প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চি আৰ পি এফৰ সকলো জোৱানক বাহিনীটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় "চি আৰ পি এফৰ জোৱানসকলে অতি প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিৰ মাজত নিজৰ কৰ্তব্য, সাহস আৰু অটল দায়বদ্ধতাৰে এক বিশেষ স্থান দখল কৰিছে।"
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়-
"চি আৰ পি এফৰ সকলো জোৱানলৈ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা। এই বাহিনীটোৱে আমাৰ নিৰাপত্তা ব্যৱস্থাত, বিশেষকৈ আভ্যন্তৰীণ নিৰাপত্তাৰ সৈতে জড়িত প্ৰত্যাহ্বানমূলক দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। চি আৰ পি এফ কৰ্মীসকলে অতি প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিৰ মাজত নিজৰ কৰ্তব্য, সাহস আৰু অটল দায়বদ্ধতাৰে এক বিশেষ স্থান দখল কৰিছে।। মানৱীয় প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত তেওঁলোকৰ অৱদানো প্ৰশংসনীয়।"
@crpfindia
Raising Day wishes to all CRPF personnel. This force has played a vital role in our security apparatus, especially in challenging aspects relating to internal security. CRPF personnel have made a mark for their duty, courage and steadfast commitment in the most testing of…
— Narendra Modi (@narendramodi) July 27, 2025


