দুয়োগৰাকী নেতাই ভাৰত-ৰাছিয়াৰ বিশেষ আৰু সমৃদ্ধ কৌশলগত অংশীদাৰিত্ব অধিক সুদৃঢ়কৰণৰ বাবে সন্মতি প্ৰকাশ কৰে
তেওঁলোকে দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতি সম্পৰ্কে পৰ্য্যালোচনা আৰু আঞ্চলিক তথা বৈশ্বিক বিষয়ৰাজি সন্দৰ্ভত মত-বিনিময় কৰে
প্ৰধানমন্ত্ৰীয়ে ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ অৱসানৰ উপায় হিচাপে আলোচনা আৰু ৰাজনৈতিক কৌশলৰ পথ গ্ৰহণৰ কথা পুনৰবাৰ উল্লেখ কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ-নিৰ্বাচিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁক অভিনন্দন জনায় আৰু ৰাছিয়াৰ সুহৃদ জনসাধাৰণৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

এই বাৰ্তালাপত দুয়োগৰাকী নেতাই আগন্তুক বছৰকেইটাত ভাৰত-ৰাছিয়াৰ বিশেষ আৰু সমৃদ্ধ কৌশলগত অংশীদাৰিত্ব অধিক সুদৃঢ়কৰণৰ বাবে সমন্বিতভাৱে প্ৰচেষ্টাৰাজি গ্ৰহণৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে।

তেওঁলোকে দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতি সম্পৰ্কে পৰ্য্যালোচনা আৰু আঞ্চলিক তথা বৈশ্বিক বিষয়ৰাজি সন্দৰ্ভতো মত-বিনিময় কৰে।

ইয়াত ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত সম্পৰ্কে আলোচনাত প্ৰধানমন্ত্ৰীয়ে এই সংঘাতৰ অৱসানৰ উপায় হিচাপে ভাৰতৰ আলোচনা আৰু ৰাজনৈতিক কৌশলৰ পথ গ্ৰহণৰ স্থিতিৰ কথা পুনৰবাৰ উল্লেখ কৰে।

শেষত দুয়োগৰাকী নেতাই যোগাযোগ অব্যাহত ৰাখিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Made in India’ phones go global: Smartphone exports jump 165 times to Rs 2.59 lakh crore

Media Coverage

‘Made in India’ phones go global: Smartphone exports jump 165 times to Rs 2.59 lakh crore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Dilip Mahadu Gavit on winning Gold in Men’s 100m T47 at Commonwealth Games 2026
July 30, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Dilip Mahadu Gavit on winning the Gold medal in the Men’s 100m T47 event at the Commonwealth Games 2026.

The Prime Minister noted that Dilip Mahadu Gavit set a new Commonwealth Games record and achieved his season best with a remarkable timing.

Shri Modi said that his speed, determination and dedication have made the nation proud and wished him the very best for his future endeavours.

In a post, Shri Modi said;

“A phenomenal performance by Dilip Mahadu Gavit!

Congratulations to him on winning the Gold Medal in the Men’s 100m T47 event with a remarkable timing, setting a new Games Record and achieving his Season Best. His speed, determination and dedication have made our nation proud. Best wishes for his future endeavours!

#CWG2026”