Share
 
Comments
মুকলি কৰিলে স্মাৰক মুদ্ৰা আৰু ডাকটিকট
"নতুন সংসদ ভৱন ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা আৰু সপোনৰ প্ৰতিফলন"
"এই ভব্য ভৱনটো আমাৰ গণতন্ত্ৰৰ মন্দিৰ, যিয়ে বিশ্বক ভাৰতৰ সংকল্পৰ বাৰ্তা দিয়ে"
"ভাৰত যেতিয়া আগবাঢ়ে, তেতিয়া বিশ্বও আগবাঢ়ে"
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে নতুন সংসদ ভৱনত পূব-পশ্চিম দিশলৈ মুখ কৰি শীৰ্ষত নন্দীক লৈ ছেংগ’ল স্থাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে এই নতুন ভৱনটো প্ৰাচীন আৰু আধুনিক সময়ৰ সহাৱস্থানৰ এক অপূৰ্ব নিদৰ্শন।
এটাশ্লোক আবৃত্তি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যিসকলে আগবাঢ়ি যোৱা বন্ধ কৰে তেওঁলোকৰেই ভাগ্য শেষ হয়, কিন্তু আগবাঢ়ি যোৱাসকলৰ ভাগ্য আকাশলংঘী হৈয়েই থাকে।
এটা পদ্যৰ জৰিয়তে গণতন্ত্ৰৰ বাবে নতুন প্ৰাণৰ প্ৰয়োজনীয়তাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে গণতন্ত্ৰৰ কৰ্মক্ষেত্ৰ অৰ্থাৎ সংসদো নতুন আৰু আধুনিক হ’ব লাগে।
তেওঁ আনন্দ প্ৰকাশ কৰি কয় যে নতুন সংসদ ভৱনটো শেহতীয়া প্ৰযুক্তিৰে সজ্জিত হোৱাৰ লগতে হলসমূহো ৰ’দৰ পোহৰেৰে পোহৰাইৰখা হৈছে।
ভাৰতৰ বিকাশৰ দৃঢ়তা আন বহু দেশৰ শক্তি হৈ পৰিব, সেয়েহে ভাৰতৰ দায়িত্বৰ বোজা অধিক ডাঙৰ বুলিও প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে।
তেওঁ শেষত কয় - “এয়া এনে এখন ভাৰত যিয়ে নীতি, ন্যায়, সত্য, মৰ্যাদা আৰু কৰ্তব্যৰ পথত খোজ কাঢ়ে আৰু শক্তিশালী হৈ উঠে”।
আজিৰ সংসদ ভৱন উপলক্ষে আয়োজন কৰা লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা, আৰু ৰাজ্যসভাৰ উপ অধ্যক্ষ শ্ৰীযুত হৰিবংশ নাৰায়ণ সিং আদি উপস্থিত থাকে।

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি নতুন সংসদ ভৱন দেশবাসীৰ বাবে উৎসৰ্গা কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে নতুন সংসদ ভৱনত পূব-পশ্চিম দিশলৈ মুখ কৰি শীৰ্ষত নন্দীক লৈ ছেংগ’ল স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে বন্তি প্ৰজ্বলন কৰিছেংগ’ললৈ পুষ্প অৰ্পন কৰে।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে প্ৰতিটো জাতিৰ ইতিহাসত এনে কিছুমান মুহূৰ্ত কমেইহে আছে যিবোৰ অমৰ হৈ পৰে। বহু তাৰিখ, দিন বাৰ সময়ৰ সমূখত অমৰ স্বাক্ষৰ হৈ ৰৈ যায়, প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২৩ চনৰ ২৮ মে’ তাৰিখটো তেনে এটা দিন। “অমৃত মহোৎসৱৰ বাবে ভাৰতৰ জনসাধাৰণে এয়া নিজকে উপহাৰ দিছে”, তেওঁ কয়। এই গৌৰৱময় অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে সকলোকে অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া কেৱল এটা অট্টালিকা নহয়, বৰঞ্চ এয়া ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা আৰু সপোনৰ প্ৰতিফলন। ‘এয়া আমাৰ গণতন্ত্ৰৰ মন্দিৰ যিয়ে বিশ্ববাসীৰ সমূখত ভাৰতৰ সংকল্পৰ বাৰ্তা প্ৰদান কৰে’। তেওঁ আৰু কয়, “এই নতুন সংসদ ভৱনে ‘পৰিকল্পনাক বাস্তৱৰ সৈতে’, ‘নীতিক উপলব্ধিৰ সৈতে’, ‘ইচ্ছাশক্তিক নিষ্পাদনৰ সৈতে’, আৰু ‘সংকল্পক সিদ্ধিৰ সৈতে’ সংযোজিত কৰিছে।”এয়া হ’ব স্বাধীনতা সংগ্ৰামীসকলৰ সপোন বাস্তৱায়িত কৰাৰ এক শক্তিশালী মাধ্যম। ইয়াত আত্মনিৰ্ভৰ ভাৰতৰ সূৰ্য্য উদয়ৰ সাক্ষী হ’ব আৰু এক বিক্ষিপ্ত ভাৰতৰ বাস্তৱায়ন দেখা যাব। প্ৰধানমন্ত্ৰীয়ে কয় যে এই নতুন ভৱনটো প্ৰাচীন আৰু আধুনিক সময়ৰ সহাৱস্থানৰ এক অপূৰ্ব নিদৰ্শন।

“নতুন পথত ভৰি দিলেহে নতুন আৰ্হি প্ৰতিষ্ঠা কৰিব পাৰি”। “এটা নতুন শক্তি, নতুন উদ্যম, নতুন উৎসাহ, নতুন চিন্তা আৰু নতুন যাত্ৰা। নতুন দৃষ্টিভংগী, নতুন দিশ, নতুন সংকল্প আৰু নতুন আস্থা আছে”, শ্ৰী মোদীয়ে লগতে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বই ভাৰতৰ দৃঢ়তা, ইয়াৰ নাগৰিকৰ প্ৰৌজ্জ্বল দৃষ্টিভঙ্গী আৰু ভাৰতৰ মানৱ শক্তিৰ জীৱনৰ প্ৰতি সন্মান আৰু আশাৰে চাই আছে। “ভাৰত যেতিয়া আগবাঢ়ি যায়, তেতিয়া বিশ্বও আগবাঢ়ি যায়”, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে নতুন সংসদ ভৱনে ভাৰতৰ উন্নয়নৰ যোগেদি বিশ্বৰ উন্নয়নক আমন্ত্ৰণ কৰিব।

পবিত্ৰ ছেংগ’ল প্ৰতিষ্ঠাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মহান চোল সাম্ৰাজ্যত ছেংগ’লক সেৱা কৰ্তব্য আৰু জাতিৰ পথৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল। তেওঁ কয় যে ৰাজাজী আৰু আধীনমৰ নিৰ্দেশনাত এই ছেংগ’ল‘ক্ষমতা হস্তান্তৰ’ৰ পৱিত্ৰ প্ৰতীক হৈ পৰিল। আজি পুৱা এই উপলক্ষে আশীৰ্বাদ দিবলৈ অহা আধীনম সন্তসকলক পুনৰবাৰ প্ৰণাম কৰে প্ৰধানমন্ত্ৰীয়ে। “এই পবিত্ৰ ছেংগ’লৰ মৰ্যাদা পুনৰ ঘূৰাই আনিব পৰাটো আমাৰ সৌভাগ্য। এই ছেংগ’লে সদনৰ কাৰ্য্যবিধিৰ সময়ত আমাক অনুপ্ৰাণিত কৰি থাকিব”, তেওঁ কয়।

“ভাৰত কেৱল গণতান্ত্ৰিক জাতি নহয়, গণতন্ত্ৰৰ মাতৃও”, প্ৰধানমন্ত্ৰীয়ে এই কথা উল্লেখ কৰি কয় যে এই ভাৰতেই হৈছে বিশ্ব গণতন্ত্ৰৰ প্ৰধান ভেটি। তেওঁ গুৰুত্বসহকাৰে কয় যে গণতন্ত্ৰ কেৱল ভাৰতত চৰ্চা কৰা ব্যৱস্থা নহয়, বৰং ই এক সংস্কৃতি, চিন্তা আৰু পৰম্পৰা। বেদৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ই আমাক গণতান্ত্ৰিক সভা আৰু সমিতিৰ নীতি শিকায়। তেওঁ মহাভাৰতৰ কথাও উল্লেখ কৰি কয় যে মহাভাৰততো গণৰাজ্যৰ বৰ্ণনা পোৱা যায় আৰু কয় যে ভাৰতে বৈশালীত গণতন্ত্ৰৰ জীৱন আৰু উশাহ লৈছে। “ভগৱান বাসৱেশ্বৰ মন্তপ্পাৰ অনুভৱ আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়”, শ্ৰী মোদীয়ে লগতে কয়। তামিলনাডুত পোৱা ৯০০ খ্ৰীষ্টাব্দৰ শিলালিপিসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ যুগতো ই সকলোকে আচৰিত কৰি তোলে। ভাৰতৰ সংসদকএই প্ৰস্তাৱৰ আটাইতকৈ ডাঙৰ প্ৰতিনিধি বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়“আমাৰ গণতন্ত্ৰ আমাৰ প্ৰেৰণা আৰু আমাৰ সংবিধান আমাৰ সংকল্প”। এটাশ্লোক আবৃত্তি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যিসকলে আগবাঢ়ি যোৱা বন্ধ কৰে তেওঁলোকৰেই ভাগ্য শেষ হয়, কিন্তু আগবাঢ়ি যোৱাসকলৰ ভাগ্য আকাশলংঘী হৈয়েই থাকে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বছৰ বছৰ ধৰি দাসত্বৰ অন্তত ইমানখিনি হেৰুৱাই ভাৰতে পুনৰ যাত্ৰা আৰম্ভ কৰি অমৃত কাল পালেগৈ। “অমৃত কাল হৈছে আমাৰ ঐতিহ্য সংৰক্ষণৰ লগতে উন্নয়নৰ নতুন মাত্ৰা গঢ়ি তোলাৰ সময়ছোৱা। জাতিটোক নতুন দিশ দিয়াৰ এয়া অমৃত কাল। অগণন আকাংক্ষা পূৰণৰ এয়া অমৃত কাল”। এটা পদ্যৰ জৰিয়তে গণতন্ত্ৰৰ বাবে নতুন প্ৰাণৰ প্ৰয়োজনীয়তাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে গণতন্ত্ৰৰ কৰ্মক্ষেত্ৰ অৰ্থাৎ সংসদো নতুন আৰু আধুনিক হ’ব লাগে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সমৃদ্ধি আৰু স্থাপত্যৰ সোণালী সময়ছোৱাৰ কথা সোঁৱৰাই দি কয় যে শতিকাজুৰি চলি থকা দাসত্বই আমাৰ এই গৌৰৱ কাঢ়ি লৈ ​​গৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে একবিংশ শতিকাৰ ভাৰত আত্মবিশ্বাসেৰে ভৰি পৰিছে। “আজিৰ ভাৰতে দাসত্বৰ মানসিকতাক এৰি সেই প্ৰাচীন শিল্প গৌৰৱক আকোৱালি লৈছে। এই নতুন সংসদ ভৱনটো এই প্ৰচেষ্টাৰ এক জীয়া উদাহৰণ”, প্ৰধানমন্ত্ৰীয়ে কয়। “এই ভৱনটোত ঐতিহ্যৰ লগতে বাস্তু (স্থাপত্য), কলা (শিল্প), কৌশল (দক্ষতা), সংস্কৃতিৰ লগতে সংবিধানৰ টোকাও আছে। তেওঁ আঙুলিয়াই দিয়ে যে লোকসভাৰ অভ্যন্তৰীণ অংশ ৰাষ্ট্ৰীয় চৰাই ময়ূৰ আৰু ৰাজ্যসভাৰ অভ্যন্তৰভাগ জাতীয় ফুল পদুমক মূল বিষয়বস্তু হিচাপে ৰাখি নিৰ্মাণ কৰা হৈছে। সংসদ চৌহদত আছে বটবৃক্ষ। নতুন ভৱনটোত দেশৰ বিভিন্ন প্ৰান্তৰ বিশেষত্বও সন্নিবিষ্ট কৰা হৈছে। ৰাজস্থানৰ গ্ৰেনাইট, মহাৰাষ্ট্ৰৰ কাঠ আৰু ভাদৈ শিপিনীয়ে প্ৰস্তুত কৰা কাৰ্পেট ব্যৱহাৰ কৰা হৈছে এই ভৱনটোত। তেওঁ লগতে কয়, “এই ভৱনৰ প্ৰতিটো কণাতে আমি এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ আত্মাৰ সাক্ষী হৈ থাকোঁ।”

প্ৰধানমন্ত্ৰীয়ে পুৰণি সংসদ ভৱনত কাম সম্পন্ন কৰাত সংসদ সদস্যসকলে সন্মুখীন হোৱা অসুবিধাৰ কথা উল্লেখ কৰি কাৰিকৰী সুবিধাৰ অভাৱ আৰু সদনত আসনৰ অভাৱৰ বাবে প্ৰত্যাহ্বানৰ উদাহৰণ দাঙি ধৰে। নতুন সংসদ ভৱনৰ প্ৰয়োজনীয়তাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে দশক দশক ধৰি আলোচনা চলি আছিল আৰু নতুন সংসদ ভৱনটোনিৰ্মাণ কৰি উলিওৱাটো যথেষ্ট প্ৰয়োজনীয় আছিল। তেওঁ আনন্দ প্ৰকাশ কৰি কয় যে নতুন সংসদ ভৱনটো শেহতীয়া প্ৰযুক্তিৰে সজ্জিত হোৱাৰ লগতে হলসমূহো ৰ’দৰ পোহৰেৰে পোহৰাইৰখা হৈছে।

নতুন সংসদ ভৱন নিৰ্মাণত অৰিহণা যোগোৱা ‘শ্ৰমিক’সকলৰ সৈতে হোৱা বাৰ্তালাপৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে কয় যে সংসদ নিৰ্মাণৰ সময়ত ৬০ হাজাৰ শ্ৰমিকক কৰ্মসংস্থাপন দিয়া হৈছিল আৰু তেওঁলোকৰ অৱদানৰ ওপৰত আলোকপাত কৰি ঘৰটোত এটা নতুন গেলেৰীও স্থাপন কৰা হৈছে। “নতুন সংসদত শ্রমিকসকলৰ অৱদানক অমৰ কৰি তোলা হৈছে” প্রধানমন্ত্রীয়ে কয়।

বিগত ৯ বছৰৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে যি কোনো বিশেষজ্ঞই এই ৯ বছৰক পুনৰ নিৰ্মাণ আৰু গৰীব কল্যাণৰ বছৰ হিচাপে গণ্য কৰিব। তেওঁ কয় যে নতুন ভৱনটোৰ বাবে গৌৰৱৰ এই সময়ত তেওঁ দৰিদ্ৰলোক সকলৰ বাবে ৪কোটি ঘৰৰ বাবেও সন্তুষ্টি অনুভৱ কৰে। একেদৰে ১১ কোটি শৌচাগাৰ, গাঁও সংযোগৰ বাবে ৪ লাখ কিলোমিটাৰতকৈ অধিক পথ, ৫০ হাজাৰৰো অধিক অমৃত সৰোৱৰ, ৩০ হাজাৰৰো অধিক নতুন পঞ্চায়ত ভৱন নিৰ্মাণৰ দৰে ব্যৱস্থাৰ ওপৰতো প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ লগতে কয়, “পঞ্চায়ত ভৱনৰ পৰা সংসদলৈকে মাত্ৰ এটা প্ৰেৰণাই আমাক পথ প্ৰদৰ্শন কৰিছিল, সেয়া হৈছে জাতি আৰু ইয়াৰ জনসাধাৰণৰ উন্নয়ন।”

স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশ্যি দিয়া ভাষণ স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিখন দেশৰ ইতিহাসত এনে এটা সময় আহে যেতিয়া সেই দেশৰ চেতনা জাগ্ৰত হয়। তেওঁ পুনৰ উল্লেখ কৰি কয় যে স্বাধীনতাৰ ২৫ বছৰ আগতে ভাৰতত এনে এটা সময় আহিছিল, গান্ধীজীৰ অসহযোগ আন্দোলনৰ সময়ত যিয়ে সমগ্ৰ দেশক এক বিশ্বাসেৰে ভৰাই তুলিছিল। ‘গান্ধীজীয়ে স্বৰাজৰ সংকল্পৰ সৈতে প্ৰতিজন ভাৰতীয়ক সংযোগ কৰিছিল। এনে এক সময় আছিল যেতিয়া প্ৰতিজন ভাৰতীয়ই স্বাধীনতাৰ বাবে যুঁজিছিল”, প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ইয়াৰ ফলাফল আছিল ১৯৪৭ চনত ভাৰতৰ স্বাধীনতা। যিয়ে সৃষ্টি কৰিছিল এক ঐতিহাসিক যুগৰ। তেওঁ উল্লেখ কৰে যে ভাৰতে অহা ২৫ বছৰত স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব, যিটো হৈছে ‘অমৃতকাল’। প্ৰধানমন্ত্ৰীয়ে প্ৰতিজন নাগৰিকৰ অৱদানেৰে এই ২৫ বছৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। “ইতিহাস সাক্ষী যে ভাৰতীয়ৰ বিশ্বাস কেৱল জাতিটোৰ মাজতে সীমাবদ্ধ নহয়”, প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে ভাৰতৰ স্বাধীনতা সংগ্ৰামে সেই সময়ত বিশ্বৰ বহু দেশত এক নতুন চেতনা জাগ্ৰত কৰিছিল। “ভাৰতৰ দৰে বৈচিত্ৰ্যৰে ভৰা, বিভিন্ন প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰা বিপুল জনসংখ্যাৰ দেশ এখনে যেতিয়া এটা বিশ্বাস লৈ আগবাঢ়ি যায়, তেতিয়া ই বিশ্বৰ বহু দেশক অনুপ্ৰাণিত কৰে। ভাৰতৰ প্ৰতিটো কৃতিত্ব অনাগত দিনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন দেশৰ বাবে এক কৃতিত্ব হ’বলৈ লৈছে”। ভাৰতৰ বিকাশৰ দৃঢ়তা আন বহু দেশৰ শক্তি হৈ পৰিব, সেয়েহে ভাৰতৰ দায়িত্বৰ বোজা অধিক ডাঙৰ বুলিও প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন সংসদ ভৱনে ইয়াৰ সফলতাৰে জাতিটোৰ বিশ্বাস শক্তিশালী কৰিব আৰু সকলোকে এক বিক্ষিপ্ত ভাৰতৰ দিশত অনুপ্ৰাণিত কৰিব। “আমি - নেচন ফাৰ্ষ্ট বা দেশ সৰ্বোপতি মনোভাৱেৰে আগবাঢ়িব লাগিব। আমি সকলোতকৈ ওপৰত কৰ্তব্যৰ পথটো ৰাখিব লাগিব। নিজকে অহৰহ উন্নত কৰাৰ লগতে আমাৰ আচৰণৰ সৈতে আমি আদৰ্শ হ’ব লাগিব। আমি নিজৰ পথত ভৰি দিব লাগিব’।

প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন সংসদে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰক নতুন শক্তি আৰু শক্তি প্ৰদান কৰিব। তেওঁ কয় যে যদিও আমাৰ শ্ৰমিক সকলে সংসদক ইমান বিশাল কৰি তুলিছে,  কিন্তু সাংসদসকলৰ দায়িত্ব হৈছে তেওঁলোকৰ নিষ্ঠাৰে ইয়াক ঐশ্বৰিক কৰি তোলা। সংসদৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ১৪০ কোটি ভাৰতীয়ৰ সংকল্পইহে সংসদক পৱিত্ৰ কৰে। ইয়াত লোৱা প্ৰতিটো সিদ্ধান্তই আগন্তুক শতিকাবোৰক শোভিতকৰিব আৰু আগন্তুক প্ৰজন্মক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে দৰিদ্ৰ, দলিত, পিছপৰা, জনজাতীয়, বিশেষভাৱে সক্ষম, আৰু সমাজৰ প্ৰতিটো বঞ্চিত পৰিয়ালৰ সবলীকৰণৰ পথৰ লগতে বঞ্চিতসকলৰ উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ পথ এই সংসদৰ মাজেৰে পাৰ হ’ব। “প্ৰতিটো ইটা, প্ৰতিখন বেৰ, এই নতুন সংসদ ভৱনৰ প্ৰতিটো কণা দুখীয়াৰ কল্যাণৰ বাবে উৎসৰ্গিত হ’ব”, শ্ৰী মোদীয়ে কয়। আগন্তুক ২৫ বছৰত প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে এই নতুন সংসদ ভৱনত প্ৰণয়ন হ’বলগীয়া নতুন আইনসমূহে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ কৰি তুলিব, দৰিদ্ৰতাক ভাৰতৰ পৰা বাহিৰলৈ উলিয়াই পঠিওৱাত সহায় কৰিব আৰু দেশৰ যুৱক-যুৱতী আৰু মহিলাসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে সংসদৰ নতুন ভৱনেই এখন নতুন, সমৃদ্ধিশালী, শক্তিশালী আৰু উন্নত ভাৰত সৃষ্টিৰ আধাৰ হৈ পৰিব। তেওঁ শেষত কয় - “এয়া এনে এখন ভাৰত যিয়ে নীতি, ন্যায়, সত্য, মৰ্যাদা আৰু কৰ্তব্যৰ পথত খোজ কাঢ়ে আৰু শক্তিশালী হৈ উঠে”।

আজিৰ সংসদ ভৱন উপলক্ষে আয়োজন কৰা লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলা, আৰু ৰাজ্যসভাৰ উপ অধ্যক্ষ শ্ৰীযুত হৰিবংশ নাৰায়ণ সিং আদি উপস্থিত থাকে। 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
UPI transactions surged to 9.3 billion in June 2023, driven by P2M, says Worldline report

Media Coverage

UPI transactions surged to 9.3 billion in June 2023, driven by P2M, says Worldline report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM visits Science City in Ahmedabad, Gujarat
September 27, 2023
Share
 
Comments

The Prime Minister, Shri Narendra Modi visited the Science City in Ahmedabad, Gujarat today. He toured the Robotics Gallery, Nature Park, Aquatic Gallery, and Shark Tunnel and also took a walkthrough of the exhibition showcased on the occasion.

The Prime Minister posted a thread on X:

“Spent a part of the morning exploring the fascinating attractions at Gujarat Science City. Began with the Robotics Gallery, where the immense potential of robotics is brilliantly showcased. Delighted to witness how these technologies igniting curiosity among the youth.”

“The Robotics Gallery Showcases DRDO Robots, Microbots, an Agriculture Robot, Medical Robots, Space Robot and more. Through these engaging exhibits, the transformative power of robotics in healthcare, manufacturing and everyday life is clearly visible.”

“Also enjoyed a cup of tea served by Robots at the cafe in the Robotics Gallery.”

“The Nature Park is a serene and breathtaking space within the bustling Gujarat Science City. It is a must visit for nature enthusiasts and botanists alike. The park not only promotes biodiversity but also serves as an educational platform for people.”

“The meticulous walking trails offer diverse experiences on the way. It imparts valuable lessons on environmental conservation and sustainability. Do also visit other attractions like the Cactus Garden, Block Plantation, Oxygen Park and more.”

“Aquatic Gallery at Science City is a celebration of aquatic biodiversity and marine marvels. It highlights the delicate yet dynamic balance of our aquatic ecosystems. It is not only an educative experience, but also a call for conservation and deep respect for the world beneath the waves.”

“The Shark Tunnel is an exhilarating experience showcasing a diverse array of shark species. As you walk through the tunnel, you will greatly marvel at the diversity of marine life. It is truly captivating.”

“This is beautiful”

The Prime Minister was accompanied by the Governor of Gujarat, Shri Acharya Devvrat and the Chief Minister of Gujarat, Shri Bhupendra Patel.