উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী, ৰাজ্যপাল তথা জ্যেষ্ঠ নেতা শ্ৰী কল্যাণ সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এলানি বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“মই কিমান দুখ পাইছো তাক ভাষাৰে বৰ্ণাব নোৱাৰো। কল্যাণ সিং জী...দেশপ্ৰেমিক, প্ৰবীণ প্ৰশাসক, তৃণমূল পৰ্যায়ৰ নেতা আৰু এগৰাকী মহান মানৱ আছিল। উত্তৰ প্ৰদেশৰ উন্নয়ণৰ বাবে তেখেতে অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেখেতৰ পুত্ৰ শ্ৰী ৰাজবীৰ সিঙৰ সৈতে কথা পাতিছো আৰু তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ওঁম শান্তি!

ভাৰতৰ সাংস্কৃতিক পুনৰজাগৰণৰ ক্ষেত্ৰত তেখেতে আগবঢ়োৱা অৱদানসমূহৰ বাবে আগন্তুক প্ৰজন্মসমূহ কল্যাণ সিং জীৰ প্ৰতি চিৰ কৃতজ্ঞ হৈ থাকিব। ভাৰতীয় প্ৰমূল্যবোধৰ সৈতে তেখেত ওতঃপ্ৰোত ভাবে জড়িত হৈ থকাৰ লগতে আমাৰ বহু শতাব্দী পুৰণি পৰম্পৰাসমূহক লৈ গৌৰৱবোধ কৰি আহিছিল।

সমাজৰ বঞ্চিত শ্ৰেণীৰ কোটি কোটি জনতাৰ মুখত বাণী দিয়াত সফল হৈছিল কল্যাণ সিং জী। তেখেতে কৃষকসকলৰ লগতে যুৱ-প্ৰজন্ম আৰু মহিলাসকলৰ সবলীকৰণৰ বাবেও অসংখ্য প্ৰয়াস কৰিছিল”।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region

Media Coverage

Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 07 আগষ্ট 2026
August 07, 2026

Viksit Bharat Accelerating: 4x Data Centres, Record EV Sales, Ethanol Validation & Northeast Connectivity Under PM Modi’s Watch