আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক টেলিফোনিক বাৰ্তালাপত ভাৰতীয় পুৰুষ ক্ৰিকেট দলক আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপত জয়লাভ কৰাৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিযোগিতাখনত দলৰ সদস্যসকলে প্ৰদৰ্শন কৰা অনবদ্য দক্ষতা আৰু শক্তিশালী মনোভাৱৰ শলাগ লয়।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত লিখিছে-

‘ভাৰতীয় ক্ৰিকেট দলৰ সৈতে কথা পাতিলোঁ আৰু টি-২০ বিশ্বকাপত অসাধাৰণ সফলতা লাভ কৰাৰ বাবে অভিনন্দন জনালোঁ। সমগ্ৰ প্ৰতিযোগিতাখনত তেওঁলোকে অভূতপূৰ্ব দক্ষতা আৰু মনোভাৱ প্ৰদৰ্শন কৰিলে। প্ৰতিজন খেলুৱৈৰ দায়বদ্ধতা অতি প্ৰেৰণাদায়ক।”

 

 

প্ৰধানমন্ত্ৰী মোদীয়ে দলৰ অধিনায়ক ৰোহিত শৰ্মা, জ্যেষ্ঠ খেলুৱৈ বিৰাট কোহলী আৰু দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ বাবেও এক্সত পৃথক পৃথককৈ পোষ্ট লিখে। সমগ্ৰ প্ৰতিযোগিতাখনত তেওঁলোকৰ দৰ্শনীয় প্ৰদৰ্শন আৰু অটল দায়বদ্ধতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক প্ৰশংসা কৰে।

 “প্ৰিয় @ImRo45,

আপুনি উৎকৃষ্টতাৰ প্ৰতিমূৰ্তি। আপোনাৰ আগ্ৰাসী মানসিকতা, বেটিং আৰু অধিনায়কত্বই ভাৰতীয় দলটোক এক নতুন মাত্ৰা প্ৰদান কৰিছে। আপোনাৰ টি-২০ কেৰিয়াৰ সদায় স্মৰণীয় হৈ থাকিব। আজি পুৱা আপোনাৰ লগত কথা পাতি ভাল লাগিল।

 

“প্ৰিয় @imVkohli,

আপোনাৰ লগত কথা পাতি ভাল লাগিল। ফাইনেল ইনিংছৰ দৰেই ভাৰতীয় বেটিংক আপুনি প্ৰৌজ্জ্বলতাৰে চম্ভালি ৰাখিছে। আপুনি আটাইকেইটা ফৰ্মেটতে পাৰদৰ্শিতা দেখুৱাই আহিছে। টি-২০ ক্ৰিকেটে আপোনাক মিছ কৰিব, কিন্তু মই নিশ্চিত যে আপুনি নতুন প্ৰজন্মৰ খেলুৱৈক অনুপ্ৰাণিত কৰি যাব।”

 

‘ৰাহুল দ্ৰাবিড়ৰ অবিশ্বাস্য প্ৰশিক্ষণ যাত্ৰাই ভাৰতীয় ক্ৰিকেটৰ সফলতাক গঢ় দিছে।

তেওঁৰ অটল নিষ্ঠা, কৌশলগত অন্তৰ্দৃষ্টি আৰু সঠিক প্ৰতিভাৰ লালন-পালনে দলটোক ৰূপান্তৰিত কৰিছে।

তেওঁৰ অৱদান আৰু নৱ-প্ৰজন্মক প্ৰেৰণা যোগোৱাৰ বাবে ভাৰত তেওঁৰ প্ৰতি কৃতজ্ঞ। তেওঁক বিশ্বকাপ তুলি ধৰা দেখি আমি আনন্দিত হৈছো। তেওঁক অভিনন্দন জনাইছো।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
On Puri’s Grand Road, a devotee’s submission

Media Coverage

On Puri’s Grand Road, a devotee’s submission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam seeking blessings of Lord Jagannath
July 16, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam, seeking blessings of Lord Jagannath on the sacred occasion of Rath Yatra:

“देवदेव जगन्नाथ सुरासुरनमस्कृत।

पुण्यश्लोकाव्ययानन्त परमात्मन्नमोऽस्तु ते॥"

Shri Modi also expressed the hope that the divine grace of Lord Jagannath would infuse new energy into the lives of all countrymen.

The Prime Minister posted on X:

महाप्रभु जगन्नाथ की रथ यात्रा के पावन अवसर पर मेरी कामना है कि उनका आशीर्वाद हम सभी पर सदैव बना रहे। उनकी दिव्य कृपा से सभी देशवासियों के जीवन में नई ऊर्जा का संचार हो।

देवदेव जगन्नाथ सुरासुरनमस्कृत।

पुण्यश्लोकाव्ययानन्त परमात्मन्नमोऽस्तु ते॥