প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ নাগপুৰৰ এটা কাৰখানাত সংঘটিত বিস্ফোৰণক লৈ গভীৰ দুখ প্ৰকাশ কৰিছে।
মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্তসকলক সহায় কৰি আছে।
প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী মৃতকৰ নিকাত্মীয়ক প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ অধীনত ২ লাখ টকাকৈ প্ৰদানৰ কথা ঘোষণা কৰে। আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়:
"মহাৰাষ্ট্ৰৰ নাগপুৰৰ এটা কাৰখানাত সংঘটিত বিস্ফোৰণৰ ঘটনাত মৰ্মাহত হৈছো। মৃতকৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। মই আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। স্থানীয় প্ৰশাসনে ক্ষতিগ্ৰস্তসকলক সহায় আগবঢ়াইছে।
প্ৰতিগৰাকী মৃতকৰ নিকাত্মীয়ক পিএমএনআৰএফৰ অধীনত ২ লাখ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।"
The explosion at a factory in Nagpur, Maharashtra, is deeply distressing. My condolences to the families of the deceased. I pray for the speedy recovery of the injured. The local administration is assisting those affected.
— PMO India (@PMOIndia) March 1, 2026
An ex-gratia of Rs. 2 lakh from PMNRF would be given to…
महाराष्ट्रातील नागपूर येथील कारखान्यात झालेला स्फोट अत्यंत दुर्दैवी आहे. मृतांच्या कुटुंबीयांप्रती माझ्या संवेदना व्यक्त करतो. जखमींच्या तब्येतीत लवकर सुधार व्हावा, अशी मी प्रार्थना करतो. स्थानिक प्रशासन प्रभावित नागरिकांना सर्वतोपरी मदत करत आहे.
— PMO India (@PMOIndia) March 1, 2026
पंतप्रधान राष्ट्रीय मदत निधी… https://t.co/MKDMU9pGxS


