাৰ্যক্ষম হৈ আছে। আঠ বছৰৰ আগৰ তুলনাত পূৰ্বৰ ৩০ লাখ টন মেট্ৰিক টনৰ পৰা বৰ্তমান নদীৰ যোগেদি তিনিগুণ বেছি সামগ্ৰী পৰিবহণ কৰা হৈছে৷

পূব ভাৰতৰ উন্নয়নৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ এই প্ৰকল্পই পূব ভাৰতক উন্নত ভাৰতৰ চালিকা শক্তি হিচাপে আত্মপ্ৰকাশ কৰাত সহায় কৰিব। হালদিয়াত থকা মাল্টি মডেল টাৰ্মিনেলে বাৰাণসীৰ সৈতে সংযোগৰ উন্নতি সাধন কৰিব। লগতে ভাৰত–বাংলাদেশ প্ৰট’কল পথৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সংযোগ গঢ়ি তোলা হ’ব। কলকাতা বন্দৰৰ সৈতে বাংলাদেশ সংযোগ হ’ব। ফলত উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ সৈতে বাংলাদেশৰ বাণিজ্য সুচল হ’ব।

দক্ষ মানৱ সম্পদৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে গুৱাহাটীত এটা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰা হৈছে। কেন্দ্ৰটোত জাহাজ মেৰামতিৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব। “সামগ্ৰী পৰিবহণৰ বাবে ব্যৱহৃত জাহাজ আৰু জাহাজ চলোৱাৰ ফলত পৰ্যটন বৃদ্ধি পাব। আনুষংগিক উদ্যোগৰ জৰিয়তেও নতুন সুযোগ গঢ়ি তোলা হ’ব৷

শেহতীয়া এক অধ্যয়নৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সেই অধ্যয়নৰ পৰা স্পষ্ট হৈ পৰিছে যে জল পৰিবহণৰ পৰিৱেশ প্ৰদূষণৰ সমস্যা সমাধানৰ উপৰিও ধন ৰাহি কৰা সহায় কৰে। পথ পৰিবহণৰ তুলনাত জল পৰিবহণৰ ব্যয় আধা হোৱাৰ লগতে ৰে’ল পৰিবহণৰ তুলনাত জল পৰিবহণৰ ব্যয় ডেৰগুণ কম। এই প্ৰসংগত তেওঁ ৰাষ্ট্ৰীয় সামগ্ৰী পৰিবহণ নীতিৰ কথা উল্লেখ কৰি কয় যে দেশত হাজাৰ হাজাৰ কিলোমিটাৰ জলপথ সংস্কাৰ কৰাৰ প্ৰয়োজন আছে। সমগ্ৰ দেশৰ ১২৫ খনতকৈও অধিক নদী আৰু নদী অৱবাহিকা পুনৰ সংস্থাপন কৰিব লাগিব যাতে এই জলপথত সহজে সামগ্ৰী পৰিবহণ কৰিব পৰা যায়। এই বন্দৰভিত্তিক উন্নয়নৰ জৰিয়তে দ্ৰুতগতিত বৃদ্ধি পাব। আধুনিক বহুস্তৰীয় জলপথ নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে জলপথৰ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে বাংলাদেশ আৰু অন্যান্য দেশৰ সৈতে আলোচনা চলি আছে।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ জলপথসমূহ নিৰন্তৰভাৱে উন্নত হৈ আছে। ‘এখন উন্নত ভাৰত গঢ়িবলৈ শক্তিশালী যোগাযোগ ব্যৱস্থা গঢ়ি তোলাটো অতি গুৰুত্বপূৰ্ণ। নদীৰ জলপথ ভাৰতৰ এক নতুন শক্তি। যিয়ে দেশত ব্যৱসায় আৰু পৰ্যটনৰ সম্প্ৰসাৰণত সহায় কৰিব। তেওঁ প্ৰথম ক্ৰজ যাত্ৰাৰ যাত্ৰীসকলক আৰামদায়ক যাত্ৰাৰ কামনা কৰে।

এই উপলক্ষে অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্বশৰ্মা, কেন্দ্ৰীয় বন্দৰ, জলপথ আৰু জাহাজ পৰিবহণ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে একাংশ বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

পটভূমি

এম ভি গংগা বিলাস

এম ভি গংগা বিলাসে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰি ভাৰত আৰু বাংলাদেশৰ ২৭খন নদী ব্যৱস্থাৰ মাজেৰে জাহাজেৰে ৫১ দিনত প্ৰায় ৩,২০০ কিলোমিটাৰ যাত্ৰা কৰি বাংলাদেশ হৈ অসমৰ ডিব্ৰুগড়ত উপস্থিত হ’ব। এম ভি গংগা বিলাসত তিনিটা ডেক, ১৮টা ছুইট আছে য’ত সকলো বিলাসী সুবিধাৰ সৈতে ৩৬জন পৰ্যটকে যাত্ৰা কৰাৰ ক্ষমতা আছে। প্ৰথম যাত্ৰাত ছুইজাৰলেণ্ডৰ পৰা ৩২জন পৰ্যটকে নাম পঞ্জীয়ন কৰিছে।

এম ভি গংগা বিলাস ক্ৰুজখনক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰিবলৈ দেশৰ শ্ৰেষ্ঠবোৰক উলিয়াই আনিবলৈ সজাই পৰাই তোলা হৈছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৰাষ্ট্ৰীয় উদ্যান, নদী ঘাট, আৰু বিহাৰৰ পাটনা, ঝাৰখণ্ডৰ সাহিবগঞ্জ, পশ্চিম বংগৰ কলকাতা, বাংলাদেশৰ ঢাকা আৰু অসমৰ গুৱাহাটী আদি ডাঙৰ চহৰকে ধৰি ৫০টা পৰ্যটনস্থলী ভ্ৰমণৰ পৰিকল্পনাৰে ৫১ দিনীয়া ক্ৰুজ যাত্ৰাৰ পৰিকল্পনা কৰা হৈছে। এই যাত্ৰাত পৰ্যটকসকলে অভিজ্ঞতাভিত্তিক যাত্ৰাত নামি ভাৰত আৰু বাংলাদেশৰ কলা, সংস্কৃতি, ইতিহাস আৰু আধ্যাত্মিকতাৰ সৈতে একাত্ম হোৱাৰ সুযোগ লাভ কৰিব।

ৰিভাৰ ক্ৰুজ পৰ্যটন বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি এই সেৱা আৰম্ভ হোৱাৰ লগে লগে ৰিভাৰ ক্ৰুজৰ বিশাল অনাদৃত সম্ভাৱনা মুকলি হ’ব আৰু ই ভাৰতৰ বাবে ৰিভাৰ ক্ৰুজ পৰ্যটনৰ নতুন যুগৰ সূচনা কৰিব।

বাৰাণসীত টেণ্ট চিটি

অঞ্চলটোৰ পৰ্যটনৰ সম্ভাৱনাক লাভৱান কৰিবলৈ গংগা নদীৰ পাৰত টেণ্ট চিটিৰ ধাৰণা প্ৰস্তুত কৰা হৈছে। বিশেষকৈ কাশী বিশ্বনাথ ধাম উদ্বোধনৰ পিছৰে পৰা বাৰাণসীত বৰ্ধিত পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি চহৰৰ ঘাটৰ বিপৰীতে নিৰ্মাণ কৰা এই প্ৰকল্পটোৱে থকাৰ সুবিধা প্ৰদান কৰিব। ইয়াক বাৰাণসী উন্নয়ন কৰ্তৃপক্ষই পিপিপি মোডত প্ৰস্তুত কৰিছে। সমীপত অৱস্থিত বিভিন্ন ঘাটৰ পৰা নাৱেৰে টেণ্ট চিটিত উপস্থিত হ’ব পৰ্যটকসকল। প্ৰতিবছৰে অক্টোবৰৰ পৰা জুনলৈ কাৰ্যক্ষম হৈ থাকিবলগীয়া টেণ্ট চিটি বাৰিষা নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে তিনি মাহৰ বাবে ভাঙি পেলোৱা হ’ব।

আভ্যন্তৰীণ জলপথ প্ৰকল্প

প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগত হালদিয়া মাল্টি মডেল টাৰ্মিনেল উদ্বোধন কৰিব। জল মাৰ্গ বিকাশ প্ৰকল্পৰ অধীনত উন্নয়ন সাধন কৰা হালদিয়া মাল্টি মডেল টাৰ্মিনেলৰ কাৰ্গো পৰিচালনা ক্ষমতা বছৰি প্ৰায় ৩ মিলিয়ন মেট্ৰিক টন (এমএমটিপিএ) আৰু বাৰ্থসমূহ প্ৰায় ৩০০০ ডেডৱেইট টন (ডিডব্লিউটি) পৰ্যন্ত জাহাজ পৰিচালনা কৰিব পৰাকৈ ডিজাইন কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে গাজীপুৰ জিলাৰ ছৈয়দপুৰ, চোচাকপুৰ, জামানিয়া আৰু উত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ কানছপুৰতো চাৰিখন ভাসমান সামূহিক জেটী উদ্বোধন কৰিব। তদুপৰি প্ৰধানমন্ত্ৰীয়ে পাটনা জিলাৰ দীঘা, নকতা দিয়াৰা, বাঢ়, পানাপুৰ আৰু বিহাৰৰ সমষ্টিপুৰ জিলাৰ হাছানপুৰত পাঁচটা সামূহিক জেটীৰ আধাৰশিলা স্থাপন কৰিব। সমগ্ৰ উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগ ৰাজ্যৰ গংগা নদীৰ দাঁতিত ৬০টাতকৈও অধিক সামূহিক জেটি নিৰ্মাণ কৰি অঞ্চলটোৰ অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি আৰু স্থানীয় সমূদায়ৰ জীৱিকাৰ উন্নতি সাধন কৰা হৈছে। গংগা নদীৰ ভিতৰুৱা অঞ্চল আৰু ইয়াৰ আশে-পাশে থকা অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰি ক্ষুদ্ৰ কৃষক, মীন ইউনিট, অসংগঠিত পাম উৎপাদনকাৰী ইউনিট, উদ্যান শস্যবিদ, ফুল বিক্ৰেতা আৰু শিল্পীসকলৰ বাবে সৰল লজিষ্টিক সমাধান প্ৰদান কৰি সামূহিক জেটিসমূহে মানুহৰ জীৱিকা উন্নত কৰাত মূল ভূমিকা পালন কৰিব।

প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰও উদ্বোধন কৰিব। ই উত্তৰ-পূৰ্বাঞ্চলৰ চহকী প্ৰতিভাসমূহক নিখুঁত ৰূপত গঢ় দিয়াত সহায় কৰিব আৰু বৰ্ধিত লজিষ্টিক উদ্যোগত উন্নত কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব।

এইবোৰৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ পাণ্ডু টাৰ্মিনেলত জাহাজ মেৰামতিৰ সুবিধা আৰু উচ্চ পথৰ আধাৰশিলা স্থাপন কৰিব। পাণ্ডু টাৰ্মিনেলত জাহাজ মেৰামতিৰ সুবিধাই বহু মূল্যৱান সময় ৰাহি কৰিব কাৰণ এখন জাহাজ কলকাতালৈ মেৰামতিৰ বাবে অনা-নিয়া কৰিবলৈ এমাহতকৈও অধিক সময় লাগে। তদুপৰি ইয়াৰ ফলত জাহাজখনৰ পৰিবহণ বাবদ হোৱা খৰচো ৰাহি হ’ব। পাণ্ডু টাৰ্মিনেলক ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰা নিৰ্দিষ্ট পথটোৱে ২৪ ঘণ্টীয়া সংযোগ স্থাপনৰ সুবিধা প্ৰদান কৰিব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Govt sets up six sector groups to fast-track ‘Make in India 2.0’ push

Media Coverage

Govt sets up six sector groups to fast-track ‘Make in India 2.0’ push
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Share your ideas and suggestions for 'Mann Ki Baat' now!
June 05, 2026

Prime Minister Narendra Modi will share 'Mann Ki Baat' on Sunday, June 28th. If you have innovative ideas and suggestions, here is an opportunity to directly share it with the PM. Some of the suggestions would be referred by the Prime Minister during his address.

Share your inputs in the comments section below.