প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ কৃষকসকলৰ উন্নয়নৰ বাবে উৎসর্গীকৃত এক যুগান্তকাৰী পদক্ষেপ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ষষ্ঠ বাৰ্ষিকী উপলক্ষে সমগ্ৰ দেশৰ কৃষক ভাই-ভনীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ সন্তুষ্টি প্ৰকাশ কৰে যে এতিয়ালৈকে প্ৰায় ৩ লাখ ৫০ হাজাৰ কোটি টকা তেওঁলোকৰ একাউণ্টত জমা হৈছে।
তেওঁ এক্স-ৰ এটা পোষ্টত লিখিছেঃ
"পিএম-কিষাণৰ ৬ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে সমগ্ৰ দেশৰ আমাৰ কৃষক ভাই-ভনীসকলক বহুত বহুত অভিনন্দন। এইটো মোৰ বাবে অতি সন্তুষ্টি আৰু গৌৰৱৰ বিষয় যে এতিয়ালৈকে তেওঁলোকৰ একাউণ্টত প্ৰায় ৩ লাখ ৫০ হাজাৰ কোটি টকা জমা হৈছে। আমাৰ এই প্ৰচেষ্টাই অন্নদাতাসকলক সন্মান, সমৃদ্ধি আৰু নতুন শক্তি প্ৰদান কৰিছে।
#PMKisan”
पीएम-किसान के 6 वर्ष पूरे होने पर देशभर के हमारे किसान भाई-बहनों को बहुत-बहुत बधाई। मेरे लिए अत्यंत संतोष और गर्व का विषय है कि अब तक करीब साढ़े तीन लाख करोड़ रुपये उनके खाते में पहुंच चुके हैं। हमारा ये प्रयास अन्नदाताओं को सम्मान, समृद्धि और नई ताकत दे रहा है। #PMKisan
— Narendra Modi (@narendramodi) February 24, 2025


