প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ‘একতা নগৰ’ত নিৰ্মাণ কৰা ‘মে’জ গাৰ্ডেন’ আৰু ‘মিয়াৱাকি বনাঞ্চল’ আনুষ্ঠানিক ভাবে উচৰ্গা কৰে।

প্ৰধানমন্ত্ৰীয়ে কিছুদূৰ বন-পথেৰে আগবাঢ়ি গৈ বুদ্ধ মূৰ্তি থকা স্থানডোখৰত উপস্থিত হয়গৈ আৰু পাচত তাৰ পৰা ‘মে’জ গাৰ্ডেন’লৈ আগবাঢ়ে। তেওঁ নৱ নিৰ্মিত প্ৰশাসনীয় ভৱন, বিশ্ৰাম গৃহ আৰু ‘অওৱাইঅ হাউছব’ট’-ৰো শুভাৰম্ভ ঘোষণা কৰে। তেওঁ ‘চক্ৰবেহু’ আৰ্হিত নিৰ্মাণ কৰা ‘মে’জ গাৰ্ডেন’খনতো কিছু সময় খোজ কাঢ়ে।

পটভূমি

‘মিয়াৱাকি বন’ আৰু ‘মে’জ গাৰ্ডেন’খন হৈছে ‘ষ্টেচ্যু অব ইউনিটী’ৰ নতুন আকৰ্ষণৰ সমল। চাৰিবছৰৰ আগতে যেতিয়া ‘ষ্টেচ্যু অব ইউনিটী’-ৰ শুভাৰম্ভ কৰা হৈছিল, সকলো বয়সসীমাৰ লোকৰ বাবেই এইডোখৰ স্থানক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সপোন দেখিছিল। ইয়াৰ সুবাদতে ৮ নিযুতৰো অধিক লোকে এই পৰ্যন্ত ‘ষ্টেচ্যু অব ইউনিটী’ দৰ্শন কৰিছে।

২,১০০ মিটাৰ পথৰ সৈতে তিনি একৰজোৰা এলেকাত গঢ়ি তোলা দেশৰ ভিতৰতে সবৃবহত্ বুলি পৰিগণিত হোৱা এই ‘মে’জ গাৰ্ডেন’খন আঠমাহৰ ভিতৰতে সম্পূৰ্ণ কৰি তোলা হৈছে। ‘যন্ত্ৰ’-ৰ প্ৰতিকৃতি হিচাপে কাৱেৰীয়াত গঢ়ি তোলা বাগিছাখনে ‘ইতিবাচক শক্তি’ক প্ৰতীয়মান কৰে। এইটো আৰ্হি নিৰ্বাচন কৰাৰ মূলতে হ’ল পথৰ এটা জটিল নেটৱৰ্ক তৈয়াৰ কৰাত গুৰুত্ব দিবলৈ যাওতে প্ৰতিসাম্য স্থাপন কৰা। এই উদ্যানৰ বিস্ময়কৰ পথসমূহৰে বাট বোলাটো পৰ্যটকসকলৰ মন, শৰীৰ আৰু চেতনাৰ বাবে প্ৰত্যাহ্বানপূৰ্ণ যদিও ই বাধা অতিক্ৰমী বিজয় সাব্যস্ত কৰাৰ অনুভূতিও প্ৰদান কৰিব। ‘মে’জ গাৰ্ডেন’খনৰ কাষত ১,৮০,০০০ জোপা গছৰ পুলি ৰোপণ কৰা হৈছে। এইসমূহৰ ভিতৰত কমলাৰঙী জেমিনী, মধু কামিনী, গ্ল’ৰী বোৱাৰ আৰু মেহেন্দী আদি গছৰ পুলিকো সামৰি লোৱা হৈছে। পূৰ্বতে এখন ‘ডাম্পিং ছাইট’ হিচাপে ব্যৱহাৰ কৰা ঠাইডোখৰ সম্প্ৰতি এক দৃষ্টিনন্দন উদ্যানলৈ ৰূপান্তৰিত কৰা হৈছে। ইমান দিনে ছন পৰি থকা এলেকাটো কেৱল সুন্দৰ কৰিয়েই তোলা হোৱা নাই. বৰং চৰাই, পখিলা আৰু মৌমাখীৰ বিচৰণথলী হিচাপেও গঢ়ি তোলা হৈছে।

একতা নগৰট দৰ্শনলৈ অহা পৰ্যটকসকলৰ বাবে আন এক আকৰ্ষণৰ থলী হ’ব এই টমিয়াৱাকি বনট। জাপানী উদ্ভিদ বিজ্ঞানী তথা পৰিৱেশতন্ত্ৰবিদ ড০ আকিৰা মিয়াৱাকিৰ নামেৰে নামাংকিত এই বিশেষ পদ্ধতিটো অনুসৰণ কৰি  বিভিন্ন প্ৰকাৰ বহুকেইবিধ গছৰ পুলি তেনেই ওচৰা-ওচৰিকৈ ৰুই চহৰাঞ্চলৰ উপযোগীকৈ একোখন গহীন বনাঞ্চল গঢ়ি তোলা হয়। এনে পদ্ধতিৰে ৰোৱা পুলিবোৰ সাধাৰণ পুলিতকৈ দহগুণ গতিৰে বাঢ়িবলৈ ধৰে বাবেই বনাঞ্চলৰ গভীৰতা ৩০গুণে বৃদ্ধি পায়। পৰম্পৰাগত পদ্ধতিৰে এডোখৰ ঠাইত এখন গহীন বনাঞ্চল গঢ়ি তুলিবলৈ ২০-৩০ বছৰৰ প্ৰয়োজন হোৱাৰ বিপৰীতে ‘মিয়াৱাকি পদ্ধতি’ৰে এনে একোখন বনাঞ্চল গঢ়িবলৈ লাগে মাত্ৰ ২ৰ পৰা ৩ বছৰহে। ‘মিয়াৱাকি বন’ত তলত উল্লেখ কৰা ভাগসমূহ অন্তৰ্ভুক্ত কৰা হয় : ফুলৰ বাগিছা, এখন কাঠৰ বাগিছা, এখন ফলৰ বাগিছা, এখন বনৌষধী বাগিছা, বহুবিধ গছৰ সংমিশ্ৰণৰে গঢ়া এখন বাগিছা আৰু এটা ‘ডিজিটেল অ’ৰিয়েণ্টেশ্যন কেন্দ্ৰ’।

পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা এইসমূহ ব্যৱস্থা হৈছে প্ৰধানমন্ত্ৰীয়ে পোষণ কৰা দৃষ্টিভংগীৰ ফচল।

‘ষ্টেচ্যু অব ইউনিটী’ৰ অন্তৰ্ভুক্ত অন্যান্য আকৰ্ষণৰ সমলসমূহৰ অন্যতম হৈছে : টেণ্ট চিটী, বিশেষ বিষয়বস্তু সম্বলিত উদ্যান যেনে: আৰোগ্য বন, পখিলা উদ্যান, কেকটাছ উদ্যান, বিশ্ব বন, ফুলৰ উপত্যকা(ভাৰত বন), ‘ইউনিটী গ্ল গাৰ্ডেন’, শিশু পৰিপুষ্টি উদ্যান, ‘জংঘল ছাফাৰী’ ইত্যাদি।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi announces free online coaching for competitive exams in Independence Day speech

Media Coverage

PM Modi announces free online coaching for competitive exams in Independence Day speech
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on the start of the Parsi New Year
August 15, 2026

Prime Minister Shri Narendra Modi today extended his greetings on the start of the Parsi New Year. He noted that the Parsi community’s remarkable contribution across sectors has enriched our nation in countless ways.

In a post on X, the Prime Minister wrote:

"Greetings on the start of the Parsi New Year. The Parsi community’s remarkable contribution across sectors has enriched our nation in countless ways. May the year ahead be filled with peace, joy, prosperity and good health for everyone.

Navroz Mubarak!"