প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৫০০ টেষ্ট উইকেট দখলৰ বাবে ৰবিচন্দ্ৰন অশ্বিনক অভিনন্দন জ্ঞাপন কৰিছে৷

তেওঁ কয় যে অশ্বিনৰ যাত্ৰা আৰু সাফল্য তেওঁৰ দক্ষতা আৰু অধ্যৱসায়ৰ প্ৰমাণ।

প্ৰধানমন্ত্ৰীয়ে টুইটাৰৰ পোষ্টত কয়;

"৫০০ টেষ্ট উইকেট দখল কৰাৰ অসাধাৰণ মাইলৰ খুঁটিত উপনীত হোৱাৰ বাবে ৰবিচন্দ্ৰন অশ্বিনক অভিনন্দন জনাইছো! তেওঁৰ যাত্ৰা আৰু সাফল্য তেওঁৰ দক্ষতা আৰু অধ্যৱসায়ৰ প্ৰমাণ। তেওঁ আৰু অধিক শিখৰত উপনীত হওক, এয়াই তেওঁৰ প্ৰতি মোৰ শুভেচ্ছা।"