Processing Industry related to value addition to agri products is our priority: PM
Private Investment in Agriculture will help farmers: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত মহাৰাষ্ট্ৰৰ সংগোলাৰ পৰা পশ্চিমবংগৰ শালিমাৰৰ মাজত ১০০তম কিষান ৰে'লক পতাকা দেখুৱাই যাত্ৰাৰম্ভ কৰে। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিংহ তোমৰ আৰু শ্ৰী পীযুষ গোয়েলো উপস্থিত থাকে।

 

এই উপলক্ষে নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে কিষান ৰে'ল সেৱা দেশৰ কৃষকৰ উপাৰ্জন বঢ়োৱাৰ দিশত এটা ডাঙৰ পদক্ষেপ। তেওঁ কোভিড-১৯ মহামাৰীৰ মাজত ৪ মাহত ১০০তম কিষান ৰে'ল চলোৱা বাবে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে এই সেৱা কৃষিৰ সৈতে জড়িত অৰ্থনৈতিক ব্যৱস্থাত ডাঙৰ পৰিৱৰ্তন আনিব আৰু দেশৰ ক'ল্ড ছাপ্লাই চেইন শক্তিশালী কৰিব। তেওঁ লগতে কয় যে কিষান ৰে'লৰ মাধ্যমত কৃষি সামগ্ৰীৰ পৰিবহনত কোনো ন্যূনতম সীমা নিৰ্ধাৰণ কৰা হোৱা নাই। আনকি ইয়াৰ ফলত সৰু সৰু সামগ্ৰীও কম খৰচতে ডাঙৰ বজাৰলৈ উপযুক্তভাৱে নিব পৰা যাব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে কিষান ৰে'ল পৰিকল্পনাই কেৱল কৃষকক সেৱা প্ৰদান কৰাৰ চৰকাৰৰ সংকল্পবদ্ধতাক প্ৰতিপন্ন কৰা নাই, বৰং ই এই কথাৰো প্ৰমাণ যে কেনেকৈ আমাৰ কৃষকে নতুন সম্ভাৱনাসমূহক স্বীকাৰ কৰিবলৈ দ্ৰুত গতিত তৎপৰ হৈছে। তেওঁ কয় যে কৃষকে এতিয়া নিজৰ সামগ্ৰী কেৱল নিজৰ ৰাজ্যতে বিক্ৰী কৰিব পৰাই নহয়, বৰং কিষান ৰে'ল আৰু কৃষি উড়ান সেৱাৰ মাধ্যমতো নিজৰ সামগ্ৰী বিক্ৰী কৰিব পাৰে, যাৰ কৃষি ক্ষেত্ৰত ডাঙৰ ভূমিকা হ'ব। তেওঁ লগতে কয় যে কিষান ৰে'লে চলন্ত শীতল গৃহ (মোবাইল ক'ল্ড ষ্টৰেজ)ৰ ব্যৱস্থা, যি ফল, শাক-পাচলি, গাখীৰ, মাছৰ দৰে সোনকালে নষ্ট হোৱা সামগ্ৰী বজাৰ পোৱায়, তাকো সম্পূৰ্ণ সুৰক্ষাসহ। প্ৰধানমন্ত্ৰীয়ে কয় যে সাধাৰণতে ভাৰতৰ ওচৰত স্বাধীনতাৰ আগৰে পৰা ৰে'লৱেৰ এটা বৃহৎ নেটৱৰ্ক আছে, ক'ল্ড ষ্টৰেজ টেকনিকো আগৰে পৰা আছিল যদিও কিষান ৰে'লৰ মাধ্যমত চলিত সময়ত ইয়াক শক্তিশালী কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে কিষান ৰে'লৰ দৰে সুবিধাই পশ্চিমবংগৰ লাখ লাখ কৃষকক এক ডাঙৰ সুবিধা প্ৰদান কৰিছে। এই সুবিধা কৃষকৰ লগতে স্থানীয় সৰু ব্যৱসায়ীৰ বাবেও উপলব্ধ। তেওঁ কয় যে কৃষি ক্ষেত্ৰত থকা বিশেষজ্ঞ আৰু পৃথিৱীৰ অন্য দেশৰ ধাৰণা তথা নতুন প্ৰযুক্তিৰ ভাৰতীয় কৃষি ক্ষেত্ৰত ৰূপায়ণ হৈ আছে।

 

সোনকালে নষ্ট হোৱা 'কৃষি সামগ্ৰীৰ ভঁৰাল ঘৰ', ৰে'লৱে ষ্টেচনৰ আশেপাশে নিৰ্মাণ কৰি থকা হৈছে, য'ত কৃষকে নিজৰ সামগ্ৰী ৰাখিব পাৰে। এই প্ৰয়াস অধিকতম সংখ্যাত ফল আৰু শাক-পাচলি গ্ৰাহকৰ ওচৰলৈ লৈ যোৱাৰ ক্ৰম অনুসাৰে কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আৱশ্যকতাতকৈ অধিক উৎপাদন হোৱা অৱস্থাত জুছ, আচাৰ, চিপছ ইত্যাদিক সৰু নিৰ্মাতাৰ ওচৰ পোৱাব লাগে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ অগ্ৰাধিকাৰ সংগ্ৰহৰ সৈতে জড়িত আন্তঃগাঁথনিৰ নিৰ্মাণ আৰু কৃষি সামগ্ৰীৰ মূল্য সংযোজন সম্পৰ্কীয় প্ৰক্ৰিয়াকৰণ উদ্যোগৰ ক্ষেত্ৰত আছে। তেওঁ কয় যে মেগা ফুড পাৰ্ক, ক'ল্ড চেইন প্ৰাথমিক আন্তঃগাঁথনি আৰু কৃষি প্ৰক্ৰিয়াকৰণ ক্লাষ্টাৰ যোজনাৰ অধীনত ৬৫০০ পৰিকল্পনাক প্ৰধানমন্ত্ৰী কৃষি সম্পদ যোজনাৰ জৰিয়তে স্বীকৃতি দিয়া হৈছে। আত্মনিৰ্ভৰ ভাৰত অভিযানৰ জৰিয়তে সূক্ষ্ম খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বাবে ১০,০০০ কোটি টকাৰ ধনৰাশি মঞ্জুৰ কৰা হৈছে।

 

শ্ৰী মোদীয়ে কয় যে চৰকাৰৰ এই প্ৰয়াসক সফল কৰি তোলাত গ্ৰামীণ জনসাধাৰণ, কৃষক আৰু যুৱক-যুৱতীসকলৰ সহযোগিতা তথা অংশগ্ৰহণ আছে। কৃষি উৎপাদক সংগঠন (এফপিঅ') আৰু সহকাৰী সমুদায় যেনে মহিলা আত্মসহায়ক সমুদায়ক কৃষি ব্যৱসায় আৰু কৃষি প্ৰাথমিক আন্তঃগাঁথনিত অগ্ৰাধিকাৰ দিয়া হৈছে। সাম্প্ৰতিক কৃষি সংস্কাৰৰ জৰিয়তে কৃষি ব্যৱসায় আৰু এই সমুদায় বৃহৎ হাৰত লাভবান হ'ব আৰু তেওঁলোকে ব্যাপক প্ৰসাৰতা লাভ কৰিব। এই সকলোকে সহায় কৰিবলৈ চৰকাৰে চলোৱা প্ৰচেষ্টাত বেচৰকাৰী বিনিয়োগৰ ফলত সহায় পোৱা যাব। প্ৰধানমন্ত্ৰীয়ে কয়, ''দেশৰ কৃষি আৰু কৃষকক শক্তিশালী কৰাৰ পথত আমি সম্পূৰ্ণ সমৰ্পণৰ মনোভাৱেৰে আগ বাঢ়ি যাম।'' 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rural commercial vehicle retail sales growth outpaces urban: Fada data

Media Coverage

Rural commercial vehicle retail sales growth outpaces urban: Fada data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM condoles loss of lives in firecracker factory mishap in Kaushambi
August 31, 2026
PM announces ex-gratia from Prime Minister’s National Relief Fund

The Prime Minister, Shri Narendra Modi has expressed deep sorrow over the loss of lives in a mishap at a firecracker factory in Kaushambi, Uttar Pradesh. Shri Modi conveyed his condolences to the bereaved families and prayed for the speedy recovery of the injured.

Shri Modi also announced an ex-gratia of ₹2 lakh from the Prime Minister’s National Relief Fund (PMNRF) to the next of kin of each deceased and ₹50,000 for the injured.

The Prime Minister posted on X;

Extremely saddened by the loss of lives due to a mishap at a firecracker factory in Kaushambi, Uttar Pradesh. My thoughts are with the bereaved families in this hour of grief. May the injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi