India's scientific community have been India’s greatest assets, especially during the last few months, while fighting Covid-19: PM
Today, we are seeing a decline in the number of cases per day and the growth rate of cases. India has one of the highest recovery rates of 88%: PM
India is already working on putting a well-established vaccine delivery system in place: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ‘গ্ৰেণ্ড চেলেঞ্জেছ বাৰ্ষিক সভা ২০২০’ত মূল ভাষণ প্ৰদান কৰে।

সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘বিজ্ঞান আৰু উদ্ভাৱনত বিনিয়োগ কৰা সমাজেহে ভৱিষ্যত গঢ়িব পাৰে’। তেওঁ কয়, ‘বিজ্ঞান আৰু উদ্ভাৱনক সঠিক সময়ত ফলপ্ৰসূ কৰি তুলিবলৈ হ’লে হঠাতে ফল বিচৰাৰ পৰিৱৰ্তে আগতীয়াকৈ বিনিয়োগ কৰিব লাগে’। ‘এনেধৰণৰ উদ্ভাৱনৰ বাবে কৰা যাত্ৰাৰ ক্ষেত্ৰত সহ অংশীদাৰিত্ব আৰু ৰাজহুৱা অংশগ্ৰহণক গুৰুত্ব দিবই লাগিব’ বুলি তেওঁ অভিমত ব্যক্ত কৰে। ‘সমস্যাৰে সৈতে বিজ্ঞানে কেতিয়াও সমৃদ্ধি লাভ কৰিব নোৱাৰে’ বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে কয় যে ‘গ্ৰেণ্ড চেলেঞ্জেছ’ কাৰ্যক্ৰমে এই কথা ভালকৈয়ে জানে’। তেওঁ, গোলকীয় প্ৰেক্ষাপটত বহু ৰাষ্ট্ৰ জড়িত হৈ থকা আৰু এণ্টিমাইক্ৰবিয়েল ৰেজিষ্টেন্স, মাতৃ আৰু শিশু স্বাস্থ্য, কৃষি, পুষ্টি, ‘ডব্লিউএএছএইচ’-(ৱাটাৰ, ছেনিটেশ্যন এণ্ড হাইজিন)ৰ দৰে ভিন্নমুখী প্ৰসংগৰ সমাধানৰে জড়িত হৈ থকা এই কাৰ্যক্ৰমৰ ব্যাপকতাৰ শলাগ লয়।

‘গোলকীয় প্ৰেক্ষাপটক জোকাৰি যোৱা মহামাৰীয়ে আমাক দলগত ভাবে কৰা কামৰ গুৰুত্বক পুনৰাই হৃদয়ংগম কৰালে’ বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। ‘বেমাৰে কোনো ভৌগলিক সীমাৰেখা চিনি নাপাই, বেমাৰে আনকি মানুহৰ ধৰ্ম-বিশ্বাস, জাত-পাত, লিংগ অথবা বৰ্ণৰ ভেদাভেদকো গণ্য নকৰে’। তেওঁ আৰু কয় ‘ইয়াৰে বহু সংখ্যক সংমণ প্ৰবণ আৰু আন কিছুমান আক’ অসংক্ৰণপ্ৰবণ যিয়ে মানৱ জীৱনক প্ৰভাৱিত কৰে। এক শক্তিশালী আৰু উজ্জীৱিত বৈজ্ঞানিক প্ৰতিষ্ঠানৰে সজ্জিত পৰিমণ্ডল ভাৰতৰ বাবে সম্পদ স্বৰূপ, বিশেষকৈ শেহতীয় কেবাটাও মাহত, ক’ভিড-১৯ৰে অব্যাহত যুঁজখনৰ সময়ত এই কথা পুনৰবাৰ প্ৰতীয়মান হৈছে’ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। ‘তেওঁলোকে প্ৰতিৰোধৰে কৰা আসধ্য সাধনৰ জৰিয়তে সামৰ্থ্য বৰ্দ্ধন কাৰত সফল হৈছে’ বুলিও তেওঁ উল্লেখ কৰে।

প্ৰধনমন্ত্ৰীয়ে তথ্য দাঙি ধৰি কয় যে ‘বিশাল জনসংখ্যাৰ দেশ হোৱা স্বত্বেও, জনতাৰ শক্তিৰে শক্তিৱন্ত আৰু জনতাৰ দ্বাৰা পৰিচালিত কাৰ্যক্ৰমৰ সুবাদত ভাৰতত ক’ভিড-১৯ত মৃত্যু  হোৱা লোকৰ সংখ্যা তেনেই কম হোৱা পৰিলক্ষিত হ’ল’। শেহতীয়া প্ৰেক্ষাপটত প্ৰতিদিনে আক্ৰান্তৰ সংখ্যাও দিনে দিনে কমিবলৈ ধৰিছে, আক্ৰান্তৰ হাৰ বৃদ্ধিৰ ক্ষেত্ৰতো অৱনমন দেখিবলৈ পোৱা গৈছে আৰু আৰোগ্য লাভৰ ক্ষেত্ৰতো অন্যতম সৰ্বাধিক হাৰ ৮৮%ৰে ভাৰতে প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে বুলি প্ৰগংগক্ৰমে তেওঁ উল্লেখ কৰে। তেওঁ ‘এয়া সম্ভৱ হোৱাৰ মূলতে ভাৰতে আগতীয়াকৈ শিথিলতাপূৰ্ণ লকডাউন বলবত্ কৰা, সৰ্বাধিক হাৰত মাস্ক পৰিধানৰ পৰিৱেশ গঢ়া, সুক্ষ্মভাবে আক্ৰান্তৰ অনুসৰণ কৰা আৰু ‘ৰে’পিড এণ্টিজেন’ পৰীক্ষণৰ ক্ষেত্ৰত সৰ্বাধিক তত্পৰতা প্ৰদৰ্শন কৰা দেশ হিচাপে পৃথিৱীৰ শীৰ্ষৰ দেশকেইখনৰ তালিকাত নাম সন্নৱিষ্ট কৰাত সফল হোৱাটোকে কাৰণ’ বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে অভিমত প্ৰকাশ কৰি কয় যে ‘আজিৰ তাৰিখত ক’ভিড-১৯ৰ প্ৰতিষেধকৰ অন্বেষণ কৰা দেশৰ তালিকাত ভাৰতে অগ্ৰণী ভূমিকা পালন কৰি আছে। আমাৰ দেশত ৩০বিধৰো অধিক থলুৱা প্ৰযুক্তিৰে বিকশিত প্ৰতিষেধকৰ কাম চলি আছে’ বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে ‘ইয়াৰে তিনিবিধ প্ৰষেধকৰ কাম অন্তিম পৰ্যায়ত আছে’ বুলি জানিবলৈ দিয়ে। ‘আমাৰ নাগৰিকসকলৰ টীকাকৰণ সুনিশ্চিত কৰিব পৰাকৈ ভাৰতে ইতিমধ্যে এক সু-প্ৰতিষ্ঠিত প্ৰতিষেধক বিতৰণ ব্যৱস্থা গঢ়ি তুলিছে’ বুলিও প্ৰসংগক্ৰমে জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰীয়ে। ‘ডিজিটাইজড’ ব্যৱস্থাৰে বিকশিত এই পদ্ধতিয়ে ‘ডিজিটেল স্বাস্থ্য পৰিচয় পত্ৰ’ৰ সহযোগত আমাৰ নাগৰিকসকলৰ টীকাকৰণ প্ৰক্ৰিয়া সুনিশ্চিত কৰিব’ বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। মিতব্যয়িতাৰে উন্নত মানৰ ঔষধ নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতে ইতিমধ্যে নিজৰ এক পৰিচিতি গঢ়ি তুলিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। আজিৰ তাৰিখত গোলকীয় ভাবে প্ৰদান কৰা ৬০%ৰো অধিক সংখ্যক প্ৰতিষেধকেই ভাৰতত উত্পাদন কৰা হয়। তেওঁ কয়, ‘অভিজ্ঞতা আৰু গৱেষণা সামৰ্থ্যৰ জৰিয়তে ভাৰতে আজি গোলকীয় স্বাস্থ্য সুৰক্ষাৰ কেন্দ্ৰ হিচাপে নিজকে প্ৰতিস্থা কৰাৰ লগতে আন দেশসমূহৰ সামৰ্থ্য বৰ্দ্ধনৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব পাৰে’।

প্ৰসংগক্ৰমে তেওঁ ‘বিগত ৬টা বছৰত উন্নত অনাময় ব্যৱস্থা গঢ়ি তোলা, স্বচ্ছতাৰ পৰিৱেশ গঢ়ি তোলা, অধিক সংখ্যক শৌচাগাৰ নিৰ্মাণ কৰাৰ দৰে পদক্ষেপ সমূহৰ সুবাদত দেশত এক উন্নত স্বাস্থ্য সন্মত পৰিৱেশে গা-কৰি উঠিছে’ বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। ‘এইবোৰ পদক্ষেপে মহিলা, দৰিদ্ৰ আৰু পিচপৰা শ্ৰেণাৰ লোকসকলক ব্যাধিমুক্ত কৰাৰ ক্ষেত্ৰত বাৰুকৈয়ে সহায় কৰিছে’ বুলিও তেওঁ উল্লেখ কৰে। প্ৰসংগক্ৰমে তেওঁ দেশৰ গ্ৰামাঞ্চলৰ প্ৰতিঘৰ গৃহস্থীলৈ নল সংযোগী পানীৰ যোগান সুনিশ্চিত কৰা, চিকিত্সা মহাবিদ্যালয় স্থাপন কৰাৰ লগতে পৃথিৱীৰ সৰ্ববৃহত স্বাস্থ্য বীমা আঁচনি ৰূপায়ণৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা অভিলাসী আঁচনিসমূহৰ কথাও উল্লেখ কৰে।

তেওঁ ব্যক্তিৰ সবলীকৰণৰ লগতে সামূহিক কল্যাণ সাধনৰ বাবে সংঘবদ্ধ প্ৰয়াস অব্যাহত ৰখাত গুৰুত্ব আৰোপ কৰে। ‘গ্ৰেণ্ড চেলেঞ্জেছ’ৰ মঞ্চত হোৱা আলোচলা-বিলোচনাৰ পৰিণতিত অধিক ফলপ্ৰসূ আৰু বহু উত্সাহজনক তথা আশাব্যঞ্জক নতুন সমাধান সূত্ৰ উদ্ভাৱন হ’ব’ বুলিও প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership