প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ এছিয়ান পেৰা গেমছৰ পুৰুষৰ শ্বটপুটৰ এফ-৫৬/৫৭ শাখাত ৰূপৰ পদক জয়ৰ বাবে ছোমন ৰাণাক অভিনন্দন জ্ঞাপন কৰিছে৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“এছিয়ান পেৰা গেমছৰ পুৰুষৰ শ্বটপুটৰ এফ-৫৬/৫৭ শাখাত উৎকৃষ্ট প্ৰদৰ্শনেৰে ছোমন ৰাণাৰ ৰূপৰ পদক অৰ্জনে আমাক অধিক উদযাপনৰ সুযোগ দিলে৷ তেওঁক অভিনন্দন জনাইছো৷”
A splendid Silver by Soman Rana in Men's Shot Put F-56/57 category gives us more reasons to celebrate at the Asian Para Games. Congratulations to him. pic.twitter.com/whS6htI7Jl
— Narendra Modi (@narendramodi) October 25, 2023


