প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বিলং লোকসভা সমষ্টিৰ সাংসদ ড০ ৰিকি এ জে চিংকনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কৈছেঃ
‘শ্বিলং লোকসভা সমষ্টিৰ সাংসদ ড০ ৰিকি এ জে চিংকনৰ মৃত্যুত শোকাভিভূত। মেঘালয়ৰ জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে তেওঁ স্মৰণীয় হৈ ৰ’ব। এই কঠিন সময়ত তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু সমৰ্থকসকলক মোৰ সমবেদনা জনাইছো। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।’
Saddened by the passing of Lok Sabha MP from Shillong, Dr. Ricky AJ Syngkon. He will be remembered for his dedicated service to the people of Meghalaya. My thoughts are with his family, friends and supporters during this difficult time. May his soul rest in peace.
— Narendra Modi (@narendramodi) February 20, 2026


