কেৱল কংক্ৰিট গাঁথনিয়েই নহয়, নিজস্ব বৈশিষ্টৰে আন্তঃগাঁথনি গঢ়ি তোলাই আজি আমাৰ লক্ষ্যঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ একবিংশ শতিকাৰ চাহিদা বিংশ শতিকাৰ উপায়েৰে পূৰণ কৰিব নোৱাৰিঃ প্ৰধানমন্ত্ৰী
চাইন্স চিটিৰ মনোৰঞ্জনমূলক উপাদানে শিশুৰ সৃষ্টিশীলতাক উৎসাহিত কৰিবঃ প্ৰধানমন্ত্ৰী
আমি কেৱল সেৱা হিচাপেই নহয়, এক সম্পদ হিচাপেও ৰে’লৱেক বিকশিত কৰিছোঁঃ প্ৰধানমন্ত্ৰী
দ্বিতীয় আৰু তৃতীয় স্তৰৰ চহৰৰ ৰেল ষ্টেচনসমূহো উন্নত সুবিধাৰে সজ্জিত কৰা হৈছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে গুজৰাটত ৰে’লৱেৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰি দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। একে সময়তে তেওঁ গুজৰাট বিজ্ঞান চহৰৰ একুৱেটিকছ এণ্ড ৰব’টিক্স গেলেৰী আৰু নেচাৰ পাৰ্ক উদ্বোধন কৰে। তেওঁ গান্ধীনগৰ ৰাজধানী আৰু ভৰেথাৰ মাজত দুখন নতুন ৰে’ল গান্ধীনগৰ ৰাজধানী-বাৰাণসী চুপাৰফাষ্ট এক্সপ্ৰেছ আৰু মেমু ৰে’ল সেৱাৰ শুভাৰম্ভ কৰে।

এই উপলক্ষ্যে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ লক্ষ্য আজি কেৱল এক কংক্ৰিটৰ গাঁথনি সৃষ্টি কৰাই নহয়, বৰং এক নিজস্ব বৈশিষ্ট্য সমৃদ্ধ আন্তঃগাঁথনি গঢ়ি তোলাই হৈছে এতিয়া প্ৰধান লক্ষ্য। তেওঁ কয় যে শিশুসকলৰ স্বাভাৱিক বিকাশৰ বাবে বিনোদনৰ মাধ্যমেৰে শিক্ষা দিব লাগিব আৰু সৃজনশীল কৰি তুলিব লাগিব। তেওঁ লগতে কয় যে চাইন্স চিটি হৈছে এক প্ৰকল্প যিয়ে পুনৰ সৃষ্টি আৰু পুনৰ-সৃজনশীলতাক একত্ৰিত কৰে। ইয়াত এনে পুনৰ-সৃষ্টিমূলক কাৰ্যকলাপ আছে যি শিশুৰ সৃষ্টিশীলতাক উৎসাহিত কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চাইন্স চিটিত নিৰ্মিত একুৱেটিকছ গেলেৰী আৰু অধিক উপভোগ্য হ’ব। এইটো কেৱল দেশৰেই নহয়, এছিয়াৰ শীৰ্ষ একুৰিয়ামসমূহৰ মাজৰ এটা। তেওঁ কয় যে পৃথিৱীৰ বিভিন্ন স্থানৰ সামুদ্ৰিক জৈৱ বৈচিত্ৰ্যৰ দৃশ্য ইয়াতেই দেখা যাব, যাৰ জৰিয়তে এক আশ্চৰ্যকৰ অভিজ্ঞতা লাভ কৰিব পাৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰব’টিক্স গেলেৰীত ৰব’টৰ সৈতে অতিবাহিত কৰা সময় কেৱল আকৰ্ষণৰ কেন্দ্ৰবিন্দুৱেই নহয়, আমাৰ যুৱপ্ৰজন্মক ৰব’টিক্সৰ ক্ষেত্ৰত কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব আৰু তেওঁলোকৰ মনত এই বিষয়ত কৌতূহলৰ সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে একবিংশ শতিকাৰ ভাৰতৰ চাহিদা বিংশ শতিকাৰ কাৰ্যপ্ৰণালীৰ দ্বাৰা পূৰণ কৰিব নোৱাৰি। সেয়েহে, ৰে’লৱেত এক নতুন সংস্কাৰৰ প্ৰয়োজন। তেওঁ কয় যে আজি ৰে’লৱেক কেৱল সেৱা হিচাপে নহয়, সম্পদ হিচাপে বিকশিত কৰাৰ প্ৰচেষ্টাৰ ফলাফল দৃশ্যমান।

তেওঁ কয় যে আজি সমগ্ৰ দেশৰ মুখ্য ৰে’ল ষ্টেচনসমূহৰ আধুনিকীকৰণ কৰা হৈছে। আনকি দ্বিতীয় আৰু তৃতীয় স্তৰৰ চহৰসমূহৰ ৰে’ল ষ্টেচনবোৰো এতিয়া ৱাই-ফাই সুবিধাৰে সজ্জিত। মানুহৰ সুৰক্ষা বৃদ্ধিৰ বাবে ব্ৰডগজৰ মানৱবিহীন ৰে’ল ক্ৰছিংসমূহ সম্পূৰ্ণৰূপে নাইকিয়া কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ দৰে বিশাল দেশত ৰে’লৱেই পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ৰে’লৱেই উন্নয়নৰ নতুন মাত্ৰা, সুবিধাসমূহৰ নতুন মাত্ৰাও আনিছে। যোৱা কেইবছৰমানৰ প্ৰচেষ্টাৰ ফলত আজি প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজধানীত ৰে’ল সমূহ উপস্থিত হৈছে। ‘আজি ভাদনগৰো এই সম্প্ৰসাৰণৰ অংশ হৈ পৰিছে। মোৰ বহু স্মৃতি ভাদনগৰ ষ্টেচনৰ সৈতে সংলগ্ন হৈ আছে। নতুন ষ্টেচনটো সঁচাকৈয়ে আকৰ্ষণীয় হৈছে। এই নতুন ব্ৰডগজ লাইন নিৰ্মাণৰ লগে লগে ভাদনগৰ-মোধেৰা-পাটন ঐতিহ্যবাহী চাৰ্কিট এতিয়া উন্নত ৰে’ল সেৱাৰ সৈতে সংযুক্ত হৈ পৰিল’, প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ভাৰতৰ উন্নয়নৰ বাহন এতিয়াৰে পৰা একেলগে দুটা পথেৰে আগবাঢ়ি। এটা পথৰে আধুনিকতা আগুৱাব আৰু আনটো পথে দৰিদ্ৰ, কৃষক আৰু মধ্যবিত্ত শ্ৰেণীৰ কল্যাণ নিশ্চিত কৰিব ।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha

Media Coverage

Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses delight as Sarnath is inscribed on the UNESCO World Heritage List
July 25, 2026

Prime Minister Shri Narendra Modi today expressed that it is a proud moment for every Indian, sharing his delight that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

He noted that Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

Shri Modi highlighted that this recognition celebrates India’s profound civilisational and spiritual heritage. The Prime Minister observed that it will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

In a post on X, the Prime Minister shared:

 "A proud moment for every Indian!

Delighted that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

This recognition celebrates India’s profound civilisational and spiritual heritage. It will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

@UNESCO"