"ব্ৰিটিছৰ অন্যায়ৰ বিৰুদ্ধে গান্ধীজীৰ নেতৃত্বাধীন আন্দোলনটোৱে ব্ৰিটিছ চৰকাৰক আমাৰ ভাৰতীয়সকলৰ সামূহিক শক্তি উপলব্ধি কৰাইছিল"
"আমি ইউনিফৰ্ম পৰিধান কৰা কৰ্মচাৰীসকলৰ প্ৰতি সাৱধান হ'ব লাগে বুলি এটা ধাৰণা গঢ় লৈছিল। কিন্তু এতিয়া ইয়াৰ পৰিৱৰ্তন হৈছে। জনসাধাৰণে এতিয়া ইউনিফৰ্ম পৰিধান কৰা কৰ্মচাৰীসকলক দেখা মাত্ৰেকে সহায়ৰ আশ্বাস পায়"
"দেশখনৰ সুৰক্ষা আহিলাসমূহৰ সুদৃঢ়কৰণৰ অৰ্থে চাপ-মুক্ত প্ৰশিক্ষণ কাৰ্য্য-কলাপ সময়ৰ প্ৰয়োজন"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ এটি ভৱন ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আহমেদাবাদত ইয়াৰ প্ৰথম সমাৱৰ্তনখনি সম্বোধন কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহ, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য্য দেৱব্ৰত আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল উপস্থিত থাকে।

আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে মহাত্মা গান্ধীলৈ আৰু দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰাসকললৈ শ্ৰদ্ধা নিবেদন কৰে। আজিৰ দিনটোতে এই বিশাল পদযাত্ৰা আৰম্ভ হৈছিল। "ব্ৰিটিছৰ অন্যায়ৰ বিৰুদ্ধে গান্ধীজীৰ নেতৃত্বাধীন আন্দোলনটোৱে ব্ৰিটিছ চৰকাৰক আমাৰ ভাৰতীয়সকলৰ সামূহিক শক্তি উপলব্ধি কৰাইছিল", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ঔপনিৱেশিক শাসন কালত অভ্যন্তৰীণ নিৰাপত্তাৰ পূৰ্বৰ ধাৰণা ঔপনিৱেশিক অধিপতিসকলৰ শান্তি বজাই ৰখাৰ অৰ্থে জনসাধাৰণৰ মাজত ভীতি সৃষ্টিৰ ওপৰত আধাৰিত আছিল। একেদৰে, আগৰ পৰিস্থিতি বহু পৃথক আছিল কিয়নো নিৰাপত্তা বাহিনীসমূহৰ ওচৰত প্ৰস্তুতিৰ বাবে অধিক সময় আছিল যিটো এতিয়া নাই কিয়নো প্ৰযুক্তি আৰু পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা বহু উন্নত হৈছে। তেখেতে লগতে কয়, আজিৰ আৰক্ষীৰ বাবে মীমাংসা আৰু অন্যান্য সৰল দক্ষতাৰ দৰে দক্ষতাৰ প্ৰয়োজন যিবোৰ গণতান্ত্ৰিক পৰিস্থিতিত কাম কৰিবলৈ প্ৰয়োজনীয়।

তেখেতে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ ভাৱমূৰ্তি সলনিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জনপ্ৰিয় সংস্কৃতিত আৰক্ষীৰ চিত্ৰণ (Depiction) য়ে এই ক্ষেত্ৰতো সহায় কৰা নাই। তেখেতে মহামাৰীটোৰ সময়ত আৰক্ষীৰ লোকসকলৰ মানৱীয় কৰ্মৰাজিৰ কথা উল্লেখ কৰে। "স্বাধীনতাৰ-পিছত দেশখনৰ নিৰাপত্তা আহিলাসমূহৰ সংস্কাৰ সাধনৰ প্ৰয়োজনীয়তা আছিল। আমি ইউনিফৰ্ম পৰিধান কৰা কৰ্মচাৰীসকলৰ প্ৰতি সাৱধান হ'ব লাগে বুলি এটা ধাৰণা গঢ় লৈছিল। কিন্তু এতিয়া ইয়াৰ পৰিৱৰ্তন হৈছে। জনসাধাৰণে এতিয়া ইউনিফৰ্ম পৰিধান কৰা কৰ্মচাৰীসকলক দেখা মাত্ৰেকে সহায়ৰ আশ্বাস পায়", তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে চাকৰিৰ চাপৰ সৈতে মোকাবিলাৰ ক্ষেত্ৰত আৰক্ষী কৰ্মীসকলৰ বাবে যুটীয়া পৰিয়ালৰ সমৰ্থন নেটৱৰ্ক সংকুচিত হোৱাৰ কথাও উল্লেখ কৰে। তেখেতে এই বাহিনীসমূহত যোগ বিশেষজ্ঞকে ধৰি চাপ আৰু শিথিলতাৰে মোকাবিলা কৰিবলৈ বিশেষজ্ঞৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেখেতে লগতে কয়, "দেশখনৰ নিৰাপত্তা আহিলাসমূহ সুদৃঢ়কৰণৰ অৰ্থে চাপ-মুক্ত প্ৰশিক্ষণ কাৰ্য্য-কলাপ সময়ৰ প্ৰয়োজন"।

তেখেতে নিৰাপত্তা আৰু আৰক্ষীৰ কামত প্ৰযুক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেখেতে কয়, অপৰাধীয়ে প্ৰযুক্তি ব্যৱহাৰ কৰিলে ইয়াক ধৰিবলৈয়ো প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰি। তেখেতে কয়, প্ৰযুক্তিৰ ওপৰত এই গুৰুত্ব আৰোপে আনকি দিব্যাংগ লোকসকলকো ক্ষেত্ৰখনত বৰঙণি আগবঢ়াবলৈ সক্ষম কৰিব।

তেখেতে কয় যে গান্ধীনগৰ অঞ্চলত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, ৰক্ষা বিশ্ববিদ্যালয় আৰু ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয় আছে। তেখেতে এই সম্পৰ্কীয় ক্ষেত্ৰসমূহত এক সামগ্ৰিক শিক্ষা ব্যৱস্থা গঢ়ি তুলিবলৈ নিয়মীয়া সংযুক্ত আলোচনাচক্ৰৰ জৰিয়তে উক্ত প্ৰতিষ্ঠানসমূহৰ মাজত সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেখেতে কয়, "ইয়াক আৰক্ষী বিশ্ববিদ্যালয় হিচাপে গণ্যৰ ভুল কেতিয়াও নকৰিব। এইখন এখন ৰক্ষা বিশ্ববিদ্যালয় যিয়ে দেশখনৰ নিৰাপত্তাৰ সম্পূৰ্ণ যত্ন লৈছে।" তেখেতে জনতা আৰু জনতাৰ মনোবিজ্ঞান, আলোচনা, পুষ্টি আৰু প্ৰযুক্তিৰ দৰে শাখাসমূহৰ গুৰুত্বৰ কথা দোহাৰে।

তেখেতে শিক্ষাৰ্থীসকলক আহ্বান জনায় কয় যে তেওঁলোকে সদায়েই মানৱতাৰ মূল্যবোধক তেওঁলোকৰ ইউনিফৰ্মৰ সৈতে অবিচ্ছেদ্য কৰি ৰাখিব লাগে আৰু তেওঁলোকৰ প্ৰচেষ্টাত কেতিয়াও সেৱাৰ মনোভাৱৰ অভাৱ ঘটিব নালাগে। তেখেতে সন্তুোষেৰে সুৰক্ষাৰ ক্ষেত্ৰত কন্যা আৰু মহিলাৰ বৰ্ধিত সংখ্যাৰ কথা উল্লেখ কৰে। "আমি প্ৰতিৰক্ষা খণ্ডত মহিলাসকলৰ অধিক অংশগ্ৰহণ প্ৰত্যক্ষ কৰিছো। বিজ্ঞানেই হওঁক, শিক্ষাই হওঁক বা সুৰক্ষাই হওঁক, মহিলাসকলে সন্মুখৰপৰা নেতৃত্ব প্ৰদান কৰিছে", তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এখনি প্ৰতিষ্ঠানৰ দৃষ্টিক আগুৱাই নিয়াৰ ক্ষেত্ৰত এনে যিকোনো প্ৰতিষ্ঠানৰ প্ৰথম দলটোৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। তেখেতে গুজৰাটৰ পুৰণি ফাৰ্মাচী মহাবিদ্যালয়ৰ অৱদানৰ কথা উল্লেখ কৰে যিয়ে ৰাজ্যখনক ফাৰ্মাচিউটিকেল ক্ষেত্ৰত এক নেতৃত্বলৈ পৰিৱৰ্তন কৰে। একেদৰে, আইআইএম, আহমেদাবাদে দেশখনত বলিষ্ঠ এমবিএ শিক্ষা ব্যৱস্থা গঢ়াত নেতৃত্ব প্ৰদান কৰিছিল।

আৰক্ষী, ফৌজদাৰী বিচাৰ আৰু সংশোধনী প্ৰশাসনৰ বিভিন্ন শাখাত উচ্চ মানসম্পন্ন প্ৰশিক্ষণপ্ৰাপ্ত জনশক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয় (RRU) স্থাপন কৰা হয়। চৰকাৰে ২০১০ ত গুজৰাট চৰকাৰে স্থাপন কৰা ৰক্ষা শক্তি বিশ্ববিদ্যালয়ৰ উন্নীতকৰণেৰে ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয় নামেৰে এখন ৰাষ্ট্ৰীয় আৰক্ষী বিশ্ববিদ্যালয় স্থাপন কৰিছিল। বিশ্ববিদ্যালয়খনি হৈছে ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান, ২০২০ ৰ ১ অক্টোবৰৰপৰা ইয়াৰ কাম-কাজ আৰম্ভ হয়। বিশ্ববিদ্যালয়খনিয়ে উদ্যোগটোৰপৰা জ্ঞান আৰু সম্পদৰ ব্যৱহাৰেৰে ব্যক্তিগত খণ্ডটোৰ সৈতে সমন্বয় গঢ়ি তুলিব আৰু আৰক্ষী আৰু নিৰাপত্তা সম্পৰ্কীয় বিভিন্ন ক্ষেত্ৰত উৎকৰ্ষ কেন্দ্ৰ (Centres of Excellence) ও স্থাপন কৰিব।

আৰআৰইউয়ে আৰক্ষী বিজ্ঞান আৰু ব্যৱস্থাপনা, ফৌজদাৰী আইন আৰু বিচাৰ, চাইবাৰ মনোবিজ্ঞান, তথ্য প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু চাইবাৰ সুৰক্ষা, অপৰাধ অনুসন্ধান, কৌশলগত ভাষা, অভ্যন্তৰীণ প্ৰতিৰক্ষা আৰু ৰণনীতি, ভৌতিক শিক্ষা আৰু ক্ৰীড়া, উপকূলীয় আৰু সামুদ্ৰিক সুৰক্ষাৰ দৰে আৰক্ষী আৰু অভ্যন্তৰীণ সুৰক্ষাৰ বিভিন্ন ক্ষেত্ৰত ডিপ্লমাৰপৰা ডক্টৰেট পৰ্য্যায়লৈ শৈক্ষিক কাৰ্য্যক্ৰম আগবঢ়াইছে। সম্প্ৰতি, ১৮ খন ৰাজ্যৰ ৮২২ জন শিক্ষাৰ্থীয়ে এই কাৰ্য্যক্ৰমসমূহত নামভৰ্তি কৰিছে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Substance Abuse Takes Youth Away From Their Dreams’: PM Modi Launches Anti-Drug Campaign

Media Coverage

‘Substance Abuse Takes Youth Away From Their Dreams’: PM Modi Launches Anti-Drug Campaign
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses pride in Indian contingent’s performance at Commonwealth Games 2026
August 03, 2026

The Prime Minister, Shri Narendra Modi, has expressed pride in the performance of the Indian contingent at the Commonwealth Games 2026 in Glasgow.

The Prime Minister expressed delight that India won 39 medals, including 13 Gold medals, and congratulated all the medal winners.

Shri Modi said that throughout the Games, the Indian athletes displayed exceptional skill, determination and dedication. He added that their hard work will continue to inspire the nation’s youth.

Shri Modi also extended his best wishes to the entire Indian contingent for their future endeavours and expressed hope that they would continue to bring greater glory to the nation.

Shri Modi wrote on X;

“Proud of our contingent’s performance at the Glasgow Commonwealth Games.

Delighted that India has won 39 medals, including 13 Golds. Congrats to the medal winners.

Throughout the Games, our talented athletes have displayed exceptional skill, determination and dedication. Their hardwork will keep inspiring our youngsters.

My best wishes to the entire Indian contingent for the endeavours ahead. May they continue to give their very best and bring further glory to the nation.

#CWG2026”