হাংঝৌ ‘এছিয়ান পেৰা গে’মছ’ত মহিলাৰ ‘২০০ মিটাৰ-টি-১২ প্ৰতিযোগিতা’ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে আজি চিমৰণক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবে প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জনায়।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"মহিলাৰ ‘২০০ মিটাৰ- টি-১২ প্ৰতিযোগিতা’ত চিমৰণে অসামান্য প্ৰদৰ্শনেৰে ৰূপৰ পদক জয় কৰা বাবে অভিনন্দন জনাইছোঁ। ভাৰতে এই অতুলনীয় সাফল্যক গৌৰৱেৰে উদযাপন কৰিছে! আগন্তুক প্ৰচেষ্টাসমূহৰ বাবে শুভকামনা জনাইছোঁ।"
Congratulations to Simran for her outstanding Silver in the Women's 200m - T12 event. India celebrates this incredible achievement with beaming pride! All the best for endeavours ahead. pic.twitter.com/5ZCIw2tLz2
— Narendra Modi (@narendramodi) October 26, 2023


