প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছএম কৃষ্ণৰ দেহাৱসানত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে তেওঁক কৰ্ণাটকৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপৰ বাবে পৰিচিত এগৰাকী নেতা হিচাপে প্ৰশংসা কৰে।

এক্সৰ এলানি প’ষ্টত শ্ৰী মোদীয়ে এইদৰে লিখিছেঃ

“এছএম কৃষ্ণজী এগৰাকী উল্লেখযোগ্য নেতা আছিল, তেওঁ সকলো শ্ৰেণীৰ লোকৰে প্ৰশংসাৰ পাত্ৰ আছিল। জনতাৰ জীৱন-যাত্ৰাৰ অগ্ৰগতি সাধনৰ অৰ্থে তেওঁ সদায় অক্লান্তভাৱে কাম কৰিছিল। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্য্যকালৰ বাবে, বিশেষকৈ আন্তঃগাঁথনিৰ উন্নয়ন সাধনত গুৰুত্ব আৰোপৰ বাবে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। এছএম কৃষ্ণজী এগৰাকী আগ্ৰহী পাঠক আৰু চিন্তাবিদো আছিল।”

“মই বিগত বছৰসমূহত এছএম কৃষ্ণ জীৰ সৈতে মত-বিনিময়ৰ একাধিক সুযোগ লাভ কৰিছোঁ আৰু সেই মুহূৰ্তবোৰৰ কথা মোৰ সদায় মনত থাকিব। মই তেখেতৰ মহা প্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ পৰিয়ালবৰ্গ আৰু অনুৰাগীসকললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ঔম শান্তি।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মাৰ্চ 2026
March 13, 2026

Resilient India Under PM Modi: Diplomatic Mastery, Youth Power, and Unstoppable Progress