PM Modi holds virtual bilateral summit with Denmark PM Mette Frederiksen
India is working with Japan and Australia towards supply-chain diversification and resilience: PM
Events in the past months have made it clear how important it is for like-minded countries like India, which share a rules-based, transparent, humanitarian & democratic value-system, to work together: PM

নমস্কাৰ, Excellency!

 

এই 'ভাৰ্চুৱেল ছাম্মিট'ৰ মাধ্যমেৰে আপোনাৰ সৈতে কথা পতাৰ সুযোগ লাভ কৰিছো, ইয়াৰ বাবে মই বহু আনন্দিত। সৰ্বপ্ৰথমে মই ডেনমাৰ্কৰ ক'ভিড-১৯ৰ বাবে হোৱা ক্ষতিৰ বাবে সমবেদনা ব্যক্ত কৰিছো। এই সংকটৰ সৈতে মোকাবিলা কৰিবলৈ আপোনাৰ দক্ষতাপূৰ্ণ নেতৃত্বক অভিনন্দনো জনাইছো।

 

সকলো ব্যস্ততাৰ মাজত আপুনি এই বাৰ্তালাপৰ বাবে সময় উলিয়াইছে, এয়া আমাৰ পাৰস্পৰিক সম্পৰ্কৰ প্ৰতি আপোনাৰ বিশেষ 'ফ'কাছ' আৰু 'কমিটমেণ্ট'ক দৰ্শাইছে।

 

অলপতে আপোনাৰ বিবাহ সম্পন্ন হৈছে। মই ইয়াৰ বাবে আপোনাক মংগলময় শুভ কামনা জনাইছো আৰু আশা কৰিছো যে ক'ভিড-১৯ৰ পৰা উৎপন্ন হোৱা পৰিস্থিতি সলনি হোৱাৰ পিছত, শীঘ্ৰেই আমি আপোনাক সপৰিয়ালে ভাৰতত স্বাগতম জনোৱাৰ সুযোগ লাভ কৰিম। মোৰ বিশ্বাস যে আপোনাৰ জীয়ৰী ইদা আকৌ ভাৰতলৈ আহিবৰ বাবে নিশ্চয় আগ্ৰহী হ'ব।

 

কেইমাহমানৰ আগতে ফোনত আমাৰ মাজত যথেষ্ট 'প্ৰডাক্টিভ' কথা-বতৰা হৈছিল। আমি কেইবাটাও ক্ষেত্ৰত ভাৰত আৰু ডেনমাৰ্কৰ মাজত সহযোগিতা বঢ়োৱাৰ বিষয়ে আলোচনা কৰিছিলো।

 

ই আনন্দৰ বিষয় যে আজি আমি এই 'ভাৰ্চুৱেল ছাম্মিট'ৰ মাধ্যমেৰে এই লক্ষ্যসমূহক নতুন দিশ আৰু গতি প্ৰদান কৰি আছো। ডেনমাৰ্কে ২০১৯ৰ পৰা, যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলো, 'ভাইব্ৰেণ্ট গুজৰাট ছাম্মিট'ত একেৰাহে সন্মিলিত হৈ আছিলো, সেয়ে ডেনমাৰ্কৰ প্ৰতি মোৰ বিশেষ প্ৰীতিও আছে। মই দ্বিতীয় 'ইণ্ডিয়া-নাৰ্ডিক ছাম্মিট'ৰ 'হষ্ট' কৰিবলৈ আপোনাৰ প্ৰস্তাৱৰ বাবে কৃতজ্ঞ। পৰিস্থিতি ভাল হোৱাৰ পিছত ডেনমাৰ্কলৈ অহা আৰু আপোনাৰ সৈতে লগ হোৱাটো মোৰবাবে সৌভাগ্যৰ কথা হ'ব।

 

Excellency,

 

বিগত কেইবাটাও মাহৰ ঘটনাৱলীয়ে এই কথা স্পষ্ট কৰি দিছে যে আমাৰ দৰে 'লাইক-মাইণ্ডেড' দেশৰ, যি এক 'ৰুলছ-বেছড, ট্ৰেন্সপাৰেণ্ট, হিউমেনিটেৰিয়ান' আৰু 'ডেমক্ৰেটিক ভেল্যু-ছিষ্টেম'ৰ শ্বেয়াৰ কৰো, একেলগ হৈ কাম কৰাটো কিমান আৱশ্যকীয়!

ভেকচিনৰ বিকাশ সাধনতো 'লাইক-মাইণ্ডেড' দেশসমূহৰ মাজত সহযোগিতাৰে এই মহামাৰীৰ মোকাবিলা কৰিবলৈ সহায় হ'ব। এই মহামাৰীৰ সময়ত, ভাৰতৰ 'ফাৰ্মা' উৎপাদন ক্ষমতা সমগ্ৰ বিশ্বৰ বাবে উপযোগী হৈছে। আমি এই প্ৰয়াসকে ভেকচিনৰ ক্ষেত্ৰতো কৰি আছো।

 

আমাৰ 'আত্মনিৰ্ভৰ ভাৰত' অভিযানৰো এয়াই প্ৰয়াস যে প্ৰধান আৰ্থিক ক্ষেত্ৰসমূহত ভাৰতৰ ক্ষমতা বৃদ্ধি পাওক আৰু ই বিশ্বতো কামত আহক।

 

এই অভিযানৰ জৰিয়তে আমি 'অল-ৰাউণ্ড ৰিফৰ্মছ'ৰ ওপৰত জোৰ দি আছো। 'ৰেগুলেটৰী' বা 'টেক্সেছন ৰিফৰ্মছ'ৰে ভাৰতত কাম কৰা কোম্পানীবিলাকো লাভবান হ'ব। অন্য ক্ষেত্ৰসমূহতো 'ৰিফৰ্মছ'ৰ প্ৰক্ৰিয়া নিৰন্তৰ অব্যাহত আছে। সম্প্ৰতি কৃষি আৰু 'লেবাৰ ছেক্টৰছ'ত গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰা হৈছে।

 

Excellency,

 

ক'ভিড-১৯য়ে দেখুৱাইছে যে 'গ্ল'বেল ছাপ্লাই চেইনছ'ৰ কোনো একক উৎসৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল হোৱাটো আশংকাপূৰ্ণ।

 

আমি জাপান আৰু অষ্ট্ৰেলিয়াৰ সৈতে মিলি 'ছাপ্লাই চেইন ডাইভাৰ্ছিফিকেচন' আৰু 'ৰেজিলিয়েঞ্চ'ৰ বাবে কাম কৰি আছো। অন্য 'লাইক-মাইণ্ডেড' দেশো এই প্ৰচেষ্টাত জড়িত হ'ব পাৰে।

 

এই সন্দৰ্ভত মই ধাৰণা কৰো যে 'ভাৰ্চুৱেল ছাম্মিট' কেৱল ভাৰত-ডেনমাৰ্কৰ সম্পৰ্কৰ বাবেই উপযোগী হ'ব তেনে নহয়, বৰং বৈশ্বিক প্ৰত্যাহ্বানৰ প্ৰতিও এক সঠিক 'এপ্ৰ'চ' গঢ়ি তোলাত সহায়ক হ'ব।

 

আকৌ এবাৰ Excellency, আপোনাৰ সময়ৰ বাবে বহুত বহুত ধন্যবাদ।

 

এতিয়া মই আপোনাক নিজৰ 'অ'পেনিং ৰিমাৰ্কছ'ৰ বাবে আমন্ত্ৰণ জনাব বিচাৰিম।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Bharat Innovates' Bridge Between India’s Talented Youth And European Expertise: PM Modi

Media Coverage

'Bharat Innovates' Bridge Between India’s Talented Youth And European Expertise: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the role of diversity in innovation and entrepreneurship
June 15, 2026

The Prime Minister, Shri Narendra Modi said that in the fields of innovation and entrepreneurship, every individual has a distinct way of thinking and a unique creative vision, and it is this diversity that gives rise to new possibilities. He noted that just as every source of water has a different taste, every talent possesses its own unique identity and contribution. The Prime Minister added that innovation and progress become possible through the convergence of diverse ideas and capabilities.

The Prime Minister shared a Sanskrit Subhashitam-

“पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः।

जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे॥”

The Subhashitam conveys that in the field of innovation and enterprise, each person has a different way of thinking and a unique creative vision, and this diversity gives rise to new possibilities. Just as the taste of water differs from one source to another, every talent has its own distinct identity and contribution. It is through the combination of these different ideas and abilities that innovation and progress become possible.

The Prime Minister wrote on X;

“पिण्डे पिण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः।

जातौ जातौ नवाचाराः नवा वाणी मुखे मुखे॥”